দিল্লী কা লাড্ডুঃ হিন্দী উচ্চাৰণ বিভ্ৰাট – গীতিকা শইকীয়া

দিল্লীত থকা সময়খিনিত স্থানীয় মানুহৰ লগত হোৱা কথা-বতৰাবোৰ সোঁৱৰাই প্ৰায়েই হাঁহি উঠে৷ দিল্লীলৈ যোৱাৰ আগলৈকে টিভিত চিনেমা তথা চিত্ৰহাৰ, বুনিয়াদ, ৰামাযণ, মহাভাৰত আদি চাই চাই ভাবিছিলো হিন্দী ভালকৈয়ে জানো৷ অথচ স্কুলত পঞ্চমমানৰ পৰা সপ্তমমানলৈকেহে হিন্দী বিযয়টো পঢ়িছিলো৷ অৱশ্যে ৰাষ্ট্ৰভাষা প্ৰচাৰ পৰিষদৰ পৰীক্ষা কেইটামান দি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলো৷ ভাবি লৈছিলো একো টান নহয়৷ কিন্তু সেই যৎ- সামান্য জ্ঞানেৰে কেৱল ’খাতা হ্যায়-জাতা হ্যায় টাইপ ’ৰহে হিন্দী ক ’ব পাৰি সেয়া দিল্লীত গৈ থকাৰ পাছতহে বুজিব পাৰিছিলো৷ প্ৰথম অৱস্থাত মই কোৱা প্ৰায়খিনি কথাই তাৰ মানুহে বুজি নাপাইছিল৷ ’ক্যায়া হ্যেয় ’—কৰ্কশকৈ সোধা প্ৰশ্নটোত প্ৰায়েই থতমত খোৱা মনত পৰে৷

প্ৰথম অৱস্থাত তাত লগ পোৱা মানুহবোৰৰ প্ৰায়ভাগৰে মাত-কথা যথেষ্ট কৰ্কশ যেন অনুভৱ হৈছিল৷ অৱশ্যে আছিলো হজ-খাচৰ লগতে থকা দিল্লী আই আই টিৰ সমীপৰ জীয়া চৰাই নামৰ ঠাইত৷ সেই অঞ্চলটো মূলতে হাৰিয়াণাৰ মানুহৰ বসবাসৰ ঠাই আছিল৷ স্থানীয় প্ৰায়খিনি মানুহেই হাৰিয়াণী আছিল৷ মানুহৰ মাত-কথাবোৰ ইমান কৰ্কশ লাগিছিল যেন কথা কৈ কৈয়েই কাৰোবাক হঠাতে মাৰিহে পেলাব৷ অৱশ্যে মই থকা ঘৰটোৰ মালিকনী ৱিমলা আণ্টী অলপ বেলেগ আছিল যেন লাগিছিল৷ দেশ বিভাজনৰ সময়ত পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱ প্ৰভিন্সৰ পৰা ভাৰতলৈ অহা আণ্টীৰ জীৱনৰ কাহিনীও মন তিয়াই পেলাব পৰা ধৰণৰ৷ সেইয়া পিচত ক ’ম৷ মই আণ্টীৰ ঘৰতে এটা ৰুম ভাড়াত লৈ থকাৰ সময়ছোৱাত তেওঁৰ পৰিয়ালৰ প্ৰায় সকলো মানুহেই পেৰিছত আছিল৷ কেৱল এজনী ভনীয়েক দিল্লীৰ বিকাশপুৰী নামৰ অঞ্চলটোত আছিল৷ আণ্টীৰ মাত-কথাবোৰ বৰ ভাল লাগিছিল৷ মোৰ তেনেই তথৈবচ হিন্দীৰে প্ৰথম প্ৰথম আণ্টীৰ লগত কথা পাতিবলৈও অসুবিধা পাইছিলো যদিও লাহে লাহে সহজ হৈ পৰিছিলো৷ লাহে লাহে প্ৰায় সত্তৰ বছৰীয়া আণ্টীৰ ঘৰুৱা বজাৰ পাতিও মই কৰি দিবলৈ ল’লো৷ ঘৰৰ সন্মুখতেই দোকান আছিল৷ এদিন আণ্টীৰ পেটটো ভাল নাছিল৷ মোক ক’লে, ’গীত্কা বেটা, জৰা কেম্পা লেকৰ আঔ’… ’ মই দুবাৰমান সুধিলো, বুজি হ’লে একো নাপালো৷ ভাবিলো কিবা ঔষধ হ’ব ছাগৈ৷ ফাৰ্মাচীখন অলপ দূৰত আছিল৷ গহীনত আণ্টীৰ ঘৰৰ লগতে থকা দোকানৰ আগেদিয়েই ফাৰ্মাছীলৈ বুলি গ’লো৷ ফাৰ্মাচীত থকা মানুহজনেহে ক’লে বোলে কেম্পা গেলামালৰ দোকানতেই পাই৷ ইফালে বহুত দেৰীলৈ মই উভতি নহা দেখি আণ্টী নিজেই ওলাই গৈ দোকানৰ পৰা কেম্পা লৈ খাই আজৰি হ’ল৷ উভতি আহি দোকানত সোধোতেহে গম পালো কেম্পা মানে কোকা ক’লা৷

ঠাইখিনিত মাজে মাজে ম ’হৰ উপদ্ৰৱ বহুত বেছি হয়৷ তেতিয়া কচ্ছুৱাছাপ আদিহে আছিল৷ সিমান কাম নিদিয়ে৷ ঘৰৰ পৰা আঠুৱা এটা লৈয়েই আহিছিলো৷ ভাবিলো আঠুৱা তৰি শুৱা যাওক৷ পিচে আঠুৱা লগাবলৈ একোৱেই সুৰুঙা নাই৷ নাই যে নাই ক ’তো এটি গজালো মাৰি থোৱা নাই৷ কি কৰা যায়! কোনোপধ্যেই হিন্দীত গজালকনো কি কয় ভাবি নাপালো৷ আকাৰে-ইংগিতেৰে আণ্টীক বুজাবলৈ লৈ ভাগৰি গ ’লো৷ আৰু আঠুৱাকনো হিন্দীত কি কয় সেইয়াও পাহৰিলো৷ মানে মনতেই নপৰে চোন৷ সেয়ে আণ্টীক ক ’লো, ’আণ্টীজী, অ ’ জো এইচে এইচে চাৰৌ তৰফ চে বেড পে লগাতে হ্যেয় ন, মচ্ছৰ নহী আতে হ্যেয় অ লগৱানা হ্যেয়, উচকে লিয়ে গজাল (অসমীয়াটোকে কৈ চালো, বুজি পাইয়েই কিজানি) চাহিয়ে… ’ আণ্টীয়ে ক ’লে, ’ক্যায়া বোল ৰহে হো মুঝে চমঝ মে নহী আয়া… ’

দুদিনমান তেনেকৈয়ে গ ’ল৷ মোৰ বন্ধু-বান্ধৱীৰ বেছিখিনিয়েই নৰ্থ-দিল্লীৰ মুখাৰ্জী নগৰৰ ফালে আছিল৷ তেওঁলোকে সৰ্ব-ভাৰতীয় পৰীক্ষাৰ বাবে যো-জা কৰি আছিল৷ তাৰ বাবে কৰিবলগা ‘কচিং’ চেণ্টাৰবোৰ সেইফালেই আছিল৷ মোৰ মাছ কমিউনিকেছনৰ ক্লাছৰ বাবে মই চাউথ দিল্লীত আছিলো৷ লগৰ এজনৰ ঘৰৰ মালিকক ফোন কৰিলো৷ তেতিয়া মোবাইল চেগা-চোৰোকাকৈ ওলাইছিল যদিও আমাৰ দৰে মানুহৰ বাবে মোবাইল বিলাসিতাহে আছিল৷ ঘৰৰ মালিকক ফোন কৰিলেও লগে লগে কথা পাতিব নোৱাৰিছিলো৷ এটা নিৰ্দিষ্ট সময় ক ’ব লাগিছিল, যেনে, ’শাম কো ছে বজে ফোন কৰুংগী ’, অথবা ’চুবহ আঁঠ বজে ’ ধৰণৰ৷ কিন্তুু বেছিভাগ সময়তে ঘৰৰ মালিক-মালিকনীয়েই সময়টো কৈ দিয়ে তেওঁলোকৰ সুবিধামতে৷ গতিকে আৰু দুই-তিনিদিন যোৱাৰ পাছতহে বন্ধুজনক ফোনত পালো৷

সিহঁতৰ ইতিমধ্যে প্ৰায় দুবছৰমান হৈছিল দিল্লীত থকা৷ গতিকে সি প্ৰথমতে ’তই দিল্লীলৈকো আঠুৱা লৈ আহিছ ’ বুলি বহুত হাঁহিলে৷ মই বোলো বাদ দে সেইবোৰ, প্ৰথমে মোক আঠুৱা আৰু গজালক হিন্দীত কি বুলি কয় তাকে ক…. সি কওঁতেহে মনত পৰিল আঠুৱাক যে মচ্ছৰদানি কয়৷ কিন্তুু গজালক যে ’কীল’ কয় সেইয়া মই সঁচাকৈয়ে নাজানিছিলো৷ যিহওক সেইদিনা ৰাতি হৈ যোৱা বাবে পাছদিনা ক্লাছৰ পৰা অহাৰ পাছতহে আবেলিৰ ভাগত দোকান এখনলৈ গ ’লো গজাল, মানে ’কীল ’ কিনিবলৈ৷ বিৰাট কন্ফিডেণ্ট হৈ দোকান পালোগৈ, কিন্তুু দোকানীজনৰ ’ক্যায়া চাহিএ ’ বোলা কৰ্কশ মাতটো শুনি অলপ চক্ খাই গ’লো৷ পটকৰে মোৰ মুখৰ পৰা ওলাই গ ’ল, ’আংকল জী, মুঝে ’কিল্লা ’ দে দৌ…… ’ দোকানীজন দেখিবলৈও কিবা কিম্ভূত-কিমাকাৰ চেহেৰাৰ আছিল৷ অলপ সময় চকুদুটা ঘোপা কৰি আকৌ সুধিলে, ’ক্যায়া চাহিএ বোলা… ’ মোৰ উত্তৰ, ’কিল্লা…কিল্লা…চাহিএ… ’

মানুহজনে কিবা অট্টহাস্য কৰি হাঁহি উঠিল৷ কাষৰ-পাঁজৰৰ দোকানবোৰৰ মানুহবোৰক চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, — ’আৰে ছুনৌ, ইছ ছৌকৰী কো কিল্লা চাহিএ….হু হু হু… ’. মোৰ এনে লাগিছিল যেন হাঁহি থকা মুখখনতে এক গোৰ মাৰি দিম৷ খঙতে ক ’লো, … ’ইতনা ক্যিয়া গলত কহ দিয়া, অগৰ আপকে পাছ নেহী তৌ কিছি অউৰ দোকান মে মিল জায়েগা… ’ হাঁহি হাঁহিয়েই দোকানীজনে ক ’লে, ’আৰে তুঝে তৌ লালকিল্লা জানা চাহিএ কিল্লা ধোন্দনে কে লিয়ে….ৱাহা পৰ বহুত ছাৰা কিল্লা মিল জায়েগা..যাঅ যাঅ..লালকিল্লা চলি যাঅ ’..৷ . মানুহবোৰে ফিচিঙা-ফিচিংকৈ হাঁহি থকা দেখি মই ’আপকে দোকান ছে হম কভী ভী কুচ্চ ভী খৰীদেংগে নহী ’–বুলি কৈ গুচি আহিলো৷

সেইদিনাই ৱিমলা আণ্টী বিকাশপুৰীত থকা ভনীয়েকৰ ঘৰলৈ এসপ্তাহৰ বাবে গ’ল৷ গতিকে আণ্টীকো সুধিবলৈ নহ ’ল৷ লগৰ কাৰোবাক ফোন কৰি সুধিবলৈও দুই-তিনিদিন লাগিব৷ বুজি নাপালো মোৰ কি ভুল হ ’ল! লগৰজনৰ ওপৰত খঙো উঠিল এই ভাবি যে সি ছাগৈ জানি-বুজিয়েই মোক ভুলকৈ ক ’লে৷ মই ঘৰৰ পৰা আঠুৱা অনা বুলি শুনি সি হাঁহিছিল৷ দুদিনমান ক্লাছৰ প্ৰজেক্টৰ বাবেও ব্যস্ত আছিলো৷ সেয়ে শনিবাৰ হোৱালৈ বাট চালো৷ প্ৰতি শনিবাৰে লালকিল্লাৰ পিছফালে এখন মাৰ্কেট বহে৷ চৌৰ মাৰ্কেট৷ তাত পৃথিৱীৰ নোপোৱা বস্তু একো নাই৷ জনা মতে তাত চুৰী কৰা বস্তু বিক্ৰী কৰা হয়৷ ময়ো মিউজিক চিষ্টেম এটা বক্সসহ অতি কম দামতে চৌৰ মাৰ্কেটত কিনিছিলো৷ ইফালে দোকানীজনেও দেখোন লালকিল্লাহে যাব দিছে৷ গতিকে লালকিল্লাৰ চৌৰ মাৰ্কেটতে গজাল পাম বুলি নিশ্চিন্ত হ ’লো৷

যোৱাৰ আগদিনা আণ্টীও ভনীয়েকৰ ঘৰৰ পৰা আহি পালে৷ মই পিচদিনা লালকিল্লাৰ চৌৰ মাৰ্কেটত যাব খোজাৰ কাৰণটো ক ’লো৷ তেতিয়াও কিল্লা কিনিবলৈ যাঁও বুলিয়েই ক ’লো৷ আম্টীয়ে বুজি নোপোৱা যেন লাগিল৷ গতিকে আঠুৱাখন উলিয়াই আনি ’ডেমো ’ কৰি দেখুৱালো৷ আম্টীয়ে আচৰিত হৈ সুধিলে, — ’এক ছোটা ছা কীল খৰীদ নে কে লিয়ে ইতনা দূৰ চৌৰ মাৰ্কেট ক্যিউ যা ৰহী হৌ…হামাৰে ৱগলৱালে দোকান ম্যেয় হী মিল জায়েগা বেটা… ’
মোৰ তেতিয়াহে মনত পৰিলে যে কিল্লা নহয়, কীল মানে হে গজাল৷ লগৰজনে ঠিকেই কৈছিল৷ সেইদিনা দোকানীজনে কিল্লা বুলি কোৱা বাবেহে হাঁহিছিল৷ লাভৰ মূৰত মই আঠুৱা তৰি শুবলৈয়ে বাদ দিলো৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক