দুঃসাহসিক অভিযান (সুমন্ত সাৰথি বৰঠাকুৰ)


(
জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ‘The adventure’ গল্পটোৰ অনুবাদ)

 

বম্বেৰ পৰা পুনেলৈ বেগেৰে গৈ থকা জিজামাতা এক্সপ্ৰেছে লোনাভালাত কিছুসময়ৰ বাবে ৰৈছিল আৰু তাৰ পিছত কল্যাণৰ মাজেৰে ঢেৰেকনিৰ দৰে পাৰ হয়। অধ্যাপক গাইটোণ্ডেৰ বেগী মনটোৱে বোম্বাইত কোনো কাৰ্য সম্পন্ন কৰাৰ পৰিকল্পনা কৰে।অধ্যাপক গাইটোণ্ডেই এটা বৃহৎ পুথিভৰাঁললৈ যোৱাৰ চিন্তা কৰে যাতে তেওঁ জানিব পাৰে সেই ঘটনাৱলী কেনেদৰে সংঘটিত হ’ল। তাৰপিছত এই সম্পৰ্কে বুজ ল’বৰ বাবে তেওঁ ৰাজেন্দ্ৰ দেশপাণ্ডেৰ সৈতে কথা পাতিব।
_____

ৰে’লখন আহি ছৰহদ নামৰ এটা সৰু ষ্টেচনত ৰৈ যায় য’ত ইউনিফৰ্ম পৰিধানকাৰী এজন ইংগ-ভাৰতীয় মানুহে ৰেলৰ অনুমতি-পত্ৰবোৰ পৰীক্ষা কৰে। সহযাত্ৰী খান চাহিবে গাইটোণ্ডেক কয় যে তাতেই ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিল। ৰে’লখন চহৰৰ উপকণ্ঠ অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। খান চাহিবে কিছুমান নীলা ৰঙৰ দবাৰ গাত GBMR ( Greater Bombey Metropolitan Railway) বুলি লিখা থকা দেখা পায় আৰু প্ৰত্যেক দবাতে ব্ৰিটেইনৰ জাতীয় পতাকা অংকিত আছিল। এইটোৱেই ইংগিত বহন কৰিছিল যে তেওঁলোক ব্ৰিটিছ ৰাজ্যত আছিল। অৱশেষত ৰে’লখন আহি এটা চাফ-চিকুণ ষ্টেচনত ৰৈ যায়, যিটো ইংগ-ভাৰতীয়, পাৰ্ছী আৰু কিছুসংখ্যক ব্ৰিটিছ বিষয়াৰ দ্বাৰা পৰিচালিত হৈছিল। ষ্টেচনৰ বাহিৰত গাইটোণ্ডেই ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মনোমোহা অট্টালিকাৰ সৈতে মুখামুখি অৱস্থাত নিজকে আৱিষ্কাৰ কৰে।
অধ্যাপক গাইটোণ্ডেই এনে এটা দৃশ্য দেখা পাব বুলি ভবা নাছিল। তেওঁ যিমান দূৰ জানে, ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছতেই ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পতন হয়। কিন্তু,   ইয়াত এয়া জীৱন্ত আৰু সমৃদ্ধিশীল অৱস্থাত আছিল। তেওঁ হৰ্ণবাই ৰোডেৰে খোজকাঢ়ি গৈছিল আৰু বিভিন্ন ধৰণৰ দোকান আৰু কাৰ্যালয় ভৱনবোৰ দেখা পাইছিল। তেওঁ ফ’ৰ্বছ অট্টালিকাত সোমাই পৰিচাৰিকাক সোধে, “মই বিনয় গাইটোণ্ডেক লগ পাব বিচৰোঁ।”
তাই সকলো টেলিফোনৰ তালিকা, কৰ্মচাৰীৰ তালিকা আৰু আনকি অন্যান্য শাখাৰো কৰ্মচাৰীৰ তালিকা চায়। তাই মূৰ জোকাৰি উত্তৰ দিলে, “ ক্ষমা কৰিব মহাশয়, মই এনেকুৱা নামৰ কোনো ব্যক্তি আমাৰ কোনো শাখাতে বিচাৰি নাপালোঁ। আপুনি নিশ্চিত নে যে তেওঁ ইয়াতে কাম কৰে?”
তেওঁ অতি আচৰিত হ’ল। “যদি এইখন পৃথিৱীত ময়েই নাই তেন্তে মোৰ ল’ৰাটো বা জীয়াই আছেনে নাই! কি ঠিক তাৰ যদি জন্মই হোৱা নাই?”
তেওঁ তাইক ধন্যবাদ জনাই বুৰঞ্জী সাঁথৰটোৰ সমাধান বিছাৰি এছিয়াতিক ছ’ছাইটিৰ গ্ৰন্থাগাৰলৈ আহে। খৰখেদাকৈ মধ্যাহ্ন ভোজন কৰি তেওঁ টাউন হলৰ অধ্যয়ন কক্ষলৈ আগবঢ়ি যায়।
____

তেওঁ নিজে লিখা পাঁচটা খণ্ডৰ সৈতে আৰু কিছুমান কিতাপ অনাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ সেইবোৰ পঢ়া আৰম্ভ কৰিলে আৰু দেখিলে যে ঔৰংগজেৱৰ মৃত্যুলৈকে অৰ্থাৎ চতুৰ্থ খণ্ডলৈ বুৰঞ্জী তেওঁ জনা ধৰণেই আছিল। কিন্তু পঞ্চম খণ্ডত তেওঁ দেখিলে যে বুৰঞ্জীয়ে এক নতুন গতি লৈছে। ইয়াত পানিপথৰ যুদ্ধৰ বৰ্ণনা দিয়া হৈছে য’ত মাৰাঠীসকলে জয়লাভ কৰিছিল। আব্দালিক পুনৰ কাবুললৈ খেদি পঠিওৱা হৈছিল আৰু মাৰাঠীসকলে সমগ্ৰ উত্তৰ ভাৰততে তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিছিল।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ সম্প্ৰসাৰণ কাৰ্যসূচী স্তব্ধ হৈ পৰে। কোম্পানীয়ে নিজৰ সমতুল্য হিচাপে দুজন মাৰাঠী নেতা বিশ্বাসৰাও আৰু মাধৱৰাওক লগ পাইছিল, যাৰ সাহস আৰু ৰাজনৈতিক দিশত থকা বুদ্ধিৰ তীক্ষ্ণতাই সমগ্ৰ ভাৰতবৰ্ষতে পেছোৱাসকলৰ প্ৰভাৱ বিস্তাৰিত কৰিছিল। তেওঁলোকে মোগল আমোলাক পুতলা হিচাপে দিল্লীত ৰাখি থৈছিল। অধ্যাপক গাইটোণ্ডেই প্ৰথমবাৰৰ বাবেহে বুৰঞ্জীৰ এই অংশ পঢ়িবলৈ পাইছিল। ঊনৈশ শতিকাত প্ৰযুক্তিবিদ্যাৰ আৰম্ভনি হৈছিল ইউৰোপত আৰু বুধিয়ক পেছোৱা নেতাসকলে দেশৰ বিভিন্ন স্থানত বিজ্ঞান কেন্দ্ৰ স্থাপন কৰাৰ গুৰুত্ব ভালকৈয়ে বুজি উঠিছিল। ইয়াৰ সুবিধা লৈ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকক সহায় আৰু বিশেষজ্ঞ আগবঢ়াইছিল আৰু স্থানীয় কেন্দ্ৰসমূহক স্বয়ংসম্পূৰ্ণ তথা উপযুক্ত কৰি তোলাৰ বাবে এই সুবিধাসমূহ গ্ৰহণ কৰা হৈছিল।
বিংশ শতিকাত পশ্চিমীয়া দেশসমূহে পৰিৱৰ্তনত যথেষ্ট অৰিহণা যোগায় আৰু ভাৰত গণতন্ত্ৰৰ ফালে ধাৱিত হয়। সেই সময়তে, পেছোৱা নেতাসকলে ক্ৰমান্নয়ে নিজৰ আধিপত্য হেৰুৱায় আৰু কিছুসংখ্যক নিৰ্বাচিত নেতাই তেওঁলোকৰ স্থান লয়। দিল্লীৰ সম্ৰাট এগৰাকী ক্ষমতাবিহীন নেতা হিচাপে থাকি যায় যাৰ দায়িত্ব মাথো সংসদে দিয়া পৰামৰ্শৱালী বা প্ৰস্তাৱসমূহ জাৰী কৰ। গংগাধৰপণ্টে অনুভৱ কৰে যে ভাৰত এতিয়া শ্বেতাংগসকলৰ দাসত্বৰ বান্ধোনত বান্ধ খাই থকা নাই। ই স্বাধীন হ’বলৈ আৰু আত্ম-সন্মান দাবী কৰিবলৈ শিকিলে। একমাত্ৰ বাণিজ্যিক কাৰণত ব্ৰিটিছসকলক অকল বোম্বেত বাহৰ পাতিবলৈ অনুমতি দিয়া হ’ল। ১৯০৮ চনৰ চুক্তিমতে, এই চুক্তিখনৰ ম্যাদ উকলি যোৱাৰ সময় আছিল ২০০১ চন। গংগাধৰপণ্টে তেওঁ জনা দেশখনৰ লগত তেওঁ চাৰিওফালে দেখি থকা দেশখন তুলনা কৰিবলৈ ধৰিলে।
নিজৰ অনুসন্ধান অসম্পূৰ্ণ হোৱা দেখি গংগাধৰপণ্টে মাৰাঠীসকলে কেনেদৰে জয়ী হ’ল সেইকথা জানিব বিচাৰিলে। অৱশেষত, ইয়াৰ এটা ইংগিত পালে ‘ভাউছহেবাঞ্চি বাখৰ’ নামৰ কিতাপখনত। ঐতিহাসিক সাক্ষ্যৰ বাবে অধ্যাপকগৰাকীয়ে এই কিতাপকেইখনৰ ওপৰত নিৰ্ভৰ কৰা নাছিল যদিও ইয়াত বৰ্ণিত বৃত্তান্ত প্ৰকৃত সত্যৰ লগত সাদৃশ্য আছিল। তেওঁ কিতাপখনত উল্লেখ থকা দেখিলে যে বন্দুকৰ গুলি এটা বিশ্বাসৰাওৰ কাণৰ নিচেই কাষেৰে পাৰ হৈ যোৱাৰ বাবে তেওঁ মৃত্যৰ পৰা ৰক্ষা পৰে।
গধূলি ৮ বজাত গ্ৰন্থাগাৰিকজনে তেওঁক মনত পেলাই দিয়ে যে পুথিভঁৰালটো বন্ধ কৰিবৰ সময় হ’ল। গংগাধৰপণ্টে চাৰিওফালে চাই মন কৰিলে যে তেওঁৰ বাহিৰে আৰু পুথিভঁৰালটোত আৰু কোনো পঢ়ুৱৈ নাই।
গ্ৰন্থাগাৰিকজনক তেওঁ ক’লে, “অনুগ্ৰহ কৰি এই কিতাপসমূহ ইয়াত এনেদৰেই থাকিবলৈ দিব পাৰিনে যাতে কাইলৈ ৰাতিপুৱা আহি মই পঢ়িব পাৰোঁ? এই পুথিভঁৰালটো কেইটা বজাত খোলে বাৰু?”
“৮ বজাত, মহাশয়” , পুথিভঁৰালীজনে উত্তৰ দিলে।
যোৱাৰ সময়ত গংগাধৰপণ্টে অন্যমনস্ক হৈ কিছুমান টোকাৰ লগতে ‘বাখৰ’ কিতাপখন জেপত ভৰাই লয়।
______

তেওঁ এটা অতিথিশালাত আশ্ৰয় গ্ৰহণ কৰি তাত লঘু আহাৰ গ্ৰহণ কৰে। তাৰপিছত তেওঁ আজাদ মৈদানৰ ফালে ওলাই যায়। তাত কিছু মানুহ গোট খাইছে আৰু বক্তৃতা এটা চলি আছে। তেওঁ দেখা পালে যে সভাপতিৰ আসনখন খালী হৈ আছে। তেওঁ অতি আচৰিত হ’ল।তেওঁ আসনৰ ফালে আগবাঢ়ি যায় কিন্তু দৰ্শকমণ্ডলীয়ে তেওঁক বাধা দিয়ে।
“সেই আসনখন খালী হৈ থাকিবলৈ দিয়ক!”
“এই বক্তৃতাত কোনো সভাপতি নাই…”
“মঞ্চৰ পৰা আঁতৰি আহক।“
“এই আসনখন প্ৰতীকস্বৰূপ, আপুনি নাজানে নেকি?”
কি মূৰ্খামি! সভাপতি নোহোৱাকৈ সভাৰ বক্তৃতা হ’ব পাৰেনে? গংগাধৰপণ্ট মাইকৰ ফালে আগবঢ়ি যায় আৰু কয় যে সভাপতি অবিহনে এখন সভা ঠিক ডেনমাৰ্কৰ যুৱৰাজ অবিহনে ছেক্সপীয়েৰৰ হেমলেট নাটকৰ দৰেই। যি কি নহওঁক, তেওঁৰ ভাষণ শুনিবলৈ ৰাইজৰ ধৈৰ্য নাছিল আৰু সেয়ে তেওঁৰ গালৈ কণী, বিলাহী আৰু অন্যান্য বস্তু দলিয়াবলৈ ধৰে। এয়া তেওঁৰ সহস্ৰতম ভাষণ হোৱা হেতুকে তেওঁ শত্ৰুভাবপন্ন জনসমষ্টিৰ সৈতে মুখামুখি হ’বলৈ সাহস কৰি বক্তব্য আগবঢ়াই গৈ থাকিল। অতি সোনকালে দৰ্শকে তেওঁক মঞ্চৰ পৰা টানি আনে।
তাৰপিছত তেওঁক ক’তো দেখা পোৱা নগ’ল।
________

“ৰাজেন্দ্ৰ, এইয়াই মোৰ ক’বলগাখিনি। যিমানদূৰ মনত আছে পিছদিনা ৰাতিপুৱা মোক আজাদ মৈদানত পোৱা গ’ল। কিন্তু মই নিজৰ চিনাকি পৃথিৱীখনলৈ ঘূৰি আহিলোঁ। এতিয়া যোৱা দুদিন নো মই ক’ত আছিলো?”
ৰাজেন্দ্ৰ অধ্যাপক গৰাকীৰ কথা শুনি অবাক হৈ ৰয়। তেওঁ এটা উত্তৰ দিবলৈ সময় লয়।
“তুমি বাৰু ট্ৰাকখনৰ সৈতে সংঘৰ্ষ হোৱাৰ ঠিক পূৰ্বে কি কৰি আছিলা?”
“মই বিপৰ্যয় বিষয়ক মতবাদ আৰু বুৰঞ্জীত ইয়াৰ প্ৰভাৱ সম্পৰ্কে ভাবি আছিলোঁ।”
“ঠিক, মই সেইটোৱেই ভাবিছিলোঁ”, ৰাজেন্দ্ৰই হাঁহি এটা মাৰি ক’লে।
“নাহাঁহিবা। তুমি যদি ভাবিছা এইটো কেৱল মোৰ কল্পনা আৰু মগজুৰ ভ্ৰম তেন্তে এইটো চোৱা।”
তেওঁ জেপৰ পৰা ‘বাখৰ’ৰ ফলা পাতটো উলিয়ায় আৰু তেওঁৰ অভিজ্ঞতাৰ প্ৰভাৱ স্বৰূপে উপস্থাপন কৰে। তেওঁ বৰ্ণনা কৰে যে কেনেকৈ ভুলক্ৰমে তেওঁ কিতাপখন লগত ৰাখি থয় আৰু পিছদিনা ৰাতিপুৱাই ঘূৰাই দিয়াৰ কথা ভাবিছিল যদিও আজাদ মৈদানৰ ঘটনাটোৰ পিছত মাত্ৰ এটা পাতহে তেওঁৰ হাতত থাকে। ৰাজেন্দ্ৰই পঢ়িবলৈ ধৰে কেনেকৈ বিশ্বাসৰাও বন্দুকৰ গুলিৰ পৰা কথমপি ৰক্ষা পৰে আৰু মাৰাঠীসকল যুদ্ধত জয়ী হয়।
গংগাধৰপণ্টে ‘ভাউছহেবাঞ্চি বাখৰ’ কিতাপখনৰ এটা পৃষ্ঠা উলিয়াই ৰাজেন্দ্ৰক দেখুৱায়, “চোৱা, ইয়াত লিখা আছে বিশ্বাসৰাওৰ গাঁত গুলী লাগে।” ৰাজেন্দ্ৰই এতিয়াহে কথাৰ আঁতি-গুৰি ধৰিব পাৰে। ফলা পাততোৱেই গাইটোণ্ডোৰ অভিজ্ঞতাৰ প্ৰমাণ কৰি দেখুৱায় যে, সত্য সদায় কল্পনাতকৈ আচম্বিত তথা অসাধাৰণ। অধ্যাপকগৰাকী সত্যৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিল। ৰাজেন্দ্ৰই পাণিপথৰ যুদ্ধত বিপৰ্যয় বিষয়ক মতবাদ প্ৰয়োগ কৰিলে। দুয়োপক্ষৰ সৈন্যই সমানে শক্তিশালী আৰু অস্ত্ৰৰে সুসজ্জিত আছিল। সেয়ে জয় নিৰ্ভৰ কৰিছিল নেতৃত্ব আৰু সৈন্যবাহিনীৰ আত্মবিশ্বাসৰ ওপৰত। বুৰঞ্জীয়ে কোৱা মতে, বিশ্বাসৰাওৰ মৃত্যুয়ে যুদ্ধত এটি নতুন গতি আনে। ভাউচাহেবৰ বিষয়ে কোনো কথা জনা নাযায়। মাৰাঠী সৈন্য হতাশ হয় আৰু যুদ্ধত পৰাজয়বৰণ কৰে। কিন্তু ফলা পাতটোৱে বেলেগ এটা বুৰঞ্জীহে কয়। বিশ্বাসৰাওৰ দেহত গুলী নালাগে আৰু মাৰাঠীসকল যুদ্ধত জয়ী হয়।গংগাধৰপণ্টে কয়, “ৱাটাৰ্লু যুদ্ধতো নেপোলিয়নে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু , আমি সকলোৱে এখন অতুলনীয় তথা অদ্বিতীয় পৃথিৱীত বাস কৰোঁ যাৰ নিজা বুৰঞ্জী আছে। ‘হ’লহেঁতেন’ জাতীয় কথা কাল্পনিক ক্ষেত্ৰতহে খাপ খায়, বাস্তৱত ই প্ৰযোজ্য নহয়।”
তাৰপিছত ৰাজেন্দ্ৰই দ্বিতীয় মতবাদৰ ওপৰত আলোকপাত কৰে। তেওঁ ক’লে, “ আমি যি দেখো তাতেই সীমাবদ্ধ হৈ থাকে সত্যতা। কণিকাবাদৰ অনিশ্বয়তা সূত্ৰই (Uncertainity principle of quantum mechanics) এই কথাটো প্ৰমাণ কৰে। এই সূত্ৰ মতে, পৰমাণু এটাৰ নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰা ইলেকট্ৰ’ণ এটাৰ আচৰণ সম্বন্ধে পূৰ্বানুমান কৰিব নোৱাৰি। যেনে ইয়াৰ স্থান আৰু বেগ একেসময়তে নিৰ্ভুলকৈ উলিয়াব নোৱাৰি। একে সময়তে আমি বহুতো জাগতিক দৃশ্য দেখা পাওঁ আৰু ইলেকট্ৰ’ণ সকলো ঠাইতে উপলব্ধ। সত্য কেতিয়াও একপক্ষীয় নহয়, সকলো ধৰণৰ বিকল্পই সম্ভৱপৰ। কিন্তু পৰ্যবেক্ষকজনে এটা সময়ত মাত্ৰ এটা অংশহে চাবলৈ সক্ষম হয়। ইলেকট্ৰ’ণ এটাই এটা শক্তিস্তৰৰ পৰা আন এটা শক্তিস্তৰলৈ জাঁপ মৰাৰ দৰে তুমিও এই পৃথিৱীৰ পৰা অইন এখন সমান্তৰাল পৃথিৱীলৈ গতি কৰিছিলা।ফলত তুমি একে বাস্তৱৰ দুটা দিশ চাবলৈও সক্ষম হৈছিলা। এখন হৈছে আমি বাস কৰা পৃথিৱীখন আৰু আনখন হৈছে সমান্তৰাল পৃথিৱীখন য’ত তুমি দুটা দিন অতিবাহিত কৰা। তুমি অতীত বা ভৱিষ্যতলৈ গতি কৰা নাই, বৰ্তমান কালতেই আছিলা কিন্তু আহৰণ কৰিছিলা অন্য এখন পৃথিৱীৰ অভিজ্ঞতা। এনেধৰণৰ পৰিৱৰ্তনৰ বাবে পাৰস্পৰিক যোগাযোগৰ প্ৰয়োজন। পানিপথৰ যুদ্ধই এইক্ষেত্ৰত সেঁতু হিচাপে কাম কৰিছিল।”
অধ্যাপকগৰাকীৰ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত তেওঁ চিন্তা কৰি আছিল যে পানিপথৰ যুদ্ধৰ সামান্য তাৰতম্যই ইয়াৰ ফলাফল কেনেদৰে নিৰূপণ কৰিলেহেঁতেন।

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pratyasha Borthakur
6 years ago

Bahiya.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক