দুজনী কণমানিৰ দুটি সৰু কাহিনী (নীলাঞ্জনা মহন্ত)

(১)

পাৰুল নামৰ এজনী আঠবছৰীয়া ছোৱালী৷ পৰীৰ দেশৰ সাধুকথা পঢ়ি ভাল পায়৷ ভাল পায় দাবা খেলি৷ ভাল পায় গীটাৰ বজাবলৈ শিকি আৰু ভাল পায় অংক কৰিও! ৰূপাঞ্জেলৰ দৰেই দীঘল চুলি একোছাৰ সপোন দেখিছিল তাই সৰুৰে পৰাই৷ জন্মতেই কিছু চুলি গজি অহা, ক্ৰমে পিঠি ঢাক খাই পৰা ডাঠ চুলিকোছালৈ তাই বৰ গৰ্ব অনুভব কৰে৷ লগৰ ছোৱালী বোৰেও ঈৰ্ষাৰে চায় তাইৰ চুলি কোছালৈ৷ কিন্তু স্কুললৈ যাওঁতে, বা সাঁতোৰৰ প্ৰশিক্ষণলৈ যাওঁতে যেতিয়া চুলিকোছা আঁচুৰি থাকোতে বহুত সময় লাগে কেতিয়াবা ঘৰৰ কোনোবা এজনে প্ৰায়ে কয় – ‘এইৰ চুলিকোছা কাটি দিব লাগে দেই ইমান গণ্ডগোলখন লগাই থাকে এই জঁটসোপাই৷ ’ বা ‘গান্ধীজীৰ চুলিকাটটোৱেই ভাল, কোনো আহুকাল নাই৷ ’ দেউতাকে আকৌ বুজায় তাইক কেতিয়াবা, ‘চুলি নিজে যেতিয়া চম্ভালিব পাৰিবা তেতিয়া ৰাখিবা৷ এতিয়া ৰাখি কিনো লাভ হ’ব কিমান সময় নষ্ট হৈছে সদায় সদায় দেখিছাই! ’ তাই মুখেৰে একো নকয়, চকুলো ওলাই আহে মাত্ৰ৷
সেইজনী ছোৱালীয়ে তাইৰ আঠবছৰৰ জন্মদিনত মাকক ৰাতিপুৱাই ক’লে তাই চুলিখিনি কটাব বিচাৰে, আৰু আন একো জন্মদিনৰ উপহাৰ তাইক এইবাৰ নেলাগে৷ ঘৰৰ সকলো আচৰিত হ’ল যদিও সকলোৱে ভাবিলে হয় তাইৰ চুলিখিনি চম্ভালি আমনি লাগিছে নহ’লে ঘৰত কৈ থকাৰ কাৰণে দুখতেই কটাই পেলাব বিচাৰিছে৷ ৰাতিপুৱাই ভালদৰে শ্বেম্পু কৰি চুলিখনি তাই ধুলে আৰু নিজেই জঁটবোৰ ভাঙিলে৷ বিউটি পাৰ্লাৰলৈ যোৱাৰ পিছত চুলিখিনি প্ৰথমে দীঘল বেণী এডাল গাঠি জুখি লৈহে যেতিয়া তাই কাটিবলৈ দিলে, নাপিতগৰাকীৰ মুখত এটি মিচিকি হাঁহি খেলি গ’ল….কাৰণ খুব কমসংখ্যকে কৰে যদিও তেওঁ জানে এনেকৈ চুলি কটাৰ অৰ্থ কি৷ কাৰণ তাইৰ চুলিখিনি বেণী গুঠাৰ পিছতো প্ৰায় দেৰফুট দীঘল আছিল, এডালো পকা চুলি বা কৃত্ৰিম ৰসায়ন আদিৰ প্ৰভাব তাত নাছিল৷ চুলিখিনি কটাৰ পিছত এটা বিশেষ দীঘল লেফাফাত তাই নিজেই ভৰালে৷ আৰু ওপৰৰ ঠিকনাত লিখিলে লিউকেমিয়া চচাইটিৰ এটি বিশেষ ঠিকনা৷ মাত্ৰ দুদিন আগতে তাই পাইছিল স্থানীয় বাতৰিকাকত এখনত এই বিষয়ে৷
পাৰুলে তাইৰ মৰমৰ দীঘল চুলিখিনি কৰ্কটৰোগত আক্ৰান্ত সেই সকল ৰোগীলৈ বুলি দান কৰিলে যিয়ে কেমোথেৰাপিৰ ফলত মূৰত এদালো চুলি নোহোৱাৰ বাবে হয়তো ক’ৰবালৈ ওলাই যাবলৈ লৈ আইনাত নিজকে চাই এটি হুমুনিয়াহ কাঢ়িছে৷ ডিঙি ওলাই থকা চুটি চুলিখিনিৰে পাৰুলক সেইদিনা আটাইতকৈ সুন্দৰী পৰীগৰাকীৰ দৰেই দেখাইছিল৷ পাৰুলৰ দৰে কোমল অথচ সুন্দৰ মন এটি পৃথিবীৰ সকলোটিয়ে পাওক যেন – মাকে তাকেই প্ৰাৰ্থনা কৰিলে তাইৰ জন্মদিনৰ দিনা!

(২)

নিভা, পাৰুলৰ বান্ধবী – দুয়ো একে স্কুললৈকে যায়৷ এদিন সিঁহতক শ্ৰেণীশিক্ষকে কেনেকৈ একোজন সুনাগৰিক হ’ব পাৰি, কেনেকৈ আনৰ কাৰণে ভাবিব লাগে বুজাইছিল৷ আৰু কৈছিল, পিছৰ সপ্তাহত যেন সকলোৱে একোটি উদাহৰণ লৈ আহে সুনাগৰিক হিচাপে জীবনত কৰা কিবা কামৰ৷ নিজে নকৰিলেও চিনি পোৱাতে থকা প্ৰচাৰ নোহোৱা অন্যলোকৰ হ’লেও যিকোনো ভাল কাম৷ হয়তো কোনোৱে ৰাস্তাত পৰি থকা জাবৰ কিছুমানকে সামৰি পেলাই দিছে, কোনোৱে হয়তো গছপুলি ৰুইছে, কোনোৱে হয়তো পুথিভঁৰাললৈ গৈ দুখীয়া ল’ৰাছোৱালী কিছুমানক বিনামূলীয়াকৈ পঢ়া-শুনাকে চাই দিছে ইত্যাদি৷ নিভাৰ মন গ’ল নিজেই কিবা এটা কৰাৰ৷ মাক দেউতাকহঁতে বা তাই চিনি পোৱা সকলোৱেই কিবা নহয় কিবা ভাল কাম কৰিছে বুলি তাইৰ ভাব৷ আনকি দুদিনমানৰ আগতে বান্ধবী ৰিয়াৰ প্ৰথমশ্ৰেণীত পঢ়া ভায়েকে হেনো তাৰ গোটেইবোৰ কিতাপ আৰু সৰু হৈ যোৱা ভাল জোতা কেইজোৰ, কাপোৰ-কানি আৰু খেলনাবোৰ নিজেই আটোমটোকাৰিকৈ বান্ধি দি দেউতাকৰ হাতত দিলে, অলপতে এটি ভূইকঁপত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সৰু ল’ৰা-ছোৱালীবোৰলৈ দি পঠাবৰ কাৰণে৷ সিহঁতৰ স্কুলত আচলতে কেইদিনমানৰ আগতে পৰিয়াল এটিয়ে আৰম্ভ কৰা সাহায্য অনুস্থান এটাৰ খবৰ পাইছিল সিঁহত সকলোৱে৷ স্কুলৰ অফিচৰ সমুখত এটা বৃহৎ বাকচ থৈ দিয়া হৈছিল এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলে দান কৰাৰ বাবে৷ ৰেডক্ৰছৰ সাহায্যত নিৰ্দিষ্ট তাৰিখৰ পিছদিনাই সামগ্ৰীসমূহ বিশেষ উপায়েৰে ক্ষতিগ্ৰস্ত লোক সকললৈ পঠিওৱাৰ দিহা কৰা হৈছিল৷
নিভাই যোৱাবছৰ স্কুলতে হোৱা ৰচনা প্ৰতিযোগিতা এটাত প্ৰথম পুৰস্কাৰহিচাপে পঞ্চাছ ডলাৰ পাইছিল! বহুদিনৰ পৰাই তাইৰ ইচ্ছা আছিল ডাঙৰ লেগ’চেট এটা কিনিবলৈ৷ লেগ’ চেট সমূহৰ বৰ দাম কাৰণে মাকহঁতে মজলীয়া দুই-এটাহে কিনি দিছিল তেতিয়ালৈকে৷ তাকো জন্মদিন বা তেনে পৰবতহে৷ পঞ্চাছ ডলাৰতো ডাঙৰ লেগ’চেট নেপায় কাৰণে তেতিয়াও তাই ভাবি আছিল আৰু অলপ গোট খালে পছন্দমতে লেগ’ চেট টো কিনিবগৈ এদিন৷ কিন্তু শ্ৰেণীশিক্ষকে ‘কিবা এটা ভাল কাম’ৰ উদাহৰণ দিবলৈ কোৱাত তাই চিন্তা কৰিবলৈ ধৰিলে হয়তো সেইখিনি টকাৰে তাই কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে৷ পৃথিবীৰ কিছুমান দুৰ্ভিক্ষৰ কথা শুনিছে সিঁহতে, আৰু শুনিছে কিছুমান কেও কিছু নোহোৱা ল’ৰা-ছোৱালীৰ কথা, অনাথ আশ্ৰমৰ কথা৷ সেইদিনা মাকে যেতিয়া তাইক স্কুলৰ পৰা লৈ আহিছিল, মাকে দিনটো কেনেকুৱা গ’ল সোধাত মনৰ কথাটো ব্যক্ত কৰিলে তাই৷ অত্যন্ত উৎসাহেৰে মাকেও কথাটো মনদি শুনাৰ ওপৰিও সেইদিনাই দেউতাকৰ লগত আলোচনা কৰি এটা উপায়ো দিলে৷ পৃথিবীৰ সকলো ঠাইতে দুখীয়া ল’ৰা ছোৱালীৰ কাৰণে অনেক স্কুল আছে৷ কিন্তু তেওঁলোকৰ খৰচ-পাতি সাধাৰনতে অন্যলোকে কৰা দান-বৰঙনিৰ পৰাই সিংহভাগ মিলোৱা হয়৷ নিভাৰ মাক দেউতাকে তেনে এখন স্কুললৈ বৰঙনি আগবঢ়াবলৈ এটি অনুস্থানৰ জৰিয়তে কথা পাতিলে৷ কথা মতেই কাম৷ পুৰস্কাৰৰ পঞ্চাছ ডলাৰৰ লগত আৰু এটি অংক মিলাই এটি শিশুক সম্পূৰ্ণ এবছৰৰ বাবে খোৱা বোৱাকে ধৰি শিক্ষাৰ বাবে ভাৰতত নুন্যতম যিমানখিনি খৰচ হয় তাৰ বাবে অৰিহণা যোগোৱাৰ পৰিকল্পনা কৰিলে পৰিয়ালটিয়ে৷ দুদিনমানৰ পিছতে দেউতাকৰ কোম্পেনীয়েও বিশেষ আঁচনিৰ দ্বাৰা এই দানৰ ‘মেটচিং ড’নেচন’ হিচাবে (আঁচনিমতে কৰ্মী এজনে দহ ডলাৰ দান কৰিলে কোম্পেনীয়ে আৰু দহ ডলাৰ যোগ দি মুঠ দানৰ পৰিমাণ দুগুণ অৰ্থাৎ বিশ ডলাৰ কৰি দিয়ে) সমান পৰিমাণৰ ধন মোকলাই দিলে৷ ফলত নিভাৰ যৎসামান্য অৱদানটি গৈ গৈ শেষত প্ৰায় কেইবাগুণো হ’লগৈ৷ তাই এখন চিঠিও লিখিলে নাম নজনা এটি শিশুলৈ কিছু অনুপ্ৰেৰণামূলক কথা আৰু লগ পোৱাৰ তথা যোগাযোগ ৰখাৰ প্ৰস্তাবেৰে, আৰু এটি তীব্ৰ আশাৰে যাক হয়তো তাইৰ ক্ষুদ্ৰ অৱদানে লাভান্বিত কৰিবগৈ৷ সেইবাৰৰ গৰমৰ বন্ধত দেউতাকহঁতৰ ঘৰলৈ যাওঁতে সেই স্কুলখনত সোমাই কণকণ শিশুহঁতৰ লগত এবেলা কটোৱাৰ সৌভাগ্যও হ’ল সিহঁতৰ৷ সুন্দৰ স্কুলখনিৰ দেৱশিশু কেইটিমানক তাইৰ স্কুলত কৰা কিছুমান কামকাজৰ নমুনা দেখুওৱাৰ ওপৰিও সিঁহতৰ নাচগানো উপভোগ কৰি আহিলেগৈ, নিজেও কিবা এটা গান গালে৷ শ্ৰেণীশিক্ষক গৰাকীকহে তাই ‘ভাল কাম’ৰ উদাহৰণ টো সময়মতে দিবলৈ দেৰি হৈ গ’ল যদিও ‘ভাল লগা কাম’ এটিয়ে লাহে লাহে গত লোৱাত তাইৰ মনটো বৰ ভাল লাগিল৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments