দিচাঙৰ সেই কবি (প্ৰদ্যুতজ্যোতি শইকীয়া)

কবিতা আছিল মোৰ নিচা

আই মাতৃৰ বন্দনা মোৰ উদ্দেশ্য..

দিচাঙৰ পাৰত তোমাৰ স’তে ৰচিছিলোঁ

বলিয়া বলিয়া সেউজীয়া সপোন…

তুমিয়ে বাধা দিছিলা

“পগলা কবিতাৰে মাৰ বন্দনা এৰা…

মাৰ বুকুৰ আঁচোৰ দেখা নাই তুমি?”

ক্ষোভেৰে তুলিছিলোঁ এটি মাৰণাস্ত্ৰ

কলমটো দলিয়াইছিলোঁ দিচাঙত….

বিয়পিছিল চিঞাহীৰ নীলাখিনি দিচাঙৰ পানীত

মোৰ জীৱনৰ নীলাখিনিৰ দৰে

 

মানুহে বাঃ বাঃ দিছিল….

কৈছিল “কবিয়ে বিদ্ৰোহী হৈ জাতিটোক উদ্ধাৰ কৰিব”।

 

দিচাঙৰ সেই সন্ধিয়া

তেজলগা হাতখন ধুই দিছিলা তুমি

কৈছিলা,”মাতৃহত্যা মহাপাপ”

তুমিয়েইনে???

ময়ো দলিয়াই দিছিলোঁ মাৰণাস্ত্ৰ

তুলি লৈছিলোঁ বাঁহী ….

জীৱনৰ হেৰোৱা সুৰ বুটলিম বুলি..

 

সকলো মোহিত হৈছিল

গুণগুণনি চলিছিল “বিদ্ৰোহী অস্ত্ৰ এৰি বাঁহীবাদক হ’ল”

 

ক্ৰমান্বয়ে পুৰঠ হৈ আহিছিল দিচাংখন

পুৰঠ হৈ আহিছিলা তুমি ..

হঠাৎ ঠেলি দিছিলা নাওখন মাজলৈ…

চিঞৰি চিঞৰি কৈছিলা

“মই আজীৱন তোমাৰেই”

ধেৎ, মই কিবা গাধ নেকি?

দিচাঙৰ সন্ধিয়াৰ পানীত লহৰ আহিছিল

তোমাৰ মুখখন বিকৃত হৈ পৰিছিল

বুজিছিলোঁ তুমিয়েইটো শূৰ্পনখা আছিলা।

 

মানুহে বু বু বা বা কৰিছিল …

বাঁহীবাদক নাৱৰীয়া হ’ল .. গুৰিবঠাহীন।

 

খোলা চালিৰ নৌকাত মই

হলাহল বিষেৰে জৰ্জৰিত শৰীৰ

জাতীয়প্ৰেমৰ বৰষুণজাক আহিছিল তেতিয়া..

ৰহিমকাইয়ে খাজি দিছিল কাৰ্টুজ…

শেষ ইচ্ছা, বাঁহীত সুৰৰ ঢৌ তোলা ….

বাঁহীটোত ফুঁ দিছিলোঁ

দিগন্ত ভেদিছিল বাঁহীৰ সুৰে ..

ছন্দময়তাৰে ভাঁহিছিল তুমিহীনতাৰ গান …..

ব্যৰ্থ প্ৰেমিকৰ জীৱনৰ গান ….

জাতীয়তাবাদৰ মৰণকাতৰ আৰ্তনাদ।

 

মানুহে শেষত কৈছিল …দিচাঙৰ নাৱৰীয়াটো কবি হ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments