দিল্লীত থকা কালৰ কিছু আমোদজনক ঘটনা- মমী চৈয়দ

 দিল্লীত থকা কালৰ কিছু ঘটনা যিবোৰ এতিয়াও মনত পৰিলে খুব হাঁহি উঠে, তাৰে কেইটামান ঘটনা আজি লিখো বুলি ভাবিলো৷ দিল্লীখন মোৰ বৰ প্ৰিয়, ২০০৩ চনৰ পৰা ২০১২ চনলৈকে, বহু বছৰ দিল্লীত কটালো, বহু স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ শিক্ষা গ্ৰহণ তথা কৰ্মজীৱনৰ পাতনি মেলা, এই বুকুৰ আপোন দিল্লীত থকাৰ দিনসমূহ, মোৰ জীৱনৰ এক মধুৰ অধ্যায়৷

২০০৮ চনৰ, এদিনাখনৰ কথা, মোৰ তেতিয়া বিয়া হোৱা কিছু মাহহে হৈছে৷ জুলাই মাহৰ কোনোবা এটা শনিবাৰৰ ঘটনা, দিল্লীত তেতিয়া ভয়ংকৰ গৰম৷ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰা মই অফিচ শেষ কৰি ঘৰলৈ যাব ওলাইছো৷ শনিবাৰে হাফ্ দে থাকে৷ ক’বলৈহে হাফ্ দে, আবেলি ৩ টা বজাত অফিচ শেষ কৰি ঘৰ আহি পাওঁ মানে গোটেই দিনটোয়ে যায়গৈ৷ গৰমত বাছত নুঠিলো, অ’ট এখন ল’লো৷ আমি তেতিয়া ভাড়া ঘৰত থাকো৷ প্ৰায় আধা ঘণ্টামান সময়ত অ’ট’ আহি ঘৰৰ সম্মুখ পালেহি৷ তেতিয়াৰ দিনত অফিচৰ পৰা ঘৰলৈ ভাড়া আছিল ৪০ টকা৷ বেগৰ পৰা ১০০ টকীয়া এখন উলিয়াই, অ’ট’ চালকলৈ বুলি আগবঢ়াই দিলো, যিহেতু খুচুৰা নাছিল৷ ১০০ টকাৰ নোটখন দেখিয়েই, অ’ট’ চালকৰ যেন খং ওঠিল আৰু খঙতেই ক’লে, “খুল্লা নেহী হে৷“
মই কলো, “আপ ১ মিনিট ৰোকিয়ে মেই সামনেৱালী দুকান চে খুল্লা লেকৰ আতি হো“ কৈয়ে মই দুখোজমান গৈছিলোহে, অ’ট’ চালক দেখোন একেবাৰে গুণ্ডা ৰূপ লৈ অশ্লীল ভাৱে গালি গালাজ দিবলৈ ধৰিলে৷ মই থমকি ৰ’লো৷ উলটি আহি ক’লো, “ খুল্লা আপকে পাচ্ ভি নেহী হে অউৰ মেৰে পাচ্ ভি নহী হে মে আপকৌ কুছ ভি নেহী বৌল ৰহি হো লেকিন আপ গালী কিয়ো দে ৰ’হে হো?“
এয়া শুনিচোন অ’ট’ চালকৰ খং দুগুণে চৰিল আৰু বেছি অশ্লীল গালি গালাজ দিব ধৰিলে৷ মোৰ জানো কি হ’ল এক মিনিটত কিবা এটা অকৰা খং উঠিল, তাতে গৰমো পৰিছিল নহয় বহুত৷ দিলো নহয় এক ঘোঁচা লগায়৷ চৰো নহয় চিধা ঘোঁচা৷ মোৰ ঘোঁচা দেখি ভাৰাঘৰৰ মালিক জন দৌৰি আহিল৷ তেওঁ যে দূৰৰ পৰা ৰৈ সকলো চাই আছিল মই মনে কৰা নাছিলো৷ ভাবিলে চাগে দেই কি ডাকু মানুহক ঘৰ ভাৰালৈ দিলো অ’৷

এইবাৰ আহো ২০০৫ চনৰ এটি ঘটনালৈ৷ তেতিয়া মই আৰু দুজনী ভণ্টি একেলগে ফ্লেট এটা ভাড়া কৰি থাকো৷ তাৰে এজনী মোৰ সম্পকীয় ভণ্টি আৰু আনজনী এই ভণ্টিৰে স্কুলীয়া কালৰ বান্ধৱী৷ আমি তিনিওজনী ৩ বছৰ দিন একেলগে আছিলো আৰু সেইদিনসমূহ ইমানেই মধুৰ আছিল যে আজিও মনত পৰি থাকে৷ মুল ঘটনালৈ আহোঁ, মই ২০০৩ তে দিল্লীলৈ গ’লো আৰু এই ভণ্টি দুজনী মোৰে লগত ২০০৫ চনত দিল্লীলৈ আহিলে৷ দুয়োজনীৰ কাৰণে নতুন পৰিবেশ, নতুন মানুহ আৰু নতুন ভাষা৷ সিহঁতে যে হিন্দী নাজানে এনে নহয় দুয়োজনীয়ে ভালদৰে ক’ব জানে আৰু বুজিও পায়৷ কিন্তু দিল্লীৰ হিন্দী, অসমৰ হিন্দীৰ দৰে নহয়৷ অলপ হাৰিয়ানি সুৰ থকা৷ তাতোকৈ ডাঙৰ কথা হ’ল খুব খৰকৈ কয় তাৰ মানুহে কথাবোৰ, গতিকে বুজি পাবলৈ আৰম্ভণিতে অলপ অসুবিধা হয়৷ বাৰু, এদিনৰ কথা, মই ক্লাচ কৰিবলৈ গ’লো, তেতিয়া মই এম.বি.এ পঢ়ি আছো৷ ইফালে ঘৰত চুইচ বোৰ্ড এখন হ’ল নহয় বেয়া৷ সিহঁতে মোক ফ’ন লগালে আৰু ময়ো চিনাকি ইলেকট্ৰিচিয়ান ল’ৰাজনৰ নাম্বাৰটো সিহঁতক দিলো৷ প্ৰায় ২০ মিনিটমানৰ পাছত ফ’ন বাজিল, “ই ভাল কৰিব নোৱাৰিলে আৰু একো নাজানে সেইডালে, ইমানকৈ ক’লো একোডাল কৰিব নোৱাৰিলে, ভালকৈ বকি পঠাই দিলো৷“ মই বোলো হ’ব, মই আহি পাছত কথা পাতিম তাৰ লগত৷ আবেলি ৩টা মান বজাত ক্লাচ শেষ কৰি ঘৰ পালোহি, ইলেকট্ৰিচিয়ান জনক ফ’ন লগালো বোলো জল্দী আহ, সি আকৌ ওলোতাই মোকে সুধিলে, “দিদি আপ ঘৰপে হো না৷“ ফ’ন থৈ ভণ্টি দুজনীক ক’লো, “ৰবা আহি আছে সি৷“ আধা ঘণ্টা মানত ইলেকট্ৰিচিয়ান ল’ৰাজন আহিল, আহিয়ে ক’বলৈ ধৰিলে, “ইতনা বাৰ বোলা দিদি চুইচ বোৰ্ড থিক হৌ জায়েগা বচ দচ্ ৰুপেয়া পৰেংগে ইয়ে লৌগ সমজ হি নহী ৰহি কিতনা গালি দিয়া হামকৌ৷“

মই বোলো কি কয় অ’ ই ঘটনা কি?

ভণ্টি দুজনীলৈ চায় ক’লো, “ই চোন কৈছে থিক হৈ যাব খালী ১০ টকাহে পৰিব তোমালোকক নো কি ক’লে?“

দুয়োজনীয়ে অলপ আচৰিত হ’ল, এজনীয়ে ক’লে, “অস্‌, ই এয়া কৈ আছিল নেকি? আমি তাক ইমান সুধিছো ঠিক হ’ব নে নহয় চুইচ বোৰ্ডখন ই খালী কয় দচৰুপাপংগে দচৰুপাপংগে৷“

এইবাৰ সিজনীয়ে ক’বলৈ ধৰিলে, “ভালকৈ ক’লে হে বুজিম৷ খালী দচৰুপাপংগে দচৰুপাপংগে কয়৷“
মই হাঁহিত ফাটি পৰিলো৷ বেচেৰাটো এনেই ইমানখন গালি শুনিলে অ’ সি “দচ্ ৰুপেয়া পৰেংগে“ কৈ আছে যিহেতু খুব খৰকৈ কৈছে ইহঁত দুয়োজনীয়ে শুনিছে “দচৰুপাপংগে৷“ শেষত বোলে সুধি সুধি বুজিব নোৱাৰি, জয় আই অসম বুলি অসমীয়াতে এগাল গালি শপনি পাৰি পঠাই দিলে৷ তাৰ নাম “দচৰুপাপংগে“ এ হৈ থাকিল এই ঘটনাৰ পাছৰ পৰা৷ বেচেৰাটো!
ময়ো ভালদৰে বুজিলো সি কিয় মোক আগতেই সুধি লৈছিল ঘৰত আছো নে নাই৷

আমি তিনিওজনি একেলগে থকা দিনৰে আৰু এটা ঘটনা৷ ভাড়া কৰি থকা ফ্লেটটোত আমি দুই নম্বৰ মহলাত আছিলো৷ এক নম্বৰ মহলাত ককায়েক – ভায়েক এহাল থাকিছিল, তাৰে ককায়েকজন চাকৰিয়াল আছিল আৰু সদায় আধাৰাতি প্ৰায় বাৰটা, চাৰেবাৰটা মান বজাত অফিচৰ পৰা ঘৰ আহি পাইছিল৷ সেইসময়ত আমি তিনিজনীয়ে ইমানেই আদ্দা দিছিলো যে ৰাতি এটা বা দুটা বজালৈকে কথাপাতি থকাতো আমাৰ কাৰণে সাধাৰণ কথা আছিল৷ তলৰ মহলাত থকা ককায়েকজন সদায় ৰাতি আহিয়ে শৌচালয়ত সোমায়, আমি এই কথাষাৰ গম পালো কাৰণ শৌচালয়টো আছিল ইংলিচ ধৰণৰ আৰু তেওঁ ইংলিচ শৌচালয়ৰ কমোদৰ ঢাকোনখন ইমান জোৰে শব্দ কৰি পেলায় যে আমি ওপৰলৈকে শুনা পাওঁ৷ সদায় ৰাতি আহি তেওঁ জোৰে শব্দ কৰি কমোদৰ ঢাকোনখন পেলায়, দিন যোৱাৰ লগে লগে এই কথাটো আমি ইমানেই মন কৰিব ললো যে ৰাতি তেওঁ কমোদৰ ঢাকোন পেলালেই আমি তিনিওজনীয়ে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰো৷ এনেদৰেই কিছুদিন চলি থাকিল, কিছুদিনৰ পাছত মই মালিকৰ ঘৰলৈ গৈছো, ঘৰ ভাড়াৰ টকাকেইটা দিবলৈ, আদহীয়া ঘৰৰ মালিকজনে ক’লে, “তুম লোগ বহত বাতে কৰতে হৌ ক্যা অউৰ হাচতে ভি বহত হৌ কমপ্লেন আয়া হে৷“

এই কৈ তেওঁ হাঁহিত ফাটি পৰিল৷ মোৰ বুজিবলৈ বাকী নাথাকিল যে ককাইদেউয়ে কমপ্লেইন দিয়াৰ নামত গোটেই কাহিনী “কুমুদৰ ঢাকোন“ মালিকৰ আগত কৈ গ’লহি৷ অৱশ্য ঘৰৰ মালিকে, “কৌয়ি বাত নেহী আভি তৌহ হাচনে কি ওমৰ হেয়“ বুলি কোৱাতহে সকাহ পালো৷ ইয়াৰ পাছত ককাইদেউক দেখিলেই আমাৰ হাঁহি উঠিছিল আৰু তেওঁৰ নাম কি পৰিছিল সেয়া কিজানি নিলিখিলেও হ’ব৷☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments