দীপেন শইকীয়াৰ পত্ৰ

প্ৰিয়

নদী,

চতুৱা বতাহ জাকে দিলেহি বাতৰি। বিহুলৈ মাথোন এপষেক বাকী।বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোৱাৰ দৰে “তোমাৰে আমাৰে বিহু সন্মিলন হোৱাৰ…” অৱকাশ আৰু নাই মোৰ। অভিমানৰ পোতাশালত এৰি তুমি অজি দিহিঙৰ সিপাৰত। গৌৰীপুৰত আজি ৰজা নাই। আছে মাথো নীড় হাৰা এটি প্ৰেমিক চৰাই, এক অঘৰী কবি। ডান্টে -বিয়েট্ৰিচৰ প্ৰেমৰ গাঁথাৰ লগত ৰিজনি দি আকাশ চোৱাৰ আৰু বিলাস নাই।অ’ মোৰ হিয়াহীনা প্ৰিয়া, হিয়া হালধীৰে গা মন ধুই আৰু এক নৱজীৱনৰ অপেক্ষাত সাতালি পৰ্বতৰ চুড়াত বহি এক বুভুক্ষাৰ প্ৰলাপ। উভতি চোৱা। নিজৰ পৰা আৰু কিমান পলাবা? পাৰিবা জানো?

কুলিটোৱে তুলিছে সুৱাগুৰি। বিহু আহিল। সেউজ সেউজ ধৰা। এক নৱ অঙ্কুৰণত প্ৰসৱ বেদনাত চম্পাৱতী কেতেকীৰ সপোন। তাকে দেখি সখিয়তীৰ পেঁচ। পিছে জীৱনৰ অস্তাচলত ৰৈ মইনো কাকেই বা আক্ষেপ কৰোঁ? বিহুৰ তলিত ৰৈ কাকেইবা সোধোঁ তোমাৰ খবৰ? বাসন্তীৰ ৰাগত কেনেকৈনো বিলাও মদাৰৰ আভা। সেয়েহে প্ৰতিটো প্ৰহৰতে আকাশলৈ চাইছোঁ। (যিহেতু আকাশ প্ৰেমৰ ঘৰ)। গা নিৰাই যোৱা প্ৰতিজাক বতাহক সুধিছোঁ তোমাৰ খবৰ। কুশল বাৰ্তা।

আজি আহিল বসন্তৰ প্ৰথমজাক বৰষুণ। পিছে মোৰ মন গহনত প্ৰতিদিনে বৰদৈচিলা। নাংফাৰ দেশত তুমি কোন বদনৰ তেজ? পোতাশ্ৰয় এৰি কোন দিশে তোমাৰ স্নপ্নৰ জাহাজ? বোজাহীন প্ৰাচুৰ্যতাত তুমি চাগে খুবেই সুখী। আমাৰ পিছে এইবাৰ বিহু মহঙা। তাহানিৰ বিহুৱাটো হ’বলৈও ঢোলৰ বৰতি চিগিল। দুখে ভিজা এঙাচোলাত শয় পৰিলে।

আজি বসন্তৰ প্ৰথমজাক বৰষুণৰ দিনাই তোমালৈ পঠালোঁ বিহুৰ ওলগ। উজনিমুৱা বতাহ জাকে নিশ্চয় কাণ চোৱাব। গ্ৰহণ কৰিবা। মই জানো, তুমি এতিয়া নিজৰ ভাৱত মচগুল। সাজৰ বাতিত মুখ দি তুমি হয়তো সেউজীয়া ৰঙা সপোন গুঁঠি আছা। ইয়াটো জঙা পায়। তাৰেই ৰাগীত দোলি দোলি মইও দূঃস্বপ্নৰ গুলি ফুটাই আছোঁ…

প্ৰযত্নে
পোহৰ
৩০/০৩/১৫

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments