দুখৰীয়া পট (পৰিস্মিতা বৰদলৈ)

সঁচাকৈ ঘৰৰ পৰা আঁতৰি আহি বুজিছো সদায় সদায় ৰন্ধা বঢ়া কৰাটো কিমান টান কাম৷

ঘৰত থাকোতে বা আগতে হোষ্টেলৰ পৰা গ’লে-

১)
মই: মা এইবোৰ কালিৰ ভাতকে দিলা?
মা: পাগল হ’লি নেকি তই? তোৰ মুখৰ আগতে ৰান্ধিলো দেখোন!
মই: আৰে মই একেটা ভাজিকে দুবাৰ খাবলৈ বৰ বেয়া পাওঁ৷
দেউতা: নাখাঅ’ যদি মোক দে, লগত আৰু দুখন তৰকাৰী আছেই দেখোন৷
মা: এইৰ কেতিয়াও আওঁখাই নমৰে; বিয়াৰ পিছত গম পাবি ৰহ্‌৷
মই: সদায় মোক শাওঁ দি থাকা তুমি… দালি খন কিবা গোন্ধাইছে, এহ্ মই বেঙেনাসোপা নাখাওঁ, খজুৱাই মোৰ৷
দেউতা: ভাতৰ টেবুলত বহি ইটো নাখাওঁ, সিটো নাখাওঁ ক’ব নাপায়৷

২)
মই: এহ্, বয়ল কণী মোক নিদিবা দেই৷
মা: তয়েই চোন ক’লি যি ৰান্ধা তাকে খাম বুলি৷ মাছ নাখাৱ, হাঁহ নাখাৱ, ছাগলী কালি পৰহি খাইছ’৷আজি কণীৰ জোল ৰান্ধিলো সেইকাৰণে৷
মই: এহ্‌, হ’ব দিয়া আৰু উপায় নাই৷

৩)

মা:কাইলৈ বিহু৷ ভাত নাৰান্ধো কিন্তু, পানী ভাত খাবি দিনত৷
মই: মইযে আজিৰ ভাতত পানী দি নাখাওঁ দেই, কাইলৈ অকল ভাতকেইটা ৰান্ধিবা৷
মা:নিজেই ৰুটি কৰি খাবি, খোৱাও হ’ব, শিকাও হ’ব৷
মই: আয়ৈ.. ৰুটি আৰু মই নে! নহ’ব দেই….তাতকে’ মই মেগীকে খাই ল’ম৷
মা: তই এতিয়া সৰু হৈ থকা নাই নহয়, তোৰ সমান বয়সত মই বিয়া হৈ ঘৰ চম্ভালিছোহি৷
মই: কোনেনো কৈছিল তোমাক বিয়া হ’বলৈ, সেইটো ককাৰ ভুল৷

 

আজি দুবছৰ হ’ল ঘৰৰ পৰা বাহিৰত আহি নিজেই ৰান্ধি বাঢ়ি খোৱা-

১)
মা: অ’ফিছৰ পৰা পালিহি?
মই: অ’.. অলপ আগতে৷
মা: ভাত কি ৰান্ধিবি আজি?
মই: ভাত দাইল কালিৰে আছেই, কণী এটা বয়ল কৰিম হৈ যাব৷
মা: কালিৰ ভাত দাইলকে খাবিনে তই?গোন্ধোৱা নাইনে?
মই: নাই, ফ্ৰিজত থৈ দিছো আৰু গৰম কৰিহে খাম!

২)
মা:আজি কি ৰান্ধিবি?
মই: এহ্ ভাতসোপা কিমান খাবা আৰু, ৰুটি ভাজিম বুলি ভাবিছো আজি৷
মা: আও.. তই ৰুটি ভাজিবিনে?

৩)
মা/ দেউতা: আজি কি আছে খানা?
মই: খিচিৰি ৰান্ধিম আজি, তৰকাৰী আছেই কালিৰ৷

মা/ দেউতা: সদায় খিচিৰিবোৰ নাখাবি দেই, ভাল নহয় বৰ৷ কালিৰ তৰকাৰী নাখাবি৷
মই: একো নহয় অ’গৰম কৰি লওঁ নহয়৷

(কেতিয়াবা মাহঁতক নকওঁ- ভাত দাইল কালিৰ নহয়, পৰহিৰে আছে৷)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments