দুচকুতে (ৰূপাংকৰ চৌধুৰী)

– পলাশ?
– কোৱা জীয়া?
– তুমি এতিয়াও সপোন দেখা?
– অ’!
– মোৰ দুচকুতে? ৹৹৹৹

পলাশৰ বহু বেয়া স্বভাৱৰ মাজত এইটোও এটা৷ ৰূমত প্ৰায়েই সি ফোনটোৰ লাউড স্পীকাৰ অন কৰি কথা পাতে৷ তাৰ একান্ত ব্যক্তিগত কথাবোৰ শুনিবলৈ মোৰ কোনো হেঁপাহ নাই৷ কিন্তু সঁচা কথা ক’বলৈ হ’লে, ফোনৰ সিমুৰত জীয়া থকা বুলি শুনি উৎসাহ জাগি উঠিছিল৷ কিয়নো যোৱা ৰাতি দুপৰলৈ পলাশ আৰু মই কথা পাতি আছিলোঁ- পলাশ, জীয়া আৰু! পলাশে এতিয়াও সেই কলেজীয়া ধেমালিবোৰ কৰি আনন্দ পায়৷ সেয়া লাগিলে ৰাস্তাৰে গৈ থাকিলে ধুনীয়া ছোৱালী দেখিলে ৰ’ লাগি চাই থকাই হওক বা শনিবৰীয়া আড্ডাত দুপৰলৈ ডিঙিলৈকে গিলি গীটাৰ বজাই বেসুৰা গান গোৱাই নহওক কিয়!

মোৰ পলাশক লগ পোৱা বেছিদিন হোৱা নাই৷ নতুনকৈ জইন কৰা কোম্পানীটোৰে সিয়ো মাৰ্কেটিং মেনেজাৰ৷ আমি দুয়ো সমবয়সীয়া৷ নতুনকৈ অহা ঠাইখনত ভাড়াঘৰ পাম নে বুলি তাক সুধিছিলোঁ৷ সি নিজেই ক’লে তাৰ ঘৰটোত থাকিব পাৰিম বুলি৷ ভাড়া আধা-আধা দিলেই হ’ল৷

মই পলাশৰ কেবল বদনামেই নকৰো, সি বহু ভাল গুণৰো অধিকাৰী ৷ তাৰ স্কুলীয়া বন্ধু আকাশৰ মাকৰ এবাৰ যোৱা-থোৱা অৱস্থা৷ উচ্চমানবিশিষ্ট হস্পিটালত চিকিৎসাৰ বাবে পইচাৰ অভাৱ হৈছিল৷ সি আকাশক নিজৰ ভনীয়েকৰ বিয়াৰ বাবে সাঁচি থোৱা দুইলাখ টকা দি দিছিল৷ আকাশৰ মাক এতিয়া সুস্থ কিন্তু পলাশৰ ভনীয়েক এতিয়াও অবিবাহিত৷ পলাশ নিজেও অবিবাহিত! জীয়াও অবিবাহিত! আৰু বাকীসকল! বাকীখিনি পলাশে কালি ৰাতি দিয়া বৰ্ণনাখিনিকেই হুবহু দাঙি ধৰিলোঁ ৹৹৹৹

বৰ্ষাসিক্ত ব’হাগী দুপৰীয়াৰ মাদকতাৰ আনন্দ লৈ আছিলোঁ হোষ্টেলৰ চাঁদত থিয় হৈ৷ ঠিক তেতিয়াই জীয়াৰ ফোন আহিছিল! সময়ৰ যে কি তাল-মিল! যিখিনি সময়ত যাক অনুভৱ কৰিবলৈ মন যায় একান্ত ভাৱে ঠিক সেই সময়তে যদি সেই বিশেষ ব্যক্তি গৰাকীৰ মিঠা মাত এষাৰ পোৱা যায়- ‘জীৱনৰ সৰু সৰু এনেকুৱা সুখানুভূতিয়ে জানো যোগান নধৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় ইন্ধন?’

এৰা, জীয়া মোৰ বাবে জীয়াই থকাৰ ইন্ধন! যিখিনি সময়ত জীৱনৰ প্ৰতি মোৰ ঘৃণা জন্মিছিল, যিখিনি সময়ত জীয়াই থকাৰ কোনো যুক্তিয়েই কাম কৰা নাছিল, যি সময়ত মোৰ অন্তৰাত্মা প্ৰতি ক্ষণে কঁপি উঠিছিল, ঠিক সেই সময়ত মোৰ কাষত সুখৰ দৰৱৰ দৰে ঠিয় হৈছিল জীয়া! মোৰ প্ৰতিটো চিন্তাৰ ফচলত জীয়াৰ অবদান যথেষ্ট৷ কিয়নো সেই সময়ত মই আন এক সত্যক পাহৰিব বিচাৰিছিলোঁ৷ অতীতৰ এক দাগী সত্য, ৰাগিনীৰ কথাক মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছিলোঁ!

জীয়াৰ আগৰ অধ্যায়ত ৰাগিনীয়েই আছিল মোৰ বাবে প্ৰধান আৰু একমাত্ৰ সত্য৷ কলেজ পাৰ কৰি বিশ্ববিদ্যালয়ত সোমোৱাৰ দিনাৰে পৰা মোৰ সমগ্ৰ চেতনাত মাথোঁ ৰাগিনীয়েই আছিল৷ মোৰ বাবে ৰাগিনীৰ নামটো মোহিনী হ’ব লাগিছিল! মোক একেবাৰে মোহাচ্ছন্ন কৰি ৰাখিছিল! বেলেগ বেলেগ কলেজৰ পৰা আহি আমি বিশ্ববিদ্যালয়ৰ একেটা বিভাগত আছিলোঁ৷ এডমিচনৰ দিনাই চকু পৰিছিল বিশ্ববিদ্যালয়ৰ চাৰি নম্বৰ কোঠাত৷ তাৰ পিচত আমাৰ বিভাগৰ মুৰব্বীৰ কোঠাত৷ তাৰ পাছৰবাৰ বেংকত৷ মই যেন সেইদিনা এডমিচনৰ কাৰণে যোৱা নাছিলোঁ, যেন মই এযোৰ মোহিনী চকুৰ সন্ধানতহে যেন গৈছিলোঁ৷ এনেকুৱা লাগিছিল যেন মই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ সাৰ্থকতা বিচাৰি পালোঁ! সেইদিনা সকলো কাম শেষ কৰি আৰ্টচ কেণ্টিনত পৰঠা খাই আনন্দমনে ঘৰমুৱা হৈছিলোঁ! সেইদিনা জীৱনত আগুৱাই যোৱাৰ কাৰণ বিচাৰি পাইছিলোঁ – ৰাগিনীৰ দুচকুত!

পিছে সকলো ইমান সহজ নাছিল৷ ৰাগিনীৰ দুচকুৰ সপোনবোৰক বাট দেখুওৱা সহজ নাছিল৷ মইয়েই কিজানি অত্যুৎসাহী হৈ পৰিছিলোঁ! ৰাগিনীৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লোৱাত বেছিদিন নালাগিল৷ কিন্তু মোৰ উদ্দেশ্য মাথোঁ বন্ধুত্ব নাছিল৷ সপোন দেখিছিলোঁ- ৰাগিনীৰ সৈতে এখন সুখৰ ঘৰ সাজিম! প্ৰেমৰ বান্ধোনত দুয়ো আগুৱাই যাম আৰু বহুত কিবা-কিবি৷ কিন্তু মাত্ৰাধিক বন্ধুত্বই কেতিয়াবা মনৰ কথা কোৱাত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিয়ে৷ প্ৰেমক বাদ দি সকলো কথাই আলোচনা কৰিছিলোঁ ৰাগিনীৰ লগত- বিভাগৰ আভ্যন্তৰীণ কথা, বিকেবিত হৈ যোৱা ’নৱাগত আদৰণি সভা’ৰ কথা, ‘ভাৰ্ছিটী উইক’ৰ বাবে চলোৱা আয়োজনৰ কথা, মোৰ ভণ্টিৰ পঢ়া-শুনাৰ কথা, তাইৰ ভায়েকৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ লোৱা কোচ্চিঙৰ কথা৷ কিমান কি যে কথা পাতিছিলোঁ! তাৰ মাজতে একোবাৰ সুধিব খোজো- ‘মোক বাৰু ভাল পোৱা নেকি? ’! নোৱাৰো! মানে ৰাগিনীৰ নিবিড় সান্নিধ্য হেৰোৱাৰ ভয়ত কবলৈ নিবিচাৰো! কিজানি সেই এষাৰি কথা সোধাৰ বাবে মই ৰাগিনীৰ বন্ধুত্ব হেৰুৱাব লগা হয়! এনেদৰেই ৰাগিনীৰ লগতেই প্ৰায় দিনটো পাৰ হয় ৷

তেতিয়াৰ সেই নিশাবোৰো ৰাগিনীৰ নামতেই পাৰ হয়৷ দিনটোৰ সান্নিধ্যৰ কথাবোৰ জুকিয়াই চাই এক মানসিক প্ৰশান্তি লাভ কৰোঁ৷ দুগুণ কষ্টৰে পঢ়িবলৈ উৎসাহিত হওঁ৷ ভালকৈ পঢ়িব লাগিব৷ ভাল কিবা এটা কৰিব লাগিব৷ নিজকে সান্ত্বনা দিও- বহুত সময় আছে৷ বন্ধুত্বৰ বান্ধোন মজবুত হ’লে ৰাগিনীক নিশ্চয় সঠিক সময়ত মোৰ মনৰ কথাবোৰ ক’ব পাৰিম! আমাৰ বন্ধুত্বৰ কথা বহুতেই গম পায় – ৰাগিনী আৰু পলাশ বুলি ক’লে বহুতেই চিনি পোৱা হৈছে৷ কোনোবাই কোনোবাই বেয়াকৈ মন্তব্য নিদিয়াকৈ নাথাকে! সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰো৷ আমাৰ সম্পৰ্কৰ পবিত্ৰতা বৰ্তাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ৷ স্বাভাবিকতেই কেতিয়াবা মই দুৰ্বল হৈ যাওঁ৷ ৰাগিনীক কেতিয়াবা দুবাহুৰ মাজত সুমুৱাই লব খোজো ৷ দুগালত চুমা আঁকি দিবলৈ মন যায়৷

বিশ্ববিদ্যালয়ৰ দিনবোৰ সময়ৰ গতিত পাৰ হৈ গৈছিল৷ মোৰ আৰু আৰু ৰাগিনীৰ সম্পৰ্ক কিন্তু বন্ধুত্বতে থমকি ৰৈছিল৷ বহুবাৰ ইচ্ছা কৰিও ৰাগিনীক মনৰ কথাবোৰ ব্যক্ত কৰিব পৰা নাছিলোঁ  ৷ দিনবোৰ পাৰ হোৱাৰ লগে লগে ৰাগিনীৰ লগত ঘনিষ্ঠতা বাঢ়ি গৈছিল কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিবলৈ বাৰে বাৰে সাজু হোৱা মনটোৰ আহ্বানক বিবেকে লেকাম লগাইছিল৷ সেই সময়ত জীয়াও বিশ্ববিদ্যালয়তে আছিল৷ চকুৰ চিনাকি৷ বেলেগ বিভাগৰ ছাত্ৰী৷

তেতিয়া চতুৰ্থ ষাণ্মাসিকত আমি ৷ ম’বাইলৰ ৰিংটোন বাজি উঠিল৷ অচিনাকি নম্বৰ৷

-হেল্লো৷ পলাশ?
– হয়৷ আপুনি?
– জীয়া৷ জীয়া বৰুৱা৷ মোক তুমি বুলিয়েই সম্বোধন কৰিবা ৷
– আচ্ছা৷ কোৱাচোন কিয় ফোন কৰিলা?
– পলাশ৷ তুমি ৰাগিনীৰ জীৱনৰ পৰা আঁতৰি থাকিবা৷ পিছত কষ্ট পাবা তুমি৷
– মোক উপদেশ দিবলৈ তুমি কোন? চোৱা জীয়া৷ ৰাগিনী মোৰ ভাল বন্ধু৷
– মই হ’লো তোমাৰ শুভাকাংক্ষী৷ তোমাৰ লগত অন্যায় হোৱাটো মই নিবিচাৰো৷
– কিন্তু তোমাৰ লগত মোৰ চকুৰহে চিনাকি? এনেকুৱা কি কাৰণ আছে যে মই ৰাগিনীৰ পৰা আঁতৰি থাকিব লাগে?
– তুমি যাক ভাল বন্ধু বুলি ভাবা সেই ৰাগিনীয়ে তোমাক এতিয়াও কোৱা নাই জানো – তেখেত যে বিকাশ বৰুৱাৰ বাগদত্তা?
– কি? কোন এই বিকাশ বৰুৱা? তুমি কেনেকৈ জানিলা?
– বিকাশ বৰুৱা মোৰ দাদা৷ তেখেত অধ্যাপক৷
– ভাঙি নপৰিবা পলাশ৷ কথাবোৰ যাতে বেছি আগুৱাই নাযায় তাৰ বাবেই মই তোমাক জনালোঁ৷

ভাঙি নপৰিম? কেনেকৈ? যাৰ কথা ভাবি প্ৰতিটো দিন পাৰ কৰি আছোঁ, তেওঁ যে ইতিমধ্যে আনৰ হৈ গৈছে, সেই কথা জানি কেনেকৈ ভাঙি নপৰাকৈ থাকোঁ৷ যাৰ দুচকুত জীয়াই থকাৰ আনন্দ বিচাৰি পাওঁ,  সেই চকুদুটাক কেনেকৈ পাহৰি যাব পাৰো! কিন্তু ইয়াত ৰাগিনীৰ গাত একো দোষ নাই৷ মইতো তেওঁক সেইবোৰ কথা কোনো দিনে সোধাই নাই৷ মইহে নিজাকৈ কিছুমান ধাৰণাৰ সৃষ্টি কৰি আবেগিক হৈ পৰোঁ৷ ইমান দিনে বুকুত কঢ়িয়াই ফুৰা হেঁপাহৰ ঘৰখন যেন মুহূৰ্তৰ ভিতৰতে চূৰমাৰ হৈ গ’ল৷ কিন্তু মোৰ লগত সকলোবোৰ কথাই খোলাখুলিকৈ চৰ্চা কৰা ৰাগিনীয়ে তেওঁৰ জীৱনৰ এই কথাটো কিয় লুকুৱাই ৰাখিছিল? নে জীয়াই কোৱাৰ দৰে বন্ধুত্বৰ বান্ধোন মোৰ পিনৰ পৰা একপক্ষীয়ভাৱে চলি গৈ আছিল? একপক্ষীয় প্ৰেমৰ বহুত উদাহৰণ দেখিছোঁ বা শুনিছোঁ৷ কিন্তু একপক্ষীয় বন্ধুত্বৰ যেন মই প্ৰথম চিকাৰ হ’লোঁ!

স্বাভিমান মোৰো আছে৷ বহুত কষ্ট কৰি নিজৰ আবেগবোৰ লুকুৱাই ৰাখি ৰাগিনীৰ সমুখত স্বাভাবিক হৈ আছিলো৷  নিজকে ধৰা পৰিব দিয়া নাছিলো৷ একপ্ৰকাৰৰ জেদে মোৰ মনত বাহ লৈছিল৷ সেই জেদতেই কিজানি জীয়াৰ লগত বন্ধুত্ব আগুৱাই লৈ গৈছিলোঁ, কাৰণ সেই সময়ত জীয়াই আছিল মোৰ মনৰ বতৰা বুজি পোৱা ব্যক্তি৷ ৰাগিনীৰ কাষত থাকি মনৰ পৰা আঁতৰ কৰা প্ৰক্ৰিয়া সহজ নাছিল৷ কিন্তু সেয়া সম্ভৱ হৈছিল জীয়াৰ বাবে৷ ৰাগিনীৰ বাহিৰেও যে পৃথিৱীত আন কাৰোবাৰ অস্তিত্ব থাকিব পাৰে সেয়া জীয়াক লগ পাই বুজি পালোঁ৷ বুজি পালোঁ যে মোৰ বন্ধুত্ব একপক্ষীয়ই আছিল৷ সকলোবোৰৰ লাহে লাহে মোহভংগ হ’বলৈ ধৰিছিল৷ কিন্তু মই একেটাই ভুল জীয়াৰ লগত কৰিব বিচৰা নাছিলোঁ৷ জীয়াক কৈ দিব খুজিছিলো – ‘জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পাওঁ তোমাৰ দুচকুতে’৷ ৹৹৹

বৰ্ষাসিক্ত ব’হাগী দুপৰীয়াৰ মাদকতাৰ আনন্দ লৈ হোষ্টেলৰ চাঁদত জীয়াৰ কথা ভাবি থাকোতেই জীয়াৰ ফোন আহিছিল ৷ ফোনটোৱে এক বতৰা কঢ়িয়াই আনিছিল৷ সেয়া জীয়াৰ বান্ধবী, ৰূমমেট তুলিকাৰ কণ্ঠ-

– পলাশ এটা বেয়া খবৰ আছে! জীয়া আই৹চি৹ইউ ত ভৰ্তি হৈছে৷
– কি? কিন্তু কিয় কেনেকৈ?
– ৰাষ্টা পাৰ হ’ব লওঁতেই তীব্ৰ গতিত আহি থকা এখন ট্ৰাকে খুন্দিয়াই পেলাই থৈ গৈছিল৷ জীয়াই তোমালোকৰ হোষ্টেললৈ গৈ আছিল ৷ তোমাক চাৰপ্ৰাইজ দিব বিচাৰিছিল সেয়ে ফোন কৰা নাছিল৷
জীয়াই কামাখ্যা গেটৰ এটা প্ৰাইভেট হোষ্টেলতে থাকি পঢ়িছিল৷ খবৰটো শুনি মোৰ মগজুৱে কাম নকৰা হৈ গৈছিল৷ জীয়াক ভৰ্তি কৰোৱা হস্পিটাল অভিমুখে দৌৰ দিছিলো৷ তাত মোৰ বাবে আন এক বিষাদৰ বাৰ্তাই ৰৈ আছিল৷

দুৰ্ঘটনাটোৰ বাবে জীয়াৰ চকুজুৰি নষ্ট হৈ গৈছিল! জীয়াৰ ধুনীয়া দুচকু! দেহৰ আন আঘাটবোৰ অপাৰেশ্যনেৰে ঠিক কৰিব পৰা গলেও জীয়া অন্ধ হৈ পৰিছিল৷ মই প্ৰায় বলিয়াৰ দৰে হৈ পৰিছিলোঁ৷ নিজৰ দুচকু জীয়াক দিবলৈ প্ৰস্তুত হৈছিলো৷ কিন্তু চিকিৎসকে সেয়া অসম্ভৱ বুলি ক’লে৷

দিন যোৱাৰ লগে লগে জীয়া সুস্থ হৈ উঠিছিল৷ মোৰ ইতিমধ্যে জীয়াৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিছিল৷ জীয়াৰ ঘৰৰ আন সদস্য সকলৰ লগতো ঘনিষ্ঠতা বাঢ়ি আহিছিল৷ স্বাভাৱিকভাৱে, ৰাগিনীয়েও জীয়াৰ খবৰ পাইছিল৷

এদিন মই চাকৰিত সোমালোঁ৷ এতিয়াও সময় সুবিধা মিলাই জীয়াৰ ঘৰলৈ অন্তত সপ্তাহত এপাক যাওঁ৷ দিন বাগৰিল৷ ৰাগিনী আৰু বিকাশ বৰুৱাৰ বিয়া হৈ গ’ল৷ ধেমালিৰ সুৰতে ৰাগিনীয়ে মোক বিয়াৰ কথা কয়৷ মই গুৰুত্ব নিদিওঁ৷ মই সেইখন ঘৰলৈ মাথোঁ জীয়াৰ বাবে যাওঁ – মোৰ জীয়াৰ লগত সময়বোৰ পাৰ কৰি ভাল লাগে৷ জীয়াক কোনো সান্ত্বনা দিয়াৰ উদ্দেশ্য নাই৷ কিয়নো জীয়াই আগতেই কৈ থৈছে- ’মোৰ অন্ধতাক লৈ কোনেও যেন পুতৌ নকৰে৷ ’

তেতিয়াৰে পৰা মনৰ ভিতৰত থুপ খাই থকা প্ৰেমভৰা কথাবোৰ ক’বলৈ মই ইতস্ততঃ কৰো৷ কিজানিবা তাই বেয়া পায়৷ এনেতে এদিন বৰ্ষাসিক্ত ব’হাগী দুপৰীয়া এটাত জীয়াক সুধিলোঁ –

– দুৰ্ঘটনাৰ দিনা তুমি হেনো মোক কিবা চাৰপ্ৰাইজ দিবলৈ বুলি আমাৰ হোষ্টললৈ আহি আছিলা?
– সেইবোৰ পুৰণি কথা বাদ দিয়া৷ এতিয়া তুমি এজনী ধুনীয়া ছোৱালী বিচাৰি বিয়াখন পাতি লোৱা৷
– না৷ তুমি ক’ব লাগিব৷
– লাভ নাই ও পলাশ৷ সকলো শেষ এতিয়া৷
– এয়া আৰম্ভণিহে ৷ কোৱা, কি কথা আছিল?
– পলাশ! মোৰ দুচকুত সপোন দেখিব বিচৰা নে?
– জীয়া! জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পাওঁ তোমাৰ দুচকুতে!

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments