দিল্লীৰ এটি দুপৰীয়া মাধুৰিমা ঘৰফলীয়া

দিল্লীৰ এটি দুপৰীয়া

মাধুৰিমা ঘৰফলীয়া

জনা হোৱাৰে পৰা মা, খুৰীদেউহঁতক দেখিছোঁ দুপৰীয়া ভাত ঘুমটি মৰা। আৰু মাহঁতৰ সেই ভাত ঘুমটি মৰা সময়কণতেই আমি বোৰে নিজৰ নিজৰ কৰিবলগীয়া কিছুমান বিশেষ কাম কৰি লৈছিলোঁ। এতিয়া বিয়াৰ পাছত ময়ো মাজে মাজে সেই ভাত ঘুমটিটোৰ সহায়ত দিনটো চুটি কৰি লওঁ। আমি দিল্লীৰ যিটো গলিত থাকো সেই গলিটোৰ আচল নাম কি মই নাজানোঁ, কিন্তু ইয়াৰ এটা জনপ্ৰিয় নাম আছে-“কুত্তে কী গলি”। প্ৰায় প্ৰতি ঘৰতে কুকুৰ আছে। আৰু গলিটোত গৰাকী বিহীন কুকুৰো ৬ টা আছে। যি কেইটাৰ লগত ইতিমধ্যেই মোৰ বন্ধুত্ব হৈ গৈছে। এনেয়ো মোক ঘৰত কুকুৰৰ মাক, নেউলৰ মাক, মেকুৰীৰ মাক আদি মোৰ বিভিন্ন পোহনীয়া জন্তু বোৰৰ নামেৰেহে মাতিছিল। যিহেতু নিজৰ চিৰিয়াখানা এৰি আহিবলৈ পাই মোৰ বুকু ভাঙি গৈছিল গতিকে ইয়াতো আহিয়ে গৃহস্থক কুকুৰ এটা আনি দিবলৈ জোৰ দিলোঁ। পিছে আমাৰ ভাড়া ঘৰৰ মালিক পুৰা কুকুৰ বিৰোধী। গতিকে মীনা বজাৰৰ পৰা ভাটৌ এটাকে আনি নিজৰ শোকটো পাতল কৰি ল’লোঁ।

এতিয়া আহোঁ ভাত ঘুমটিৰ কথাটোলৈ। আজি টোপনিটো মিহি মিহি কে আহিছে হে লাগিল নহয় বাহিৰত হুৱা-দুৱা। টেংটেঙীয়া মাত দুটাই বিৰাট জোৰেৰে ফৰফৰাই কিবা কিবি বকিছে। মই টোপনিৰ জালতো ধৰিব পাৰিলোঁ তাৰে এটা মাত আমাৰ মালিকনীৰে। আনটো মাত কোনোবা মতা মানুহ এজনৰ। সেইজনো কম বীৰ নহয় দেই! মাইকী মানুহৰ লগত যুঁজিব পৰা জন আচলতে বীৰেই হয়। মাজে মাজে আমাৰ মালিকে তেওঁৰ স্বভাৱ সুলভ গহীন মাতষাৰেৰে এষাৰ-দুষাৰ কৈছে কিন্তু দুই বীৰ-বীৰাংগনাই ক’ত শুনে। শেষত আন এজনৰ হস্তক্ষেপত কাজিয়াখনৰ ইতি পৰিল। গোটেই কাজিয়াখন মই ৰুমৰ ভিতৰৰ পৰাই উপভোগ(!) কৰিলোঁ। পিছে কাজিয়াখন কিয় হৈছিল জানে নে? আমাৰ মালিকৰ ঘৰৰ ভূ-গৰ্ভৰ পৰা তোলা পানীবোৰ অলপ ঘোলাকৈ অহাৰ বাবে আজি সেই পাইপবোৰ উলিয়াই পৰীক্ষা কৰিছিল। গতিকে ঘৰৰ সমুখতে থকা বৰিংটোৰ আশে-পাশে অলপ শিল বালি গোট খাইছিল। তাকে লৈ কাষৰ মানুহজনৰ আপত্তি….গালি-গালাজ, টেঁটু ফলা চিঞৰ। অহা যোৱা কৰিবলৈ বোলে দিগদাৰি হৈছে…..!!!!

আচৰিত!!! আমাৰ মালিকনীকো কেইবাদিনো বাইক এখন ঘৰৰ সমুখত থোৱাৰ বাবেই বিৰাট কাজিয়া লগা শুনিছোঁ। এই কাজিয়াবোৰ দেখিলেই মোৰ গাঁৱলৈ মনত পৰে…..আমাৰ তাতো কেতিয়াবা সৰু সৰু কথাত কাৰোবাৰ কাজিয়া হয়। কিন্তু কাজিয়াখন হোৱাৰ পাছদিনাই দেখা পাব দুয়োকে একেলগে চাহপানীৰ জুতি লৈ থকা। গাঁৱত আন্তৰিকতা আছে…..তাৰ সলনি ইয়াত প্ৰতিযোগিতা আছে। এইটো ঘৰত থকা ইমান দিন হ’ল মই নিজেও আজিলৈকে চিনাকি হোৱা নাই আমাৰ ওপৰৰ মহলাত থকা পৰিয়ালটোৰ সৈতে। সুবিধাই নাপাওঁ। গৃহস্থৰ মতে সেয়া বোলে নিয়মেই। উশাহ বন্ধ হৈ যাব খোজে এই আন্তৰিকতাবিহীন নিয়মবোৰ পালন কৰি। তথাপি জীয়াই আছোঁ……কিন্তু এই জীৱনত সেই সজীৱতা কেতিয়াও ঘূৰাই নাপাম যি সজীৱতা মোৰ গাঁওখনত থাকোঁতে আছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক