দিগন্ত বৰাৰ ওলট পালট (দিগন্ত বৰা)

(১)

 

কোঠাটোত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি এওঁৰ লগতে অলপ টাইম পাচ কৰো বুলি চিঞৰি চিঞৰি মাতিলোঁ । এওঁ দৌৰি আহিল । কোঠাৰ চুক এটালৈ গলো । পৰস্পৰৰ দূৰত্ব কমিল । কানত কান লগাই এওঁক সুধিলোঃ আজ কা মৌচম কেইচা হে?
লাজতে এওঁ কুচি মুচি মোৰ বুকুত সোমাই দিলে । আবেগ এখিনিয়ে সাগৰৰ ঢৌৰ ৰূপ ল’লে । স্থান কাল পাত্ৰ পাহৰি গ’লো।
ঝাৰু এটা হাতত লৈ ঘৰৰ মালিকনী কেতিয়ানো কোঠাটোলৈ সোমাই আহিল গমকে নাপালো । আহিয়েই চুকটোলৈ নজৰ দি তেওঁ আমাক দেখা পাই ঝাৰুটোৱে কোবাই কোবাই দৰজাৰ বাহিৰ কৰি দিলে। মোৰ জীৱনত এনে ঘটনা কেইবাটাও ঘটি গৈছে। সেয়ে মই বিশেষ দুখ নাপালোঁ । এওঁহে বিষত কোঙা হৈ আধামৰা যেন হ’ল। কিনো ক’ব আৰু! চুক ভেকুলী হল বুলিনো মানুহে আমাক ইমান ঘিণ কৰিব লাগেনে বাৰু? আপোনালোকেই কওঁকচোন!

 

(২)

গুৱাহাটী ৰেল ষ্টেচনত দুজন ভিক্ষাৰীয়ে জিৰণি লৈ আছে। এজন অন্ধ আৰু আনজন বোবা। প্ৰেছত কিতাপ প্ৰিণ্টিং কৰোতে হঠাতে হোৱা প্ৰিণ্টিং মিচটেকৰ দৰে অন্ধজনে হঠাত এটা মিচটেক কৰি পেলালে। কথা নাই বতৰা নাই তেওঁ বোবা ভিক্ষাৰী জনক সুধি পেলালে নহয়ঃ
তোমাৰ চুলিত কলপখিনি ভালকৈ নালাগিল বন্ধু। গোটেই পকা চুলিখিনি ট টকৈ জিলিকি পৰিছে।

অন্ধজনৰ কথাত বোবাজন কিছুপৰ মুক হৈ পৰিল।তাৰ পাছত অন্ধজনৰ দৰে তাৰো জিভাখন পিচলি যোৱাত মুখখন মেলি দিলে। অন্ধজনক উদ্দেশ্যে সি কলেঃ তুমি ইমান মিছলীয়া! ভিক্ষাৰী হলেও মানুহক ইমান ঠগিব নাপায় দেই।
অন্ধজনৰ মূৰটোত বজ্ৰপাত এটাহে যেন থেঁতেলা খাই পৰিলহি! দুয়োটাৰ স্কৰ সমান সমান হোৱাত ইটোৱেও লাজ নাপালে সিটোৱেও নাপালে।

(৩)

পথাৰ এডৰাৰ আলিবোৰে সিহঁতৰ মালিকৰ ধুনীয়া চিতপখিলাৰ দৰে জীয়েক দুগৰাকীক ধান দাবলৈ সেই মাটিডৰালৈ অহা দেখি আনন্দত জপিয়াই উঠিল।ৰ’দ আহি নিয়ৰসিক্ত সেউজ দলিচাখন শুকাব লৈ নৌপাওতেই দাৱনী আহি পোৱাত আলিবোৰৰ লৱনী মাকৰ তৰণী নাইকিয়া হ’ল। দাৱনী ৰুপী মালিকৰ সুন্দৰী জীয়েক দুজনীলৈ সিহঁতে ভেৱা লাগি চাই থাকিল। কাঁচি ঘূৰোৱাৰ ছন্দে ছন্দে সিহঁতে মহানন্দেৰে ৰঞ্জিত হৈ পৰিল। বেলিটোৱে পাক এটা মাৰি ঘৰলৈ যাবলৈ লওঁতেই মাক আৰু ছোৱালী

দুজনী জিৰণি ল’বলৈ আলি এটাত বহিব খোজাত চাৰিওটা আলিয়েই পিঠি পাতি দিলে যদিও ঘাঁহ বন কম থকা আলিটোতহে তেওঁলোক বহিল। বাকী আলি তিনিটাই ঠোট-মুখ চেলেকি থাকিল।নাথাকিব কিয়? ইমান ধুনীয়া ছোৱালী দুজনী পিঠিত উঠাবলৈ কোনটো পথৰুৱা আলিয়ে কামনা নকৰিব!
আলিকেইটাই ছোৱালী কেইজনীলৈ তন্ময় হৈ চাই থাকোঁতেই মাকে এজনী ছোৱালীক ডবিয়াই উঠিলঃ তোৰ যদি পেটটো ইমান বেয়াই আছিল তেন্তে কিয় আহিছিলি? কাপোৰে কানীয়ে চেৰেলি বালি যেতিয়া যা ঘৰলৈকে যাগৈ।
ইজনী ছোৱালীয়ে তেতিয়া নিজৰ নাকটোত ধৰি চিঞৰি উঠিলঃ ইচ ৰাম! বায়ে গোটেই আলিটোত ফুল বাচি পেলালে!
আলিকেইটাই হাঁহি হাঁহি বাগৰি পৰিল।নপৰিবনো কিয়? ইমান আশা দেখাকৈ সিহঁতে তাহাঁতক চাবলৈ খাপ পিটি আছিল! কিন্তু এনেদৰে….!

 

(৪)

 

পৰুৱা এজনীয়ে ডিউটি দিবলৈ পুৱা বাংকাৰৰ পৰা ওলায়েই বাটত চিপাহী এটাৰ সতে ভেটা ভেটি হ’ল। চিপাহীক দেখি তাইৰ খং উঠিল। বাৰাণ্ডা এখনত আজি সিহঁতহালৰ ডিউটি পৰিছে।যেতিয়াই তেতিয়াই প্ৰেমৰ প্ৰস্তাৱ দি থকাৰ বাবে তাক তাই চকু পাৰি দেখিব নোৱাৰে।এই বিষয়ে তাহাঁতৰ মহাৰাণী ভিক্তোৰিয়াক কেবাবাৰো অভিযোগ দিছে যদিও ওপৰ মহলৰ গুৰুত্ব পূর্ণ পদবীত চিপাহীটোৰ অঙহী-বঙহী কোনোবা থকাৰ বাবেই চিপাহীটোৱে ডিউটিটো তাইৰ সতে একেলগে পেলাব পাৰিছে

।যি কি নহওক চিপাহীটোক দেখি পৰুৱাজনীয়ে কো কো কৈ বিপৰীত দিশত গুছি গল ।চিপাহী পৰুৱাই তাইৰ পাছ ললে।পৰুৱাজনীয়ে পাছলৈ ঘুৰি নোচোৱাকৈয়ে ডিউটি কৰি গ’ল।অলপদূৰ গৈয়েই তাই ডাঙৰ পাহাৰ এটাত খুন্দা মাৰি দিলেগৈ।ইমান জোৰেৰে খুন্দিয়ালে যে তাই থিতাতে মূছকঁছ গ’ল।চিপাহীটো দৌৰি আহিল।তাইক লৰাই বগৰাই চালে।নাই তাইৰ চেন্সেই নাই।পানী অকনমান আনি তাইৰ চকুত মাৰি দিলে।অলপ পাছতে তাই চকু মেলিলে। চিপাহীটোৱে তেতিয়া তাইৰ ভৰি হাতবোৰ পিটিকি আছিল।হঠাত্‍ চিপাহীটোৰ প্ৰতি তাইৰ এক প্ৰৱল অনুৰাগ উথলি উঠিল ।আবেগত তাই মিচিকিয়া হাঁহি এটা মাৰি চকুহাল মুদি দিলে।
চিপাহীটোৱে কলেঃ মাটিত পৰি থকা বুন্দিয়াৰ দানাটোত ইমান জোৰেৰে কিয় খুন্দা মাৰিলা? বলা আমি ইয়াক কঢ়িয়াই নিও! অনামী লাজত পৰুৱাজনীয়ে চকুহাল মুদি দিলে।

 

(৫)

 

জুহালত থকা কেটলীটোক গেছ টেবুলৰ চাফা কেটলীটোৱে কলা মোচোৰা বুলি ইতিকিং কৰিলে।ছাই লাগি ক’লা কেটলীটোৱে কান্দি কান্দি মাক জুহালক অভিযোগ দিলে।জুহালখনে গেছ টেবুললৈ যাবলৈ দূৰ হোৱাৰ বাবে ৰান্ধনীজনীকে অভিযোগটো দিলে।
ৰান্ধনীয়ে অভিযোগটোক কোনো গুৰুত্বই নিদিলে।ফলত জুহালৰ খং উঠি ৰান্ধনীক কলেঃ
আমাক যদি পাত্তাই নিদিয়া তেনেহ’লে উঠাই পেলালেই হল।
জুহালৰ কথাত ৰান্ধনীৰো খং উঠি গ’ল । খঙেৰেই কলেঃ যা যা।তই এতিয়া আগৰ দৰে লাগী

হৈ থকা নাই।ডাবল চিলিণ্ডাৰৰ বাবে এপ্লাই কৰিছোঁ । দুই এদিনতে চিলিণ্ডাৰটো পাম। তেতিয়া তোক পুতি পেলাম।
পাছদিনা যেতিয়া ডাবল চিলিণ্ডাৰটো আহিল সঁচাকৈয়ে জুহালখন পুতি পেলালে ৰান্ধনীজনীয়ে।

কেইমাহমানৰ পাছত গেছ চিলিণ্ডাৰৰ অভাৱ হোৱাত এদিন ৰান্ধনীয়ে জুহালখন আকৌ পাতিবলৈ যো জা কৰাত জুহালে খঙতে ভোৰভোৰাই উঠিল। ৰান্ধনীয়ে জুহালৰ ভৰিয়ে হাতে ধৰিলে। জুহালে তেতিয়া ৰান্ধনীক এটা চর্ত দিলে।চর্ত মানিবলৈ ৰান্ধনী মান্তি হল। জুহালে তেতিয়া কলেঃ যিটো কেটলীয়ে জুহালৰ ছাই লাগি কলা হোৱা কেটলীটোক কলামোচোৰা বুলি ইতিকিং কৰিছিল সেই কেটলীটোক ধুই মেলি গেছ টেবুলত থব লাগে আৰু গেছ টেবুলত থকা চাফা কেটলীটোক জুহাললৈ আনিব লাগে।
ৰান্ধনী মান্তি নহৈ পাৰেনে?

 

(৬)

 

‘মূলা’ এটাই মূল বিচাৰি তললৈ গৈ থাকোঁতে ‘চালগোম’ এটাৰ চালখনত লাগি ধৰে। ‘কাঠ আলু’ এটাই তেতিয়া কাঠ এডাল চুঁচি ‘পালেংশাক’ৰ বাবে সজা পালেং এখনত ‘বীট’ এটাৰ সৈতে বীট এটা লগাই থাকে।’লাই শাক’ৰ পৰা লাই পাই পাই ‘মটৰমাহ’ মটৰৰ পৰা ননমাই হয়।’ফ্ৰেন্সবীনে’ ফ্ৰেন্সৰ পৰা অনা বিন এখন বজাই থাকোঁতে ‘জিকা’ এটাই আনন্দতে জিকাৰ এটা মাৰি টিকা উলিয়াই নাচি থকা দেখি ‘দাংবডি’ৰ বডিটো এনেয়ে দাং খাই যায়। ‘টিয়ঁহ’ এটাই চিঞৰ এটা মাৰি চিগাৰেট হুপি ধোঁৱাৰ কুন্দুলী উৰুৱাই ফুৰা ‘কুন্দুলী’ আৰু ‘ধুন্দুলী’ক মাতি আনে। ‘ধনীয়া’ৰ পৰা ধন ধাৰলৈ নি ‘ধেৰুৱা’ ধৰুৱা হৈ পৰে।’উৰহী’ৰ ৰহী খাই ‘গাজৰ’ৰ জ্বৰ হয়। ‘বাবৰি’য়ে বৰী দিয়ে খাবলৈ। ‘জলকীয়া’ৰ সৈতে সি জলক্ৰীড়া কৰিব পৰা হয়।’পটলে’ পটককৈ তলত পৰি ‘জিলমিল’ৰ সৈতে মিলমিলাই থাকে। বেঙা ‘বেঙেনা’ই খঙতে কাঁইট এডালেৰে ‘লফা’ক লফালফ কৰে। ‘চিৰাল’ৰ গাটো ফাটি চিৰাচিৰ হয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments