দুচকুত পিন্ধি লোৱা বৰষুণজাকঃ নিভা গগৈ

 

বাছত উঠি খালী চিট বিচাৰি চকুদুটাৰে চিটবোৰলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰিলোঁ‌ ৷ দেখিলোঁ‌ পিছৰ ফালে শেষত এটা খালী চিট আছে ৷ চলন্ত গাড়ীৰ বিপৰীত খোজ, চিটবোৰৰ বাহুত ধৰি ধৰি এটা সময়ত নিৰ্দিষ্ট চিটটোত বহিলোগৈ ৷ স্বভাৱগতভাবে খিৰিকীৰ কাষৰ চিট ভাল পাওঁ যদিও আগৰে পৰা পঞ্চাশোৰ্ধৰ মহিলা এগৰাকী বহি আহিছে ৷ গৰমত তিতি থকা মোৰ দেহাটো খিৰিকীৰ ফাঁকেৰে অহা মৃদু বতাহত ভালেখিনি আৰাম অনুভৱ কৰিলোঁ ৷

মহিলাগৰাকী আধুনিকা ,হাতৰ হেণ্ডবেগ আৰু চকুত চছমাযোৰে বেছ স্মাৰ্ট দেখাইছে ৷ এতিয়া মহিলা গৰাকীৰ ঠাইত যদি এজন ক্ৰোধিত,শকত, পেটুৱা পুৰুষো বহিলহেঁতেন মই বিনা সংকোচে ক’লোহেঁতেন ,”দাদা বেয়া নেপায় যদি খিৰিকীৰ কাষৰ চিটটো মোক দিব নেকি ?” কিন্তু মহিলাবোৰলৈ মোৰ ভয় লাগে, প্ৰত্যুত্তৰত যদি অন্তৰত দুখ লগাকৈ কয় ,নাইবা শাৰীৰিক ভাষ্যই যদি জনাই দিয়ে যে মই খিৰিকীৰ কাষত বহি বাহিৰৰ পৰিবেশ উপভোগ কৰাৰ যোগ্য নহওঁ! সততে প্ৰতিগৰাকী মহিলাৰেই সেই চিটৰ প্ৰতি থাকে দুৰ্বলতা ,আকৰ্ষণ ৷

হঠাৎ বাহিৰৰ পৰা ফিৰফিৰীয়া বতাহৰ লগত বৰষুণৰ ছিটিকনি আহি প্ৰথমে হাতৰ বাহুত, তাৰ পাছত গালত ,ওঁঠত, চকুত, ডিঙিত আৰু বুকুত পৰিলে ৷ দুচকু জপাই দিলোঁ‌, উদযাপন কৰিলো মূহূৰ্তটো ৷ মোৰ সন্মুখলৈ চুটি চুলিবোৰে আহি আউলি বাউলি কৰি তুলিলে ৷ মই মহিলাগৰাকীলৈ কেঁৰাকৈ চালো, একে ভাঁজতে বহি আছে শিলৰ মূৰ্তিৰ দৰে ৷চুই দিলেই যেন গৰজি উঠিব ৷ যেন মোৰ উপস্থিতিৰ তেওঁ তিলমানো অনুভৱ কৰা নাই ৷ শান্ত ,গম্ভীৰ নে আত্মকেন্দ্ৰিক! নুবুজিলোঁ‌ ৷

গাড়ীখন তীব্ৰ বেগেৰে গৈ আছে। কাষৰ মানুহবোৰে এহতীয়া খিৰিকীৰ গ্লাচবোৰ বন্ধ কৰি দিছে ৷ কোনোবাই উচ্চস্বৰত ফোনত দীৰ্ঘ বাৰ্তালাপ কৰি কাষৰ জনক বিৰক্তি দিছে, কণমানি এজনীক মাকে চাদৰৰে ঢাকি দুগ্ধ খুৱাইছে, দুজনে খেতিৰ কথা,বৰষুণৰ কথা পাতিছে, হাল-কোৰ, ট্ৰেক্টৰ- – টুকুৰা টুকুৰ শব্দবোৰ গাড়ীখনৰ ভিতৰত সিঁচৰতি কৰি দিছে। কিন্তু মোৰ কাষৰ মহিলা গৰাকী নিশ্চুপ, স্থিৰপ্ৰজ্ঞ ৷ এটা সময়ত বৰষুণজাক বাঢ়িল; এইমাত্ৰ মানুহজনীয়ে নিজৰ দেহাটো সামান্য পিছলৈ লৈ খিৰিকীৰ গ্লাচখন জপাই দিলে ৷ বতাহে খুন্দিয়াই থকা মুখদুখন শীতল হৈ পৰিল ৷ মই তেওঁলৈ কেঁৰাকৈ চাইছো যদিও তাত আছে কৌতুহল আৰু নম্ৰতা ৷ পাৱাৰ থকা চছমাযোৰ খুলি তেওঁ ৰুমালেৰে মচি আকৌ পিন্ধি ল’লে ৷ মুখত বিন্দু বিন্দু বৰষুণৰ টোপাল, যেন বৰষুণ নহয় কাৰোবাৰ চকুলোহে ৷

বৰষুণজাক শান্ত হ’ল, তেওঁ খিৰিকীৰ গ্লাচখন পুনৰ খুলি দিলে ৷ বতাহে উষ্ম চুম্বন দিবলৈ যেন ৰৈ আছিল গালত ৷ তেওঁ প্ৰথম বাৰৰ বাবে মোলৈ চালে, আৰু অতি নম্ৰতাৰে কলে, তুমি এইটো চিটত বহা, মোৰ নামিবৰেই হ’ল ৷

মই খিৰিকী কাষৰ চিটটোত বহিলোঁ‌। তেওঁ মোৰ কাষত, একেবাৰেই কাষত; বাহু আৰু তপিনা দুটা ঘৰ্ষণ হ’ল দুয়োৰে ৷ তেওঁৰ মুখলৈ চালোঁ‌, মোলৈ তেওঁ চাই আছে। চকু দুটা চলচলীয়া হৈ পৰিছে লাহে লাহে, যেন এই সৰো এই সৰো দুটোপাল অশ্ৰু ৷ মই নিমাতে চাই ৰলোঁ‌। মুখ ফুটাই শব্দ এটাও নোলাল মোৰ, কি কম ? যদি বেয়া পায় ! যদি বাধা ভাঙি অবাধ্য কান্দোনখিনি চিঞৰি বহিঃপ্ৰকাশ হয় ! মই কি দৰে সংযত কৰিম ! লাহেকৈ তেওঁৰ হাতত ধৰিলোঁ‌। মোৰ মুখত হয়তো প্ৰশ্ন প্ৰকাশ হৈছিল ..
-মোৰ নামিবৰ হ’ল ৷
-ক’ত নামিব ?
-মেডিকেলত।
-কোনোবা আছে ?
-ওমম , বিশ বছৰে আঁতৰি আনৰ লগত সহবাস কৰা মোৰ স্বামী …

-কি হৈছে তেখেতৰ ?
,,,,,,,,,,,,,
-ডাঙৰ বেমাৰ নেকি ?
-মৃত্যু ।

গাড়ীখন মেডিকেলৰ সন্মুখত ৰৈ দিলে ৷ তেওঁ মোক কথাষাৰ কৈ এক মিনিটো নৰ’ল ৷ মোক স্তব্ধ কৰি নামি গ’ল গাড়ীৰ পৰা ৷ মোক অতদেৰি লৈ থকা যন্ত্ৰণাৰ মোনাটো দি থৈ গ’ল ৷ বৰ গধুৰ এই মোনাবোৰ, য’ত আশা আকাংক্ষা, সপোন, মৰম ভালপোৱাবোৰ মূল্যহীন হৈ পৰে ৷ বিশ বছৰে আঁতৰি থকা স্বামীৰ শেষৰ জঠৰ দেহটো চাবলৈ আহিছে অকলে ৷ কিমান চাগৈ নিজৰ মাজতে যুদ্ধ কৰিছে জীৱনৰ স’তে, কঠোৰ বাস্তৱৰ স’তে ৷

খিৰিকীৰে বাহিৰলৈ চালোঁ‌, পশ্চিমৰ বেলিটো চকুত ধৰিলহি ৷ বৰষুণজাকে যেন অতি চতুৰতাৰে মহিলাগৰাকীৰ দুচকুত গৈ ঠাই ল’লেগৈ, কোনেও নজনাকৈ, নিৰৱে, অতি সন্তপৰ্ণে ৷ যি আমিবোৰে নেদেখোঁ‌, মাথোঁ অনুভৱ কৰিব পাৰোঁ‌ ৷৷

সমাপ্ত
———————————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক