দুটা অণুগল্প — ভাস্কৰজ্যোতি বৰা

 

চেৰিটি

“দাদা, মচুৰ দাইল কোনটো দিম?” – জয়ন্তক দোকানীজনে প্ৰশ্ন কৰিলে৷
জয়ন্তই পত্নী গীতাৰ ফালে চালে৷ গীতাই ফুচফুচাই জয়ন্তৰ কাণে কাণে ক’লে, -“কম দামীটোকে লোৱা৷ সেইবোৰ ল’ৰা-ছোৱালীয়েনো দামী, সস্তীয়া ক’ত চিনি পাব?”
পুতেকৰ জন্ম দিনটোত প্ৰতিবছৰে জয়ন্ত আৰু গীতাই এখন অনাথ আশ্ৰমলৈ গৈ তাৰ ল’ৰা-ছোৱালীবোৰক ভাত এসাঁজ খুৱায়৷ ৷

অমংগল

ন-বোৱাৰীজনীয়ে সেৱা কৰিবলৈ লওঁতেই শাহুৱেকে এইমাত্ৰ জ্বলাই থৈ অহা থাপনাৰ চাকিগছ নুমাই থাকিল৷
কিবা এটা আশংকাত বোৱাৰীজনীৰ মনটো মৰি গ’ল৷ শাহুৱেকে কথাটো মন কৰিলে আৰু হাঁহি মাৰি বোৱাৰীয়েকক ক’লে, -“চিন্তা নকৰিবা বোৱাৰী, ঈশ্বৰে চাকিগছ হয়তো তোমাৰ হাতেৰে জ্বলাটো বিচাৰিছে৷ যোৱা চাকিগছ জ্বলাই দিয়াগৈ৷”
শাহুৱেকৰ কথাষাৰত বোৱাৰীজনীৰ মুখখন উজ্জ্বল হৈ পৰিল৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments