দিল্লী ধৰ্ষণ

(দামিনী-কাণ্ড—দেৱীপূজা য’ত যুগৰ পৰম্পৰা, সেইখন দেশতেই বাৰে বাৰে লাঞ্ছিত হৈছে নাৰী। ধৰ্ষিতা হৈছে, নিৰ্যাতিতা হৈছে নাৰী। দামিনী নামৰ যুৱতীগৰাকীও সাৰি নগ’ল মানুহৰূপী দানৱকেইটাৰ পৰা। নতুন দিল্লীত সংঘটিত ঘটনাটো আমাৰ বাবে, সমাজৰ বাবে, দেশৰ বাবে কাহানিও মচিব নোৱাৰা কলংক হৈ ৰ’ল। পাশৱিক ঘটনাটোৱে সমগ্ৰ দেশখনত মৰ্মাহত কৰি তুলিলে। ৰাজপথত মিছিল ওলাল। ধৰ্ষণকাৰীক ধিক্কাৰ দি প্ৰতিবাদত নামিল লাখ লাখ জনসাধাৰণ। প্ৰতিবাদ, ধিক্কাৰধ্বনি ‘অসমীয়াত কথা-বতৰাতো উচ্চাৰিত হ’ল। সকলোৱে একমুখে ধিক্কাৰ দি দামিনীৰ বাবে সুবিচাৰ দাবী কৰিলে। আলোচিত হ’ল সমাজ ব্যৱস্থাৰ কেৰোণৰ বিষয়ে। দানৱৰ অত্যাচাৰত ক্ষত-বিক্ষত দামিনী জীয়াই নাথাকিল। কিন্তু মৃত্যুৰে দামিনীয়ে আমাৰ চেতনাত যিকুৰা জুই লগাই গ’ল, সেই জুইকুৰাৰে যদি দৈত্য-দানৱসকলক ছাই কিৰব নোৱাৰোঁ, সময়ে আমাক প্ৰতাৰক বুলি চিহ্নত কৰিব। অনাগত প্ৰজন্মৰ বাবে আমি হৈ পৰিম এটা লাজ। আহকচোন, এবাৰ পঢ়ি চাওঁ ‘অসমীয়াত কথা-বতৰাত দামিনীৰ বেদনাদায়ক কাহিনীৰ বিষয়ে কি চৰ্চা হৈছিল। নিৰ্বাচিত কিছু মত-অভিমত আৰু অনুভৱ আগবঢ়াইছো। —– সম্পাদক)
———————————————————————————————

দামিনী – প্ৰতিম প্ৰতাপ বৰুৱা

ইণ্ডিয়ান পেনেল ক’ডৰ সালসলনি ঘটাই ধৰ্ষণৰ অপৰাধীৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়া হৈছে। আইনজ্ঞসকলে এই বিষয়ে কাম কৰি আছে বুলিও বাতৰিত ওলাইছে। নতুন আইনখনৰ নামটো ‘দামিনী’ৰ আচল নামটোৰে দিয়া হ’ব বুলি কোৱা হৈছে। 

এইবিলাক কাম ঠিকেই আছে বুলি ধৰি লৈছোঁ বাৰু। কিন্তু ভাৰতীয় পুৰুষৰ মানসিকতা সলনি কৰিব পৰা আইনৰ ব্যৱস্থা কোনে কৰিব? ভাৰতীয় সমাজ ব্যৱস্থা সলনি কৰি নাৰীক মৰ্যাদাৰ চকুৰে, সন্মানৰ চকুৰে চাবলৈ পুৰুষক কোনে বাধ্য কৰাব? এই হাড় কঁপোৱা ঠাণ্ডাতো দিল্লী উত্তাল হৈ আছে। কোনেও নিজৰ কাৰণে একো বিচৰা নাই, বিচাৰিছে সুবিচাৰ, বিচাৰিছে জাষ্টিচ্‌।

এইকেইদিন টিভি নিউজ আৰু বাতৰি কাকতবোৰ মেলিবই নোৱাৰি। সকলোতে মাত্ৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ খবৰ। মানুহে দিল্লীৰ ৰাজপথত সুবিচাৰ বিচাৰি অৱস্থান কৰি থকাৰ সময়তো দিল্লীতেই নাৰীৰ ওপৰত জঘণ্য অত্যাচাৰ চলি আছে। আচলতে ভাৰতীয় মানুহৰ মানসিকতাৰ একো সলনি হোৱা নাই। এসময়ত এই ভাৰততে এখন ৰাজসভাত এগৰাকী ৰজস্বলা নাৰীৰ বস্ত্ৰহৰণ কৰিবলৈ নাৰকীয় প্ৰচেষ্টা চলোৱা হৈছিল। আজিও ভাৰতত নাৰীৰ ওপৰত পুৰুষৰ একেই অত্যাচাৰ।

এচাম নাৰকীৰ বাবে সমস্ত ভাৰতীয় পুৰুষ আজি বিশ্বৰ সন্মুখত লজ্জিত, অসহায়।

—————————————————————————————

 

নিৰ্ভয়াৰ অন্তিম দুটি লিখিত বাক্য – ডাঃ ভূপেন শইকীয়া

“মা,মই জীয়াই থাকিব খোজোঁ “৷ 

“মা, ঘৰৰ মোৰ পুৰণা ফোনটোত মোৰ বন্ধুসকলৰ ফোন নম্বৰ আছে ৷
তাঁহাতক ফোন কৰি ক’বাচোন -মই কিছুদিনৰ কাৰণে দূৰলৈ যাম”৷

উহ, কি বেদনাদায়ক বাক্য দুটি!
গ’লগৈ, সঁচাই দূৰলৈ, বহু দূৰলৈ গ’লগৈ৷
কাহানিও ঘূৰি আহিব নোৱৰা দূৰত্বলৈ !
পবিত্ৰ আত্মাটো ধৰিত্ৰীৰ মোহ মায়া এৰি গ’লগৈ এখন নেদেখা দেশলৈ।
—————————————————————————————

ডিচেম্বৰৰ যন্ত্ৰণা – সুস্মিতা দাস

ডিচেম্বৰ মাহ | বৰ মৰম লগা মাহ, হেঁপাহৰ মাহ, দেও দি ফুৰা মাহ | গোটেই বছৰটো ৰৈ থকা যায় ডিচেম্বৰলৈ… সৰুতে দেউতাক যদি কোৱা হয়, “দেউতা ফুৰিবলৈ যাম,” দেউতাই কয়,” ডিচেম্বৰত”…ডিচেম্বৰ মাহ, কোমল ৰ’দৰ মাহ, ৰ’দত বহি টেঙা খোৱাৰ মাহ…পৰীক্ষা শেষ কৰি জুহালত আইতাৰ /বৰমাৰ সাধু শুনাৰ, আলু পোৰা/বেঙেনা পোৰা খোৱাৰ মাহ | মাহৰ শেষৰ ফালে ফলাফল ঘোষণা, নতুন শ্ৰেণী পোৱা, নতুন কিতাপ-বহী, কিতাপত জিল লগোৱা, কোনো বিষাদ নথকা, চিন্তা-ভাবনাহীন উৎসৱ উৎসৱ যেন লাগি থকা মাহ |প্ৰতিটো দিনেই অনন্য, অনুপম…বহু বছৰৰ পূৰ্বে এৰি অহা দিনবোৰে আজিও নষ্টালজিক কৰি তোলে ডিচেম্বৰ আহিলে… মন অকাৰণতে ভাল লাগি যায় কণ কণ মইনাবোৰৰ ডিচেম্বৰৰ ব্যস্ততা দেখিলে …

পিছে এইবাৰ ডিচেম্বৰে নষ্টালজিক নকৰিলে…অনুভৱ কৰিব নোৱাৰিলোঁ ইয়াৰ আমেজ | দামিনী…শৈশৱ আৰু কৈশোৰক আলফুলেৰে সামৰি থৈ সদ্যযৌৱনাপ্ৰাপ্ত এপাহ নকৈ ফুলিব ধৰা নিয়ৰসিক্ত পুৱাৰ গোলাপ… মোহাৰি পেলোৱা হ’ল চৰম নিষ্ঠুৰতাৰে…যাক হয়তো গৰিহণা দিবলৈ অভিধানতো প্ৰকৃত শুদ্ধ শব্দৰ অভাৱ হ’ব|

নিৰ্ভয়াৰ বাবে নাৰী-পুৰুষ উভয়ে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে একত্ৰিত হ’ল |পুৰুষ সমাজ লজ্জিত হ’ল পাষণ্ড কেইজনমানৰ ক্ষমাৰ অযোগ্য আচৰণত | আমি সদায়ে শিষ্টাচাৰ,সংস্কাৰ, সদাচাৰ মহিলাৰ পৰা আশা কৰোঁ আৰু পুৰুষক ইয়াৰ গণ্ডীৰ পৰা বাহিৰত থকাটোৱেই ফেচন বুলি গণ্য কৰোঁ | যাৰ বাবে বাবে বাৰে কাঠগড়াত থিয় হ’বলগা হয় নাৰী..ল অজুহাত নানা—(১) অশালীন সাজ-পোছাক (২) অশালীন অংগী-ভংগী (৩) ৰাতি-বিয়লি ঘৰৰ বাহিৰত বিচৰণ… হয়তো নাৰীক মাথোঁ এক সামগ্ৰী হিচাপেহে গ্ৰাহ্য কৰিবলৈ বদ্ধমূল ধাৰণা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ, য’ত হয়তো কোনো স্থান নাই নাৰীৰ আৱেগ অনুভৱৰ |

দামিনীয়ে জোকাৰি গ’ল সমগ্ৰ দেশক | নাৰীৰ সুৰক্ষাৰ দাবীত, নিৰ্ভয়াৰ বাবে হাতত হাত ধৰি ওলাই আহিল সহপাঠিনীৰ লগতে দিল্লীৰ ছাত্ৰ সমাজ, অভিভাৱক | হয়তো এইবাৰেই প্ৰথম য’ত নাৰীক দোষ দিয়াৰ পৰিৱৰ্তে অনুভৱ কৰা হ’ল যন্ত্ৰণাখিনিক | নিৰ্ভয়া আতঁৰি গ’ল…অজান দেশলৈ…নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত আশা এতিয়া মাত্ৰ এটাই ভৱিষ্যতে যাতে আমি সগৌৰৱৰে মূৰ ডাঙি ক’ব পাৰোঁ—আমি আমি একো একোজন সুসংস্কাৰপূৰ্ণ পুৰুষৰ ভগ্নী, মাতৃ অথবা পত্নী |

এই বিশ্বাসৰ যেন অপমৃত্যু নহয় |
————————————————————————————————————

এটা কবিতাৰ সমাধি – শান্তিছায়া শইকীয়া
(স্বাপদৰ বলি হোৱা দুৰ্ভগীয়া ছোৱালীজনীৰ বাবে)

এটা কবিতাৰ সমাধি দিয়া হৈছে ইয়াত।
ইয়াতে উৰি ফুৰিছিল এটা গীতৰ সুৰ হৈ,
বতাহত ঢৌ তুলিছিল,
ফুলকলিবোৰৰ টোপনি ভাঙিছিল
চৰাইৰ কণ্ঠত উঠিছিল তাৰ প্ৰতিধ্বনি।
সেই কবিতা, সেই গীত হঠাতে নীৰৱ হ’ল।
বতাহত কঁপনি নোতোলা হ’ল-
সমস্ত পৃথিৱী আৰু আকাশ নীৰৱ হ’ল
কবিতাটোৱে অৱশেষত
এই ঠাইতে, ঠিক মোৰ বুকুৰ মাজতে
শেষ নিশ্বাস পেলালে।
তাক ইয়াতে সমাধি দিলোঁ।
______________________________________________________

এয়া পশুতুল্য আচৰণ নহয় – প্ৰতিম প্ৰতাপ বৰুৱা

অসহ্য অসহ্য। ঘটনাটোৰ বিষয়ে কথা পাতিবলৈ লওতেও গাটো বৰফ হৈ যায়। এনে কিছুমান কথা জানো যিবিলাক এনেকৈ ৰাজহুৱাকৈ ক’ব নোৱাৰি। বাধা আছে।

অপৰাধীকেইটাক ওচৰৰ পৰা দেখিছিলোঁ। কোনো ৰিয়েক্‌চন নাই, কোনো অনুশোচনা নাই। এনে মানুহো থাকিব পাৰেনে? পাৰে, এনে ভয়ানক মানুহো থাকিব পাৰে। এজনে কৈছিল—পশুতুল্য আচৰণ। ঘপ্‌কৈ খঙটো উঠি আহিছিল। কৈছিলোঁ – এয়া পশুতুল্য আচৰণ নহয়। পশুৱে এনে নৃশংস অপৰাধ নকৰে। এনে বৰ্বৰতা একমাত্ৰ মানুহে দেখুৱাব পাৰে।

আটাইতকৈ বেছি বৰ্বৰতা দেখুওৱা অপৰাধীটোৰ বয়স মাত্ৰ ১৭ বছৰ আৰু কেইমাহমান। ১৮ বছৰতকৈ কম হোৱা বাবেই তাক এতিয়া জুভেনাইল কাৰেক্‌চনেল হ’মত ৰখা হৈছে। কোনোবাই কৈছে ভাৰতীয় আইনে তাক অতি বেছি মাত্ৰ ৩ বছৰৰ বন্দিত্ব দিব পাৰে, তাকো জেইলত নহয়, জুভেনাইল কাৰেক্‌চনেল হ’মত। বাকীকেইটাক এতিয়া কি শাস্তি প্ৰদান কৰা হ’ব আৰু সেই শাস্তি প্ৰদান কৰিবলৈ আৰু তাক কাৰ্যকৰী কৰিবলৈ কিমান সময় লাগিব সেই কথাটোৱে দেশৰ চৰকাৰ, পুলিচ আৰু ন্যায়পালিকাৰ দক্ষতাক প্ৰমাণ কৰিব।

যোৱামাহৰ সাহিত্যৰ থীম আছিল—‘নাৰী তুমি অৰ্ধ আকাশ’। তেতিয়াই লিখিছিলোঁ – নাৰী তুমি অৰ্ধ-আকাশ—এই কথাষাৰ কিমান সত্য? কবিয়ে কবিতা লিখোঁতে ব্যৱহাৰ হোৱাৰ বাদে আজিৰ ভাৰতীয় সমাজ জীৱনত এই বাক্যটোৱে বুজোৱা অৰ্থটো প্ৰকৃতাৰ্থত আমি দেখা পাও নে নাপাও? ভাৰতৰ আগশাৰীৰ প্ৰদেশ বুলি কোৱা দিল্লী, হাৰিয়াণা, উত্তৰ প্ৰদেশ আদিৰ বেছিভাগ ঠাইত সমাজিকভাৱে নাৰীৰ অৱস্থান ইমানেই নিম্ন যে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। NCRBৰ মতে ২০১১ চনত দিল্লীত মহিলাৰ ওপৰত অপৰাধ সংঘটিত হৈছিল মুঠতে ৪,৪৮৯ টা।……… দিল্লীত সেই বছৰটোত সংঘটিত হোৱা অপৰাধৰ সংখ্যাটো সৰ্বভাৰতীয় সংখ্যাৰ ১৩.৩% আছিল। ভাৰতীয় সমাজ ব্যৱস্থাৰ লাজলগা দিশ এইটো।

ধৰ্ষণ সকলো অপৰাধতকৈ ঘৃণনীয় অপৰাধ। এই কাৰ্যৰ দ্বাৰা এগৰাকী নাৰীক শাৰীৰিক আৰু মানসিকভাৱে হত্যা কৰি পেলোৱা হয়। আচৰিত কথা ভাৰতীয় সমাজত নাৰীগৰাকীকহে দোষী বুলি বহুতে কয়। বহুতে নাৰীৰ মুক্ত চাল-চলন, কাপোৰ পিন্ধাৰ ‘ষ্টাইল’ আদিৰ দৰে অবান্তৰ কথা কিছুমানো কৈ দিয়ে। তেওঁলোকে হয়তো নাজানে যে ভাৰতত ৬ মহীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধাও ধৰ্ষণৰ বলি হৈ প্ৰাণ হেৰুৱাইছে।

নৃশংসতাৰ চৰম সীমাত গৈ এজনী ছোৱালীক হত্যা কৰা হ’ল। এতিয়া এই অপৰাধীকেইটাৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ড হোৱা উচিত। তাকো অতি সোনকালে। ভাৰতীয় নাৰীৰ সামাজিক নিৰাপত্তাৰ বিষয়ে প্ৰতিষ্ঠিত ব্যৱস্থাসমূহৰ ওপৰত সাধাৰণ মানুহৰ আস্থা ঘূৰাই আনিবৰ বাবেও এই অপৰাধীকেইটাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে আৰু তাক অতি সোনকালে কাৰ্যকৰী কৰিব লাগে।

কিন্তু এনে ধৰণৰ অপৰাধ ৰোধ কৰিবৰ বাবে আইনী আৰু পুলিচী ব্যৱস্থাই সকলো নহয়। ভাৰতীয় সমাজ ব্যৱস্থাৰ উন্নতি হ’ব লাগিব। পুৰুষে নাৰীক সন্মানৰ চকুৰে চাবলৈ শিকিব লাগিব। নাৰীৰ প্ৰতি পুৰুষৰ দৃষ্টিভঙ্গীৰ পৰিবৰ্তন হ’ব লাগিব।
—————————————————————————————————————

নিৰ্ভয়াৰ বিয়োগত দুআষাৰ – ডাঃ ভূপেন শইকীয়া

অৱশেষত তেৰ দিনৰ সংগ্ৰামৰ অন্ত পৰিল৷
নিৰ্ভয়া, দামিনী, বীৰাংগনাৰ আখ্যা লাভ কৰা, অদম্য সাহসৰ প্ৰতীক দিল্লীৰ নিৰ্যাতিতা যুৱতীগৰাকীৰ ছিংগাপুৰৰ সময় পুৱা ৪-৪৫ বজাত পৰলোকপ্ৰাপ্তি হ’ল৷ জীয়াই থকাৰ তীব্ৰ বাসনা, পৰিয়ালৰ শেষ আশ্ৰয় হোৱাৰ ইচ্ছা অপূৰ্ণ হৈয়ে ৰ’ল৷
চিকিৎসকসকলৰ বুজিবলৈ বাকী নাছিল সৰ্বশৰীৰ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত দেহ এটাত তেওঁলোকে প্ৰাণটো দীৰ্ঘ সময়লৈ ধৰি ৰাখিব নোৱাৰে৷ মাত্ৰ চিকিৎসকৰ ধৰ্মহে তেওঁলোকে পালন কৰি গৈছিল৷ ৰাজনীতিবিদসকলেও জনতাৰ ক্ষোভৰ শাম কটাবলৈ বুলি যিকোনো প্ৰকাৰে যুৱতীগৰাকীক মুমূৰ্ষু অৱস্থাত বিদেশলৈ প্ৰেৰণ কৰিলে৷
কিন্তু সকলো প্ৰচেষ্টা আৰু প্ৰাৰ্থনাৰ অন্ত পেলাই নিৰ্ভয়াই শুই থকা দেশবাসীক জাগ্ৰত হ’বলৈ বাৰ্তা প্ৰেৰণ কৰি নেদেখা ধামলৈ গতি কৰিলে৷
ফাঁচিৰ বিৰুদ্ধাচৰণ কৰা মানৱ অধিকাৰ প্ৰেমীসকললৈ এটি অনুৰোধ—এই যুৱতীগৰাকীৰ মানৱ অধিকাৰ লুন্ঠন কৰাৰ অধিকাৰ সেই নৰপিশাচকেইটাক কোনে দিলে সেই কথাও এবাৰ বিবেচনা কৰক।
আজি সেই যুৱতীৰ দৰিদ্ৰ পিতৃয়ে কৈছে মোৰ কন্যাৰ প্ৰাণৰ বিনিময়ত যদি আন দেশবাসী মহিলাৰ জীৱন সুৰক্ষিত হয় তেতিয়া হ’লে আমাৰ পৰিয়ালৰ দুখ কিছু হ’লেও লাঘৱ হ’ব৷
ইয়াত কোনো সন্দেহ নাই যে ঘটনাটোৱে সমগ্ৰ বিশ্বৰ ওচৰত ভাৰতবৰ্ষৰ মান-মৰ্যাদা ভূ-লুন্ঠিত কৰিলে৷
—————————————————————————————————

পৃথিৱীৰ অসুখ – পংকজ বৰা

পাশৱিকতাৰ মহামাৰীত
বিধ্বস্ত মহানগৰী
নিতৌ জ্বলে লাখ লাখ ৰঙীন বিজুলী-বাতি
বহুৰঙী ফটিকাৰ নিচাত জীৱাস্মীভূত
শতিকাৰ সপোন
উদ্দাম উল্লাস নৃত্যত মগ্ন
এজাক নগ্ন উন্মাদ মানুহ
এতিয়া ধৰ্ষিতা সভ্যতাৰ উৎকৰ্ষিত সময়
আৰু পৃথিৱীৰ অসুখ!
————————————————————————————————

ধৰ্ষণ – বিক্ৰমজিৎ কাকতি

আগকথা : তলৰ বিষয়টোত মই কোনো বিতৰ্কৰ পাতনি মেলিব খোজা নাই মাথোঁ বিজ্ঞানসন্মত বিশ্লেষণ কৰিবহে বিচাৰিছো —

আমি প্ৰায়েই কওঁ যে ধৰ্ষণকাৰীক ফাঁচি দিব লাগে। আজি কেইবছৰমান আগতে ধনজ্ঞয় নামৰ এজন ধৰ্ষণকাৰীক ফাঁচি দিয়া হৈছিল,  কিন্তু তাৰ পাচতো ধৰ্ষণৰ ঘটনা ঘটিয়েই আছে।  সেয়েহে মই জানিব খোজো যে আজিলৈকে ধৰ্ষণৰ বিষয়ে কোনো ধৰণৰ বৈজ্ঞানিক বিশ্লেষণ হৈছে নে নাই?  মানুহৰ শৰীৰত থকা কোনবোৰ ৰাসায়নিক দ্ৰব্যৰ abnormalityয়ে মানুহ এজনক ধৰ্ষণৰ পথলৈ লৈ যায়। এনে ধৰণৰ abnormality থিক কৰিবলৈ Medical Scienceত কি কি উপাই আছে ? কোনোবাই জনাবনে?

সুৰজিৎ নেওগ—শাৰীৰিক ৰাসায়নিক দ্রব্যৰ হীন-দেঢ়িতকৈ ধৰ্ষনকাৰী এজনৰ মানষিক পৰিকাঠামোটৰ মনোবৈজ্ঞানিক বিশ্লেষণৰহে বেচি দৰকাৰ যেন অনুভৱ হয়। সাধাৰণতে এনেধৰণৰ চাঞ্চল্যকৰ (ক্ষমাপ্রাৰ্থি) ধৰ্ষণকাৰ্য এটা সংঘটিত হোৱাৰ পিছত বিভিন্ন টিভি চেনেলত বহু আলোচনা চক্রৰ আয়োজন হয়। আলোচনাকালত আলোচকসকলে বহুদিশৰ আলোকপাত কৰে। প্রায়ভাগ এনে আলোচনাত এজন মনোৰোগ বিশেষজ্ঞও উপস্থিত থাকি মানসিক দিশৰ বহু কথা উন্মোচিত কৰে । আমি দৰ্শক হিচাবে বেচ কিছু কথা বুজিও পাওঁ । কিন্তু মূল কথাটো হ’ল, এইবোৰ জনাৰ পিছতো এজন ‘সম্ভাৱ্য’ ধৰ্ষণকাৰীক কেনেকৈ আগতীয়াকৈ চিনাক্ত কৰিব পাৰি? এইবোৰ কথা আলোচনা হোৱাতো দৰকাৰী।

বিক্ৰমজিৎ কাকতি— সুৰজিৎ দাদা, মনোবিজ্ঞানতো ৰাসায়নিক দ্ৰব্যৰ abnormality নুই কৰিব নোৱাৰি কিয়নো আমাৰ শৰীৰটো এক ৰাসায়নিক ভঁৰাল।

প্ৰতিম প্ৰতাপ বৰুৱা—মনোবিজ্ঞানৰ কথা একো নাজানোঁ। কিন্তু মোৰ বোধেৰে সম্ভাৱ্য ধৰ্ষণকাৰী এজনক আগতীয়াকৈ চিনাক্ত কৰিব নোৱাৰি। এইসকল মানুহ এক ধৰণৰ মানসিক ৰোগী। নিজৰ জীৱনত একো একোজন ফেইলাৰ। নিজে জীৱনৰ প্ৰতি খোজতে হাৰি হাৰি নিজৰ ইগ’ প্ৰব্লেম এটা আৰম্ভ হয়।

ৰণজিৎ কুমাৰ বৰা—ধৰ্ষণ বিকৃত ৰুচিৰ নিকৃস্ততম প্ৰকাশ। ধৰ্ষণৰ বিভিন্ন গোচৰত অভিযুক্ত বা অপৰাধীৰ স্বীকাৰোক্তি অধ্যয়ন কৰি গৱেষণাৰ জৰিয়তে হয়তোবা ধৰ্ষণকাৰীৰ মনস্তত্বৰ ছবি আঁকিব পৰা যাব। কিন্তু ধৰ্ষণৰ ঘটনা এটা আগতীয়া ব্যৱস্থাৰে ৰোধ কৰিব পৰাতো সম্ভৱপৰ যেন নালাগে। আপুনি এটা চিন্তনীয় বিষয় আগবঢ়ালে।

ময়ূৰ চেতিয়া—ধৰ্ষিতাগৰাকীকে যেতিয়া বলাৎকাৰৰ বাবে জগৰীয়া কৰি শত-সহস্র যুক্তি দাঙি ধৰা হয়, সেই সময়ত অৰূন্ধতী ৰয়ৰ এষাৰ কথা বৰকৈ মনত পৰে—never simplify what is complicated or complicate what is simple.

—————————————————————————————————————

ৰাজধানী দিল্লী নাৰীৰ বাবে কিমান সুৰক্ষিত ? – ডাঃ ভূপেন শইকীয়া

অলপতে নিশা ১২বজাত বাছেৰে দিল্লীৰ বসন্ত বিহাৰৰ পৰা দ্বাৰকালৈ গৈ থকা যুৱতী এগৰাকী চলন্ত বাছখনতে দলবদ্ধ বলাৎকাৰৰ চিকাৰ হয়৷ তাৰ পিছত মাৰপিট কৰি চালকে নিৰ্যাতিতা যুৱতী আৰু তেওঁৰ লগত থকা সংগী যুৱকজনক বাছৰ পৰা দলিয়াই দিয়ে৷ ফলত দুয়ো বেয়াকৈ আহত হয়। আহত যুৱতীগৰাকী এইমছৰ ট্ৰ’মা চেন্টাৰত চিকিৎসাধীন হৈ আছে।

আনহাতে ২০০৯ চনৰ জানুৱাৰীত নয়ডাৰ ছেক্টৰ-৩৯ত দলবদ্ধ বলাৎকাৰৰ বলি হোৱা এম বিৰ ছাত্ৰীগৰাকীয়ে আজিও ন্যায় নাপালে৷ গ্ৰেপ্তাৰ হোৱা ৩৯জন অভিযুক্তই জামিনত মুকলিহৈ  সাক্ষীক ভাবুকি দিব ধৰিছে৷

ইয়াকে কয় চাকিৰ তলত অন্ধকাৰ৷
আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাই দিল্লীত সঘনাই লাঞ্চিত হোৱাৰ বাতৰিয়ে আমাক বিমৰ্ষ আৰু চিন্তান্বিত কৰি তোলে৷ তুলনামূলকভাবে অসমৰ জি এছ ৰ’ডৰ কাণ্ডৰ বিচাৰ যথেষ্ট খৰতকিয়াকৈ সম্পন্ন হ’ল বুলি ন্যায়ব্যৱস্থাৰ শলাগ লব লাগিব৷
————————————————————————————————————

ব্যক্তিগত অনুভৱ – অঞ্জনা তামুলী

কোনো দিৱস, আইন সংশোধন, ফাঁচী দিয়া আদিয়ে মহিলাক আজিলৈ সুৰক্ষা দিব পৰা নাই আৰু নোৱাৰে। তাৰ বাবে আমি আমাৰ সন্তানক নাৰীক সন্মান কৰিবলৈ শিকাব লাগিব। প্ৰতি গৰাকী নাৰী তেওঁৰ মাতৃতুল্য, প্ৰতিগৰাকী গাভৰু তেওঁৰ বায়েকসম প্ৰতিগৰাকী কিশোৰী তেওঁৰ মৰমৰ ভনীসম। এইকথা আমি শিকাব পাৰিব লাগিব। তাতোকৈ ডাঙৰ কথা হ’ল কোনো এগৰাকী নাৰীয়ে তেওঁৰ জীৱনৰ অৰ্ধাংগিনী হ’ব যাৰ বাবে তেওঁ জীৱনটো জীয়াই থকাৰ প্ৰেৰণা হ’ব যিয়ে তেওঁক এখন সংসাৰৰ উপহাৰ দিব । যিজনে নাৰীক সন্মান কৰিবলৈ নিশিকে তেওঁ কেতিয়াও সুখী জীৱন যাপন কৰিব নোৱাৰে।
————————————————————————————————————

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments