দীপাৱলী, সৰুকণৰ মাকৰ চাৰি পো আৰু মই (সূৰ্য্য বৰা)

—মৰাঠাৰিৰ আগটো ফালি, আয়ে তাত ফটকাটো গুজি দিলে–মই ঠাৰিডালৰ এমূৰে ধৰি আঁতৰৰপৰাই চাকিৰ জুইত ফটকাৰ শলিতাডাল লগাই, মহাপ্ৰলয়ৰ আশংকাত ক্ষণ গণিছোঁ! — সেই অৱস্থাৰপৰা, ’টাইমিঙৰ অভাৱ’ত হাততে “জগমগ“একোটা ফুটি গ’লে হাঁহিত বাগৰি পৰালৈকে ঘটা “উত্তৰণ“ৰ মাজতযে আৰু কিমান কাহিনী, কত ঘটনা!
—–নুফুটা ফটকাবোৰে মনত কম দুখ দিছিলনে? এবাৰ তেনে এটা নুফুটা ফটকা চাকিটো এহাতে লৈ ঘাঁহ-বনৰ মাজত বিচাৰি থাকোঁতেই, নিতমব ফৰফৰাই যোৱাকৈ হঠাতে ফুটি উঠিছিল…!
—–আমাৰ মাজুজন খুড়াই প্ৰতিবছৰেই চহৰৰ পৰা মোলৈ ফটকা আদি পঠিয়াই দিয়ে৷ দেৱালীৰ দিনা আবেলিৰে পৰা ফটকা ফুটাবলৈ আৰম্ভ কৰা বাবে, এন্ধাৰ হোৱালৈ ফটকাও শেষ হয়; তেতিয়া দেৱালীৰ শেষ সম্বল বুলিবলৈ ’ফিৰফিৰি’খিনিহে
(ফুলজাৰিক আমি সেই নামেৰেহে জানিছিলোঁ৷ )বাকী থাকে৷ফিৰফিৰি একোডাল জ্বলাৰ লগে লগেই আমি সৰুকেইটাই হাতত লৈ আলিবাটলৈ বুলি লৰ মাৰোঁ৷ পিছে অলপ দূৰ যোৱাৰ পিছতে, ’ফিৰফিৰি’ যেতিয়া জ্বলি শেষ হয়, তেতিয়া আন্ধাৰে-মুন্ধাৰে, উজুতি-মুজুটি খাই কোনোমতে চোতাল পাওঁহি৷ পুনৰ একোডাল ফিৰফিৰি জ্বলাওঁ, আৰু একেদৰেই লৰ মাৰো৷ ফিৰফিৰিবাহ উদং নোহোৱালৈকে একে কাৰ্যৰ পুনৰাবৃত্তি চলি থাকে৷

——আমাৰ ঘৰখন নামধৰ্মত বিশ্বাসী হোৱা বাবে কিছুমান কাম, ঘৰৰ অলিখিত সংবিধানমতে “নিষিদ্ধ“৷ আৰু এই সংবিধানখনৰ ৰক্ষকৰ ভাৰ পৰিছিল পুৰুষানুক্ৰমিকভাৱে দেউতাৰ ওপৰত৷ ইফালে আমাৰ দৃষ্টিত সেই নিষেধ থকা কামবোৰতে পৃথিৱীৰ সমস্ত আনন্দ নিহিত হৈ আছিল৷ (এতিয়া মনলৈ আনিবলৈকে কষ্ট হ’লেও, অস্বীকাৰ নকৰোঁ– দেউতা নথকা হ’লেই ভাল আছিল ভাবটো, সেইবোৰ দিনত মনলৈপ্ৰায়ে আহিছিল৷ ) তেনে কামবোৰ, যেনে-দেৱালীৰ দিনা পদূলিমুখত কলপুলি পোতা, মাটিৰ চাকি শাৰী শাৰীকৈ সজোৱা আদিবোৰৰ আমেজ চুবুৰিৰ কাৰোবাৰ ঘৰলৈ গৈহে ল’ব লগা হৈছিল৷ তাতো পিছে ফূৰ্তিত মতলীয়া হৈ সুখ লভিব পৰা নাছিলোঁ; পৰা নাছিলোঁ ভয়-সংকোচৰ পৰা মুক্ত হৈ শৈশৱৰ নিষ্পাপ আনন্দত নিমজ্জিত হ’ব৷ চক খাই থাকোঁতেই গৈছিল–জানোচা দেউতা ঘৰ আহি পালেহি আৰু ঘৰত মোক নেদেখি বিচাৰিছে–অথবা কিবা কামত যদি এইফালে আহি মোক জেগাতে পায়…! এনেধৰণৰ শংকাৰ পৰা মন মুক্ত নহৈছিল৷
নিজকে বৰ দাগী অপৰাধী যেনহে লাগিছিল! তেনে মহাসঙ্কটৰ মাজত থকাতকৈ ঘৰলৈ যোৱাগৈয়ে ভাল যেন ভাব এটাও জাগিছিল; অথচ সেই ঠাইৰ মোহ এৰি গুচি অহিবওহে নোৱাৰি৷ তেতিয়া মা, আইতা, বাহঁতৰ লগতে চুবুৰিৰ দুই-একৰ মুখকেইখন মনলৈ আনি অলপ সাহস গোটাই নিজকে প্ৰবোধ দিছিলোঁ, মোক বচোৱা মানুহ ঢেৰ আছে, এতিয়া সেয়া চিন্তা বাদ দি তই “কামত“ লাগ! –সেইবোৰ দিনত দেউতাৰ খং উঠিলে, আমাক বচাব পৰা মানুহতো নাছিলেই, মই যিকেইখন মুখ মনলৈ আনি সাহস লভিছিলোঁ, মোৰ “অপকৰ্ম“ৰ বিচাৰ তথা শাস্তি প্ৰদান অনুষ্ঠানত সেই কেইখন মুখত কেৱল নিৰ্বাক দৰ্শনাৰ্থীৰ ভাৱ এটাহে ফুটি উঠা দেখিছিলোঁ৷ দেউতাৰ সন্মুখত মাত ওলোৱা মানুহ বুলিবলৈ মাথোঁ আইতাহে আছিল৷ আইতাই তামোল খুন্দি খুন্দি যেতিয়া মোৰ হৈ মাতিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাবিছিলোঁ এইবাৰলৈ আইতাৰ কাৰণেই বাচিলোঁ আৰু! আইতাই মুখ খুলিছিল–“এটাইখন ছোৱালীকে তুলি ল’লিহঁত, ঘৰত লগ বুলিবলে’ তাৰ কোনো এটা নাই, অকণমান ওলাই গ’ল যেনিবা…, সেই আগতে সৰুকণৰ (আমাৰ ওচৰৰ চুবুৰিটোৰ) মাকে ক’বৰ নিচিনা, বোলে মোৰ
পো আছিল চাৰি…“ হঠাতেৰৈ, কিবা এটা মনত পেলাই লৈ, সুৰ সলাই পুনৰ আৰম্ভ কৰে–“অ’ আজি বাপাৰামৰ পুতেকে আগবাৰীৰ ভীমকলজোপাৰ পৰা চাৰিটাকে পুলি লৈ গ’ল৷ তাক অত ক’লোঁ, বোলো হেৰৌ নিছ দুটা নে, নাই কেৰেপেই নকৰিলে৷ গাঁৱৰ গোটেই মখাই নিজৰখিনি থৈ, আমাৰখনতে বিচাৰি আহে……বেৰকুৰ পচি, গোটেই বাৰীখন লধৌ-ধৌ হ’ল
আৰু! এই ব্ৰহ্মধোদটোক (সৰু খুড়াক) ইমানকৈ ক’লোঁ, টাটীখন ভাগিল, বাঁহ দুডালমান কাটি আন…অলপ ৰৈ পুনৰ সুৰ সলনি কৰি–“বাঁহ কাটিবলৈ যদি কোনোবা যাৱ, মোলে’ লাখুঁটি এডাল কাটি আনিবি, বাৰীচুকলৈ নিয়াডালেৰে, কালি এই ডেকা গাত জুই লগা বুবায়ে সাপ মাৰিলে…… তাক নিনিবি নিনিবি কৈ থকাৰ পিছতো নৰ’ল……অ! মোৰ চেধা টেমাটো কোনে নিলিহঁত অ’…“৷ —সেই শেষ ভৰষা আইতাৰ ’চেইন ছিষ্টেম’ত নিগৰা ধাৰাবিৱৰণি, চাধা আৰু খুন্দা তামোলৰ পাগে বন্ধ কৰাৰ বহু আগতেই মোৰ বিচাৰ, শাস্তি, সকীয়নি আদি পৰ্ববোৰৰ অন্ত পৰিছিল! সেইফালে আইতাৰ ভ্ৰূক্ষেপেই
নাছিল! অৱশ্যে সদায়েযে আমাক নিৰাপত্তা দিয়া বা উদ্ধাৰ কৰাৰ নামত আইতাই তেনে কৰিছিল সেইটোও নহয়৷অৱশ্যে সেই দিনত নিৰাপত্তাৰ ক্ষেত্ৰত, আইতাতকৈ আইতাৰ ৰান্ধনীশালখনহে বেছি নিৰ্ভৰশীল আছিল৷ কাৰণ তাত যেতিয়াই তেতিয়াই যিকোনো মানুহৰে প্ৰৱেশত বাধা আছিল৷ (কোৱা বাহুল্য মাথোঁ, আইতা অতিপাত ভকতীয়া নিয়মেৰে চলিছিল৷
এনেকি ভাত ৰন্ধা খৰিও পানী ছটিয়াইহে লৈছিল! ) আৰু পাকঘৰটোত আমাৰ আছিল অবাধ প্ৰৱেশৰ ’লাইচেঞ্চ’৷ সেয়েহে তাত সোমাই নিজকে অগ্নিগড়ত থকা যেন লাগিছিল৷

—-আজি পিছে আইতাও নাই, দেউতাৰ যমদগ্নি ঋষিৰ খঙো জামৰি পানী যেন হ’ল–অথচ মই যেন এইমাত্ৰ দেউতাৰ বজ্ৰকঠিন হাতৰ কোব খাই নিজানত নিৰলে উচুপি আছোঁ৷ ০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments