দিগন্ত বিয়পি কেৱল শুভ্ৰ বৰফ — পৰেশ দেৱচৌধুৰী

দিগন্ত বিয়পি কেৱল শুভ্ৰ বৰফ

— পৰেশ দেৱচৌধুৰী

বৰফ দেখিছানে তুমি? মোৰ যে বৰফ চাবলৈ ইমান মন যায়৷ কিন্তুু এই মাৰ্চ এপ্ৰিল মাহত বৰফ দেখা ভাগ্য মোৰ চাগে নহ’ব৷
-বৰফ পৰিলে কেনেকুৱা হয় জানা? আমাৰ তাত বানপানী অহাৰ পিছত নদীৰ পাৰত বোকাৰ যে এটা তৰপ পৰে, খোজ দিলেই ভৰিখন সোমায় যায়, থিক তেনেকুৱাই৷

লগে লগে মোৰ কালদিয়াৰ পাৰৰ আমাৰ সৰু কালৰ কথা মনত পৰিল৷ বানপানী শুকুৱাৰ পিছত নদীৰ পাৰলৈ গলে কি যে অৱস্থা হয়৷ কোমল বোকাত ভৰি বিলাক আঁঠুলৈকে আৰু কেতিয়াবাতো একেবাৰে ককাললৈকে সোমাই যায়৷ কাপোৰ কানি লেতেৰা কৰি পিছত ঘৰত গালি৷

১৯৯১ চনত বিদেশলৈ প্ৰথম গৈছিলো এটা ছমহীয়া প্ৰশিক্ষণত৷ ফেব্ৰুৱাৰী মাহৰ শেষত ইংলেণ্ডৰ উত্তৰ ফালৰ “মিডলছ্ বোৰো” নামৰ ঠাইখনৰ এটা শিক্ষানুস্থানত মোৰ প্ৰশিক্ষণ আৰম্ভ হ’ল৷ সৰুৰে পৰাই বৰফ পৰা চাবলৈ বিৰাট ইচ্ছা৷ কিন্তুু মোৰ আশাভঙ্গ হ’ল৷ এদিনো বৰফ নপৰিল৷ লাহে লাহে এপ্ৰিল মাহৰ মাজ পালে৷ তেনেকুৱা সময়তে এদিন সেইখিনি ঠাইৰ অসমীয়া মানুহখিনিয়ে (দহ ঘৰ মান হ’ব চাগে) লগলাগি বিহু পাতিছিল৷ ময়ো বিহুত উপস্থিত হৈ দুজনমান চিনাকি মানুহ পালো৷ কথা বতৰাৰ মাজতে এজনক মই বৰফ চাব নোপোৱা দূখৰ কথাটো কলো৷ তেখেতে যেতিয়া বানপানীৰ বোকাৰ লগৰ সাদৃশ্যৰ কথা কথা ক’লে, মই তাকে ভাবিয়েই মনটোক সান্ত্বনা দিলো৷ কিন্তুু তাৰ পিছদিনাই ইংলেণ্ডৰ বৰফে চাগে মোৰ প্ৰতি সদয় হ’ল৷ ৰাতি শুই থাকোঁতে খুব বৰষুণৰ শব্দ শুনিছিলোঁ৷ শনিবাৰ- দেৰীকৈ প্ৰায় ন’ মান বজাত উঠি হোটেলৰ খিৰিকিৰে বাহিৰলৈ চাওঁযে গোটেইখন বগা৷ ঘৰৰ ওপৰ বিলাক, ওখ গছৰ ডাল-পাত বিলাক, ৰাষ্টাৰ কাষৰ ঘাঁহনি বিলাক চব বগা বৰফে ঢাকি ধৰিছে৷ মই লগে লগে মোৰ বন্ধু আহমেদক (চুদানৰ শিক্ষাৰ্থী) ফোন কৰিলোঁ৷

-এতিয়াই ওলাই আহ৷ বৰফ খেলিব যাওঁ৷ দেৰী কৰিলে বৰফ নোহোৱাই হ’ব৷

আহমেদৰ লগত ওলাই গলো, ওচৰৰ পাৰ্কৰ ভিতৰৰ পথাৰলৈ৷ একাঠু মান বোকা৷ বোকা নহয়- বৰফ৷ আমি দুইটাই কিছু সময় হাতত বৰফৰ বল বনাই, এটাই আনটোৰ গাত দলিয়াই খেলিলোঁ৷ প্ৰথম বৰফ খেলাৰ আনন্দ কি যে অপূৰ্ব৷

নিজৰ দেশত বৰফৰ আন এটা অভিজ্ঞতা খুব মনত পৰে৷ শ্ৰীমতী আৰু মই পূজাৰ বন্ধত চিক্কিমলৈ গৈছিলো ২০০৫ চনত৷ গেংটকত এটা বঙালী পৰিয়ালে আমাক উত্তৰ চিকিমলৈ যাবলৈ লগ ধৰিলে৷ নাঠুলা পাছ বৰ কমন- চবেই যায়৷ বলক আমি য়ামচেমডোং (জিৰো পইণ্ট) লৈ যাওঁ৷ পিছদিনা ৰাতিপুৱাই জিপ গাড়ী এখনত আমি আঠজনমানে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ওখ পাহাৰৰ ৰাষ্টাত আমি ভয় নকৰোঁ, সেইকাৰণে আমি দুজনেই ড্ৰাইভাৰৰ কাষত আগৰ ছিটত বহিলোঁ৷ বিৰাট ওখ পাহাৰৰ গাৰে সৰু ৰাষ্টাৰে আমাৰ জিপ আগবাঢ়িল৷ আগে-পিছে আৰু কেবাখনো জিপ৷ বাটটোৰে মাত্ৰ এখন জিপগাড়ীহে পাৰ হ’ব পাৰে৷ বিপৰীত ফালৰ পৰা অহা গাড়ী পাৰ হবলৈ মাজে মাজে অলপ বহল কৰা আছে৷ তল ফালে কিমান দ’ চকুৰে দেখা নাপায়৷ অলপ ইফাল সিফাল হ’লে চিনেই নাথাকিব৷ চিক্কিমৰ অভিজ্ঞ দ্ৰাইভাৰৰ ওপৰত জীৱনৰ দায়িত্ব দি লাহে লাহে আগবাঢ়িলো৷ বাটটো ভয় লগা থিকেই কিন্তুু কি যে ধুনীয়া দৃশ্য৷ দুটা মান ঠাইত ওপৰৰ পৰা জলপ্ৰপাত আহি প্ৰায় ৰাষ্টাৰ ওপৰতে পৰিছে৷ গধূলি সময়ত লাচিং নামৰ ঠাইখনত ৰাতিৰ কেম্প৷ খুব ঠাণ্ডা যদিও কেম্পফায়াৰৰ জুইৰ উত্তাপে মনোৰম পৰিবেশ গঢ়ি তুলিছিল৷ জোনাক ৰাতি৷ কাষত পাহাৰৰ বৰফাবৃত্ত শৃঙ্গ বিলাক জোনাকৰ পোহৰত সোণালী বৰণ ধৰি জিলিকি উঠিছে৷ অপৰূপ দৃশ্য৷

ৰাতিপুৱাই আকৌ যাত্ৰা আৰম্ভ৷ দুঘণ্টা মান যোৱাৰ পিছতে পাহাৰবোৰৰ দৃশ্য সলনি হ’ল৷ কোনো গছ-গছনি নাই৷ ক’লা পাহাৰবোৰৰ ওপৰভাগ বৰফেৰে বগা হৈ আছে৷ ড্ৰাইভাৰে আমাক সাৱধান কৰি দিলে৷ আমি এতিয়া ষোল্ল হাজাৰ ফুট উচ্চতাত৷ উশাহ লওঁতে দিগদাৰ হ’ব পাৰে৷ অলপ পিছত দেখিলো আমাৰ ৰাষ্টাৰ কাষে কাষে এটা সৰু নদী (জুৰি) কিন্তুু ওপৰ খন সচ্ছ বৰফে ঢাকি আছে৷ কিছুদূৰ যোৱাৰ পিছত আমাৰ গন্তব্যস্থল পালো৷ ইতিমধ্যে আৰু কেইখনমান জিপ আহি ৰৈছেহি৷ উশাহত কষ্ট পোৱা বাবে কিছুমানে গাড়ীৰ পৰা নানামিলেই৷

কি যে অপৰূপ দৃশ্য৷ অন্য কোনো ৰং নাই৷ কেৱল ক’লা আৰু বগা৷ কাষৰ পাহাৰবিলাকৰ প্ৰায় খিনি বগা৷ বৰফ নোহোৱা খিনি ক’লা৷ আমাৰ ভৰিৰ তলৰ সকলো খিনি টান সচ্ছ পিছল বৰফ৷ ড্ৰাইভাৰে সাৱধান কৰি দিলে৷ পিছলি দুৰ্ঘটনা হ’ব পাৰে- দূৰলৈ নাযাব৷ অলপ খোজকাঢ়ি আগুৱাই গৈ দেখিলো- আমাৰ ভৰিৰ তলত এখন নদী৷ ওপৰত বৰফ গোটমাৰি খোজকাঢ়িব পৰা হৈছে৷ এইখনেই হেনো তিস্তা নদীৰ আৰম্ভণি৷ ওচৰৰ পাহাৰখনৰ পৰাই চীনদেশ৷ চিক্কিমৰ এইখিনি ঠাই তিব্বতৰ বহুখিনি উত্তৰলৈ সোমাই আছে (মেপ চালেই গম পাব)৷ প্ৰকৃতিয়ে কেৱল বৰফতেই যে ইমান সৌন্দৰ্য্য ঢালি দিব পাৰে, য়ামচেমডোং নেদেখিলে কল্পনা কৰিব নোৱাৰি৷

২০১১ চনৰ জানুৱাৰীত আমাক বৰফৰ দেশ চাবলৈ লৈ গ’ল, আমাৰ ডাঙৰ ল’ৰাই৷ লগত নাতিনী দুজনী, বোৱাৰী আৰু মোৰ পৰিবাৰ৷ ঠাইখনৰ নাম “মোনো লেক”৷ আমেৰিকাৰ ল’ছ এঞ্জেলিছৰ পৰা গাড়ীৰে প্ৰায় ছয়ঘণ্টাৰ বাট৷ আমেৰিকাৰ হাইৱে, ফিৰ ফিৰ কৈ গৈ দুপৰিয়াতে ওখ পাহাৰৰ নামনিখিনি পালো৷ ওপৰৰ পাহাৰৰ টিংবিলাক ধুনীয়া বগা হৈ আছে৷ লাহে লাহে গাড়ী ওপৰলৈ উঠিল৷ দেখিলো কাষৰ ঠাইবিলাকত বৰফ পৰি বগা হৈ আছে৷ আৰু কিছুদূৰ যোৱাৰ পিছত দেখিলো বৰফৰ পৰিসৰ বাঢ়ি গৈ আছে৷ এটা সময়ত দেখিলো ৰাষ্টাটোৰ কেৱল গাড়ীখন যাবলৈহে ঠাই আছে৷ ৰাষ্টাৰ বৰফবোৰ চাফা কৰি বোধহয় কাষত ৰাখিছে৷ সেয়ে গাড়ীৰ দুয়োফালে মথাউৰিৰ দৰে বৰফৰ বেৰ৷ বৰফৰ ইমান ডাঠ আবৰণ যে গছবিলাক প্ৰায় নেদেখা হৈ পৰিছে৷ গাড়ীৰ চকা পিছলাৰ ভয়তে গাড়ীৰ গতিবেগো কমি গ’ল৷ যা হওক, আন্ধাৰ হোৱাৰ আগতেই মোনো লেক ঠাইখন পাই আগতেই থিক কৰি থোৱা হোটেলত উঠিলো৷ আগচোতালৰ গাড়ীৰ পাৰ্কিঙৰ পৰা খোজ দি আহিব নোৱাৰি৷ ইমান পিছল৷ খুব সাবধানেৰে কোনোমতে ৰূমত সোমালো৷ ভালকৈ জেকেট, টুপী পিন্ধি আকৌ ওলাই আহিলো৷ চাৰিবছৰীয়া সৰু নাতিনীয়ে বাহিৰৰ বৰফৰ দ’ম এটাৰ ওপৰত ওপৰ মূখকৈ শুইয়েই দিলে৷ তাইৰ লগতে ময়ো বৰফৰ ওপৰত শুই দিলো৷ ডাঠ কাপোৰ বাবে বৰফৰ ঠাণ্ডা অনুভৱ কৰা নাই৷ স্নোবাইকত উঠি ওচৰৰ ঠাই বিলাকত ফুৰা আমাৰ তালিকাত আছে৷ সময় বেছি লাগিব কাৰণে পিছ দিনালৈ থাকিল৷ গতিকে সৰু টাউন খনৰ ফুটপাথত খোজ কাঢ়ি অলপ ফুৰিবলৈ ওলাই আহিলোঁ৷ কিন্তুু টান পিছল বৰফত বাৰে বাৰে পিছল খাইছোঁ৷ টান বৰফ বিলাক কাঁচৰ নিচিনা কাৰণে চকুৰে মনিবও নোৱাৰি৷ পিছদিনা মোনো লেক চাবলৈ ওলালো৷ মুখ্য ৰাষ্টাৰ পৰা নামি এটা সৰু ৰাষ্টাৰে মোনো লেকলৈ আমাৰ গাড়ী আগবাঢ়িল৷ কি পিছল বাট৷ মাজে মাজে গাড়ীৰ চকা পিছলি বেকা বেকিকৈ আগুৱাই গৈছে৷ নিপিছিলিবৰ বাবে চ’কাত লগোৱা শিকলি আছিল যদিও লগোৱা নহ’ল৷ অতি মন্থৰ গতিত আমি গৈ মোনো লেকৰ কাষত নামিলো৷ নামিয়ে দেখিলো- এইয়া দেখোন বৰফৰ সমূদ্ৰ৷ চকুৰে দেখা বহু দূৰলৈ কেৱল শুভ্ৰ বৰণৰ বৰফ৷ বোধহয় এককিলোমিটাৰ মান দূৰত এটা পানীৰ হ্ৰদ৷ সিপাৰত থকা পাহাৰ, পথাৰ আদিও সকলোখিনি বৰফেৰে ঢাক খাই আছে৷ গাড়ীৰ পৰা নামিয়েই মই বৰফত পিছল খাই বাগৰি পৰিলো৷ ভাগ্য ভাল, বিশেষ আঘাত নাপালো৷ তাৰ পৰা সৰু সৰু খোজকঢ়া বাটেৰে লেক আভিমূখে খোজ দিলো৷ খোজ দিয়া বাটটোত কাঠ বা ঘাঁহ পাৰি দিছে – পিছলি নপৰিবৰ বাবে৷ কিন্তুু তাৰ ওপৰতো দুই ইঞ্চি মান বৰফ৷ লাহে লাহে গৈ লেকৰ পাৰ পালো৷ ইতিমধ্যে বেলি পশ্চিম আকাশত মাৰ যাবলৈ আৰম্ভ কৰিছে৷ মাৰ যাবলৈ ধৰা সূৰুযৰ হেঙুলী আভাই লেকৰ পানী আৰু বৰফে আৱৰি থকা পৰ্ব্বত আৰু সমভূমিত প্ৰতিবিম্বিত হৈ চকুত যেন চাৎ মাৰিহে ধৰিলে৷ গোটেইখন সোণালী হৈ পৰিল৷ এই মুহুৰ্তৰ কাৰণেই বহুতো অভিজ্ঞ ফটোগ্ৰাফাৰে ত্ৰাইপদত কেমেৰা লৈ বহু সময় আগৰ পৰাই অপেক্ষা কৰি আছিল৷ সঁচায়ে, কি যে মনোমোহা দৃশ্য! তেতিয়া শুভ্ৰ নহয়, সোণালী বৰফে দিগন্ত বিয়পি যেন সোণালী সুৰুযকহে সাৱতি ধৰিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments