দুখৰ পোচাক (-দাদুল ভূঞা)

দুখৰ পোচাক


দাদুল ভূঞা(জোনাক)

 

 

 

দুখৰ পোচাকযুৰি খুলিব পৰাহেঁতেন
সুখী হ’লোঁহেঁতেন।
মোৰ ছাঁৰ দৰে পিছে পিছে খেদি ফুৰে দুখ।
সুখৰ বাটত দুখে হেঙাৰ হৈ থিয় দিয়ে।

পাৰভঙা নদীখনত হেৰাই জীৱনৰ কিছু স্মৃতি
হেৰাই যায় পিতাইৰ নাঙল-যুৱলি হালৰ গৰুহাল।

পিতাইৰ বুকুতো নামি আহে দুখৰ বেদনা গধুৰ আকাশ
মই পিতাইৰ বিষণ্ণ দুচকুলৈ চাওঁ বাৰে বাৰে,
তেওঁৰ দুচকুত দেখা পাওঁ এতিয়া অমানিশাৰ আন্ধাৰ,
দুখবোৰে কুৰুকি কুৰুকি জীয়াই জীয়াই খায় তেওঁক মোৰ দৰে।

দুখৰ বেদনাত গধুৰ হয় ফাটি যোৱা কলিজাবোৰ
দুখৰ পালতৰা নাৱত থৰক বৰক জীৱনৰ অনুশীলন।

আন্ধাৰত খেপিয়াই ফুৰোঁ অন্ধ পথিকৰ দৰে
সুখৰ সন্ধানত আগবঢ়াই দিওঁ দুহাত
তথাপি খুলি থব নোৱাৰোঁ দুখৰ মায়াবী পোচাক।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments