দুঃস্বপ্ন (মৃদুল কুমাৰ শৰ্মা)

 
MRIDUL KUMAR SHARMAHগড্ডালিকা প্ৰৱাহত
বুদ্ধিজীৱীৰ সমদল
কাঁচিজোনৰ পোহৰত
মৰিচীকাময় সপোন দেখে
লেনিন আৰু শ্বেতলানাই৷
সকলোৱে সমানে খাবলৈ পাব৷
মই তোৰ সমানে খালে
থাকিব জানো কঁকাল খামুচীয়া হৈ?
পাৰিম জানো বিহুত ভাঙিব কঁকাল?
তয়েই নকবি জানো যে
’ঘৰ কা মুৰ্গী ডাল বৰাবৰ’৷
লেনিনে বন্দুক খাঁজে
আকাশলৈ দুটা ব্লেংক ফায়াৰ কৰে
-ধিচুম ধিচুম৷
ঐ চেনেহী, হ’ব পাৰ তই ফাপৰী
সেইবুলি জানো কেতিয়াবা
খাইছো আনৰ ঘৰৰ বিৰিয়ানি?
স্বেতলানাৰ হাঁহি খিল খিল খিল
ঐ অঁকৰা
বাহিৰত তই বৰমতা
পিছে,
ভিতৰি তেনেই কেঁচুৱা৷
অলপ প্ৰেক্টিকেল হ’বলৈ শিক
সমাজ গঢ়া ইমান সহজ নহয়৷
আগতে নিজৰ ঘৰলৈ মন দে
“দেন য়ু বি প্ৰগতিশীল”৷
ইহাতত বন্দুক আনহাতত টেষ্টটিউব
মুখত আদৰ্শৰ লেলাউতি,
ইকুৱেশ্যন নিমিলে
লেফ্ট ইজ নট ইকুৱেল টু ৰাইট৷
লেনিন হতবাক-
হয়তো তাই ঠিকেই কৈছে,
মৰুভূমিত হেনো বৰফ নপৰে
বিকিনি গাৰ্লৰ হেনো নিউম’নিয়া নহয়৷
আঃ তৰাৰ দেশত কোনোবাই এটা
হাঁচি মৰাহেঁতেন৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments