দুজন বিশিষ্ট ব্যক্তিৰ ঘৰত কটোৱা মধুৰ মুহূৰ্ত – ৰাজেন পূজাৰী

 বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আজৰি সময় উলিয়াই কিছু সময় কটাবলৈ পালে ভাল লাগে৷ এই কাৰণেই তেওঁলোকৰ সঙ্গ ল’ব খোজোঁ যে তেওঁলোকৰ জীৱন জোৰা অভিজ্ঞতাৰ কাহিনী শুনি প্ৰচুৰ জ্ঞান লাভ হয়৷ গ্ৰন্থ অধ্যয়ন কৰাতকৈও বহু ক্ষেত্ৰত বিভিন্ন বিচিত্ৰ অভিজ্ঞতাৰ পৰাহে বেছি জ্ঞান আহৰণ কৰিব পাৰি৷ আচলতে অভিজ্ঞতাইহে মানুহক পূৰঠ কৰে৷ শংকৰদেৱে দুবাৰ তীৰ্থ ভ্ৰমণ নকৰা হ’লে তেওঁক হয়তো এজন বিদগ্ধ পণ্ডিত ৰূপত নাপালোঁহেঁতেন৷ জীৱনৰ অভিজ্ঞতাবোৰত জ্ঞান নিহিত থাকে৷ তেখেতসকলে সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিয়ে নতুন চামক উদ্বুদ্ধ কৰে৷

আনটো কাৰণ হ’ল- বয়সষ্ঠ লোক সকল এটা সময়ত নিঃসঙ্গ হৈ পৰে৷ তেওঁলোকক অকণমান সময় সঙ্গ দিয়াটো আমাৰ দায়িত্ব বুলি ভাবোঁ৷ এই ব্যক্তিসকলে মানুহৰ সংগ বিচাৰি ভাল পায়৷ দুষাৰ-এষাৰ কথা পাতিবলৈ পালে মনত পৰম সন্তোষ পায়৷ এইসকল লোকক সঙ্গ দিয়া কথাই তেওঁলোকৰ স্বাস্থ্যতো সুপ্ৰভাৱ পেলায়৷ আমি দিব পৰা এটাই বস্তু আছে- সেইটো হৈছে মাতষাৰ৷ মাতষাৰৰ কেতিয়াও অভাৱ হ’ব নালাগে৷

কেইদিনমান আগতে যোৰহাটত দুজন বিশিষ্ট ব্যক্তিৰ লগত কিছু সময় কটালোঁ৷ বিশিষ্ট চিকিৎসক, লেখক, সাহিত্যিক ডা°দেৱীচৰণ ঠাকুৰ দাদাৰ লগত ফোনত আমাৰ সঘন যোগাযোগ হয়৷ তেখেতে মোক মাতি আছিল৷ মোৰ তেখেতৰ প্ৰতি আকৰ্ষণ থকাৰ কাৰণ হ’ল তেখেতৰ এই প্ৰায় ৭৫ বছৰ বয়সতো অটুট থকা কৰ্মোদ্যম৷ বয়সেও যাৰ ওচৰত হাৰ মানিছে৷ চকুৰ সমস্যাৰ মাজতো কিতাপ লিখাৰ কাম কৰি গৈছে৷ তেখেতে শেহতীয়াকৈ দুটা অসাধাৰণ কাম কৰিছে৷ আচৰিত মানিব লগীয়া কথা যে কেইটামান বছৰত অশেষ কষ্ট কৰি তেখেতে ঔষধী উদ্ভিদৰ এখন বৃহৎ কলেবৰৰ বিশ্বকোষ অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত লিখি পাঠক সমাজলৈ আগবঢ়াইছে৷ অসমত এনে গ্ৰন্থ এইখনেই প্ৰথম৷ গ্ৰন্থ খনৰ মূল্য হৈছে ২৫০০ টকা৷ গ্ৰন্থখনত সকলো বনৌষধি উদ্ভিদৰ দ্ৰব্য গুণ আৰু ইয়াৰ গৱেষণাৰ ফলাফলবোৰ দিয়া আছে৷ গ্ৰন্থখনে পঢ়ুৱৈ পৰা ভাল সমাদৰ পাইছে৷ তেখেতৰ আন এখন বিশ্বকোষ সোনকালে প্ৰকাশ পাব৷ অসমীয়া, ইংৰাজী হিন্দী ভাষাত পৃথিৱীৰ সকলো ধৰ্মৰে সাৰমৰ্ম উপৰিও ধৰ্ম গ্ৰন্থত থকা চৰিত্ৰ বিলাকৰ বিষয়ে সংক্ষিপ্ত বৰ্ণনা দিছে৷ এই গ্ৰন্থখনো ব্যতিক্ৰম হ’ব৷ ডা°ঠাকুৰক এই ক্ষেত্ৰত সহযোগ কৰিছে পত্নী বিশিষ্ট চিকিৎসক তথা সমাজ সেৱিকা ডা°মিনাক্ষী ঠাকুৰে৷ ডা°ঠাকুৰে আহোম ৰাজত্বকালৰ এগৰাকী মহীয়সী নাৰীৰ ওপৰতো এখন উপন্যাস লিখি আছে৷

আমি লগ কৰা আনজন ব্যক্তি হ’ল এসময়ৰ দেৰগাঁৱৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক, চৈয়দ আব্দুল মালিক, ড° ভূপেন হাজৰিকাৰ অতি ঘনিষ্ঠ ভৱেশ খাউণ্ড দাদা৷ যোৰহাট ১০ নং ৱাৰ্ডৰ ডি চি বি কলেজ পথত থকা ঘৰত খাউণ্ড দাদাৰ লগত বহু সময় কটালোঁ৷ ৮৫ বছৰীয়া খাউণ্ড দেৱে স্বাস্থ্যজনিত কাৰণত আগৰ দৰে ফুৰা-চকা নকৰা হ’ল৷ দেৰগাঁৱত প্ৰতিখন সভা শুৱনি কৰা জ্ঞানৰ ভঁৰাল, প্ৰাক্তন জনসংযোগ বিষয়া খাউণ্ড আজি বহুত দিন দেৰগাঁৱলৈ অহা নাই৷ ভবেশ দাদাৰ মুখে দেৰগাঁৱৰ বহু নজনা জানিলোঁ৷

১৯৫৭ চনত দেৰগাঁও আলোক শিল্পী সমাজৰ বাৰ্ষিক অধিৱেশনলৈ আহিছিল কলা গুৰু বিষ্ণু ৰাভা৷ ৰাভা দেৰগাঁৱত ৭ দিন আছিল৷ এদিন ৰাভা আৰু ভৱেশ খাউণ্ডে গাড়ী নোপোৱাত খোজ কাঢ়ি গৈয়েই নাহৰণিৰ মালিক চাৰৰ ঘৰ পালেগৈ৷ মালিক ৰসিক মানুহ৷ মালিক চাৰে ভৱেশ দাদাক সুধিলে- “এই ওখ দৈত্যটো কোন”? খাউণ্ডে ক’লে– “ৰাভা চাহাব”৷ তেতিয়া মালিকে ৰাভাক ক’লে- “আপুনি ওখ মানুহ আকাশলৈ চাই আছে৷ মই মাটিত আছো।” ৰাভা ওখ মানুহ আছিল৷ মালিকচাৰ আছিল চুটি চাপৰ মানুহ৷ মালিক চাৰৰ ঘৰত ৰাভাক খাবলৈ দিয়া টেবুল খনৰ এটা খুৰা ভগা আছিল বাবে তলত ইটা দি ৰাখি থোৱা আছিল৷ ৰাভাই টেবুলখনৰ কথা সুধিলত মালিক চাৰৰ ৰসিক উত্তৰ আছিল- “হয় খুৰা ভগা৷ আমাৰ জাতিটোৱে ভগা।” মালিক চাৰে হেনৰিক ইবচেনৰ Enemy of the people ৰ বিখ্যাত বাণীটো ক’লে -“সচাঁ মানুহৰ অৱস্থা হীন হ’লে তাৰ কথা মিছা হৈ যায়৷ মিছা মানুহ চহকী হ’লে সচাঁ হৈ যায়।” আজিৰ যুগত এই কথাষাৰ আমি পদে পদে সত্যতা উপলব্ধি কৰিছোঁ৷ ধন- ক্ষমতা থকা মানুহজন সঁচা হয়৷ ধন বিত নথকা সৎ মানুহজন সমাজত মিছা হৈ যায়৷ এনেয়ে কয় নে টাকাড় পাছে গোপাল নাছে৷

(প্ৰথমখন ফটোত দেৱীচৰণ ঠাকুৰৰ লগত আৰু দ্বিতীয়খনত ভৱেশ খাউণ্ডৰ লগত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক