দিঠক: মৈত্ৰেয়ী পাটৰ

কথাবোৰ সাধুকথাৰ দৰে হোৱাহেঁতেন ভাল আছিল।
এখন দেশত এজন ৰজা আছিল,
তেওঁৰ এজনী ৰাণী আছিল,
তুমি ৰজা
মই তোমাৰ ৰাণী,
বেলিৰ সিপাৰে আমাৰ কাৰেং
কথাবোৰ সাধুকথাৰ দৰে হোৱা হ’লে…
পৰিশিষ্ট:
জুই হৈ বৰষিছে ৰ’দ
ঘামেৰে জীবনৰ ফুল বছাৰ নামত
আমি দিনক দিনে
কাঙাল কৰিছোঁ হৃদয়ক..
কঠিনতাৰ কৱচ পিন্ধি
সপোনবোৰ চুঁচৰি পাৰ হৈ আহে
দিঠকৰ হাতত ধৰি
সাধুকথাৰ দেশৰ ইপাৰলৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments