দীঘে দীঘে গ’ল বুলিহে-(হিমজ্যোতি তালুকদাৰ)

কুৰি বছৰমানৰ আগৰ কথা, কলীয়াপানী উত্তৰপাৰৰপৰা কলীয়া নামেৰে মানুহ এজন হেনো ৰেলগাড়ী চাবলৈ আহিছিল, বিৰচতি বাৰে দিচাংমুখেদি নাৱেৰে পাৰ হৈ শুকুৰবাৰে ৰংপুৰ পালেহি, শনিবাৰে বৰদ’লত সেৱা সত্কাৰ কৰি কানত বেলপাত ফুল লৈ শিৱসাগৰ ষ্টেচনত ৰেলগাড়ী চাবলৈ গ’ল।

ৰাতিপুৱা সাতবজাৰপৰা তেওঁ ৰৈ আছে, ৰেল আহিব চাব। বহুদিনীয়া হেঁপাহ পুৰ হ’ব। বেলা পৰি আবেলি ৰেল আহিল। এমখা মানুহ উঠিল, এমখা নামিল, কলীয়াই আগৰপৰা গুৰিলৈকে ডিঙি মেলি চালে, তাৰ পাছত টিকটঘৰটোৰ সন্মুখত থিয় হৈছেহি মাথোন, ইঞ্জিনে উকি মাৰি দিলে। কলীয়া উচপ খাই উঠি ক’লে, “আই ঐ, কাণ ফাটিলেহেঁতেন আজি” তাৰ পাছত ৰেলগাড়ী চলি গ’ল – ঘচ্ঘৰচ্‍ ঘচ্ঘ চ্‍। ষ্টেচন এৰি যোৱাৰ পাছত কলীয়াই দীঘলকৈ উশাহ এটা সলাই ক’লে, “ উস্, ৰেলখন দীঘে দীঘে চলি গ’ল বুলিহে, পথালিকৈ আহিবলৈ হোৱা হ’লে আজি তেনেই সাং হ’লহেঁতেন; মহতিয়াই টহিলং কৰিলেহেঁতেন।“ (ঘেৰঘেৰী বাচ, লীলা গগৈ) (লীলা গগৈ : মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments