দুটা ধাৰা, দুগৰাকী নাৰী আৰু এখন নাটকৰ কথাৰে – চাহিন জাফ্ৰি

 

প্ৰগতিৰ পথত অগ্ৰসৰ হ’বলৈ মানুহৰ বৈপ্লৱিক মনটোৱে বিভিন্ন অন্তৰায়ৰ মুখামুখি হ’ব লগা হয়৷ বিভিন্ন সামাজিক প্ৰথা, ৰীতি-নীতি আদিৰ ধাম খুমীয়াত পৰি মানুহে প্ৰায়েই দুটা ধাৰাৰ মাজেৰে আগবাঢ়ে৷ এটা হৈছে- পৰম্পৰাগত ধাৰা আৰু আনটো আধুনিকতাবাদী ধাৰা৷ উক্ত দুই ধাৰাৰ সংঘাতত দুগৰাকী নাৰীৰ জীৱন কিদৰে সংপৃক্ত হৈছে, তাকে লৈ নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাই(১৯১৭-২০০১) “নায়িকা-নাট্যকাৰ“ নামেৰে এখন বহুচৰ্চিত নাটক ৰচনা কৰিছিল৷ আমাৰ এই প্ৰবন্ধটিৰ মাজেৰে নাটকখনৰ সম্পৰ্কে আৰু বিশেষকৈ সেই দুটি নাৰী চৰিত্ৰৰ সম্পৰ্কে সামান্য আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে৷

নাটকখনৰ কাহিনী নিৰ্মিত হৈছে– শাশ্বতী আৰু ভাস্বতী নামৰ দুটি নাৰী চৰিত্ৰক কেন্দ্ৰ কৰি৷ ভাস্বতীৰ সৰু কালতে বিয়া হৈছিল৷ কিন্ত স্বামীৰ ঘৰত সহজ ভাবে থাকিব নোৱাৰি পুনৰ পিতৃ গৃহলৈ গুচি আহে আৰু পিতৃ গৃহতে আদৰত থাকি পঢ়া-শুনা কৰি এম. এ আৰু পি. এইচ. ডি ডিগ্ৰী লাভ কৰে৷ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লগতে তাই পুৰণি কলীয়া সামাজিক ৰীতি-নীতি তথা নিয়ম কানুনৰ প্ৰতিও বিদ্ৰোহী হৈ উঠে৷ ইতিমধ্যেই দ্বিতীয় বিবাহ কৰোৱা ভাস্বতীৰ স্বামী বিমলে তাইক নিবলৈ আহে যদিও তাই যাবলৈ অস্বীকাৰ কৰে৷ আনহাতে, ভাস্বতীৰ জীৱনলৈও হিমাংশু নামৰ শিক্ষিত যুৱক এজন অহাত তাই পূৰ্বৰ স্বামী বিমলৰ স’তে বিবাহ বিচ্ছেদ ঘটাব খোজে আৰু পুনৰ বিবাহত বহিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে৷

আনহাতে, নাটকখনত থকা আন এটা নাৰী চৰিত্ৰ শ্বাশ্বতী আছিল সম্পূৰ্ণ ভাৱে ভাস্বতীৰ বিপৰীত৷ শাশ্বতীৰ স্বামী এজন মানসিক ৰোগী আৰু তেওঁ এগৰাকী কন্যা সন্তানৰো মাতৃ৷ শ্বাশ্বতীৰ আইনজীৱী ককায়েকে বাৰে বাৰে তাইক স্বামীৰ সৈতে বিবাহ বিচ্ছেদ (যুডিচিয়েল চেপাৰেচন) ঘটাবলৈ উপদেশ দিয়ে যদিও তাই মান্তি নহয়৷ তাইৰ মতে, যিখন সমাজে তাইক নীতি-নিয়মেৰে এজনৰ স’তে বান্ধোনত বান্ধিছে, মানসিক ৰোগী হলেও তেওঁক তাই এৰিব নোৱাৰে৷ যিহেতু তেওঁলোকৰ বিবাহৰ সাক্ষী হিচাবে এজনী শিশু কন্যাও আছে, সেয়ে তাইক বুকুত বান্ধিয়েই স্বামীৰ পৰিচৰ্যা কৰি তাই ওৰেটো জীৱন পাৰ কৰিব বিচাৰে৷

থুলমূলকৈ নাটকখনৰ কাহিনী এইখিনি যদিও উক্ত কথাখিনি ৰূপায়ণ কৰাত নাট্যকাৰজনৰ ভূমিকাহে আটাইতকৈ বেছি৷ নাটকখনত নাট্যকাৰজন নিজেই সোমাই পৰিছে আৰু তেওঁৰ নিজস্ব দৃষ্টিভঙ্গীৰে নাৰী দুগৰাকীক বিশ্লেষণ কৰিবলৈ যত্ন কৰিছে৷ আচলতে, নাটকখনত নাট্যকাৰ চৰিত্ৰটোৰ অৱতাৰণাই নাটকখনক এক নতুন ৰূপ দিছে৷ তেওঁৰ মনৰ মাজত চলি থকা বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াই নাৰী দুগৰাকীৰ চৰিত্ৰৰ ইংগিত বহন কৰে৷ চৰিত্ৰৰ বিশ্লেষণত নাট্যকাৰ অথবা চৰিত্ৰৰ অম্বেষণত নাট্যকাৰ বুলি ক’লেও নাটকখনৰ নামকৰণৰ সাৰ্থকতা একেই থাকিলহেঁতেন৷

বিবাহ আৰু স্বামীৰ সম্পৰ্কত ভিন্ন মত পোষণ কৰা দুগৰাকী নাৰীৰ বিবেকৰ প্ৰবাহ ইয়াত দাঙি ধৰা হৈছে৷ দুই গৰাকী নাৰীৰেই দুটা বিপৰীত ৰূপ নাটকখনত দেখা যায়৷ ভাস্বতী প্ৰাচীন ৰীতি-নীতি আৰু তথাকথিত সামাজিক ব্যৱস্থাৰ বিৰোধী এগৰাকী আধুনিক মনৰ নাৰী৷ আনহাতে, শাশ্বতী হৈছে–তাৰ সম্পূৰ্ণ বিপৰীত৷ অৰ্থাৎ, প্ৰাচীন পৰম্পৰাত বিশ্বাসী, সমাজৰ নিয়মৰ প্ৰতি শ্ৰদ্ধাশীল নাৰী৷ ভাস্বতীয়ে অন্তঃসাৰশূন্য অসুখী দাম্পত্য জীৱনত বন্দী হৈ থাকিব নিবিচাৰে, সেয়ে বিচ্ছেদৰ জৰিয়তে সম্পৰ্কৰ সামৰণি মাৰিব খোজে আৰু নতুন সংসাৰৰ কথাও ভাবে৷ কিন্ত শাশ্বতীয়ে আকৌ সেই একেই পৰিস্থিতিৰ সন্মুখীন হৈয়ো বৈবাহিক বান্ধোনৰ পবিত্ৰতা ৰক্ষা কৰি ৰুগীয়া স্বামীক পৰিচৰ্যা কৰি তেওঁৰ সৈতেই জীৱনটো পাৰ কৰিব খোজে৷ এগৰাকী হৈছে – সামাজিক মূল্যবোধত বিশ্বাসী পৰম্পৰাগত নাৰী আৰু আনগৰাকী হৈছে সামাজিক নিয়ম-পৰম্পৰাৰ বিৰোধী আধুনিক মনৰ নাৰী৷

শাশ্বতীৰ চৰিত্ৰৰ মাজেৰে এগৰাকী আদৰ্শ ভাৰতীয় নাৰীৰ ছবি ফুটি উঠিছে, যি সমাজৰ নিয়ম মতেই চলিব বুলি দৃঢ় প্ৰতিজ্ঞ৷ আনহাতে, ভাস্বতী হৈছে, এগৰাকী বিপ্লৱী, বিদ্ৰোহী, যুক্তিবাদী নাৰী৷ যি এলান্ধুকলীয়া পুৰণি নিয়ম-নীতিবোৰক কোনোপধ্যেই চোঁচ‍ৰাই ফুৰিব নিবিচাৰে৷
নাটকখনত ভাস্বতী চৰিত্ৰটোৰ মাজেৰে এটা বৈপ্লৱিক মনৰ পৰিচয় ফুটি উঠে৷ তেওঁ সমাজৰ ফোঁপোলা নিয়ম-নীতিৰ বিৰুদ্ধে বিপ্লৱ ঘোষণা কৰিছে আৰু তাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে৷ আন্তৰিতা নথকা, মাথোঁ নাম সৰ্বস্ব দাম্পত্য জীৱনত বন্দী হৈ থাকিব নিবিচাৰি, তাৰ পৰা মুক্তি পাব বিচৰা ধাৰণাই ভাস্বতীক এগৰাকী মুক্ত মনৰ বলিষ্ঠ নাৰী হিচাবে প্ৰতিপন্ন কৰে৷ সৎ সাহস আৰু যুক্তিবাদী মানসিকতাই চৰিত্ৰটোক অনন্য কৰি তুলিছে৷ পুৰণিকলীয়া তথা সাতাম পুৰুষীয়া নিয়মবোৰৰ বশৱৰ্তী হৈ বেয়া হ’লেও স্বামীক দেৱতা জ্ঞান কৰি থকা বিধৰ নাৰী নাছিল ভাস্বতী৷ কিন্তু, শাশ্বতী আকৌ সামাজিক নিয়ম-পৰম্পৰাৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধাশীল৷ প্ৰাচীন মূল্যবোধ আৰু পৰম্পৰাক সন্মান জনাই একে পৰিস্থিতিত পৰিলেও তাই তাৰ পৰা ওলাই আহিব নোখোজে৷ এগৰাকী পৰম্পৰাগত নাৰী হিচাবে, সমাজৰ ভয়, অথবা সংস্কাৰৰ ভয়ে তাইক বান্ধি ৰাখে আৰু তেনেদৰে থাকিয়েই তাই নিজকে সুখী বুলি ভাৱে৷ শাশ্বতীৰ মাজেৰে এগৰাকী আদৰ্শ ভাৰতীয় নাৰীৰ ৰূপ প্ৰতিফলিত হয় যদিও গভীৰ দৃষ্টিত ই এটা লেহুকা চৰিত্ৰ৷ সংস্কাৰ আৰু সমাজৰ ভয়ে তাইৰ নিজৰ মনৰ মাজতে নিজক বন্দী কৰি ৰাখে..! সুখী নহ’লেও জোৰকৈ সুখী হোৱাৰ অভিনয় কৰে..৷

নাটকখনত থকা শাশ্বতী-ভাস্বতী কাল্পনিক যদিও বাস্তৱ সমাজত তেওঁলোক দুগৰাকীৰ অভাৱ নাই৷ কিন্তু, বৰ্তমান যুগৰ প্ৰেক্ষাপটত কোনটো ধাৰাৰ কোন গৰাকী নাৰী সমাজৰ বাবে আদৰ্শ হ’ব, সেয়া বিচাৰ্যৰ বিষয়..!
নাৰী মনস্তত্ত্বৰ ভিত্তিত ৰচিত উক্ত নাটকখনত এটা বাস্তৱ সমস্যা প্ৰধান ঘটনাক উপস্থাপন কৰা হৈছে৷ গতানুগতিকতাৰ বিপৰীতে অভিনৱ উপস্থাপন শৈলীৰে নাটকখন এখন উৎকৃষ্ট নাটক হিচাবে পৰিগণিত হৈছে৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক