দীপাৱলী শেষ হ’ল ( অনামিকা চলিহা )

গধূলি হৈ আহিছিল৷ মই আগফালৰ চোতালখনতে বহি আছিলো৷ দীপাৱলীৰ আনন্দ উল্লাস ইতিমধ্যে কালিয়েই শেষ হ’ল যদিও চাৰিওফালে ফটকা ফুলজাৰি আদি আটচবাজীৰ শব্দৰ সমাহাৰ আজিও দেখি বুকুৱেদি এটা হুমুনিয়াহ ওলাই আহিল৷ চাৰিওফালে বিভিন্ন ৰং বিৰঙৰ বিজুলী চাকিৰে গোটেই আকাশ পোহৰাই তুলিছে৷ দুখীয়াৰনো কিহ’ৰ ফূতি? তথাপিও ….৷ মা আৰু মোৰ বাবে যিকোনো উত্সৱ পাৰ্বনে ফূতিতকৈ দুখৰ বতাহে কঢ়িয়াই আনে৷ পেটৰ ভাতমুঠিৰে জোৰা মাৰিবলৈ টান, তেনেস্থলত ল’ৰা-ছোৱালী তিনিটাৰ বাবে ফটকা, ফুলজাৰি, ৰকেট, ব’ম আদি কিনি দিওঁ ক’ৰপৰা? মাকে নিজৰ ফুটা কপালকে দোষ দিয়ে৷ ভগৱানে যে কিয় মাৰি নিয়া নাই তাৰবাবে আক্ষেপ কৰে৷ ছোৱালীজনীয়ে ককায়েকক উদ্দেশী কৈ উঠিল-দাদা, আমিও ব’ম দুটামান আজি ফুটাবৰ বাবে থৈ দিব লাগিছিল৷ মইনো কি ক’ম? ক’বলৈ মোৰ ভাষা নাছিল৷ পৰাহ’লে সিহঁতে বিচৰাৰদৰেই ব’ম, ফটকা, ফুলজাৰি আদি এসোপামান সিহঁতক আনি দিবৰ মন, আভিজ্যতা লোকৰদৰেই ঘৰৰ চৌহদ ৰঙ-বিৰঙী বিজুলী চাকিৰে পোহৰাই তুলিবৰ মন যাতে তাক দেখি ৰাস্তায়েদি পাৰ হৈ যোৱা বিভিন্ন লোকে ঈষাত জ্বলি পুৰি মৰে৷ পিছে মনটো হ’লেই জানো হ’ব, জেপটোত কিমান ধন আছে সেয়াহে আচল কথা৷ …………………………………………………… মই মানুহৰ ঘৰৰপৰা বাহঁ কিনি নি ওচৰৰ টাউনখনত সদায় ৰাতিপুৱা বিক্ৰি কৰো৷ বাহঁ বিক্ৰি কৰি যিকেইটা লাভৰ টকা পাওঁ তাৰে যেনে তেনে ঘৰখন চলাই আছো৷ কেতিয়াবা কেতিয়াবা কল কিনি আনি সেইয়া পকাই বিক্ৰি কৰো৷ বতৰৰ ফল মুলো গাওঁৰপৰা কিনি নি টাওনত বেচো৷ লাভ অৱশ্যে নোহোৱা নহয়৷ পিচে লাহে লাহে ল’ৰা-ছোৱালীকেইটা ডাঙৰ হৈ আহিছে৷ সেইয়া টকাই জোৰা নমৰা হৈছে৷ মোৰদৰে যাতে সিহঁতৰ অৱস্থা নহয় তাৰবাবে সিহঁতক স্কুলতো নাম লগাই দিছো৷ ছোৱালীজনী আৰু সৰু ল’ৰাটো পঢ়াত খুবেই ভাল৷ ডাঙৰটোৰ পঢ়া শুনাতকৈ বেপাৰ বানিজতহে মন বেছি৷ হওঁতে ঘৰৰ ৰুপিত মাটিকেইডৰাই বছৰটো জোৰাব পাৰি৷ পিছে কেইবছৰমানৰ আগতে মানুহজনী বেমাৰত পৰাত তাৰে অলপ বন্ধকত দিয়া হ’ল৷ খুলিবই পৰা নাই এতিয়াও৷ ভাতকেইটা হ’লে নিমখ এজেপা লৈও খাব পাৰি৷ পিছে বন্ধকত দিয়াৰপৰা আজিকালি চাউলো কিনিব লগা হৈছে৷ ……………………………………………… দীপাৱলীৰ আগদিনা আনবোৰ পুজা বিহু আহিলে যেনে হয় এইবাৰো তেনে হ’ল৷ বাহঁ বিক্ৰী কৰি যিকেইটা টকা পাওঁ তাৰে নিমখ-ডাইল, তেল আদিৰ খৰচটোহে ওলায়৷ হাতত জমা টকা নেথাকেই৷ মাথাটো ঘোলা হৈ গৈছিল৷ কি কৰা যায়? ইফালে সৰু ল’ৰা-ছোৱালীহালে দীপাৱলীৰ বাবে ফটকা ফুলজাৰি আদি লাগে বুলি আবদাৰ কৰি আছে৷ মানুহজনীৰ হাততো জমা টকা নাই৷ বিপদে আপদে তাইৰ হাতত থকাকেইটাও লৈ যাওঁ৷ কি কৰা যায়৷ অৱশেষত বুদ্ধি এটা পালো৷ বাৰীখনত কলৰ পুলি অলপ লগাইছিলো৷ দীপাৱলীত কলৰ পুলিৰ বৰ দিমান্দ৷ কল লগাহেতেঁন পইচা কেইটকামান পালোহেতেঁন, পিচে ল’ৰা-ছোৱালীকেইটাৰ মুখলৈ চাই সেই আশা বাদ দি তাৰে অলপ কাটি দীপাৱলীৰ ৰাতিপুৱাই ওচৰৰ টাউনখনলৈ লৈ গ’লো৷ লগত ডাঙৰ ল’ৰাটো৷ ভাল টকাকেইটামান পালো৷ তাৰে সিহঁতৰ বাবে ফটকা, ফুলজাৰি, ব’ম আদি লৈ আহিলো৷ মাটিৰ চাকি জ্বলাবৰ বাবে মিঠাতেলো লগতে মাটিৰ চাকিকেইগজমানো৷ ৰাতিৰ সাজ বহুতদিনৰ মুৰত ভালদৰে খাবৰ বাবে ছাগলী মাংস আধাকিলোও ল’লো৷ ল’ৰা-ছোৱালীকেইটা আৰু মানুহজনীৰ মুখখনো পোহৰ হৈ পৰিল৷ এক অজান সুখানুভূতিত মনটো ভৰি পৰিল তাকে দেখি৷ চাকিৰ পোহৰে মাঁক জীয়েক লাগি গোটেইখন পোহৰাই পেলালে৷ কামনা কৰিলো এই পোহৰ যেন সদায়েই আমাৰ জীৱনত পৰে৷ …………………………………………………………….. সৰু ল’ৰাটোৰ মাতত বাস্তৱলৈ ঘূৰি আহিলো৷ ককায়েকক চিঞৰি ক’লে-দাদা, সেইখিনিতে পৰিছিল নুফুটা বোমাটো৷ নিদিষ্ট ঠাইটুকুৰালৈ আঙুলি টোৱাই ক’লে-ভালদৰে চোৱা, পাই যাম৷ তিনিওটা নুফুটা বোমাটো বিচাৰিবলৈ লাগিল৷ নিজৰ অজানিতে ময়ো চকীখনৰপৰা উঠি সিহঁতৰফালে এখোজ দুখোজকৈ আগবাঢ়ি গ’লো-উদ্দেশ্য কালি নুফুটা ব’মটো বিচাৰি উলিওৱা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments