দিহিং-পাটকাইত জীৱনৰ সেউজীয়া গান – বিজয়া বৰুৱা

(৪)
দিনটো ঘূৰি-পকি বনানি অসম্ভৱ ভাগৰ লাগিছিল৷ গা-পা ধুই ৰূমত সোমাই তাই ইলেকট্ৰিক কেটলিটোত পানী বঢ়াই দিলে কফি একাপ খোৱাৰ উদ্দেশ্যে৷ নিজে বনোৱা মন পছন্দৰ কফিকাপ খাই উঠি মনতো অলপ সতেজ যেন লাগিল৷ বিছনাত বাগৰ দি মোবাইলটো উলিয়াই ভায়েকলৈ ফোন লগালে–
:পলাশ, কেনে খৱৰ? তোৰ মেইলটোৰ উত্তৰেই দিয়াই নহ’ল অ’! ভীষণ ব্যস্ত জান৷ দিহিং-পাটকাইখন অসমৰ বৰ ধুনীয়া ঠাই অ’ পলাশ! এইবাৰ অসমলৈ আহিলে তয়ো এবাৰ চাই যাবিহি……… “
বনানিয়ে অনৰ্গল কৈ গ’ল দিনটোৰ অভিজ্ঞতাৰ কথা, সি মাথো শুনি থাকিল৷ পলাশেও জানে বায়েকে অৰণ্য জীৱ-জন্তু আদিৰ কথা কৈ থাকিলে কথা শেষেই নহয়৷ মাকৰ লগতো বহু সময় কথা পাতিলে৷ মাক-ভায়েকৰ লগত কথা পাতি মনতো পাতল যেন লাগিল৷ আগতে মাকে তাইক লৈ যিমান চিন্তা কৰিছিল, আজিকালি সিমান নকৰে৷ তাইৰ এই অঘৰী ৰুটিনখনৰ লগত মাকো লাহে লাহে পৰিচিত হৈ পৰিছে৷ আকৌ মোবাইলটো বাজি উঠিল৷ তাই বিছনাত শুই শুইয়ে ফোনটো ৰিছিভ কৰিলে৷ সিফালৰ পৰা অনুজৰ মাতটো ভাহি আহিল—-
:হেল্ল’ বনানি, আজি প্ৰথম দিনটোত কেনে লাগিল?
:অনুজ কি কম আৰু! বহুত ভাল লাগিল৷ সংস্থাটোৰ বিষয়-ববীয়াই ইয়াৰ বাবে মোক যে বাছনি কৰিলে মোৰেই সৌভাগ্য জানা!
:আচলতে মোৰো ভাগ্য ভাল বনানী তোমাক হঠাৎ এনেকৈয়ে লগ পাই যাব লাগে যে! এইকেইদিন মোৰ বিৰাট ভাল লাগি আছে জানা৷”–অনুজৰ কথা সুৰটো যেন কিবা আকুলতাৰে ভৰা যেন লাগিল৷ বহুদিন সিহঁতৰ দেখা সাক্ষাত নাই যদিও বিশ্ববিদ্যালয়ত দুটা বছৰ অনুজ আৰু তাই সহপাঠী আছিল৷ দিল্লীত থাকোঁতেই এক ভাল সম্পৰ্ক গঢ়ি উঠিছিল দুয়োটাৰ মাজত৷ কিন্তুু সেই সম্পৰ্ক ’ভালপোৱা’ নাছিল, কেৱল বন্ধুত্বহে আছিল৷ সি জানিছিল তাই কেৱল বিক্ৰমকহে ভাল পাইছিল৷ আৰু বিক্ৰম….? এই বিক্ৰম তাই জীৱনৰ এক ক’লা অধ্যায় বুলিলেই কব পাৰি৷ বিক্ৰম এতিয়া ক’ত আছে তাই নাজানে, জানিবলৈও চেষ্টাও নকৰে! তাই ভালপোৱা বিক্ৰমজন ক’ৰবাত হেৰাই গ’ল, থাকি গ’ল মাথো কিছুমান সৰু সৰু স্মৃতিৰ টুকুৰা! প্ৰেম… …? আহিছিল, বনানিৰ জীৱনলৈয়ো প্ৰেম আহিছিল! তাই প্ৰেমত পৰিছিল অসমৰ পৰা দিল্লীত পঢ়িবলৈ যোৱা সৰবৰহী যুৱক বিক্ৰমৰ! ফাগুণৰ শেষত লঠঙা গছত ওলোৱা কোমল কুঁহিপাতৰ দৰে বনানিৰ অন্তৰৰ মাজতো সংগোপনে প্ৰেমৰ কুঁহিপাতে লহপহকৈ গজালি মেলিছিল৷ কিন্তুু ফাগুণতে অহা ধুমুহাজাকে গছ-বনত গজালি মেলা কুঁহিপাতকো মহতিয়াই নিয়াৰ দৰে তাইৰ বুকুত অংকুৰিত হোৱা প্ৰেমৰ কুঁহিপাতবোৰ ভাঙি-ছিঙি চূৰমাৰ কৰি পেলাইছিল৷ সিহঁত দুটাৰ ভালপোৱাৰ কথা অসমৰ পৰা যোৱা প্ৰায়বোৰ ল’ৰা – ছোৱালীৱে জানিছিল৷ কিন্তুু বনানিয়ে হৃদয় উজাৰী ভালপোৱা বিক্ৰমে কেৱল প্ৰেমৰ ভাও ধৰি হৃদয়হীন নিষ্ঠুৰ অভিনয় কৰি গৈছিল৷ তাইৰ স’তে একেলগে ত্ৰিমুখী খেলা খেলিছিল সি৷ যিদিনা তাই গম পাইছিল তাইৰ বাহিৰেও বিক্ৰমৰ আৰু দুজনী প্ৰেমিকা আছে, সেইদিনা যেন তাই বোবা হৈ পৰিছিল৷ মুৰ্খৰ দৰে ভীষণভাৱে ভালপোৱা বিক্ৰমক তাই ভীষণভাৱে ঘৃণা কৰিবলৈ লৈছিল৷ লাহে লাহে তাই প্ৰকৃতিৰ সৈতে আত্মীয়তা গঢ়িবলৈ যত্ন কৰিছিল৷ পাহৰিবৰ চেষ্টা কৰিছিল বিক্ৰমৰ কথা..! শেষত বিশ্ব প্ৰকৃতি নিধি (WWF) দিল্লীস্থ শাখাটোত তাই কাম কৰাৰ সিদ্ধান্ত লৈছিল৷ তাত কাম কৰি বনানি আজি ভীষণ সুখী৷ অনন্য সুন্দৰ প্ৰকৃতিৰাণী যেন বনানি বাবে প্ৰেমিকৰ অন্য এক ৰূপ….! যাৰ কাতৰ আহ্বানত তাই সন্মোহিত হৈ পৰে, আছন্ন কৰি ৰাখে তাইৰ সমগ্ৰ সত্তা৷ এই যে সেউজীয়া গছবোৰে আনক উপহাস কৰিব নাজানে, আনক কষ্ট দিব নোৱাৰে, পক্ষপাতিত্ব কৰিব নাজানে, মাথো সকলোকে সমানে নিজৰ সৌন্দৰ্য বিলাই দিবহে জানে৷ লেপটপটো উলিয়াই লৈ দিনটোৰ চাক্ষুস অভিজ্ঞতাবোৰ জুকিয়াই ভাবি ল’লে আৰু কী-বোৰ্ডখনত আঙুলি বুলাই গ’ল৷ সকলোখিনি খৰচি মাৰি লিখিলে৷ ইয়ালৈ অহাৰ আগতে অভয়াৰণ্যখনৰ বিষয়ে পোৱা লিখাবোৰ তাই গভীৰভাৱে অধ্যয়ন কৰিছে, সেয়ে মুটামুটি জ্ঞান এটা আছেই৷ তাইৰ প্ৰিয় কবিতাৰ কিতাপ এখন বেগতে আছিল.. সেইখন উলিয়াই ল’লে৷ লাহে লাহে এপৃষ্ঠা-দুপৃষ্ঠাকৈ কিতাপখন লুটিয়াই চাই থাকোঁতে তাই অভয়াৰণ্যখনৰ কথাই ভাবি থাকিল৷ ……
দিহিং-পাটকাই ইমান যে ধুনীয়া নাম! অভয়াৰণ্যখনৰ ভিতৰেদি বৈ অহা কেইবাখনো সৰু নদী-দিৰক, নামচাঙ, দিল্লী আদি আৰু কেইবাটাও জান, জুৰি, জলাহভূমি আছে যদিও ইয়াৰ মুখ্য নদী হ’ল –বুঢ়ীদিহিং৷ বুঢ়ীদিহিং ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈসমূহৰ অন্যতম৷ এই বুঢ়ীদিহিংৰ উৎপত্তিস্থল পাটকাই পৰ্বত৷ ব্ৰহ্মদেশৰ সীমান্তৰ পাটকাইৰ বুকুয়েদি প্ৰবাহিত হৈ অৰুণাচলৰ ভূখণ্ড অতিক্ৰমি উজনি অসমৰ মাজেৰে দিহিং-পাটকাই অভয়াৰণ্য হৈ বিশাল ব্ৰহ্মপুত্ৰত মিলিত হৈছেগৈ৷ বুঢ়ীদিহিং নদীখনৰ কেইবাটাও ভিন ভিন নাম আছে৷ পাটকাই পৰ্বতৰ উৎস স্থানৰ পৰা অৰুণাচললৈকে “ডিয়ুন” মানে জনা যায়৷ অৰুণাচলৰ নামনি অংশত নদীখন দুভাগত বিভক্ত হৈ এটাভাগ উত্তৰ দিশে আৰু আনটো ভাগ পশ্চিমে বৈ গৈছে৷ উত্তৰমুৱা হৈ বৈ যোৱা সুঁতিটো ন-দিহিং বা নোৱা দিহিং নামেৰে লুইতত মিলিত হৈছেগৈ৷ পশ্চিমমুৱা হৈ বৈ অহা মূল সুঁতিটো অসমৰ ভূখণ্ডত বুঢ়ী দিহিং নাম লৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে৷ আৱহমান কালৰে পৰাই প্ৰবাহিত হৈ থকা বুঢ়ীদিহিং আৰু বিভিন্ন সৰু-বৰ জান-জুৰি, জলাশয় আদিয়ে জীপাল কৰি ৰাখিছে সমগ্ৰ অভৰাণ্যখন৷ অসমৰ ভিতৰতে এইখন একমাত্ৰ অভয়াৰণ্য য’ত বানপানী নহয়৷ অভয়াৰণ্যখনৰ ইয়ো এক বিস্ময়….…কিতাপখন হাতত লৈ মনতে অভয়াৰণ্যখনৰ কথা জুকিয়াই থাকোঁতে বনানিক টোপনিয়ে হেঁচি ধৰিলে৷ ৱালৰ ঘড়ীটোলৈ চকু গ’ল …ইস্ ১০ বাজিলেই দেখোন! আজি বহুত খোজকঢ়া হ’ল, সেয়ে টোপনিয়ে হেঁচি ধৰিছে৷ কিতাপখনৰ পৃষ্ঠাটোত ভাজ কৰি থৈ বেড চুইচটো অফ কৰি তাই শুই পৰিল৷ ………ক্ৰমশঃ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments