দুঃসাহসিক ভ্ৰমণ বিষয়ক দুখন গ্ৰন্থত ৰহস্যময় হিমালয় আৰু তিব্বত – ধীৰেন শইকীয়া

অতীজৰে পৰা চুবুৰীয়া হিমালয় আৰু তিব্বতৰ বিষয়ে মানুহৰ কৌতূহলৰ অন্ত নাই৷ ১৯৩৩ বৰ্ষত প্ৰকাশিত জেমছ হিলটনৰ ‘লষ্ট হৰাইজন’ৰ দৰে গ্ৰন্থইও বৰ্ণাইছে দুয়োটা অঞ্চলৰ বহু বিষয়৷ তিব্বতৰ চাংগ্ৰিলা এখন যে ইউটুপিয়া(ৰহস্যময় কাল্পনিক স্বৰ্গ)তাকো উল্লেখ কৰিছিল লেখক জেমছ হিলটনে এইখন গ্ৰন্থত৷ আজি আমি ভূতত্ত্ববিদ হেমচন্দ্ৰ শৰ্মাৰ গ্ৰন্থ ‘ৰহস্যাবৃত হিমালয়ৰ অশ্ৰুত কাহিনী’ আৰু বিশিষ্ট সাংবাদিক, লেখক ৰিচাৰ্ড ষ্টাৰ্কচ আৰু মৰিয়াম মাৰকোট লিখিত ‘লষ্ট ইন তিবেত’ৰ বিপুল দেউৰীয়ে কৰা অসমীয়া অনুবাদৰ যোগেদি তিব্বতৰ বহু নজনা কথা জনাবলৈ চেষ্টা কৰিম৷ দুয়োখনেই দুঃসাহসিক ভ্ৰমণ বিষয়ক গ্ৰন্থ বাবেই একেটা আওতাতে ৰাখি এই প্ৰবন্ধ লিখিলো৷ উল্লেখ্য যে, ‘ডী হাম্প’ নামৰ ৰহস্যময় উৰণ পথটোৰে উৰি যাওঁতে সেই সময়ত ছশ বিমান আৰু এহেজাৰ মানুহ প্ৰাণ হেৰুৱাইছিল৷ ‘লষ্ট ইন তিবেত’ৰ বৈমানিক সকলৰ লগত যোৱা আটাইকেইজন লোকো এনে অসঞ্জাতী পৰ্বত কিছুমান অতিক্ৰম কৰি তেওঁলোকৰ বিমানখন ধ্বংসপ্ৰাপ্ত হোৱাৰ পিছত কিদৰে দুঃসহ সময় তিব্বতত কটাই পুনৰ যোৰহাটলৈ ডেৰমাহৰ পিছত উভতি আহিছিল তাৰ কথা আছে৷

ভূবিজ্ঞানৰ মতে কেইবাশ বছৰ ধৰি ইউৰেছীয় আৰু ভাৰতীয় ফলকৰ অভিগামী অংশত টেথিচ নামে এখন ঐতিহাসিক মহাসাগৰ আছিল, কিন্তু ৰহস্যময় ফলকীয় বিৱৰ্তনৰ ফলত ই উঠি আহি আজিৰ এই হিমালয় পৰ্বতখনৰ সৃষ্টি হৈছিল৷ বিশ্বাস যে, এই অঞ্চল ভ্ৰমণ কৰিলে মানবীয় শক্তি বৃদ্ধি হয়, লগতে আঁতৰ হয় মনৰ বহু বেয়া গুণৰ, জয় কৰিব পাৰি নিজকে অহংকাৰ, শত্ৰুতা, খং, হিংসা দূৰ কৰিবলৈ সেয়েহে মানুহ হিমালয় অভিযান কৰে৷ পিছে বিভিন্ন কাৰণত এই হিমালয় বৰ ৰহস্যময়৷ কেতিয়াবা যদি উপৰেদি উৰি যোৱা উৰাজাহাজ একোখনকে ইয়াৰ কোনো অংশই চুম্বকীয়ভাবে আকৰ্ষণ কৰি টানি আনিছে (পিছত দুৰ্ঘটনাগ্ৰস্ত হৈছে), কেতিয়াবা ইয়াত থকা আয়ুৰ্বেদিক বনদৰৱে মাৰাত্মক ঔষধ হিচাপেও কাম দিছে৷ সেয়ে কৈছেঃ সাগৰতলৰ সমানেই হিমালয়ো ৰহস্যৰে ভৰা৷

হিমালয়ত আছে অলেখ বেদনাও

ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাৰ্তাবাহক ৰামায়ণ, মহাভাৰত, ভাগৱত আদি প্ৰায়বোৰ ধৰ্মশাস্ত্ৰতে ইয়াৰ উল্লেখ আছে, ইয়াৰ বহু কাহিনী উপকাহিনী হিমালয়ৰ লগত সম্পৃক্ত৷ আমাৰ আলোচিত হেমচন্দ্ৰ শৰ্মাৰ গ্ৰন্থখনতো (ৰহস্যাবৃত হিমালয়ৰ অশ্ৰুত কাহিনী) তেওঁ হিমালয় সম্বন্ধে লিখিছে বহু মন্তব্যঃ
ক)’হিমালয় যিমান সদয়, সিমান নিষ্ঠুৰ৷ যিমান কোমল, সিমান কঠিন৷ ’
খ)’কেতিয়াবা কোনোবাই চিন্তা কৰিছেনে শুকুলা শৃংগৰ সুদৃশ্য পাহাৰৰ বুকুত কি মৰ্মভেদী বেদনা লুকাই আছে৷ ….আপোনালোকে ভাগীৰথী, অলকানন্দা, মন্দাকিনী আদিক লৈ সুমধুৰ গাঁথা ৰচনা কৰে৷ কিন্তু তাৰ কুলু কুলু ধ্বনিৰ লগত কিমানখন ব্যথিত হৃদয়ৰ বিননি মিশ্ৰিত হৈ আছে তাৰ খবৰ ৰাখিবনে? …..হিমালয়ৰ মানুহৰ ক্ষত-বিক্ষত হৃদয়বোৰ চাবলৈ ইয়ালৈ মানুহ নাহে৷ আহে অন্য একোটা উদ্দেশ্য সাধন কৰিবলৈ…..’

হিমালয়ৰ ঔষধৰ বিষয়ে থকা মহাব্যাধিৰ কিতাপ এখন কিদৰে জাৰ্মান পালেগৈ?

এইখন গ্ৰন্থতেই উল্লেখ যে বোধহয় ভাৰতলৈ সপ্তম শতিকাতে চীনৰ পৰা এগৰাকী পৰিব্ৰাজক আহিছিল৷ তেতিয়াৰ সম্ৰাটৰ মন জয় কৰিব পৰা এইজন পৰিব্ৰাজকে যাবৰ সময়ত কিছু বৌদ্ধ ধৰ্মীয় গ্ৰন্থৰ লগতে খচ্চৰৰ পিঠিত কিছুমান মূল্যবান গ্ৰন্থও লৈ গৈছিল৷ তাৰে কেইবাখনো আছিল আয়ুৰ্বেদ সম্বন্ধীয়৷ তাত কিছুমান দুৰাৰোগ্য ব্যাধিৰ মহৌষধৰ উল্লেখ আছিল৷ পিছে পৰ্বতৰ গিৰিপথেদি যাওঁতে হিমালয়ৰ সংকটপূৰ্ণ পথত তেওঁৰ কেইবাটাও খচ্চৰ মৰিছিল, তেতিয়া বাধ্য হৈ ধৰ্মগ্ৰন্থৰ বাহিৰে বাকী গ্ৰন্থবোৰ পেলাই থৈ যায়৷ কিবা প্ৰকাৰে ইয়াৰ কিছু গ্ৰন্থ হিমালয়ৰ দুই এজনৰ হাতলৈ আহিল৷ কালক্ৰমত তাৰ পৰাই সংস্কৃত পণ্ডিত এজনে পায়, পিছত তেওঁৰ পৰাই জাৰ্মানীৰ বন্ধু এজনে দ্বিতীয় বিশ্বযুদ্ধৰ আগতে লাভ কৰে৷ পৰৱৰ্তী কালত জাৰ্মানীৰ বন্ধু এডৱাৰ্ডৰ হাতত পৰিল আৰু তেওঁ পৰৱৰ্তী সময়ত কাম আৰম্ভ কৰিছিল৷

হিমালয়ৰ অশ্ৰুত কাহিনীৰে অসন্তোলিত হিমালয়ৰ ৰহস্যগাথা

‘পূৰ্বাঞ্চল প্ৰকাশে’ প্ৰকাশ কৰা হেমচন্দ্ৰ শৰ্মাদেৱৰ ভ্ৰমণ বিষয়ক উপন্যাস ‘ৰহস্যাবৃত হিমালয়ৰ অশ্ৰুত কাহিনী’ উপন্যাসখনৰ পাতে পাতে আছে ৰহস্যময় হিমালয় বিষয়ত পূৰ্বতে পাঠকে নজনা বহু তথ্যও৷ সঁচাকৈয়ে পাঁচহেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ সৈতে হিমালয়ৰ সম্পৰ্ক, সেয়া ৰামায়ণ মহাভাৰতৰ কথাই হওক বা পুৰাণ, বেদ, উপনিষদ বা ভাগৱতৰ কথাই হওক৷ পুৰণি কালৰে পৰা বহু লেখকেই নিজৰ নিজৰ দৃষ্টিকোণেৰে হিমালয়ৰ অপাৰ সৌন্দৰ্যৰ পৰা অন্যান্য তাত্বিক কথাবোৰ তেওঁলোকৰ বিভিন্ন বিষয়ৰ গ্ৰন্থৰ মাজেৰে বৰ্ণনা কৰি আহিছে৷ বিশিষ্ট ভূ-বিজ্ঞানী হেমচন্দ্ৰ শৰ্মাই গঙ্গোত্ৰীৰ ওপৰৰ তপোবনৰ এখন আশ্ৰমত এৰাতি কটাই তাত থকা অঘৰীবাবা নামৰ সাধক সন্ন্যাসী এজনৰ আশিস লৈ (পচিশ আগষ্টত যেনে তেনে ডেৰাডুন পাবই লাগিব বোলা কথাষাৰৰ পম খেদি)উত্তৰ কাশীৰ পৰা ডেৰাদুনলৈ উভতি আহোঁতে বাটত পোৱা কিছুমান আলৌকিক ৰহস্যময় ঘটনা আৰু চুবেদাৰ দশানন ৰায়ৰ পৰিয়ালটোৰ দুখবহ কাহিনীৰ লগতে দুগৰাকী গৱেষক বিজ্ঞানী জ’ন আৰু জৰ্জিয়াৰ হত্যাকাণ্ড, গাড়ীচালক হৰি সিং-ঘনশ্যামৰ এই পথত যাতায়ত কৰোঁতে পোৱা বাস্তৱিক অভিজ্ঞতা, এডিচনেল ডাইৰেক্টৰ ত্ৰিবেদী চাহাব আদিৰ লগতে হিমালয়ৰ অনুপম সৌন্দৰ্যৰ আঁকৰ দ্ৰৌপদী সৰোবৰ তথা পৰীক্ষিত উপত্যকা আদিৰ বিবিধ বিষয়ো সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ ইয়াৰোপৰি উপন্যাসখনত হিমালয়ত থাকি কামনা বাসনা জলাঞ্জলি দি বহু ঐশ্বৰিক গুণসম্পন্ন ত্ৰিকালদৰ্শী সাধকৰ কথাও বৰ্ণনা কৰিছে৷ অঘৰী বাবা, শৈল বাবাৰ দৰে সাধকে কিদৰে কোনো ব্যক্তিৰ বৰ্তমান তথা ভৱিষ্যত নিৰ্ভুলভাৱে কৈ দিব পাৰে তাৰ উদাহৰণ দিয়াৰ সমান্তৰালভাৱে বিপদৰ সময়ত কিদৰে বাটত খৰস্ৰোতা এটি নিজৰাৰ ওপৰৰ শিল, বালি আৰু ক’লটাৰৰ সংমিশ্ৰণত কোনো আভিযান্ত্ৰিক সূত্ৰই ঢুকি নোপোৱা আচৰিত ধৰণৰ সাঁকোদাল চিঙি পৰাৰ সময়ত অদৃশ্যমান গুৰুজীয়ে লেখকক সহায় কৰিছিল সেয়াও উপন্যাসখনত চমকপদভাৱে বৰ্ণনা কৰিছে৷

এই উপন্যাসখনত হিমালয়ত দেখা জিওমেগনেটিক এনামেলি, অডিইলুশ্বন, হেলিচুলেচন আদিৰ কথা উল্লেখ কৰি সাৱলীলভাৱে তাৰ প্ৰকাশ কৰাত উপন্যাসখন পঢ়ুৱৈৰ বাবে ৰসময় হৈ পৰিছে৷ পৰ্বতৰ মাজৰ এৰাপৰলীয়া, পৰিত্যক্ত ঘৰ এটাই পৰিয়াল এটালৈ মাতি অনা মৃত্যু বিভীষিকাৰ মাজতে অত্যন্ত সাহসী লেখকৰ উপস্থিতিয়ে কিদৰে এই আপেল বাগানৰ মাজৰ অভিশপ্ত ঘৰটোলৈ উৎসাহ উদ্যমৰ লগত সৌভাগ্যও কঢ়িয়াই আনিলে তাকো সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ লগতে, হিমালয়ৰ উদ্ভিদ এবিধৰ দ্বাৰা মানৱ সমাজৰ দুৰাৰোগ্য ৰোগৰ গৱেষণাত ব্যস্ত জাৰ্মানীৰ গৱেষক জ’ন এণ্ড্ৰিজ আৰু তেওঁৰ লগত ‘লিভ ইন’ কৰা জৰ্জিয়াই হিমালয়ৰ জনগোষ্ঠীসমূহৰ লগত উত্তৰ পূবৰ জনগোষ্ঠীসমূহৰ ঐতিহাসিক সম্পৰ্ক বিষয়ত কৰা গৱেষণাৰ বাবে উত্তৰকাশীৰ এই অভিশপ্ত ঘৰটোত থাকি গৱেষণাৰ কাম আগবঢ়োৱাৰ সময়তে কিদৰে মৃত্যুক আঁকোৱালি লৈছিল তাৰ কথাও বৰ্ননা কৰিছে উপন্যাসখনত৷ প্ৰতিটো ঋতুৰেই সুন্দৰ প্ৰাকৃতিক বৰ্ণনা দি, ৰহস্যৰে আঁৱৰা গিৰিৰাজ হিমালয়ৰ বহুকথা ব্যক্ত কৰি শৰ্মাদেৱে পাঠকক সুন্দৰভাৱে আমোদ দিছে৷ কিদৰে লেখকে এটা দিন বিভিন্ন কাম কৰি কটায়ো অৱশেষত সেইদিনটো চকুৰ আগৰ পৰা নোহোৱা হোৱাটোও অস্বাভাৱিক নহয়, ই হেনো টাইম শ্লিপ বা টাইম গেলপিঙৰ বাবে সম্ভৱপৰ তাৰ কথাও সৰলভাৱে লিখিছে৷ লগতে লেখকে হিমালয়ৰ গছ লতিকাত বহু যাদুকৰী গুণাগুণ থকাৰ কথাও প্ৰকাশ কৰি কৈছে৷ পঞ্চপাণ্ডৱে এইখন ৰহস্যময় হিমালয়ৰ মাজেদিয়েই স্বৰ্গলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰো আছে বহুকেইটা কাৰণ৷ মুঠতে পাঠকে এইখন উপন্যাস পঢ়াৰ পিছত হিমালয়ৰ প্ৰতি পদেপদে যে বহু ৰহস্য আছে এই কথা উপলব্ধি কৰিব পাৰিব৷ অস্বাভাৱিক গঠনপ্ৰণালীৰ হিমালয় দুখন প্লেটৰ সংঘৰ্ষৰ ফলশ্ৰুতিত জন্ম হোৱা বুলি ব্যক্ত কৰি কৈছেঃ এই ৰহস্যময় হিমালয়ত তীক্ষ্ণ জিয়মেগনেটিক এন’মেলি কিয় পোৱা যায় এয়া আজিও গৱেষণাৰ বিষয়৷ অকল জিওমেগনেটিকেই নহয়, গ্ৰেভিতি আৰু ইলেকট্ৰিকেলো৷ ইমান অত্যাধুনিক ভূবিজ্ঞানৰ সৰঞ্জামবোৰেও যে এই অঞ্চলটিত ভুল সংকেত দিয়ে সেয়াও লিখিছে ইয়াত৷ উপন্যাসখনৰ শেষৰফালে ১৮৯২ চনত জিওলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ দুগৰাকী জিওলজিষ্ট বিহাৰৰ উত্তৰফালে হেৰাই গৈ কিদৰে ১৯৪২ চনত সুদীৰ্ঘ পঞ্চাশ বছৰৰ পিছত সোঁশৰীৰে কলিকতাৰ হেড অফিছত ৰিপ’ৰ্ট কৰিছিল তাৰ কথাও উল্লেখ কৰি পাঠকক আন এটা তথ্য আগবঢ়াইছে৷ মুঠতে ভূতাত্বিকভাৱে অসন্তোলিত হৈ থকা হিমালয় বিষয়ত অতীজৰে পৰা বহু লেখক তথা বিজ্ঞানীয়ে বিবিধ ধৰণেৰে ব্যক্ত কৰি থকাৰ সময়ত এইখন অগতানুগতিক উপন্যাসে দিব পাঠকক এইবিষয়ে নতুন ৰস, নতুন চিন্তা আৰু জনাব বহু নজনা বিষয়৷ উপন্যাসখনত লেখক হেমচন্দ্ৰ শৰ্মাৰ প্ৰকাশভংগী সৰল, সাহিত্যিক গুনগ্ৰাহিতাও প্ৰশংসনীয়৷ লেখকৰ পৰা আৰু অধিক এনে সৃষ্টিৰাজিৰ কামনা কৰিছো৷

‘লষ্ট ইন তিবেত’

ৰিচাৰ্ড ষ্টাৰ্কচ আৰু মৰিয়াম মাৰকোট লিখিত ‘লষ্ট ইন তিবেত’ ৰ বিপুল দেউৰীয়ে কৰা অসমীয়া অনুবাদ(প্ৰকাশকঃ বনফুল প্ৰকাশন) ‘লষ্ট ইন তিবেত’ নামৰ গ্ৰন্থখন পঢ়িলো৷ দ্বিতীয় মহাসমৰৰ সময়ত ‘ডী হাম্প’ নামৰ কুখ্যাত হিমালয়ান যোগান পথেৰে উৰি থাকোঁতে ভয়ংকৰ ধুমুহা বতাহৰ কৱলত পৰি অসমৰ যোৰহাটলৈ আহি থকা চি 87 বিমানখনৰ ইন্ধন শেষ হবলৈ কেইমুহূৰ্তমান থকাৰ আগমুহূৰ্তত গ্ৰাউণ্ডৰ লগত যোগাযোগ বিছিন্ন হৈ বিমানখন ভুলক্ৰমে তিব্বতৰ অসঞ্জাতী পৰ্বত কিছুমান অতিক্ৰম কৰি ধ্বংসপ্ৰাপ্ত হয়, ইয়াৰ আগে আগে বিমানখনৰ পাইলট ৰবাৰ্ট ক্ৰজিয়াৰ, ফ্লাইট অফিছাৰ(সহ পাইলট)হেৰাল্ড মেলকমসহ পাঁচগৰাকী আমেৰিকান বায়ুসেনাৰলোক পেৰাছুটেৰে পৰ্বতৰ ওপৰত জঁপিয়াই পৰি ৰক্ষা পৰে৷ উল্লেখ্য যে, ‘ডী হাম্প’ নামৰ এই পথটোৰ ওপৰেৰে উৰি যাওঁতে সেই সময়ত ছশ বিমান আৰু এহেজাৰ মানুহ প্ৰান হেৰুৱাইছিল৷ সেয়ে বহুতেই এই পথটোক ’দ্য হেল’ (নৰকৰ পথ) বুলিও অভিহিত কৰি আহিছে৷

এক কথাত কবলৈ হ’লে, ১৯৪৩ চনৰ নৱেম্বৰ মাহৰ শেষৰ দিনটোত এনেদৰে য়াৰলং উপত্যকাত সংঘটিত ঘটনাটোক কেন্দ্ৰ কৰি ৰচিত হোৱা গ্ৰন্থখনত পাঁচগৰাকী আমেৰিকান বায়ুসেনাৰ লোকে উল্লিখিত দুৰ্ঘটনাটোত পতিত হৈও বাচি থকাৰ তীব্ৰ আকাংক্ষাৰ অকথিত কাহিনীয়েই কিতাপখনৰ মূল কথা৷ আচহুৱা তিব্বতৰ অচিন অজান পৰিৱেশত কিদৰে তেওঁলোকে প্ৰায় ডেৰমাহ কাল উদ্বিগ্নতাপূৰ্ণ জীৱন কটাইছিল তাকেই ইয়াত সাৱলীলভাৱে বৰ্ণিত আছে৷ কিতাপখনৰ পাতে পাতে আছে প্ৰতিকূল বতৰ আৰু আহুকলীয়া পৰিৱেশৰ মনোৰম বৰ্ণনা, পঢ়ি থকা সময়ত পাঠকে তিব্বতৰ কোনো এখন দুৰ্গম অঞ্চলত সহজে সোমাই পৰিবলৈ বাধ্য৷ ৰাজনৈতিক জটিল পৰিস্থিতিৰ পৰা মুক্ত হবলৈ আৰু তেওঁলোকৰ নিৰাপত্তাৰ দিশটোৰ খাটিৰত আমেৰিকান বায়ুসেনাৰ লোককেইজনক লাছালৈ আনি বিষয়টোৰ প্ৰকৃত উপঘাম লৈ ভাৰত তিব্বত সীমাৰে ওভতাই পঠোৱা হৈছিল৷ এই তদন্ত কালত বৃটিছ মিছনৰ মুখ্য বিষয়া জৰ্জ শ্বেৰিফ, ৰায়চাহাব বো ছেৰিং, ডা. বোয়ে হাফমেন, চানা উল্লা, ডা.কুঙ আদিৰ তৎপৰতাত বিষয়টো আলোচনা কৰি এওঁলোকক ভাৰতলৈ ওভতাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷

প্ৰধানতঃ এইখিনিয়েই কাহিনী যদিও লেখকদ্বয়ে ইয়াৰ সমান্তৰালভাবে চানা উল্লাৰ ঘৰত কটোৱা জীৱনৰ প্ৰতিটো মুহূৰ্ত, লাছা যাত্ৰা, লাছাৰ পৰা ভাৰতলৈ ওভতনি যাত্ৰাৰ লগতে তিব্বতৰ বহু ইতিহাস, ভৌগোলিক, ৰাজনৈতিক কথাও অৱতাৰণা কৰাৰ সমান্তৰালভাৱে নিশা হলে ঠাইসমূহৰ উষ্ণতা শূন্য ডিগ্ৰীৰ তলত দহৰ পৰা বিশ ডিগ্ৰীলৈ নিম্নগামী হোৱা, শৌচালয়ৰ সুবিধা নথকা গাঁৱত বায়ুসেনাৰ লোকসকলে এইদিশত পোৱা অশ্বস্তি, বাহিৰৰ মানুহক তিব্বতীসকলে শত্ৰুভাৱাপন্ন বুলি ভবা মন মানসিকতাৰ কথাও লিখিছে৷ ইয়াৰোপৰি, চীনৰ হাতোৰাৰ পৰা আঁতৰিবলৈ কিদৰে স্বাধীন তিব্বত দেশখনে স্বাধীনতাৰ সংগ্ৰামখন চলাই আহিছে সেয়াও স্পষ্টৰূপত ব্যক্ত কৰিছে গ্ৰন্থখনত৷ ইয়াৰোপৰি বৃটিছ মিছনৰ হৈ ব্যস্ত থকা জৰ্জ শ্বেৰিফ, ফ্ৰেংক লুডল’ৰ কাৰ্যকলাপ, চীন দেশে তিব্বতৰ মাজেৰে ভাৰত সংযোগী স্থলপথ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা, তিব্বতে চীনৰ কবলৰ পৰা মুক্ত হবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই সহায় কৰাটো বিচৰাৰ কথাকে ধৰি ইলিয়া টলষ্টয় আৰু ব্ৰুক ড’লান নামৰ দুগৰাকী আমেৰিকানে মৈত্ৰীৰ বাণীৰে তিব্বত ভ্ৰমণ কৰি তিব্বতৰ দক্ষিণ-পূব দিশেৰে পথ এটা নিৰ্মাণ কৰিব পৰা যায় নেকি জৰীপ কৰিছিল যিটো হয়তো ভৱিষ্যতে ‘হাম্প’ৰ বিকল্প স্থলপথ ৰূপে ভবিষ্যতে ব্যৱহাৰ কৰিব পৰা যাব পাৰিব৷

গ্ৰন্থখন পঢ়িলে ১৯৪৩ চনৰ নৱেম্বৰৰ পৰা ১৯৪৪ চনৰ ১৫ জানুৱাৰীলৈ এই ডেৰ মাহৰ বৈচিত্ৰ্য্যময় জীৱন সামৰিলেও তিব্বতীয় জীৱনযাত্ৰাৰ ভালেমান কথাও পাঠকে জানিব পাৰিব৷ ওভতনি পথত আমেৰিকানসকলে কেইগৰাকীমান নিৰাপত্তা বিষয়াৰ যোগেদি ৰহস্যময় ভূমি ভাগৰ ওখ ওখ বৰফাবৃত গিৰিপথ, হাঁড়কপোৱা বতাহ, দুৰ্গম পথ, পৰ্বতৰ ওপৰৰ ধুমুহা বৰষুণ অতিক্ৰমি শ্বমলাহাৰি পৰ্বতমালাৰ পাদদেশ হৈ নাথুলা গিৰিপথেদি ভাৰতৰ ছিকিমত উপস্থিত হৈছিল৷ এই ওভতনি পথতে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত হৈ ধ্বংসপ্ৰাপ্ত হোৱা তেওঁলোকৰ বিমানখনো চাংপো নৈ পাৰত জ্বলি যোৱা অৱস্থাত দেখা পাইছিল বুলি উল্লেখ৷ প্ৰাকৃতিক বৰ্ণনা বিষয়তো গ্ৰন্থখন যথেষ্ট সফল, তাতোকৈ সফল গ্ৰন্থখনৰ সাৱলীল অনুবাদ৷ গ্ৰন্থখনত তিব্বতীসকলৰ মানত চাংপো নদীৰ পাৰৰ এই ঠাইখন যে এখন গুৰুত্বপূৰ্ণ নগৰ, একালত ইয়াৰ লগত ভাৰতৰ দাৰ্জিলিং আৰু গেংটকৰ লগতো সংযোগ আছিল তাকো সুন্দৰকৈ বৰ্ণাইছে৷ নেপাল, কাশ্মীৰৰ লোকৰো আগমন ঘটা এইখন চেতাঙৰ লগতে অন্যান্য ঠাইৰো বহু ভৌগোলিক তথা ইতিহাসৰ কথা লিখাৰ লগতে আমেৰিকান সকলৰ পৰা শিকিবলগা বহু কথাও বৰ্ণনা কৰিবলৈ এৰা নাই৷ অলেখ জলপ্ৰপাত, খৰস্ৰোতা নদী, উতুংগ মালভূমি, ৰাস্তাত প্ৰতিটো মুহূৰ্ততে ডকাইতৰ ভয়, কেইবামাহো বৰফেৰে আবৃত বাটপথ অতিক্ৰম কৰি মৰণত শৰণ দি ৰাজনৈতিক কাম নাথাকিলে বৰ্হিঃবিশ্বৰ লোক নোযাৱা এইখন তিব্বত কিয় যুগে যুগে সকলোৰে অগম্য হৈও আগ্ৰহী হৈ আছে তাকো লেখকে পাতে পাতে লিখিবলৈ এৰা নাই, যাৰ বাবে পাঠকৰ বাবে গ্ৰন্থখন হৈছে কৌতূহল উদ্ৰেগকাৰী গ্ৰন্থ৷ অতীজৰ পৰা তিব্বতীয় আৰু ভাৰতীয় বেপাৰীসকলে যি ভয়াবহ পথেদি অহাযোৱা কৰিছিল সেই পথেই পাঁচ আমেৰিকানৰো ওভতনি পথ হব বুলি ছানউল্লাহে কোৱাৰ পৰাই মনলৈ সাহস আৰু উদ্যম আহিলেও পথৰ বাস্তৱিক কষ্টই তেওঁলোকক বহু সময়ত নিৰুৎসাহো কৰিছিল, তথাপি সন্মিলিত মনৰ জোৰত আটায়ে আহি ভাৰতৰ গেংটক, কলিকতা হৈ যোৰহাটত ভৰি দিছিলহি৷ গ্ৰন্থখনত দালাইলামাৰ ভাৰতলৈ আগমনৰ প্ৰেক্ষাপটও উল্লেখ কৰিবলৈ এৰা নাই, মুঠতে আটাইবোৰ দিশৰ পৰাই ই এখন সাৰ্থক উপন্যাসোপম জীৱনগাথাঁ৷ গ্ৰন্থখনৰ অনুবাদ, প্ৰকাশভংগী আৰু ভাষা প্ৰাঞ্জল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক