দিনলিপি – বৰ্ণালী গগৈ

কেইবছৰমানৰ আগৰ এটা অভিজ্ঞতাৰ কথা লিখিব খুজিছো৷

ফেব্ৰুৱাৰী-মাৰ্চৰ কোনোবা এটা দিন৷ ডিৰক জয়পুৰ আপাৰ দিহিং এই ফৰেষ্ট কেইখনত চলি থকা কাম এটাৰ শেষত মই সেইদিনা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ঘূৰি আহিছো৷ বতৰো ভালেই৷ আহি আহি বোকাখাট পালোঁহি৷ বাছ চাৰ্ভিচটো কি আছিল মনত নাই কিন্তু সচৰাচৰ বাটৰ কাষত থকা হোটেলবোৰৰ সলনি ভাত খাবৰ বাবে বাছখন কঁহৰাৰ ভিতৰফালৰ হোটেল এখনত ৰ’ল৷ কঁহৰা মোৰ এনেয়েও অতি পৰিচিত ঠাই৷ কাজিৰঙাত আমাৰ কিবা-কিবি কাম হৈয়েই থাকে৷ গাড়ী অনা হ’লে ৰেইঞ্জ অফিচত সোমায়েই আহিলোহেঁতেন কিন্তু বাচততো আৰু সেয়া সম্ভৱ নহয়৷ গতিকে ফোন এটাকে কৰি খবৰ লৈ সেই ইচ্ছা বাদ দিলো৷ পিছে হোটেলখনৰ কেম্পাছতে ৰঙা হৈ ফুলি থকা ডাঙৰ শিমলুজোপা দেখি বিশেষকৈ তাত মৌ খাবলৈ আহি কলকলাই থকা চৰাইবোৰ দেখিহে নিজক আৰু ৰখাব নোৱাৰিলো৷ বাকীবোৰ মানুহৰ ভাত খাই হয় মানে পিঠিত থকা বেগটোৰ পৰা মোৰ FZ কেমেৰাটো উলিয়াই লৈ যিমান পাৰো ফটো তুলিলো৷ মাজতে এবাৰ ফোন আহিল৷ কাজিৰঙাত মই অনবৰতে টানি ফুৰা বৰ মৰমৰ বনৰক্ষীদুটাৰ এটাই ৰেইঞ্জ অফিচৰ পৰা মই অহাৰ খবৰ পাই ফোন কৰিছিল৷ তাৰ লগতো দুষাৰমান কথা পাতিলোঁ৷ সব ঠিকে আছিল কিন্তু বাছত আহি বহিবলৈ লোৱাৰ সময়তহে লাগিল খেলিমেলিটো৷ অলপ পিছৰফালে বহা মানুহ এজনে চিঞৰ-বাখৰ লগালে তেখেতৰ কেমেৰাটো আৰু এটা মোবাইল ফোন বোলে বেগত নাই!

বাছত হুলস্থূল লাগিল –ক’ত আছিল, কেনেকৈ থৈছিল, কি কেমেৰা, কি ফোন, ভালকৈ চাওকচোন, বাছত কোন উঠিছিল, কোন নামিছিল৷ মই ঘূৰি চালো, দেখিলো চুটি-চাপৰ মানুহটো৷ চকুকেইটা সৰু সৰু৷ মাতটোও অলপ বেলেগ ধৰণৰ৷ কথা শুনি গম পোৱা গ’ল অনা অসমীয়া৷

হঠাৎ মোৰ মনত বিজুলী চমকা দি খেলাই গ’ল মানুহটোৱে মোকেই টাৰ্গেট কৰা নাইতো! মনত পৰিল মই ফটো তুলি থাকোতে মানুহটোৱে অকণমান আঁতৰতে ৰৈ চাই আছিল৷ ফোনত কথা পাতোতেও মানুহটোৱে দেখিছিল যে মোৰ দুটা চেলফোন আছে (যিটো আজিকালি প্ৰায় সবৰেই থাকে) কাৰণ বনৰক্ষী ল’ৰাটোৱে মোৰ পুৰণা নাম্বাৰটোত ফোন কৰিছিল৷ মানুহবোৰে কি কেমেৰা বুলি সুধিলে মানুহটোৱে ভালকৈ ক’ব নোৱাৰে, কয় ডিজিটেল কেমেৰা৷ ঠিক সি নিশ্চয়কৈ মোৰ কেমেৰা আৰু চেলফোন – এইদুটাকেই মাৰিব খুজিছে৷ কাৰণ গোটেই বাছৰ মানুহক কোৱাদি ক’লেও কথা কওঁতে সি বাৰে বাৰে মোলৈ চায়৷ ছোৱালী মানুহ, তাতে অকলশৰীয়া, বৰ স্মাৰ্ট যেনো লগা নাই৷ এক মুহুৰ্তৰ বাবে মোৰ আঁঠু দুটা কঁপি উঠিল (নাৰ্ভাচ হ’লেই মোৰ আঁঠু দুটা কঁপে)৷ ভাত খাবলৈ নামি যোৱাৰ পিছত কোনো অহা নাছিল৷ তাৰ বেগটোত লক আছিল আৰু আহি সিয়েই লক খুলিছিল৷ ওচৰতে নামিবলগীয়া মহিলাদুগৰাকীমান কেবিনত বহি আছিল কাৰণে মাত্ৰ গাড়ীখন লক্ নকৰাকৈ থোৱা আছিল কিন্তু তেখেতসকলেও ক’লে যে গাড়ীলৈ কোনো অহা নাছিল৷ কিন্তু মানুহটোৱে নামানে৷ সি হুলস্থূল লগাই দিলে যে পুলিচ মাতিব লাগিব৷ গতিকে বাছ কঁহৰাৰ থানাত সুমুৱাই দিয়া হ’ল৷

সকলোকে নিজৰ নিজৰ বেগ লৈ নামিবলৈ কোৱা হ’ল৷ পুলিচৰ সমুখত সবৰে লাগেজৰ চেকিং হ’ব৷ পিঠিত লোৱা বেগটোৰ বাহিৰে মোৰ পানীৰ বটল, খোৱাবস্তু, মেগাজিন এইবোৰ ভৰাই থোৱা বাস্কেট এটাও আছিল, দুয়োটা লৈ নামিলো৷ মই ইতিমধ্যে ঠাণ্ডা মাথাৰে চিন্তা কৰি লৈছিলো মোৰ কেমেৰাটো আৰু চেলফোন দুটা মই কেনেকৈ মানুহটোৰ পৰা বচাব পাৰো৷ NGO ৰ আইডেণ্টিটি কাৰ্ডখন বাদ দিও মোৰ ওচৰত মোৰ প্ৰেছকাৰ্ডখন থাকে যদিও এই দুয়োটা বস্তুকে মই কেতিয়াও কোনো গুৰুত্ব সহকাৰে মোৰ লগত নাৰাখো৷ ৱালেটটো খুলি চালো, দেখিলো আছে৷ আইকাৰ্ডো আৰু প্ৰেছকাৰ্ডখনো৷ তাতো যদি কাম নহয় কাজিৰঙাৰ ডিএফঅ’ ক ফোন কৰিব লাগিব৷ মনতে কথাকেইটা ঠিক কৰি দীঘলকৈ উশাহ এটা লৈ থ’লো৷

চেকিং হৈ আছিল, মনতে ভাবি থৈছো মানুহটোক সুধিম তাৰ কেমেৰাৰ মডেল কি৷ নিজৰ কেমেৰাৰ মডেলতো সবেই জানে৷ সমুখৰ মানুহজনৰ পিছতে মোৰ পাল৷ দেখিলো বাছৰ সেই মানুহটোৱে এচ আইজনৰ কাণত কিবা এটা ক’লে আৰু মোৰ লাগেজ চেক কৰিবলৈ তেখেত বহাৰ পৰা উঠি আহিল৷ প্ৰথমে বাস্কেটটো চালে৷ তাৰপিছত মই বেগটো খুলি দেখুৱালো, ’এইটো মোৰ কেমেৰা৷ মই ৱাইল্ডলাইফৰ এনজিঅ’ত কাম কৰো৷ ফটোগ্ৰাফাৰ আৰু জাৰ্নেলিষ্ট৷ ’In fact I’m the editor of an environmental journal from North East India. This is my press card and this is my identity card !’

এচ আইজনে অলপ থতমত খালে৷ মই আগবঢ়াই দিয়া কাৰ্ডদুখন তেখেতে হাতত ল’লে যদিও তাত ভালদৰে চকু ফুৰোৱা নেদেখিলো৷ বৰঞ্চ তেখেতক অলপ বিবুধিত পৰা যেন লাগিল৷ মই আৰু ক’লো, ’ এতিয়াও মই ফিল্ডৰ পৰাই আহি আছোঁ৷ আৰু এটা কথা, অফিচিয়েল আৰু পাৰচনেল কামৰ কাৰণে মোৰ দুটা মোবাইল নাম্বাৰ আছে, দুটা চেলফোনত৷ নাম্বাৰ মই কৈ দিছো আপুনি ডায়েল কৰক৷ ’ এচ আইজনে ’নাই নাই মেডাম কোনো কথা নাই’ বুলি মোৰ কাৰ্ড দুখন আৰু বাস্কেটটো ঘূৰাই দি ক’লে, ’ আপুনি বহকগৈ যাওক৷ ’ মোৰ বেগত কেমেৰা দেখিয়েই বাছৰ মানুহবোৰৰ চকু ডাঙৰ হৈ গৈছিল৷ কথা শুনি আৰু প্ৰেছকাৰ্ড দেখি মুখো মেল খাই গ’ল৷ পিছৰ চেকিংখিনি মাথো নামতহে হ’ল৷ সোণকালেই আহি সব গাড়ীত বহিলহি আৰু ড্ৰাইভাৰেও পটাপট আহি গাড়ী ষ্টাৰ্ট কৰিলে, ’ ফাল্টুমে ইতনা টাইম বৰবাদ কিয়া৷ ’

বাছত উঠাৰ পিছত সেই ধুৰন্ধৰটোৰ মুখখন এবাৰো চোৱা নহ’ল কাৰণ পিছৰখিনি মই অকণমান টোপনি গ’লোঁ৷ আজি পিছে সেইদিনা মানুহটোক দুটা কাণতলীয়া চৰ কিয় নোসোধালো, সেয়া ভাবি আক্ষেপ হয়৷ ছোৱালী দেখি সুবিধা ল’ব খোজা, ঠগিব খোজা আৰু অসমতে থাকি অসমৰে মানুহক লুটিবলৈ অহাৰ নিচিনা কাম কৰাৰ এটা শিক্ষা সেই মানুহটো বা তাৰ নিচিনাবোৰে নিশ্চয়কৈ পোৱা দৰকাৰ৷

তাকে কেতিয়াবা ভাবো মই দেখাই -শুনাই ইমান সাধাৰণ আৰু মিজিং -মাজাং নে যে এটা ফাল্টু মানুহেও ঠগিবলৈ সাহস পাই যায়!

■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

ভাল লাগিল বাইদেউ…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক