দিগন্ত বৰাৰ ওভতা চিন্তা

দিগন্ত বৰাৰ ওভতা চিন্তা


দিগন্ত বৰা

()

আমাৰ বকুলজোপাত হেনো বুঢ়াডাঙৰীয়া এজন থাকে।শুনিছিলোহে। কালি শেহনিশা বাহিৰলৈ উঠোতে প্ৰমাণ পাই গলো। ফেৰিঙনি এটাত বহি থকা বিৰাটাকাৰ ঢকঢক বগা চেলেং চাদৰ চুৰীয়া পৰিহিত মুর্তিটো দেখি শিৰ নত হৈ পৰিল। সেৱাঁ এটা জনাই সুধিলোঃ

কেনে আছা ককা?

গহীনাই তেখেতে কলেঃ

মই তোমাৰ ৯ পুৰুষৰ ওপৰৰজন ককা বোপাই।

মইঃ পিছে ইয়াত কি কৰি আছা?

তেখেতঃ আৰুনো ক’ত থাকিম বোপা?

:কিয়? শ্মশানত?

:তাতো আজিকালি মদৰ গোন্ধ বোপা!

:সদায় ইয়াতে থাকানেকি?

:নাথাকো। তোমালকৰ ঘৰৰ টিভিটো অন হৈ থাকিলে আমাৰ কষ্ট হয়। তাৰোপৰি মবাইলৰ পৰা ওলোৱা ৰেডিয়েচনে আমাক কোঙা কৰি পেলায়।ৰাতি ৩টামান বজাতহে বকুলজোপাত বহিবহি পাৰো।

:কিয় তাৰ আগতে?

:১২ বজালৈকে তোমালোকৰ টি ভি অফ নহয়। ২ মান বজালৈকে তুমি গার্লফেণ্ডৰ সতে মবাইলত কথাই পাতি থাকা। তোমাৰ মবাইলৰ ৰেডিয়েচনৰ ভয়তে দেৰিকৈ আহো। তাৰোপৰি পেষ্টিচাইড নে কিহৰ প্ৰকোপত বকুলজোপাও বিষত জর্জৰিত। এনিটাইম আমাৰ ভৰ বেচেৰাই সহিব নোৱাৰা হৈছে।

:আমি মানে?

ওচৰৰ মজদিজৰ পৰা ৪শ বছৰীয়া ইমামজনো মোৰ লগত ইয়াতে বহেহি।

:তুমি তেঁওৰ লগতো বহা?

:গুৰুজনে আমাক এক কৰি গৈছিল। আজিকালি ভকতেহে ভাগ কৰি পেলাইছে। তুমি এতিয়া যোৱা।তেঁও আহিবৰ হৈছে।মুছলমান হলেও শাস্ত্ৰত বিদগ্ধ তেঁও। দেখিলে ভয় খাবা।..

প্ৰণাম জনাই মই গুছি আহিলো।

(২)

সৰুতে যেতিয়া আইতাৰ সাধু শুনি জোনবাইক বেজী এটা বিচাৰিছিলো তেতিয়া জোনবাইৰ তুলসীজোপাৰ তলত মৃগ পহুটো চৰি আছিল। মৃগপহুটো দেখি শ্ৰীৰামচন্দ্ৰই ধনুশৰ জোৰোতে মায়ে আমাক শুবলৈ মাতিছিল। ওপৰলৈ চাই চাইয়ো আমাৰ ডিঙিবোৰ বিষোৱা নাছিল।তেতিয়াই জোনটোলৈ যোৱাৰ কথা ভাৱিছিলো। ওখ তামোল গছজোপাত উঠিলে জোনটোলৈ দুৰত্ব চমু হ’ব বুলি ভাৱিছিলো। কোনোবা মালভুমি এটাৰ পৰা তাতকৈও চমু হ’ব বুলি শুনিছিলোঁ। তাতকৈও চমু হ’ব হেনো এভাৰেষ্ট শৃঙ্গটোৰ পৰা। তাৰপৰা হেনো বাহঁ দুডালমান জোৰা দিলেই হাকুটিয়াই জোনটো পাৰি থলককৈ আমাৰ চোতালত পেলাই দিব পাৰি। কিন্তু ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। মোতকৈও আগত নীল আর্মষ্টঙ নামৰ ব্যক্তি এগৰাকীৰ এই মুলুকত জন্ম হৈ গ’ল! তাকে নোহোৱাহ’লে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথম ফোন কৰি মোকেই সুধিলেহলেঃ “হেল্ল বৰাজী, আপুনি কি দেখা পাইছে চন্দ্ৰৰ পৰা?”

শিলিখা গুটি এটা চুপি চুপি (শিলিখা অলপ লৈ গলোহেতেন) মই ক’লোহেতেনঃ “দুর্ণীতিৰ বাদে ভাৰতত মই একোকেই দেখা নাই….!”

(৩)

যোৰহাটত থকা UNESCOৰ মুর্খ্য কার্য়ালয়লৈ এইমাহত মই বদলি হৈ আহিলো। ইয়াৰ আগতে দক্ষিণ আফ্ৰিকা ‘ঘুনাসুতি’ত মোৰ কর্মস্হান আছিল। যি কি নহওক যোৰহাটলৈ আহি মোৰ বেয়া নালাগিল কিন্তু দেই। প্ৰথমদিনাই নিমাতীঘাটত থকা আইফিল টাৱাৰৰ তলত ফেমিলী পিকনিক এটা খালো। তাৰ পাছত ভোগদৈ নদীত থকা

ইংলিছ চেনেলটোত সাতুৰি ইপাৰ সিপাৰ হ’লো। তাৰ পাছত মার্ক টোৱেইনৰ সমাধিত বহি গর্কীৰ স’তে কথা পাতিলো। পর্যটনৰ বাছ এখন ভাড়া কৰি চাহাৰা মৰিভুমিত থকা মহাত্মা গান্ধীৰ সমাধিতো বেবিলনৰ

ওলোমা বাগানখনৰ পৰা ওলমি ওলমি চাওতে (আয়ৈ মা!) আমাৰ এওৰ ‘গ্ৰেট বেৰিয়াৰ ৰিফ’টো দেখি ৩ টকীয়া ৰেচনৰ চাউল খোৱা জীৱটো পচা ভাতৰ বমিখিনিৰ লগতে ওলাই আহিব খুজিছিলেই! ভাগ্য ভাল যে সেইসময়ত চাহাৰা মৰুভুমিৰ একেবাৰে সোমাজত থকা এভাৰেষ্ট শৃঙ্গটোত থকা ফার্মাচীখন খোলা আছিল বাবেহে ‘এ টি এচ’ এটা লৈ বমিটো বন্ধ কৰিব পাৰিলো। তাৰ পাছত ইণ্ডিয়া গেটৰ সন্মুখত গাড়ীৰপৰা

নামি চীনৰ প্ৰাচীৰখন জোনবাইৰটোৰ পৰা চাই জনক ৰজাই সীতাক পুণৰ জন্ম দিবৰ বাবে হাহকনী এটা বিছাৰি গোটেই জোনবাইটো নাঙলৰ ফালেৰে চবকা চবক কৰি পেলোৱা দৃশ্য দেখি সচাঁ কৈছো খুউব দুখ লাগিল। কি যে অৱস্থা জোনটোৰ আমাৰ!

 

(৪)

চৰকাৰে গেছ চিলিন্দাৰ বছৰেকত ৬ টাকৈহে যোগান ধৰাৰ কথা জানিব পাৰি আমাৰ ঘৰৰ বৃদ্ধ শিলিখা জোপাই উচুপি উঠিল। একেখন কাকততে পেট্ৰল ডিজেলৰ দাম বঢ়োৱাৰ নিউজটো পাই চাইকেলখনৰ কি যে হাহি। আমাৰ ষ্টৰ ৰুমটোৰ খুটা এটাত বান্ধি থোৱা পুৰণা ৰেলী চাইকেলখনে কাষতে থকা গৰুগাড়ীৰ চকা কেইটাক জগাই দি পেপাৰখনৰ নিউজটো দিয়াত গৰুগাড়ীৰ চকাহালৰ আনন্দত চকুপানী ওলাল। নাঙলটোৱে তাকে দেখি তৰা নৰা ছিঙি আহিল কিনো হৈছে শুনিবলৈ। এনি টাইম সি কৃষি বিভাগটোকে গালি পাৰি থাকে। অকল নাঙলটোৱেইনে? মৈখন,যুৱলি আৰু মৈটকা টোৱেও “কৃষি বিপ্লৱ” নামৰ অভিশাপ এটাই সিহতক যে ভিকহু কৰিলে সেই কথাবোৰ হৰিনামৰ দৰে দোহাৰিয়েই থাকে। পুৰণা কেৰাচিনৰ ষ্টভটোৱে মনে মনে সিহঁতৰ কথাবোৰ শুনি আছিল। যেতিয়াই তাই গেছৰ চিলিন্দাৰৰ নিউজটো পালে আনন্দতে তাই যিটোহে ভেকুলী জাপ দিলে যে তাইৰ গাত লাগি থকা পুৰণা মামৰে ধৰা ছাল এখিনি চটাচটে এৰাই গল। তেতিয়াই কিন্তু পশ্চিম ফালৰ চুক এটাৰ পৰা কান্দোনৰ ৰোল এটা ভাহি আহিল। গোটেইখিনি তালৈ দৌৰি গৈ দেখিলেঃ আমাৰ ঘৰৰ গ্ৰেণ্ডফাডাৰ ক্লকটোৱে অবুজ বেদনাত দুধাৰি অশ্ৰু বোৱাই দিছে। তেঁওক সান্তনা দিয়াৰ ভাষা কিন্তু তাত থকা কাৰোৱেই নাই।

()

মোৰ ল’ৰাটোক মাকে যিবোৰহে পুষ্টিকৰ খাদ্য খুৱাই তাৰ যদি আধাও মোক মোৰ মা দেউতাই খুৱালেহলে তেনেহলে আজিলৈ মই বাৰীৰ চুকৰ পুখুৰীটো পুতি হেলিপেড বনাব পাৰিলোহেতেন। ৰাতিপুৱাই শুই উঠি মাকে অংকৰ কিতাপখন ইমানেই জোৰত তাৰ মুখত ভৰাই দিয়ে যে সি ওকওকাই উলিয়াই দিয়ে। অংকৰ কিতাপখনৰ লগতে আকৌ নেওতা (টেবুল বুলি কয় হেনো) নামৰ চালাড এখনো সি খাবই লাগে। চালাডখনত ইমানেই মেম জলকীয়াবোৰ কুটি থোৱা থাকে যে সি মুখত ভৰাবই নোৱাৰে উলিয়াই দিয়ে। তাৰ পাছতে দিয়ে চায়েন্স নামৰ তৰকাৰী এখন। সেইখনো সি মেথিগুটি বেছি হোৱাৰ বাবে তিতা তিতাহে পায়। তাৰ পাছত তাৰ মৰেলিটি বঢ়াবৰ বাবে মৰেল চায়েন্স নামৰ পদিনাৰ চাটনি এখন দিয়ে। মাক বাপেকৰ মৰেলিটি থাকক নাথাকক দৰকাৰ নাই সেইখন চাটনি খাবই লাগিব। তাৰ পাছত তাক গা পা ধুৱাই কান্ধত গৰুগাড়ীৰ বোজা অলপ দি গাধ এটাই কেনেকুৱা কষ্ট কৰে তাক অনুভৱ কৰাৰ শিক্ষা দি স্কুললৈ লৈ যায়।

কালিৰপৰা তাৰ পেট বিষ। পেটটো ফুলি আছে। মাকে কলেঃ “হেৰা কিবা এটা কৰা”।

মই কলোঃ”কেঁচা বাঁহৰ পৰা বনোৱা কিতাপৰ চবজীবোৰ দুদিনমান নুখুৱালেই তাৰ অসুখ ভাল হৈ যাব।হাইজাম্প নহয়, প্ৰথম তাক ৱার্ম আপ কৰোৱা”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments