দিল্লী কা লাড্ডু (দিপাংক বৰা)

বেকাৰ হৈ থাকোতেই ১৯৯৮ চনত এবাৰ দিল্লীলৈ গৈছিলো । লগত আৰু তিনিজন বন্ধু । মই বাইদেউৰ ঘৰলৈ যাম ।এজনে দিল্লীত পুৰণা গাড়ী কিনিব, এজনে দোকানৰ বস্তু কিনিব । দুইটাৰে লগত প্ৰায় একলাখ মান টকা । ঘুৰি আহোঁতে বন্ধুৱে কিনিব লগা গাড়ীত অহাৰ কথা । মোৰ লগত মায়ে বাইদেউহঁতলৈ দি পঠোৱা পিঠা, ভাগিনীজনীলৈ সৰু-সুৰা উপহাৰ । ৰাতিপুৱা চাৰে চাৰিটা বজাত ৰে’লত উঠিলো । পুৱা সাৰ নাপাওঁ বুলি ৰাতি শোৱাই নাছিলো । চাৰিটা ডেকা ল’ৰা গুৱাহাটীৰ হোটেলত কি কৰি কটাব পাৰে অনুমান কৰি লওক । প্ৰচণ্ড মূৰৰ বিষ লৈও দিনতো তাচ খেলি খেলি আড্ডা জমাই গৈছিলো । বগীটোৰ সৰহসংখ্যক পুৰুষেই আমাৰ লগত যোগ দিছিল । সেইয়া মোৰ প্ৰথম দীঘলীয়া ৰে’ল যাত্ৰা । ওচৰৰে এজন ল’ৰা বাৰাউনিত নামিব । ৰাতি বাৰ মান বজাত বাৰাউনি পাইছিলোগৈ নেকি ! সেই অচিনাকী ল’ৰাটোক জগাই দি মই আৰু লগৰ এটা বিহাৰৰ বিখ্যাত ‘ৰাবৰী’ বোলা গাখীৰৰ মিঠাই খাবলৈ নামি গ’লো । ঘুৰি আহি শুলো ।
ৰাতিপুৱা সাৰ পাই দেখো চিটৰ তলত থোৱা মোৰ বেগটো নাই । বিচাৰি হুলস্থুল লগাওঁতে কোনোবাই ক’লে যে ৰাতি আমি জগাই দিয়া ল’ৰাটোৱে লৈ যোৱা দেখিছিল । তেওঁ সেইটো তাৰেই বেগ বুলি একো নক’লে । সি কুকুৰে মোৰ পিন্ধা কাপোৰ আৰু পিঠা পনা থকা বেগটোহে পালেগৈ চুৰি কৰিবলৈ । ইফালে মোৰ লগৰ দুটাই সাধাৰণ কেৰী বেগত ইমানসোপা টকা পানীৰ বটল,হাৱাই চেন্ডেলৰ লগত এনেই ওলোমাই থৈ দিছিল । মোৰ নাজল নাথল অৱস্থা । পাছৰ ষ্টেচনত ৰে’ল আৰক্ষীক অভিযোগ দিয়াত ক’লে য’ত চুৰি হৈছিল তাত অভিযোগ দিব লাগিছিল । নতুবা দিল্লীত দিয়ক গৈ । পিন্ধনত পায়জামা, ভৰিত দিল্লীলৈ যাম বুলি কিনা নতুন জোতা , হাতত ভাগিনীজনীলৈ বুলি নিয়া এটা মস্ত টেডি বিয়েৰ লৈ দিল্লীৰ ৰে’ল আৰক্ষীক কথাটো কওঁতে ওলোটাই মোকহে চোৰ হেন দেখি সোধ-পোছ কৰাত লাগিল । লগৰ কেইটাই বেগৰ আশা বাদ দিবলৈ কোৱাত গুছি আহিলো । মোৰ নিজৰ কাপোৰ কানি হেৰোৱাত বৰ দুখ লগা নাছিল । কিন্তু বাইদেউহঁতলৈ দি পঠোৱা পিঠা, ভাগিনীজনীলৈ দিয়া কাপোৰ-কানি হেৰোৱাত মনতো বৰ বেয়া লাগিছিল ।
পাহাৰগঞ্জ ষ্টেচনৰ পৰা টেক্সিত বাইদেউহঁতৰ ঘৰলৈ গৈ থাকোতে মোৰ বেশ-ভূষা দেখি অভিজ্ঞ টেক্সি ড্ৰাইভাৰজনে ক’লে …ক্যা..হুৱা …ভাইয়া…দিল্লী পহুছ নে পেহলে হি কিছি নে লাড্ডু খিলা দিয়া !
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments