দিল্লীহাটত অ ক বৰ প্ৰীতিভোজ আৰু সাহিত্যৰ আড্ডা: মাধুৰীমা ঘৰফলীয়া

(কোনে কয় আজিৰ প্ৰবাসী অসমীয়াৰ মাজত পুৰণি দিনৰ দৰে আন্তৰিকতা নাই ! কোনে ক’ব পাৰে আজিৰ প্ৰবাসী অসমীয়াই কেৱল অসমীয়া হিচাপেই এটা দিনো উপভোগ কৰিব নোখোজে, অসমীয়া জাতি, সংস্কৃতিক সন্মান কৰিব নোখোজে? নিজৰ ভাষাৰে কাৰোবাৰ সৈতে অলপ সময় কথা পাতিবলৈ ককবকাই নাথাকে? কোনে ক’ব পাৰে তেনেকুৱা একোৱেই নহয় বুলি ?)

৬ জানুৱাৰী, ২০১৩ চন। পুৱা ৯-৩০ বাজি গৈছে ।দিল্লীৰ আকাশ কুঁৱলীয়ে ঢাকি আছিল । তাপমাত্ৰা ১.৯ ডিগ্ৰি ছেলচিয়াছলৈ কমি গৈছিল ।গৃহস্থ প্ৰদীপ গগৈৰ সৈতে ঘৰৰ পৰা বাহিৰত ভৰি থৈয়ে ভয় লাগি গৈছিল, ‘আহিব জানো! ইমান ঠাণ্ডা নেওচি দেওবৰীয়া নিহালীৰ আমেজকণ এৰি সঁচাই কোনোবা আহিবনে ! মন উগুল-থুগুল।’ নয়দাৰ পৰা অহা অনুপমাবা আৰু তেওঁৰ সন্তান দুটিৰ সৈতে সময়তকৈ আগেই গৈ দিল্লীহাট পালোগৈ । ১১ বাজিল । একাপ একাপ চাহ খাই শেষ । ১১ -১৫ হ’ল । ফোন আহি আছে , ৰূপালীবৌয়ে সুধিছে তোমালোক ক’ত আছা ? পাছফালৰে পৰাই বৌক দেখিলো । কোনোদিনে লগ নোপোৱা বৌক আঁতৰৰ পৰাই চিনি পাই হাত-বাউল দি মাতিলোঁ । অসমীয়া মেখেলা চাদৰে সেয়া অসমীয়া বোৱাৰী নহৈ আন কোনোবা হ’ব পাৰেনে । লগে লগেই চিনা-পৰিচয় শেষ । অলপ আঁতৰত ৰৈ প্ৰতিমদাদাই চিনাকীৰ ভাবেৰে মিচিক-মিচিককৈ হাঁহি আছিল । কলকলাই এঠাইত বহিছোগৈহে ক’ৰপৰা জানো ভুটংকৈ ডেকা দুজন আহি আমাৰ সমুখতে বহিলহি ! অনুমানেৰেই চিনাকী হ’লো -তাৰে এজন পংকজ আৰু আনজন আমাৰ সকলোৰে চিনাকী সমুদ্ৰদাদা আছিল । সমুদ্ৰদাদাই সতেজ গোলাপ এপাহ হাতত লৈ থকা দেখি সুধিলোঁ-বোলো কালৈ আনিছে হয়নে ?
কালৈ আনিছিল নক’লে, কিন্তু লগে লগে প্ৰসংগ সলাই ক’লে –“তোমালৈকে আনিছিলোঁ , লোৱা লোৱা ।মোৰ মুখখন হাঁহিৰে বহ’ল হৈ গ’ল আৰু লগে লগে কেমেৰাত ক্লীক ক্লীক কৰি উঠিল ।
খৰধৰকৈ হিমজ্যোতি সোমাই আহিল পাছে পাছে সত্যকামদাদা । মোৰ মনৰ উগুল-থুগুল ভাবখিনি লাহে লাহে কমি আহিছিল প্ৰতীমদাদাই মাত লগালে-“খোৱা-বোৱাৰ কামবোৰ ঠিক কৰিব লাগে দেই আয়োজিকা (এইটো নতুন শব্দ !) আমাৰ সমুদ্ৰই কালিৰে পৰা বোলে একোকে খোৱা নাই ! চাহ একাপ পালে বেয়া নহয়।“
চাহ আহিল । সমুখত চাহ লৈ বহিছোঁ । লগতে অনুপমাবা আৰু ৰূপালীবৌৰ মেলতো ভাগ লৈছোঁ , তেনেতে সত্যকামদাদাৰ মাত-“বিস্কুট নাই !” মুহূৰ্ততে চিপছ আনি কণমানিকেইটাৰ লগতে ডাঙৰ কেইজনৰো ঠেহ ভঙা হ’ল ।
চাহ খাইয়ে নামি গৈ নাগালেণ্ডৰ হোটেলখনৰ কাষত বহিলোঁগৈ । তেতিয়া বেলিটোৱে অলপ ভুমুকিয়াইছিল । আমাৰ সকলোৰে মনবোৰো কিবা উৰণীয়া হৈ উঠিছিল । তাত বহিয়েই অনুপমা বৰগোঁহাই আৰু কনচেং বৰগোঁহাইৰ ১১ বছৰীয়া সন্তান মৌমনে (অন্তৰীক্ষ বৰগোঁহাই) গীতাৰখন উলিয়াই ল’লে । মৌমনৰ কণ্ঠত নিগৰি উঠা ৰক্তিম গোস্বামী আৰু ৰাজীৱ ৰঞ্জনৰ ৰচনা অ ক বৰ শীৰ্ষগীতটো আৰু গীটাৰৰ শব্দই পলকতে গোটেই পৰিবেশটো অসমীয়া অসমীয়া কৰি পেলালে ।পংকজে জানো ক’ৰপৰা প্লাইউড এটুকুৰা আনিলে, তাতে সমুদ্ৰদাদাই ঢোলকি বজাবলৈ ধৰিলে । মৌমনৰ গীতৰ মাজতে আমাৰ মাজত উপস্থিত হ’লহি নিৰ্জুমণী শইকীয়া, চয়নিকা বৰগোঁহাই আৰু বৰ্ণালী বুঢ়াগোঁহাই , শান্তনু গগৈ আৰু তেওঁলোকৰ সন্তান অনন্যা। এই সময়খিনিৰ ভিতৰতে ইবুনো কেতিয়া আহিল মই ধৰিবই নোৱাৰিলোঁ ।পৰিবেশটো গমগমীয়া হৈ পৰিল ।আকৌ সংগীত । কোনোবাই ক’লে শান্তনুদাদাই বোলে খুব ভাল গান গায় ! লগে লগে দাদাক নি মাজত বহুৱাই গীটাৰখন হাতত তুলি দিয়া হ’ল । শান্তনুদাদাই আমাক নিৰাশ নকৰি গাই উঠিল-“ অ’ মাইজান, তোকে দেখা পাই, অ’ মাইজান ৰাতি টোপনি নাই…”
তাল মিলাই বজোৱা হাত-চাপৰিৰে দিল্লীহাটৰ সেই সময়কণ আকৌ অসমীয়া অসমীয়া কৰি পেলালে খোৱা-বোৱা এৰি বাকী মানুহসকলে উভতি উভতি চালে । তাৰ পাছতেই কনমানি অয়নে ফুটা-নুফুটা মাতৰে আবৃতি কৰিলে লক্ষ্মীনাথ বেজবৰুৱাৰ “আমি অসমীয়া নহওঁ দুখীয়া” শীৰ্ষৰ কবিতাটো ।পুনৰ হাত-চাপৰি । শান্তনুদাদা আৰু মৌমনৰ পাছত গীতৰ আঁত ধৰিলে সমুদ্ৰদাই ।এইবাৰহে এইবাৰ, এই বিহু যেন থমকি নৰ’বই । ইজনৰ পাছত সিজনে লেথাৰি নিছিগাকৈ গাইয়েই আছে। ”পুঠি এটা পাইছোঁ , কাৱৈ এটা পাইছোঁ, খালৈতে খালৈতে ভৰাই থওঁ…” বুলি তেওঁ বিহু সামৰিলে। গীতৰ মাজতে কোনোবা এজনে তেতিয়াও আহি নোপোৱা মিতালীবা আৰু উচ্চজিৎ ভিনদেউৰ বিষয়ে সোধাত সত্যকামদাদাই মাত লগালে-“হেহ্‌, নতুনকৈ বিয়া হৈছে, সাজোঁতে কাচোঁতে সময় লাগিবই।’ হাঁহিৰে খলখলাই গ’ল । সেই হাঁহিৰ মাজতেই অচিনাকী মানুহ এগৰাকী আহি ইংৰাজীতে ক’লেহি-“বেয়া নাপায় যদি আপোনালোকৰ ফটো একপি ল’ব পাৰো নে ? এয়া আপোনালোকৰ পৰম্পৰাগত সাজ নহয় নে ? ইমান ভাল লাগিছে !
লগে লগে আমি ফটোৰ বাবে প’জ দিয়াত লাগিলোঁ ।মোৰ দৰে হয়তো প্ৰত্যেকৰে বুকু ফুলি গৈছিল, এগৰাকী অচিনাকী মহিলাই যে আমাক, নাৰীসকলক প্ৰশংসা কৰিলে ! মনে মনে অনুপমাবালৈও ধন্যবাদ এটা জনালোঁ কাৰণ আড্ডাত আমি মহিলাসকলে অসমীয়া সাজ পৰিধান কৰি গ’লে যে বেছি ভাল হ’ব সেইষাৰ প্ৰথমে তেওঁহে কৈছিল ।
ইতিমধ্যে নাগালেণ্ড হোটেলত অৰ্ডাৰ দিয়া দুপৰীয়া আহাৰ সাজু হৈ গৈছিল। গাহৰি মাংস আৰু কুকুৰা মাংসৰে থালি এখন-দুখনকৈ আহিবলৈ ধৰিলে । সেই সময়তে উচ্চজিৎ ভিনদেউ আৰু মিতালীবা পালেহি । উচ্চজিৎ ভিনদেৱে গৈ প্ৰতীমদাদাহঁতৰ সৈতে গাহৰি থালিতে বহিলগৈ ! এইফালে পুৱাৰে পৰা গাহৰি খাম বুলি টকালি পাৰি থকা হিমজ্যোতি আৰু পংকজৰ ভাগত ভুলক্ৰমে কুকুৰা মাংসহে পৰিল ।(এই দুখ চাগৈ তেওঁলোকে আজীৱন কঢ়িয়াই লৈ ফুৰিব )
খাই বৈ শেষ এটা চুকত ৰূপালীবৌ, চয়নিকাবা, বৰ্ণালীবা, অনুপমাবা আৰু নিৰ্জুবাৰ মেল নাভাঙিবই যেন ।তেওঁলোক হেনো স্কুলীয়া দিনৰ বান্ধৱী । আজি অত বছৰৰ পাছত অ ক পৰ আড্ডাৰ মাধ্যমেৰেহ একেলগে লগ পাইছে ।মাজতে ৰূপালীবৌয়ে চিঞৰি উঠিল-“হয়নে সেই তাৰ খবৰ কি অ’ ?
সেই “তাৰ”জন কোন আমি ধৰিব নোৱাৰিলোঁ, পিছে তেওঁলোক গোটেই কেইগৰাকী সখী সশব্দে হাঁহি উঠিল ।
একে ঠাইতে বহি থাকিবলৈ বেয়া লাগিছিল বাবে আকৌ অসমৰ হোটেলখনৰ সমুখলৈ উঠি গলো ।পুনৰ গীতৰে গমগমাই উঠিল । অসমৰ হোটেলখনৰ পৰা চাহ অনা হ’ল। মিতালীবাই নিজৰ বেগৰ পৰা লাহেকৈ এটা টেমা উলিয়ালে ।নাৰিকল চিৰা ! নাৰিকল চিৰাৰে ভৰ্তি টেমাটো একেবাৰে খালিহৈহে মিতালীবাৰ কাষ পালেগৈ।
সময় বাঢ়ি গৈছিল, তাৰ লগে লগে ঠাণ্ডাও । সেই সময়কণ কোনেও এৰি দিব খোজা নাছিল। তথাপি চাৰে চাৰি বজাৰ লগে লগে বহাৰ পৰা উঠিলোঁ । যাওঁ নাযাওঁ কৈ কইনা খোজেৰে আধা ঘণ্টামানৰ পাছতহে গোটেইকেইজন দিল্লী হাটৰ বাহিৰ পালোঁহি ! তাতো মেল ।এজনৰ কেমেৰাই ক্লীক ক্লীক কৰিছে , আন এজনে চিঞৰিছে হৰিধ্বনি এটা দিয়াহে-“জয় হৰি বোলা !” যেন ক’ৰবাত হুঁচৰিহে গাবলৈ গৈছিলোঁ । মানুহবোৰে অবাক লাগি চাইছিল ।
তাৰ পাছতে বিদায়। নিৰ্জুবা, অনুপমাবা, শান্তনুদাদা, বৰ্ণালীবা, চয়নিকাবা আৰু মাইনাকেইটা এফালে গ’ল। সমুদ্ৰদাদা আৰু পংকজে কেতিয়াবাই বিদায় মাগি গুচি গৈছিল ।বাকী থকাসকলৰ সৈতে আমি একলগে মেট্ৰ’ত উঠিলোঁ ।খালি মেট্ৰ’খনৰ দবা এটাৰ দুটা দীঘলীয়া ছীট আমি গোটেইকেইজনে দখল কৰি বহি ল’লো । আড্ডা তেতিয়াও ভগা নাছিল ।ইটোৰ পাছত সিটো কথা ।তেনেতে হিমজ্যোতিয়ে মাত লগালে –“আমাৰ মাজত থকা মানুহজনে কমতি “কামোৰ” খাইছে নে ।“ তেতিয়াহে মন কৰিলোঁ আমাৰ মাজত অচিনাকী মানুহ এজনো বহি আছে ! কথাটো মন কৰাৰ লগে লগে সেয়া হাঁহি বুলি ক’ব নোৱাৰি, গোটেইকেইজনে যেন গিৰ্জনি মাৰিহে উঠিলোঁ ।তেনেতে আৰু এজন মানুহ আমাৰ ফালে আগুৱাই আহিল । উচ্চজিত ভিনদেৱে গহীন হৈ কলে-“ভগৱানে আমাক এজন মানুহকহে শাস্তি দিবলৈ অধিকাৰ দিছে। আৰু এজনক দিবলৈ অধিকাৰ দিয়া নাই। বহ’লহৈ বহি দিয়ক । আমাৰ মাজত আৰু কাকো বহুৱাব নোৱাৰি ।“ আকৌ অট্টহাস্য।’
ৰাজীৱ চ’কত মেট্ৰ’খন ৰোৱাৰ লগে লগে আমাৰ মনবোৰ সেমেকি গ’ল । আমাৰ আড্ডা যেন তেতিয়াহে শেষ হৈছিল । হীমজ্যোতি, ইবু আৰু সত্যকামদাদা এফালে, প্ৰতীমদাদা, ৰুপালীবৌ , মিতালীবা আৰু উচ্চজীৎ ভিনদেও এফালে আৰু গৃহস্থ প্ৰদীপ গগৈৰ সৈতে মই আনফালে খোজ ল’লো ।
বিগত প্ৰায় এমাহে গভীৰ উৎকণ্ঠাৰে বাট চাই থকা সময়খিনি যে বৰ খৰকৈ গুচি গ’ল । কোনে কয় আজিৰ প্ৰবাসী অসমীয়াৰ মাজত পুৰণি দিনৰ দৰে আন্তৰিকতা নাই ! কোনে ক’ব পাৰে আজিৰ প্ৰবাসী অসমীয়াই কেৱল অসমীয়া হিচাপেই এটা দিনো উপভোগ কৰিব নোখোজে, অসমীয়া জাতি, সংস্কৃতিক সন্মান কৰিব নোখোজে? নিজৰ ভাষাৰে কাৰোবাৰ সৈতে অলপ সময় কথা পাতিবলৈ ককবকাই নাথাকে? কোনে ক’ব পাৰে তেনেকুৱা একোৱেই নহয় বুলি ?
দিল্লীহাটৰ সেই এটা দিনেই ইয়াৰ চাক্ষুস প্ৰমাণ যে আমি এতিয়াও অসমীয়া । নিজৰ প্ৰতিটো পলতেই , নিজৰ প্ৰতিটো খোজতে আমি এতিয়াও কঢ়িয়াই লৈ ফুৰিছোঁ সেই গৌৰৱকণ- আমি যে অসমীয়া !
জয়তু অসমীয়া ভাষা
জয়তু অসমীয়াত কথা বতৰা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক