দুঃখিত, অনুৰাগ – স্নেহা অলঙ্কৃতা

এই যে হাজাৰ শিলৰ টুকুৰাৰে ৰাজপথ

ওখোৰা-মোখোৰা গতিৰে চলন্ত ছাঁবোৰ

এটা উজুটি তাতে, মোৰে নিয়তি

তুমি প্ৰেম নাম দিব পাৰা ইয়াক, অনুৰাগ ?

 

মইতো দূৰণিৰ কোনোবা সাধুৰ ছাঁ‌

টুকুৰা-টুকুৰিকৈ ওলমি আছোঁ‌

তোমাৰ মন-মগজুত

গাঁ‌ঠি উলিয়াবলৈ সূতা এডাল

এইমাত্ৰ যদি বিচাৰি পোৱা

মই কি ৰূপ ল’ম অনুৰাগ —

তোমাৰ ভ্ৰান্ত দৃষ্টিত

মই কি ঈশ্বৰ হৈ উঠিম ?

মই কি মাটি হৈ উঠিম তোমাৰ

গজি উঠা গছ যেন হেঁ‌পাহৰ বাবে

মই কি বৰষুণ হৈ উঠিম

তোমাৰ অকুলন পিয়াহৰ বাবে ?

প্ৰেমৰ সলনি হৈছে ৰূপ, অনুৰাগ

ওফৰি পৰা শিলৰ টুকুৰাৰে আমাৰ ৰাজপথ

উজুটি এটাৰে থমকি মই তোমাৰ মুখলৈ চালোঁ‌

তোমাৰ চকুত কিজানি মই

এটা সাধুৰ ছাঁ‌ দেখিলোঁ‌

আৰু তুমি ভাৱিলা

আৰু ময়ো ভাৱিলোঁ‌

আমি যেন প্ৰেমত পৰিলোঁ‌

ছাঁ‌টো থকালৈকে আমাৰ সাধুটো, অনুৰাগ

তাৰপিচত আকৌ পথ —

ওফৰি পৰা শিলৰ টুকুৰা আৰু যাতনা

এটা স্বপ্নৰ বাবে নামঞ্জুৰ হোৱা হেজাৰ প্ৰাৰ্থনা

ঈশ্বৰৰ দুৱাৰত ক্ৰন্দন, অনুযোগ আৰু আস্ফালনৰ

অলেখ বিড়ম্বনা

তথাপিও এক মুহূৰ্ত কোনোবাটো কেঁ‌কুৰিত

তুমি যদি থৰ হৈ ৰৈ যোৱা

উদভ্ৰান্ত হাতেৰে যদি খেপিয়াই ফুৰা স্বপ্ন

সহস্ৰ দুৰ্ভিক্ষৰ যাতনাৰে যদি তুমি

একমাত্ৰ মৃত্যুৰ দৰে বিচৰা মোক

মই কিজানি তোমাৰ প্ৰেম হৈ উঠিম তেতিয়া

আৰু তুমি হৈ উঠিবা তোমাৰে মৃত্যু

মৃত্যুতকৈ চৰম আৰু কি আছে অনুৰাগ,

প্ৰেম অকল মৃত্যুৰে সাধু —

জীয়াই থকাৰ অজস্ৰ প্ৰয়োজন লৈ

যাক তুমি পাহৰি পেলালোঁ‌ বুলি ভাৱিবা

আৰু প্ৰতিটো জিৰণিত চকু মুদোঁ‌তেই যাক তুমি

মৃত্যুৰ দৰে শেষ আৱেগেৰে আঁ‌কোৱালি ল’বা

—————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments