দিনলিপিত ল’ৰালিৰ ক্ষণ খুচৰি ব্যস্ততা.. (অংকুৰ শইকীয়া)

দিনলিপিত ল‘ৰালিৰ ক্ষণ খুচৰি ব্যস্ততা..

স্মৃতিৰ সঁফুৰা খুলি দিনলিপিৰ বুকুত আঙুলিৰ পাক ঘূৰাইছোঁ৷ জীৱন নামৰ নাটকখনৰ বুকুৰ গৰহাত খহি পৰা ল’ৰালিৰ ক্ষণ কিছুমান লুটিয়াইছোঁ৷ লুটিয়াই চাইছোঁ জলকা মাৰি বহি থকা বুকুৰ কুঠৰীৰ তাহানিৰ সোণালী শৈশৱ৷ ৱাহ, কি আমেজভৰা ক্ষণ, অচিনা হোৱা ক্ষণৰ উচুপনিত অচিনা শিঁহৰণে বুকুৰ হৈ সমস্ত সত্বাত শিঁহৰণৰ জোৱাৰ তুলিছে৷

মনত পৰিছে দিনলিপিৰ সাঁকোৰে অহৰহ অহা যোৱা কৰা ল’ৰালিৰ আবেগ-বিহ্বল মুহূৰ্ত৷ কি সুন্দৰ আছিল ওমলি পাৰ কৰা উল্লাহ৷ দেও লগা দেহাৰ ইচাট- বিচাট কঁহুৱা কোমলতাত আত্মহাৰা হোৱা বৰষুণ কিম্বা ৰাগী লগা আবেলিৰ ৰং৷ কি আমেজ, “কাবাদী …. কা বা দী কা বা দী “, “কুওওও ক …… ভা ” —৷ বৰ্ণনা কৰিব নোৱাৰা শব্দবোৰে আউল লগাই বুকুৰ কোনোবা কোণত৷ কিয় নাজানো পক্ষী মনটোৱে বাৰে বাৰে বিচাৰে সেই বেবেৰিবাং ৰঙীন শব্দমালাৰ স্পন্দন৷

আহ, এজাক বৰষুণে সাঁথৰ কৰিছে মন৷ ধেমালিৰ ফাঁকেৰে বৈ অহা শীতল এজাক৷ দিনলিপিৰ শাৰীবোৰ ঘন হৈ পৰে যেন উশাহ নুঘূৰা বাখৰখটোৱা শব্দৰ মায়াসনা নগৰীত৷ থৰ থৰ কৈ কঁপি উঠে লাৱনী শৰীৰ বৰষুণজাকৰ উষ্ম সান্নিধ্যত; তিতি বুৰি আনন্দত আত্মহাৰা আবেলিৰ বৰষুণজাকত৷ কঁহুৱা কোমল শৰীৰে কি বুজে? বৰষুণজাকৰ অভিমান বা ক’ত? মাথোঁ বুজে হাঁহিৰ খলকনি তোলা উত্ফুলিত হৈ চেৰ পেলোৱা মাৰ অভিমানী মুখৰ অৱসাদ৷

এই সেউজীয়া পথাৰখন, বৰষুণ দিলেই লথপ-থপ হয়৷ তাতে আকৌ কুমলীয়া দুভৰিৰ উত্পাত সেউজীয়া বননিৰ বাকৰিত, “ঐ দে দে …. এহ ক’ত মাৰিলি অ’৷ গ’ল দিব পাৰিলি হয়!” বোকা-পানীৰ আত্মভিমানৰ লগতে উফন্দি উঠা দুগালেৰে জলজলীয়া দুচকুত হাৰি যোৱাৰ কৰুণ দৃশ্য৷ ঠেঁহ ধৰা মাতেৰে ..”তোৰ পৰাই হাৰিলোঁ৷ চব নিজৰ মতে চলিবি৷” অভিমানেৰে গোমোঠা লগা বুকুত হেজাৰ তত্ক্ষাণিক বিননি, এই আহে এই যায় চিপচিপিয়া এজাক বৰষুণৰ দৰে৷

নিভাঁজ ল’ৰালিৰ ক্ষণবোৰৰ সতেজতাৰে দিনলিপিৰ উকা বুকুখন ডাঠ হয় যেন ভৰ আঘোনৰ সোণগুটিৰ সোণোৱালী হেন্দোলনি৷ ঠিক তেনেকৈ লহপহকৈ সজীৱ হয় ৰসময় ৰবাব টেঙাৰ জুতিৰ তৃপ্তি ভৰ দুপৰীয়াৰ ৰ’দ৷ চেকচেক কৈ ঠৰঙা লাগে বগীজামুকৰ পিঠি৷ নাই, কিবা জানো কাণসাৰ আছে? ওহো৷ মাথোঁ খোৱা আৰু খোৱা, খোৱাৰ মাজত ঘনাই অগাদেৱা থপিয়া-থপিৰ ৰামধেনুবুলীয়া হঁহি৷

কাণিমুনি লাগে ফুট গধুলিত৷ বোকা-পানীৰে জুৰুলা হোৱা ঠাই নোহোৱা আবেলিৰ আঁক-বাক ক’ত আঁকিম অযুত ৰং-তামাচাৰ ছবি? আঁকিব চোন ঠাইয়ে নোহোৱা লটৰ-পটৰ শৰীৰ৷ ক’ত বা বিৰাম চিহ্ন দিওঁ মাৰ হিয়াৰ আমঠুৰ হিয়া ভঙা স্বপ্ন৷ “তই কিয় কথা ক’লে নুবুজ? বেমাৰ হ’লে কাৰ কষ্ট হ’ব হা?” ৰুক্ষ হৃদয় সাৱটি উচুপি উঠোঁ মাৰ কোলাত, “মা, বৰষুণত তিতি মোৰ ভাল লাগে৷ আপুনিনো কিয় গালি দিয়ে?” অভিমানৰ তুলাচনীত ওজন জুখি মাৰ কোলাত সন্ধিয়াৰ এঘুমটি৷

আঙুলিৰ পাবত বিষ এটি উঠে৷ কিমান লিখিম জীৱনৰ সোণালী অতীত, কিমাননো বুকু ডাঠ শব্দৰ মালা গাঁঠিম অতীত খুচৰি৷ এনে লাগে পৰা হ’লে, আনিলোঁ হয় বৰ্তমানৰ এঙামুৰিৰে সেই টোপটোপ ৰসময় ল’ৰালি৷ বুকুৰ জবকাৰে যেন টানি আনো নিলীম ক্ষণবোৰ, দুহাত কোৱাই লাঢ়নীৰে সিঁচি দিও অতীতৰ বোকা-পানীৰ খালটো, বিচাৰি চাওঁ উজান উঠা সোণোৱালী অতীতৰ পুঠি-খলিহনাৰ এজাক৷

“অতীত” জীৱনৰ লানি নিচিগা সুখ-দুখৰ ঘূৰি নহা এক চুক্তি৷ য’ত লুকাই থাকে জীৱনৰ ডাৱৰীয়া আকাশৰ সুৰুজ৷ ক্ৰমশঃ অতীতৰ বুকুত প্ৰতিটো সুখ-দুখ সামৰি-সুতুৰি সমস্ততা সপি দিব লগা হয়৷ জীৱন মানে এয়াই, এই আছোঁ এই গৈছোঁ জীৱনৰ কাঁইটীয়া পথত৷ হয়তো ওখৰা-মোখৰাও জীৱনৰ গতিপথ৷ তথাপি অজানিতে জীৱনে হাঁহিব খোজে অতীত খুচৰি নাইবা অতীতৰ দিনলিপিত নিজক বিচাৰি৷ কেতিয়াবা জটিলতাৰ পৰা জটিল হয় নিমিলা অংকৰ সুত্ৰ বিচাৰি৷ নোলায়হে নোলায় জীৱনৰ সাঁথৰুৱা উত্তৰ৷ ক’ত উজুটিৰে হৃদয় তেজাল কৰি এতিয়া লাহে লাহে দিনলিপিৰ বুকুতে অলপ জিৰণি লওঁ৷ জানোচা অলপ উৰি যায় পক্ষী মনটো তাহানিৰ স্বপ্নগধুৰ উপত্যকাৰ বাকৰিলৈ৷ জিৰাণি অলপ অৱসাদৰ, দুনয়ন লোটকেৰে ভৰি অতীতৰ প্ৰেক্ষাগৃহ আউলি-বাউলি হয়৷ সমস্ত সামৰি উভতনি যাত্ৰাৰ আৰম্ভ আকৌ বৰ্তমানৰ দস্তাবেজলৈ৷ উপায়বিহীন বুকুখনে উচুপে নিজানত, “অতীত, তুমি কিয় মোক বুজি নোচোৱা? মইতো এতিয়াও তোমাক বিচাৰি তোমাৰ বুকুত থিতাপি লৈছোঁ৷ কিন্তু তুমি মোক কটাক্ষ চাঁৱনিৰে আঁচোৰ মাৰি তেজেৰে উপচাই ……. নাই তোমাক আৰু একো নকওঁ৷ পাৰিলে তোমাৰ বুকুৰ ৰ’দ কাঁচিয়লীত অলপ উম ল’ব দিয়া৷”

দিনলিপি, ল’ৰালিৰ হাঁহি মোকোৰাত নিগাজীকৈ থকা এক আৱেগভৰা লহৰ৷ যি দি যাব পাৰে দুখৰ মুহূৰ্তত এচমকা জোনাকী সান্নিধ্য৷ আৱেগত থৌকি-বাথৌ হোৱা ক্ষণৰ দুচকুত হাঁহি নিজৰা৷ যি কূলুকুলু কৈ বৈ আহে অতীতৰ হৃদয়ৰ গভীৰতাৰ পৰা হৃদয়ৰ শেষ প্ৰান্তলৈকে৷ ল’ৰালিৰ ধেমালিৰ পূৰ্ণতা থকা দিনলিপিত মুখৰিত হয় গধুলি পৰৰ বাজি উঠা ডবা৷ সিঁচৰতি হয় তত্ক্ষণাত বুকুৰ চৌপাশে উথপ-থপ গধুলি৷ চিনাকী চিনাকী গোন্ধৰে ব্যস্ততা বাঢ়ে খোদিত আৱেগৰ তত্ক্ষণিক কোলাৰ্হল, “ল’ৰালি, তোমাক সজোৰে সাৱতি ব্যস্ততাৰ সুবিধা বুজি অলপ আত্নহাৰা হওঁ এতিয়াৰ বৰষুণজাকত৷ শূন্যতাত সাৱতি চলাথ কৰোঁ সময়ৰ টিকনিৰ ব্যস্ততা “৷৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments