দিগন্ত ভট্টৰ অকব ডায়েৰী (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

আস..ৰক্ষা !

কথাটো সিদিনাহে কলিতাই গম পালে – জীয়েক মামণি আৰু সেই বিকি বোলাটোৰ যোৱা দহবছৰ ধৰি হিয়া-দিয়া-নিয়া চলি আছে। সিদিনা ৰিক্সাত উঠি জীয়েকৰ লগত কলিতা বজাৰলৈ গৈ আছিল। এনতে বাইকত অহা এজনে জীয়েকক মাত দি গ’ল-“কি হে ‘বিকিনি’, ক’লৈ যোৱা?”

“কি বুলি মাতি গ’লও সেইজনে?”- দাঁত চেপি কলিতাই সুধিলে।

“দেউতা, তোমাক কৈয়েই দিওঁ আৰু… মোৰ হ’ব লগা তেওঁৰ নামটো ‘বিকি’ যে, সেয়ে তেওঁৰ লগৰবোৰে মোক তেনেকৈয়ে মাতে। শৰ্মা-শৰ্মানী, কলিতা-কলিতানী, ঠিক তেনেকৈ বিকি-….”

“হ’ব হ’ব, পিছে সেইটো চুবুৰীৰ সেই অঘাইটং-অলগদ্ধ বিকিৰ কথা যদি কৈছ, এতিয়াই শেষ কৰ সেই সম্পৰ্ক” – কলিতাৰ খঙ দেখি সিদিনা বোলে ৰিক্সাৱালাই ভাড়া খুজিবই পাহৰি গৈছিল।

কলিতাৰ এতিয়াও মনত আছে কিছুদিন আগতে বাইকত গৈ থকা বিকিয়ে পাণ খাই মৰা পিক উৰি আহি কেনেকৈ তেওঁৰ বগা ছাৰ্টটোত পৰিছিল। এতিয়াও আছে সেই দাগ। এবাৰ ফাকুৱাত ইলেকশ্যনত ব্যৱহাৰ কৰা চিঞাহীৰে দিয়া ক’লা ফোঁট তেওঁৰ কপালৰ পৰাও তিনিমাহ যোৱা নাছিল। যোৱাবছৰ দেৱালীত বিকিয়েইতো তেওঁৰ ঘৰলৈ ডাঙৰ বোমা এটা দলিয়াইছিল। আহি একেবাৰে তেওঁৰ ভৰিৰ ওচৰতে ফুটিছিল। সেই কঁপনি এতিয়াও মাৰ যোৱা নাই। ভাবিলেও এতিয়াও কঁপি উঠে কলিতা।

“মামণি, তই আৰু বেলেগ ল’ৰা নাপালি? তাক বাদ দিবিনে? সি মোৰ লগত কি কি কৰিছিল, ক’লোঁৱেই দেখোন” – কলিতাই কালি জীয়েকক বুজাইছিল।

“প্ৰেমে ফোঁটৰ দাগ নামানে, প্ৰেমে বোমাৰ কঁপনি যে আৰু নামানে…” – মামণিয়ে ভূপেন দাৰ গানৰ সুৰত গাই গাই কয়। তাইৰ কথামতেই আজি বিকি ৰাতিপুৱাই কলিতাহঁতৰ ঘৰ পালে। উদ্দেশ্য, অলপ ফ’ৰ্মেলি কথাবোৰ পতা যাতে অহা মাঘতে মামণিক বিয়া কৰাই নিব পাৰে সি। ড্ৰয়িং ৰুমত বহি আছে বিকি আৰু কলিতা। কলিতাই প্ৰায় বুজাই দিছেই যে তাক তেওঁৰ ছোৱালী নগতায়। মাজতে মামণিয়ে চাহ দি গ’ল। এক গোমা পৰিৱেশ।

হঠাতে দুৱাৰ-খিড়ীকিবোৰ জোৰেৰে কঁপিব ধৰিলে। মেজত থকা চাহৰ কাপকেইটা আৰু প্লেটকেইখনেও আৰম্ভ কৰিলে উদ্দাম নৃত্য। ওচৰতে শুই থকা কুকুৰটোৱে ভুকিবলৈ ধৰিলে। ঘৰৰ আনবোৰ বাহিৰলৈ দৌৰিলে। বিকিও দৌৰিবলৈ সাজু হ’ল।

“হেৰা, ক’ত যোৱা, মোক উঠোৱাহে”- সেয়া কলিতাৰ চিঞৰ ! কলিতাই বহুসময় একেঠাইতে বহি থাকিলে ঘপহকৈ উঠিব নোৱাৰে, কোনোবাই ধৰি উঠাই দিব লাগে।

“পিছে খুড়া, আমাৰ বিয়াখন….”

“ওহো, আগতে উঠোৱা..কেনেকৈ কঁপিছে দেখা নাই ? আজি ‘বৰ’টো আহিল যেন পাইছোঁ। ইয়াতে মৰিব লাগিব নহ’লে..”’

“কিন্তু খুড়া, বিয়াখন হ’বনে?”

“হ’বহে বিয়া, ক’লোঁ নহয়।..এতিয়া মোক নুঠোৱা কেলেই ?”

বিকিয়ে কলিতাক ধৰি চোফাৰপৰা উঠালে। দুয়ো দৌৰাদৌৰিকৈ বাহিৰলৈ গ’ল। বিকিয়ে মনে মনে ভাবিলে-‘আস: ৰক্ষা ! আজি সঠিক সময়ত ভূমিকম্প আহিছে। ভূমিকম্প, ফাৰ্ষ্ট টাইম তই দিল খুছ কৰি দিলি !’

“ভাল কঁপাই দিলে দেই আজি ভূইকঁপে”- কলিতাৰ উশাহ ঘন হৈ আছিল তেতিয়াও।

“খুড়া, দেৱালীৰ বোমাটোৱে যিমান কঁপাইছিল, তাতকৈ বহুত বেছি ন?”

“হে: হে: অ’….পিছে বিকি ভিতৰতে থাকিল”।

“নাই খুড়া, মই দেখোন ইয়াতে”।

পিছতহে বিকিয়ে গম পালে, দুদিনমানৰ আগতে কলিতাই হেনো তেওঁলোকৰ কুকুৰটোৰ নাম ৰাখিছিল –‘বিকি’!!

ফে‘চবুকত দৰা-কইনা

 

আমাৰ লগৰ এজন বেংগালুৰুত থাকে। বিয়াৰ বাবে ছোৱালী বিচাৰি হাবাথুৰি খাইছে। ঘৰতো তাৰ কাৰণে ছোৱালী বিচাৰি আছে। আগৰ দৰে ছোৱালীৰ খবৰ আহিলে আজিকালি আৰু কোনোৱে ‘ফ’টো একপি’ নুখুজে। ছোৱালীঘৰেও পুৰণি এলবাম খুলি ছোৱালীয়ে আগৰ সৰস্বতী পূজাত ষ্টুডিঅ’ত পিছফালে নিজৰা-পাহাৰ-ফুলনিৰ বেকগ্ৰাউন্ড ছবিৰ আগত তোলা গ্ৰুপ ফোটো এখন ল’ৰাঘৰলৈ পঠিয়াব নালাগে এতিয়া। বন্ধুৰ আশী বছৰীয়া আইতাকেও কয়, ‘বাপা, আপীটো বোলে ফে’চবুকত আছে, তাতে চাবিচোন এবাৰ’।

সিদিনা মাকে ফোন কৰি জনালে চেন্নাইত থকা অসমীয়া ছোৱালী এজনীৰ খবৰ অহা বুলি। নামটো কোৱাৰ লগে লগে বন্ধুৱে ফে’চবুকত ছাৰ্চ কৰি তাইৰ প্ৰ’ফাইল বিচাৰি উলিয়ালে। দেখিলে ৰিলেশ্যনশ্বিপ উইথ – ‘থিৰু নাথম মুনুস্বামী’। লগে লগে নাকচ। মাকক ক’লে, অলপ খা-খবৰ নকৰাকৈ যাতে তাক আৰু ছোৱালীৰ কথা নকয়।

কিছুদিন পিছত মাকে আন এগৰাকীৰ খবৰ অহা বুলি ক’লে। নাম- হেমলতা তালুকদাৰ, মুম্বাইত থাকে। যোৱাবছৰ এম.এ পাছ কৰি সৰু চাকৰি এটা কৰি আছে।
‘তাইৰ মাক-দেউতাক আহিছিল আমাৰ ঘৰলৈ। তই বাবা ফে’চবুকতে চাবিচোন প্ৰথম, কেনেকুৱা দেখ। তাৰ পিছত আমি আগবাঢ়িম বাৰু’।
‘আগৰজনীৰ দৰে নহয়তো?’
‘নাই, নাই…এইবাৰ আমি কিছু খবৰ লৈছো নহয়। একেবাৰে গুণৰ মাণিক বোলে। শান্ত-শিষ্ট, ভদ্ৰ-অমায়িক..মুঠতে সকলো ভাল।’ সি মাকৰ পৰা তাইৰ সম্পূৰ্ণ নাম, ঘৰত মতা নাম, ঠিকনা সকলো ল’লে। প্ৰ’ফাইল বিচাৰিবলৈ এইবোৰৰ প্ৰয়োজন হয় কেতিয়াবা।
পিছদিনা বন্ধুৱে অ’ফিচত বহি আঠ ঘন্টা নন-ষ্টপ ফে’চবুকত তাইৰ নামৰ প্ৰ’ফাইল ছাৰ্চ কৰিলে, এইগৰাকীক নাপায়হে নাপায়। নাই, সি বিচাৰি উলিয়াব নোৱাৰিলে তাইৰ প্ৰ’ফাইল।
বিমৰ্ষ মনেৰে সি মাকক ফোন কৰি জনালে -‘তাই চাগে ফে’চবুকত নাই মা’
‘কেনেকৈ হ’ব? তাই আছে। তোৰ ফ’টো হেনো তাই দেখিলেই। দেউতাকে কৈছেতো আজি’
‘বেলেগৰ প্ৰ’ফাইলৰপৰা চাইছে চাগে মোক। বহুতে ফে’চবুক বেয়া বুলি প্ৰ’ফাইল নুখুলে। তাই অলপ বেছিয়ে সতী-সাবিত্ৰী হ’ব যেন লাগিছে!’

পিছদিনা মাকে তাক ৰাতিপুৱাই ফোন কৰিলে।
‘তাই ফে’চবুকত আছে ও…আজি দেউতাকক সুধিলোঁ। পিছে…’
‘পিছে কি মা??’
‘তাই সম্পূৰ্ণ নামটো হেনো দিয়া নাই ফে’চবুকত….কিবা বেলেগ নাম দিছে’
‘কি নাম কোৱা আকৌ…’
‘এহ্ নহ’লে এইজনীক বাদ দে, মামাৰাই আন এজনীৰ খবৰো আনিছে।’
‘হাৰে…..প্ৰ’ফাইল নামটো নোকোৱা কিয়?’
মাকে সেমেনা-সেমেনিকৈ ক’লে- “হট এণ্ড হানী হেমা” !!

 

 

মহেন খুড়াৰ দুখ

 

মহেন খুড়া বৰ সহজ-সৰল। ভূ-ভাৰস্তত কি হৈ থাকে একো খবৰ নাপায়। চহৰত সৰু চাকৰি কৰিছিল। যোৱাবছৰ ৰিটায়াৰমেন্টৰ পিছত গাঁৱৰ ঘৰতে থাকে। এতিয়ালৈ পেঞ্চনৰ কামটো হৈ উঠা নাই। মানুহজনৰ দুখ সেইটোৱেই। ছমাহমান আগতে লগ পাইছিলোঁ তেওঁক।

‘গাঁৱৰ পৰা উইংগাৰত উঠি চহৰলৈ যাওঁ, তাৰ পিছত বাছেৰে গুৱাহাটীলৈ। গুৱাহাটীত আকৌ চিটিবাছত হেঁচা-ঠেলা, ৰিক্সাৰ ঠেকেচা-এনেকৈ যোৱা ছমাহ গ’ল কিন্তু পেঞ্চনটোৰ একো এটা নহ’ল।’

‘কি কয় অ’ফিচৰ মানুহবোৰে?’

‘কি ক’ব আৰু… দুখ-সমস্যাৰ কথা কয়। পিয়াঁজৰ দাম বঢ়া বুলি কয়। পেট্ৰ’লৰ দাম হেনো এশ চুইছে, তেনেকৈ কয়। সেই কাৰণে ফাইলটো বোলে একেখন টেবুলতে পৰি আছে। বুজিয়ে নাপাও, সেইটো ফাইল নে গাড়ী যে পেট্ৰ’ল ভৰাব নোৱাৰা কাৰণে উপাই-নাপাই সিহঁতে একেঠাইতে পেলাই ৰাখিছে।’

‘নহয় মানে ডাইৰেক্ট পইচা খুজিবলৈ টান পাইছে। সেয়েহে….’

‘পইচা কেনেকৈ দিও ভাবিয়ে পোৱা নাই। যিমানবাৰ গুৱাহাটীলৈ অহা-যোৱা কৰিলোঁ, ভালেমান পইচায়ে দিব পাৰিলোঁহেতেন…’-খুড়াই কয়।

 

দুদিন আগতে খুড়াক আকৌ লগ পালোঁ। এইবাৰ খুব চিন্তিত যেন লাগিল তেওঁক।

‘খুড়া, পেঞ্চনটো হোৱা নাই কিজানি…হ’ব দিয়া এদিন। বেছি দুখ-চিন্তা নকৰিবা’

‘পেঞ্চনটো হোৱা নাই। এতিয়া আশা এৰি দিছো আৰু। যেতিয়া হয় হৈ থাকিব। সেইকাৰণে দুখ কৰা নাই ও..’

‘তেন্তে?’

‘এই যে বেট-বল লৈ কিবা খেলি দৌৰা-দৌৰি কৰি থাকে..’

‘ক্ৰিকেট’

‘অ’ ক্ৰিকেট। টিভিত দেখো ৰ’ কেতিয়াবা। ৰ’দে-বৰষুণে বেচেৰাহঁতৰ কম কষ্ট হয় নে? আমি পথাৰত ৰ’দত কাম কৰি এদিনতে ভাগৰি যাও। সিহঁতেতো গোটেই দিনটো দৌৰে, মাজে মাজে জপিয়াই পৰেও। কেতিয়াবাতো মূৰে-ভৰিয়ে-হাতে এগালমান কিবা পিন্ধি দৌৰে। ইচ, দুখেই লাগে।’

‘হয়, কষ্টতো আছেই…’

‘শুনিছো ভাৰতৰ এজন বোলে ডাঙৰ খেলুৱৈ এই দুই-এদিনতে ৰিটায়াৰ্ড হ’ব। পেপাৰে-টিভিয়ে সদায় দি আছে এই কেইদিন’

‘অ’ শচীন তেণ্ডুলকাৰ তেওঁৰ নাম’

‘তালৈহে দুখ লাগে। এই ৰিটায়াৰমেন্টৰ পিছত সি বেচেৰাইও পেঞ্চনৰ অ’ফিচ যাব লাগিব। টেবুলে-টেবুলে দৌৰিব লাগিব। নালাগিব জানো?’

মই ভাবি আছোঁ কি কও, কি নকও।

‘সিহঁতৰ ৰাজ্যত পেঞ্চনৰ অ’ফিচৰ কাম বা কেনেকুৱা নাজানো অৱশ্যে। আমাৰ ইয়াৰ দৰে নহ’লেই হ’ল আৰু। আমাৰ চাকৰিত ক’তনো কষ্ট হৈছিল? চকীতে বহি কৰা আৰামৰ চাকৰি। কিন্তু সি গোটেই জীৱনটো খেলি-দৌৰি-পৰি কষ্ট কৰিলে। এতিয়া ৰিটায়াৰমেন্টৰ পিছত যদি আমাৰ দৰে পেঞ্চন বিচাৰি আকৌ দৌৰি ফুৰিব লগা হয়, বেয়া নহ’বনে?’

মই নিমাত।

‘পেঞ্চনৰ পিছত দৌৰি মোৰ চুলি গোটেইকেইডাল পকিল, বাতবিষ আৰম্ভ হ’ল। এতিয়া সেই টেণ্ডুলকাৰ নে কি, তাৰো একেই অৱস্থাই হ’ব যেন পাইছো। ফ’টোত দেখিছোঁ- ডেকা হৈয়ে আছে। কিন্তু এতিয়া পেঞ্চন বিচাৰি বিচাৰি দুদিনতে বুঢ়া হ’ব। মই কৈছোঁ, তই লিখি থ যদি নহয়। সেইটো কথাকে দুদিনমানৰপৰা চিন্তা কৰি আছোঁ, দুখেই লাগিছে….।’

মই একো নামাতিলোঁ, মাত্ৰ ভাবিলোঁ তেণ্ডুলকাৰহঁতে বাৰু কিবা পেঞ্চন পায়নে!

 

প্ৰেছাৰ কুকাৰৰ হুচেইল আৰু এটি চাকৰি‘ (চাকৰি বিচৰাৰ যন্ত্ৰণা)
আমাৰ কলেজৰপৰা পাছ কৰি অহা বহুকেইজনে সেইসময়ত চাকৰি বিচাৰি আছিল বাংগালুৰুত। ৰাজীৱ আৰু অৰ্ণৱ সিহঁতৰ আগৰে চিনাকী বিহাৰৰ আনিশৰ লগত সৰু ৰুম এটা ভাড়াত লৈ থাকিবলৈ ল’লে। ফ্ৰেছাৰ্ছৰ কাৰণে চাকৰিৰ কল(call) নোপোৱাত ৰাজীৱে ভাবিলে এবছৰৰ ফে’ক অৰ্থাৎ মিছা এক্সপেৰিয়েন্স দেখুৱাই চাকৰিৰ বাবে এপ্লাই কৰিলে বেছি ভাল হ’ব। সেইসময়ত বাংগালুৰুৰ কিছুমান সৰু কোম্পেনীয়ে ফে’ক এক্সপেৰিয়েন্সৰ চাৰ্টিফিকেট দিছিল অলপ টকা-পইচাৰ বিনিময়ত।
চাকৰিৰ অভিজ্ঞতা থকা বুলি দেখুওৱাৰ পিছতে ৰাজীৱলৈ ভাল কোম্পেনী এটাৰ পৰা ফোন আহিল। দুটা টেকনিকেল ৰাউণ্ড হ’ল – টেলিফোনিক। সফল হ’ল। শেষত এদিন দুপৰীয়া কোম্পেনীটোৰ এইচ.আৰ(HR)ৰ ফোন আহিল তাৰ মোবাইলত। তাক সুধিলে সি এতিয়া ক’ত আছে। ৰাজীৱে তেতিয়া তাৰ ৰুমৰ তলতে বেকাৰী এখনত চাহ খাই আছিল। কিন্তু লগে লগে তাৰ মনত পৰিল -সেইদিনা সোমবাৰ। গতিকে সি মিছাকৈ ক’লে-‘মই এতিয়া অ’ফিচত’।
‘আপোনাৰ লগত আমি কিছু কথা পাতিব খুজিছিলোঁ। অ’ফিচত আছে যদি..ইজ ইট দ্য ৰাইট টাইম?’
‘ইয়েচ ইয়েচ…একো প্ৰ’ব্লেম নাই। কওঁক’ – ৰাজীৱে ভাবিলে পিছত যদি আৰু ফোন নকৰে সমস্যা হ’ব। তাৰ লগত এইচ.আৰ’জনীয়ে কিছু কথা পাতিলে, বৰ্তমানে সি কৰি থকা কোম্পেনী আৰু দৰমহা ইত্যাদিৰ বিষয়ে। সিও মিছাকৈয়ে কৈ গ’ল কিবাকিবি। তাৰ খুউব ফূৰ্ত্তি লাগিল। ভাবিলে এইবাৰ আৰু ৰক্ষা নাই, চাকৰি হ’ল তাৰ। এনেতে শাক-পাচলি বিক্ৰী কৰা বেপাৰী এজন আহি তাৰ ওচৰতে চিঞৰিলে-‘চবজি লে লো..তাজা পালক, গাজৰ…’।
লগে লগে ফোনটোৰ আনটো মূৰৰপৰা তাক সুধিলে-‘আৰ ইউ ছিওৰ, আপুনি অ’ফিচতে আছে? কিবা প্ৰ’ব্লেম হ’ব নেকি এতিয়া কথা পাতিলে?’
ৰাজীৱৰ টেনশ্যন হ’ল। ভাবিলে সেইজনীয়ে চাগে গম পাই গ’ল সি বাহিৰত আছে, চাকৰি কৰি থকাটো গোকাট মিছা। ৰাজীৱে ক’লে-‘এক মিনিট, মই কেবিন এটাৰ ভিতৰলৈ যাও। ইয়াত অলপ গণ্ডোগোল কৰি আছে ক’লিগবোৰে, লান্স টাইম যে’। এইবুলি সি দৌৰা-দৌৰিকৈ তাৰ ৰুমৰ ভিতৰ পালে। সি সিহঁতৰ সৰু পাকঘৰটোতে ঠিয় হ’ল। সেই ঠাইত বাহিৰৰ হুলস্থূলবোৰ আহিব নোৱাৰে। আকৌ তাৰ ইন্টাৰভিউ আৰম্ভ হ’ল। কিন্তু তাৰ কপাল বেয়া। এনেতে প্ৰচণ্ড শব্দ কৰি প্ৰেচাৰ কুকাৰটোৱে হুইচেল বজালে। প্ৰায় ত্ৰিশ ছেকেণ্ডৰ দীঘলীয়া হুচেইল। ৰাজীৱৰ মুখৰ মাত নাই। ফোনৰ আনটো মূৰৰ এইচ.আৰ’জনীও নিমাত। লগে লগে আকৌ এটা হুচেইল, লগতে কুকাৰটোৰ কাষেৰে পানী ওলোৱাৰ শব্দ। এনেতে ৰাজীৱৰ বিহাৰী ৰুমমেটজন আহি চিঞৰিলে-‘আৰে ৰাজীৱ, আজ চাৱল মে পানী জ্যাদা হো গয়া শায়দ..প্ৰ’ব্লেম হো গয়া ৰে…’।
ৰাজীৱৰ কি কৰোঁ, কি নকৰোঁ অৱস্থা। এইবাৰ ফোনৰ সেইফালৰপৰা ৰাজীৱক ক’লে হাঁহি হাঁহি-‘প্ৰথমতে আপুনি আপোনালোকৰ প্ৰ’ব্লেমটো সমাধা কৰক, আমি পিছত ফোন কৰিম’।
নাই, ৰাজীৱলৈ আৰু কাহানিও ফোন নাহিল সেই কোম্পেনীটোৰপৰা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments