দুটা নতুন লেপটপ, এখন অচিনাকি চহৰ আৰু এজন আচৰিত মানুহ- ফাৰুক আজিজ

এইয়া মই কৰ্ণাটকত ইঞ্জিনীয়াৰিং পঢ়ি থকাৰ সময়ৰ কথা৷ ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিন৷ মোৰ ৰূমমেট জাহ্নুয়ে এটা নতুন লেপটপ আনিছিল৷ ৰূমত ল’ৰাৰ ভীৰ৷ সকলোৱে লেপটপ চাবলৈ আহিছিল৷ জাহ্নুৱে এখন চিনেমা লগাই দিলে৷ অক্ষয় কুমাৰৰ ‘ভুল ভুলাইয়া৷ ’ সকলোৱে একেলগে বহি চাবলৈ ধৰিলে৷ জাহ্নুৱে লেপটপৰ ওচৰতে বহি লৈছিল৷ বাকী সকলোকে চাৰি ফুট আঁতৰত বহিবলৈ দিছিল৷ চিনেমা শেষ হ’বলৈ হৈছিল আৰু বিদ্যা বালানৰ গাত ভূতে লম্ভিছে৷ সকলোৱে একান্ত মনে লেপটপৰ ফালে চাই আছিল৷ এনেতে জাহ্নুৱে লেপটপটো বন্ধ কৰি দিলে আৰু ঘোষণা কৰি দিলে “আজিৰ কাৰণে চিনেমা হল বন্ধ৷ সকলো বাহিৰ হ৷ মোক শুবলৈ দে৷ ” সকলোৱে জাহ্নুক আৰু অলপ সময় চাবলৈ দিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে৷ কিন্তু জাহ্নুৱে কাৰো কথা নুশুনিলে৷ সকলোকে বাহিৰলৈ উলিয়াই দিলে৷ মই আৰু ইফটিকাৰে ভেৱা লাগি চাই থাকিলোঁ৷ লাজে- অপমানে জাহ্নুক গালি পাৰি সকলো গ’লগৈ৷ দুটামানেতো প্ৰতিজ্ঞাই কৰি দিলে, “আমাৰ ওচৰত লেপটপ নাই কাৰণেহে আজি আমাক এনেকৈ উলিয়াই দিছ৷ এদিন আমিও লেপটপ ল’ম৷ ” সকলো গুচি যোৱাৰ পাছত লাইট বন্ধ কৰি জাহ্নুৱে ফুলাম গামোচা এখনেৰে লেপটপটো মচিলে আৰু বেগত সুমুৱাই থলে৷ আমি তিনিও বিছনাত উঠিলোঁ৷ কিন্তু অলপ সময়ৰ পাছত আমি দুয়ো টোপনি যোৱা বুলি ভাবি লেপটপটো আকৌ উলিয়াই ল’লে আৰু হেডফোন লগাই মনে মনে কিবা চাবলৈ ধৰিলে৷ ইফটিকাৰ উঠি বহিল, “জাহ্নু চিনেমাখন ময়ো চাম৷ ” জাহ্নুৱে লেপটপটো আকৌ বন্ধ কৰি দিলে৷ ইফটিকাৰে এবাৰত লেপটপটো টানি লৈ গ’ল৷ এনেদৰে বহুসময় টনা আজোৰা চলি থাকিল৷ কিন্তু জাহ্নুৱে ইফটিকাৰক চাবলৈ নিদিলে৷ শেষত ইফটিকাৰে এবাৰ কোৱা শুনিলোঁ, “তই কি চাই আছ, মই নাজানো বুলি ভাবিছ নেকি? ” জাহ্নুৱে কুটিল হাঁহি এটা মাৰিলে৷

সিদিনা ৰাতিৰ ঘটনাৰ পাছত হোষ্টেলৰ পৰিৱেশেই সলনি হৈ গ’ল৷ ক’ৰিডৰত/ মেছত/ কেণ্টিনত কিবা বেলেগ ধৰণৰ আলোচনা৷ RAM, Hard Disk, Processor আৰু কিবা- কিবি কেতিয়াও নুশুনা শব্দ কিছুমান শুনিবলৈ ধৰিলোঁ৷ মুঠতে গম পোৱা গ’ল হোষ্টেলত আৰু কেইটামান নতুন লেপটপ আহিব৷ এনেদৰে আৰু কিছু দিন পাৰ হ’ল৷ লেপটপৰ আলোচনা তেতিয়াও শেষ হোৱা নাছিল৷ এদিন মই জাহ্নুৰ লেপটপত CADৰ চফ্টৱেৰ এটা অলপ শিকি আছিলোঁ৷ বুবুল, মৃদুলে আহি এদিন মোক ক’লে, “তোকো এটা নতুন লেপটপ লগা হৈছে৷ লৈ নলৱ কিয়? ” মই আচৰিত৷ মোক লেপটপ এটা লাগে কথাটোত সিহঁতে কিয় জোৰ দি আছে৷ এদিন সন্ধিয়া দেউতাই ঘৰৰ পৰা ফোন কৰিলে, “সকলোৱে বোলে লেপটপ লৈ আছে৷ বহুত দৰকাৰ হৈছে হেনো? তোমাকো লাগিব নেকি? ” মই ক’লো, “ইমান দৰকাৰ হোৱা নাই৷ দুটা লেব থাকে৷ কলেজত কম্পিউটাৰ আছেই৷ তাতে কৰিলে হৈ যায়৷ ” আচলতে যদিও CAD আৰু Computer Programmingৰ দুটা লেবৰ কাৰণে লেপটপ এটা থাকিলে ভাল হয় যদিও নহ’লেও বৰ এটা দিগদাৰ নহয় কাৰণ কলেজত সকলো সুবিধা আছেই৷ তাতে ঘৰত লেপটপ লাগে বুলি কৈ ৪০/৫০ হাজাৰ টকাৰ অতিৰিক্ত বোজা দিবলৈ মন নাছিল৷ কিন্তু মই এইটো কথাত আচৰিত হ’লো মোক এটা লেপটপৰ প্ৰয়োজন হৈছে বুলি ঘৰত কোনে খবৰ দিলে? কোন ওলাল মোৰ ইমান শুভ চিন্তক?

এদিন আবেলি মোৰ ৰূমলৈ বুবুল আহিল৷ তাৰ অলপ খং উঠি আছিল, “অ’ই তোক লেপটপ নালাগে নল’বি৷ কিন্তু লেপটপৰ প্ৰয়োজন নাই বুলি ঘৰত কিয় কৈছ? ” মই ক’লো, “মইতো তোৰ ঘৰত কোনো কথা কোৱা নাই৷ ” সি গৰজি উঠিল, “মই মোৰ ঘৰত নহয় তোৰ ঘৰত কোৱা কথাটো কৈছোঁ৷ দেউতাহঁতে ফোনত এইবোৰ কথা পাতি থাকে৷ মই লেপটপ লাগে বুলি কৈছোঁ৷ তই এতিয়া ঘৰত লেপটপ নালাগে বুলি কৈ আমাৰ কেইটাৰ মুধা নামাৰিবি৷ ” দুৱাৰখন জোৰকৈ শব্দ কৰি মাৰি থৈ গ’ল৷ মই বুজাখিনি বুজিলোঁ৷ মই আৰু ঘৰত লেপটপ লাগে নালাগে একো কথা নুলিয়ালোঁ৷ কেতিয়াবা ঘৰত উলিয়ালেও মই বেলেগ কথা উলিয়াওঁ৷ ইফালে কেইদিনমানৰ ভিতৰত হোষ্টেলত আৰু দুটামান লেপটপ আহিল৷ ইফালে ঘৰত ভাবি আছিল লেপটপ এটাৰ মোৰো বিৰাট প্ৰয়োজন হৈছে; ঘৰত অসুবিধা হ’ব বুলিহে কোৱা নাই৷ তাতে আকৌ শিক্ষকৰ ল’ৰা মই৷ ঘৰত কি হৈ আছিল মই গম পোৱা নাছিলোঁ৷ মই অনুমানহে কৰি আছিলোঁ৷ এদিন গধূলি ফোন আহিল দেউতাৰ, “তোৰ একাউণ্টত টকা পঞ্চলিছ হাজাৰ সুমুৱাই দিছোঁ৷ ভাল চাই লেপটপ এটা কিনি ল’বি৷ বেছি পইচাতো অলপ কম কমকৈ উলিয়াবি, নহ’লে এটিএমত লাগি ধৰিব পাৰে৷ ” মই ফুৰ্তিতে ক’ব নোৱাৰা হ’লোঁ৷ নিজাকৈ মোৰো এটা লেপটপ হ’ব, যিটো মই সপোনতো কেতিয়াও ভৱা নাছিলোঁ৷ লগে লগে ভাল্কীৰ বজাৰলৈ গৈ পইচাখিনি উলিয়াই আনিলোঁগৈ৷ হোষ্টেলৰ কাকো কোৱা নাছিলোঁ, জানোচা কোনোবাই গম পাই৷ সিদিনা ৰাতি ফুৰ্তিতে টোপনিয়ে নাহিল৷ কেতিয়া ৰাতিপুৱাব বাৰে বাৰে ঘড়ীটোলৈ চাই থাকিলোঁ৷ কিন্তু মোৰ মনত এবাৰলৈও নাহিল, ইমান কষ্ট কৰি পঢ়াবলৈ পঠোৱা এজন সাধাৰণ শিক্ষক মোৰ দেউতাই ইমানবোৰ পইচা কেনেকৈ মোলৈ পঠিয়ালে?

ৰাতিপুৱাই উঠিলোঁ৷ গা-পা ধুই সাজু হ’লোঁ৷ আগদিনাই চিনিয়ৰ ইমৰাণ ছাৰক সুধি কোনটো ভাল, ক’ত পাম ভাল লেপটপ সকলো সুধি লৈছিলোঁ৷ সুদিপ নামৰ হাইদৰাবাদত থকা গুৱাহাটীৰ ল’ৰা এজনৰ ফোন নম্বৰ এটা দিছিল আৰু কৈছিল, “পাৰ্ক লেনৰ কম্পিউটাৰ বাজাৰত থকা সুদিপৰ পৰাহে লেপটপ ল’বি৷ সি ভাল ল’ৰা৷ মোৰ নাম ক’বি৷ তোক এনেই দুই তিনি হাজাৰ ডিচকাউণ্ট দি দিব আৰু অসমীয়াত কথা পাতিবি তাৰ লগত৷ অ’ আৰু এটা কথা তাৰ বাহিৰে বেলেগৰ পৰা লেপটপ নল’বি৷ বহুত দুই নম্বৰি দোকান আছে তাত৷ পুৰা **** খাই যাবি৷ দালালো ঘূৰি থাকে কিন্তু বহুত৷ দালালে পালে আৰু তোক সহজতে এৰি নিদিয়ে৷ সাৱধানে থাকিবি৷ ” মই কাপোৰ পিন্ধি বাহিৰলৈ আহি অটো এখনলৈ ৰৈ আছোঁ৷ এনেতে দেখো মোৰ ৰূমৰ ওচৰৰে আব্দুলো আহি আছে পিঠিত বেগ এটা লৈ৷ মই সুধিলোঁ, “ক’লৈ যাৱ এই ৰাতিপুৱাই? ” “হাইদৰাবাদ যাওঁ ৰ৷ ” “কিয়? ” “এনেই যাওঁ৷ তই? ” “ময়ো এনেই যাওঁ৷ ” দুয়োটা একেখন অটোতে উঠিলোঁ৷ আচলতে দুয়োটাই লেপটপ কিনিবলৈ গৈ আছিলোঁ৷ কোনেও কাকো কোৱা নাছিলোঁ৷ দুয়ো ভাল্কীৰ বাছ ষ্টেশ্যনত APSRTCৰ হাইদৰাবাদ অভিমুখী বাছ এখনত উঠিলোঁ৷ তাৰ চৰকাৰী বাছবোৰ দেখাত অলপ আপচু৷ কিন্তু পুৰা সময়মতে যায়৷ কালৈকো নৰখে৷ আমাৰ অসমৰ গুৱাহাটী- বৰপেটাৰ বাছবোৰৰ দৰে হাত ডাঙিলেই য’তে ত’তে ৰখি নাযায়৷ ষ্টপেজতহে ৰখে৷ আমি দুয়ো তিনিজনীয়া চিট এটাত বহিলোঁ৷ আমাৰ লগতে এজন মধ্যবয়সীয়া মানুহ এজন বহিল৷ মানুহজনৰ পিন্ধনত এটা ইষ্ট্ৰি নোহোৱা অলপ লেতেৰা বগা ধৰণৰ হাফ চাৰ্ট এটা, ভৰিত কেতিয়াও পলিচৰ মুখ নেদেখা এযোৰ পুৰণা উৱলি যোৱা চামৰাৰ চেণ্ডেল৷ গাড়ী চলিবলৈ ধৰিলে৷ মানুহজন কাষত, মই মাজত আৰু আব্দুল খিড়িকীৰ কাষত বহিছিল৷ আমি মানুহজনক বিশেষ গুৰুত্ব দিয়া নাছিলোঁ৷ মানুহজনে কানাড়া বাতৰি কাকত এখন পঢ়ি আছিল৷ মাজতে আমাক সুধিলে, “আৰ.ই.চি? ” আমি ‘হয়’ বুলি ক’লো৷ “ডিপাৰ্টমেণ্ট? ” “মেকানিকেল৷ ” আমি দুয়োটাই মানুহজনক যিমানে মাতিব বিচৰা নাছিলোঁ, সিমানে মানুহজনে আমাৰ লগত কথা পাতিবলৈ বিচাৰিলে৷ দক্ষিণ ভাৰতীয় সুৰত হিন্দীতে মানুহজনে সুধিব ধৰিলে “ক’ত ঘৰ? ”, “অসমৰ পৰা ইমান দূৰলৈ কিয় পঢ়িবলৈ আহিছা? অসমত ইঞ্জিনীয়াৰিং কলেজ নাই নেকি? ” আমিও যিমান পাৰো উত্তৰ দি আছিলোঁ৷ আব্দুলে সিমান ভালকৈ হিন্দী ক’ব নোৱাৰিছিল বা ক’লেও তাৰ কথাবোৰ বুজি পোৱা নাছিল৷ গতিকে ময়ে যিমান পাৰোঁ উত্তৰবোৰ দি আছিলোঁ৷ গাড়ী ইতিমধ্যে কাডলাবাদ, হালবাৰ্গা পাৰ হৈ বিদাৰ সোমাইছেহি৷ মানুহজনে আমাক অসমৰ কথা সুধিবলৈ আৰম্ভ কৰিছিল৷ আমিও অসমৰ চাহপাত, কাজিৰঙাৰ গঁড়, বিহু, ভুপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ সকলো ক’ব ধৰিলোঁ৷ এনেতে সম্মুখত বহা মানুহজনৰ মোবাইলত পলিফণিক ৰিং টোনত জুবিনৰ ‘য়া আলি’ বাজিবলৈ ধৰিলে৷ তেতিয়া ‘য়া আলি’ তামাম হিট হৈ আছিল৷ য’তে ত’তে শুনা গৈছিল৷ আব্দুলে ফুৰ্তিতে ক’ব নোৱাৰা হৈ গ’ল, “য়ে হামাৰা আচাম কা চিংগাৰ জুবিন দা কা য়া আলি? আপনে চুনা হ্যে? ” ইমান দেৰি মনে মনে থকা আব্দুলক হঠাৎ থিয় হৈ চিঞৰি কোৱা বাবে আচৰিত হৈ চালে৷ কিবা বুজিলে নে নাই নাজানো কিন্তু একো নক’লে৷ মই চকুৰে মনে মনে থাকিবলৈ ক’লো তাক৷ সি আকৌ ছিটত বহি পৰিল৷ গাড়ী অলপ সময়ৰ পাছত বিদাৰ বাছ আস্থানত ৰখিলহি৷ মই কিবা অলপ খাবলৈ লৈ আহোঁ বুলি নামি গ’লো৷ চিপছ দুপেকেটমান আৰু বিৰাট গৰম পৰাৰ কাৰণে পানীৰ চাৰি- পাচটামান পেকেট লৈ আহিলোঁ৷ (সিফালে পানী পেকেটতো পাইছিল৷ এটাত এটকাকৈ লৈছিল৷ ) বাছত আকৌ উঠো মানে সাংঘাটিক কাণ্ড৷ আব্দুল আৰু মানুহজনে আলফাৰ বিষয়ে আলোচনা কৰি আছিল৷ আব্দুলে ওস্তাদি কৰি সিহঁতৰ ঘৰতে ধেৰ আলফা আছে বুলি কৈ দিছিল হেনো৷ আলফাৰ বিষয়ে বহুত প্ৰশ্ন সুধি আছিল৷ সি উত্তৰ দিব নোৱাৰি মোৰ ফালে দেখুৱাই দিলে৷ মই বহি ল’লোঁ৷ গাড়ী আকৌ চলিবলৈ আৰম্ভ কৰিলে৷ এনেই গৰম৷ তাতে আকৌ ই উল্টা- পুল্টা কথা কৈ দিছে৷ মই মানুহজনক ভালকৈ বুজাব ধৰিলোঁ আলফা কি? আলফাৰ স্বাধীন অসমৰ ধাৰণাটো আচলতে কি? মানুহজনে আকৌ সোধে, “সেইবোৰ বাদ দে আলফাই মানুহবোৰ কিয় মাৰে? হিন্দীভাষী মানুহবোৰক কিয় মাৰে? ” মই এই প্ৰশ্নটোৰ উত্তৰ হোষ্টেলত বহুবাৰ দিছোঁ৷ হোষ্টেলত থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বহু ল’ৰাই মোক এই কথাটো ইতিমধ্যেই সুধিছে৷ উত্তৰ ভাৰতৰ বহুতেতো এইবোৰ কাৰণতেই ভাল চকুৰে নাচায়৷ ময়ো মানুহজনক চালে-বেৰে কোবোৱা কিছুমান কথা কৈ বিষয়টো ফালৰি কাটিব বিচাৰোঁ৷ কিন্তু মানুহজনে আকৌ সোধে, “আলফাই সৰু সৰু ল’ৰা- ছোৱালীকো হেনো ব’ম দি উৰাই দিয়ে? ” মানুহজনে ধেমাজিৰ ব’ম ব্লাষ্টৰ কথা শুনিছিল চাগে, কিন্তু মই এতিয়া কি উত্তৰ দিওঁ? ময়ো কিবা- কিবি কথা কৈ বিষয়টো সলনি কৰিবলৈ চেষ্টা কৰোঁ, আকৌ মানুহজনে সোধে অসমত সকলোৱে আলফাক চাপোৰ্ট কৰে নেকি? আব্দুলে কিবা- কিবি ক’বলৈ ধৰিলে৷ মানুহজনে কি বুজিলে গম নাপালোঁ৷ কিন্তু শেষত ক’লে মানে তহঁতো আলফাৰ চাপোৰ্টাৰ? মই নহয় বুলি কৈ আৰু কিবা কিবি ক’বলৈ ধৰিলোঁ কিন্তু মানুহজনে নুশুনি মুখখন ঘূৰাই দি হাতত লৈ থকা বাতৰি কাকতখন পঢ়িবলৈ ধৰিলে৷ মই আব্দুলক গালি পাৰিবলৈ ধৰিলোঁ, “কথা ক’ব নাজানিলে কিয় ক’বলৈ যাৱ? ” “তোকহে কৈছে৷ মোক কৈছে নেকি? ” দুয়ো মনে মনে থাকি খিড়িকীৰে বাহিৰলৈ চাবলৈ ধৰিলোঁ৷ বাহিৰত অসম্ভৱ গৰম৷ ৰ’দৰ কাৰণে বাহিৰলৈ চাবই নোৱাৰি৷ শুকান পথাৰবোৰ পাৰ হৈ গৈছে৷ পথাৰবোৰৰ মাজে মাজে ডাঙৰ ডাঙৰ পানীৰ টেংকি৷ মাজে মাজে আকৌ দুই এটা কাৰখানা৷ কিছুমানৰ পৰা দুৰ্গন্ধ উলাই থাকে৷ আমাৰ অসমৰ তুলনাত ইয়াত কল- কাৰখানাৰ সংখ্যা বহুত বেছি৷ তীব্ৰ গতিত গাড়ী আগবাঢ়িছে৷

অলপ সময়ৰ পাছত মানুহজনে আকৌ কথা পাতিবলৈ আৰম্ভ কৰিলে, “তোমালোক হাইদৰাবাদ কিয় গৈ আছা? ” মই কিবা এটা ক’বলৈ মুখ মেলিছিলোঁহে ক’বলৈ নাপালোঁ, আব্দুলে আগে ভাগে কৈ পেলালে, “আমি দুয়ো লেপটপ কিনিবলৈ যাওঁ৷ পাৰ্ক লেনত কিনিম৷ ” মই খঙেৰে তালৈ চালোঁ৷ কিন্তু সি পাত্তাই নিদিলে৷ অনৰ্গল কথা কৈ গ’ল৷ অচিনাকি মানুহ এজনৰ আগত বুৰ্বকটোৱে সকলো খুলি ক’লে৷ মই বিৰাট ভয় খাই গ’লোঁ৷ এনেই হাইদৰাবাদৰ ৰাস্তা পদূলি একো চিনি নাপাওঁ৷ তাতে আকৌ দুয়োটাৰে লগত প্ৰায় নব্বৈ হাজাৰমান টকা কেছ আছে৷ ইফালে মানুহজনক অলপ আচৰিত দেখা গ’ল, “তোমালোকে লেপটপ কিনিবলৈ যে আহিছা হাইদৰাবাদখন ভালদৰে চিনি পোৱা নে? ” আব্দুলে টপৰাই ক’লে, “পাৰ্ক লেনত আমাৰ চিনাকি দোকানী এজন আছে তাৰ পৰাই আমি দুয়োজনে কিনিম৷ ” মানুহজনে আকৌ ক’লে, “পাৰ্ক লেনত বহুত দুই নম্বৰী দোকান আছে৷ কোনখন ভাল কোনখন বেয়া তোমালোকে চিনি নাপাবা৷ তোমালোকে এনেদৰে অকলে যাব নালাগে৷ ময়ো যাম তোমালোকৰ লগত৷ ” মোৰ চিন্তা আৰু বেছি হ’ল৷ কালি ইমৰাণ ছাৰে কোৱা কথাখিনি মনত পৰিবলৈ ধৰিলে, “দালালৰ পাল্লাত পৰিলে তই শেষ কিন্তু৷ ” মই আব্দুলক কথাখিনি বুজাবলৈ সুযোগ বিচাৰি আছোঁ৷ সি পাত্তাই নিদিয়ে৷ আব্দুলে মানুহজনক পাই যেনিবা কোনোবা পুৰণি বন্ধুকহে লগ পালে৷ গাড়ী ইতিমধ্যে তীব্ৰ বেগেৰে হাইদৰাবাদ চহৰ সোমাইছিলহি৷ হাইদৰাবাদ চহৰৰ ওখ ওখ দালানবোৰে, বহল- বহল ৰাস্তাবোৰে যেন মোক আজি আকৰ্ষিত কৰিব পৰা নাছিল৷ আমি দুয়ো চিধাই মহাত্মা গান্ধী বাছ টাৰ্মিণাছলৈ যোৱা কথা আছিল৷ তাৰপৰা অটো লৈ আমি পাৰ্কলেনলৈ যোৱাৰ কথা আছিল৷ কিন্তু মানুহজনে আমাক মাজ ৰাস্তাতে কৰবাত নমাই দিলে আৰু চিটি বাছ এখনত উঠাই দিলে৷ চিটিবাছখনো বহুত তীব্ৰ বেগত আগবাঢ়িছিল৷ মোৰ ইফালে ভয়ত অণ্ঠ- কণ্ঠ শুকাই গৈছিল৷ মানুহজনেই আমাৰ চিটিবাছৰ ভাড়া দি দিলে৷ মই আব্দুলক ইমৰাণ ছাৰৰ কথাখিনি এবাৰত ক’লোঁ৷ আব্দুলে আকৌ মোক ঠাট্টাহে কৰিলে, “তই এনেই ইমান ভয় খাই আছ৷ ” উপাই নাপাই ময়ে মানুহজনক ক’লো, “আপুনি চাগে কিবা বেলেগ কামত আহিছিল৷ আমাৰ কাৰণে ইমান কষ্ট কৰিব নালাগে৷ আমি নিজেই লৈ ল’ব পাৰিম৷ ” মানুহজনে লাহেকৈ ক’লে, “তহঁতক ঠগিব তাতে৷ মই এনেও আজি এবাৰ সেইফালে যোৱাৰ কথা আছিল৷ ” চিটি বাছখন এঠাইত ৰ’লগৈ৷ তিনিও একেলগে নামিলোঁ৷ মানুহজনে জোৰকৈ খোজ কাঢ়িবলৈ ধৰিলে৷ আমি দুয়ো তেখেতৰ পাছে পাছে প্ৰায় দৌৰাৰ দৰে আগবাঢ়িলোঁ৷ তেখেত গলি এটাৰ মাজেৰে সোমাই গ’ল৷ গলিটোৰ চাৰিওফালে কম্পিউটাৰৰ দোকান৷ এনেতে মোৰ চকুত ইমৰাণ ছাৰে কোৱা Computer Bazar দোকানখন দেখিলোঁ৷ মই আব্দুলক দোকানখন দেখুৱালোঁ আৰু তাক হাতেৰে দোকানখনলৈ টানিবলৈ ধৰিলোঁ৷ সি নাহে৷ ইফালে মানুহজন অলপ দূৰ আগবাঢ়ি গৈছে৷ মই আব্দুলক ক’লোঁ, “অই পাগল হৈছ নেকি? অচিনাকি মানুহ এজনক ইমান বিশ্বাস কৰে নেকি? ” ইফালে মানুহজনে দুয়োকে চিঞৰি ক’লে, “সোনকালে আহ৷ মোৰ আৰু বহু কাম আছে৷ ” আব্দুলে জোৰকৈ মোৰ হাতখন এৰুৱাই দি আগবাঢ়িল৷ মানুহজনে দোকান এখনত সোমালগৈ৷ আমি দুয়ো সোমাই গ’লোঁ৷

দোকানখন মানুহজনৰ চিনাকি আছিল৷ সকলোৱে তেলুগু নে কানাড়াত নাজোনো কিবা এটা ভাষাত কথা কৈ আছিল৷ আমি লেপটপ কিনিবলৈ আহা বুলি ক’লে৷ দোকানীজনে কি লেপটপ লাগিব সুধিলে আব্দুলক৷ আব্দুলে মোলৈ দেখুৱাই দিলে, “ই যি লয়, মোকো সেইটো দিলেই হ’ব৷ ” মই HPৰ ভাল লেপটপ এটা দিবলৈ ক’লোঁ৷ দোকানীজনে RAM আৰু Processor কি লাগিব সুধিলে৷ মই RAM 4GB আৰু Processor Dual Core হ’লে হ’ব বুলি ক’লোঁ, কিন্তু Vista নালাগে৷ মানুহজনে ক’লে, “RAM 4GB ল’লে বহুত দাম হৈ যাব৷ 2GB হ’লেই হ’ব৷ ” দোকানীজনে HPৰ dv6704 লেপটপতো দেখুৱালে৷ মোৰ এবাৰতে পচণ্ড হ’ল৷ দাম ৪৭, ০০০ হ’ব বুলি ক’লে৷ আব্দুলে ক’লে, “বেলেগ এখনতো চাই লওঁ নেকি? ” মানুহজনে ক’লে, “ইয়াতে সকলোতকৈ ভাল৷ ” মই একো ক’বই নাপালোঁ৷ মানুহজনে সকলো ঠিক কৰি দিলে৷ দাম দৰ কৰি ৪৩, ০০০ টকাত দাম চিঙিয়ে পেলালে৷ Mouse, keyboard, pendrive, screen-guard সকলো এনেই দিলে৷ কিবা এটা দিবলৈ কৈছিল যদিও মানুহজনে নিদিওঁ বুলি ক’লে৷ আমি দুটাই একো টলকিবই নোৱাৰিলোঁ৷ আধা ঘণ্টাৰ ভিতৰতে দুয়োটাৰে দুটা লেপটপ কিনা হৈ গ’ল৷ লেপটপ কেইটা পেকিং কৰি থাকোঁতে মই ওচৰৰ দোকান এখনত গৈ দাম সুধি আহিলোঁ৷ ৪৫, ০০০ টকাৰ তলত কোনেও দিব নোৱাৰে বুলি ক’লে৷ মোৰ মুখত কিবা এটা হাঁহি ওলাই গ’ল৷ মানুহজনে Printerৰ কাৰ্টিজ দুটা কিনিছিল৷ আমাক পেকেটটো ল’বলৈ দিলে আৰু ক’লে, “মেকানিকেল ডিপাৰ্টমেণ্ট চিনি পোৱা নহয়? কাইলৈ এই দুটা গৈ HODৰ কেবিনত দি থৈ আহিবাগৈ৷ ” মানুহজন গ’লগৈ৷

মানুহজন যোৱাৰ পাছত আমি অলপ বজাৰ কৰিলোঁ৷ ট্ৰলী এটা কিনিলোঁ আৰু এটা টি ছাৰ্ট৷ মনতো কিবা ফুৰ্তি লাগি আছিল৷ এখন ৰেষ্টুৰেণ্টত সোমাই দুয়োটাই হাইদৰাবাদী বিৰিয়াণী খালোঁ আৰু হোষ্টেলৰ লগৰ কেইটাৰ কাৰণে কেক আৰু ক’ল্ড ড্ৰিংক্সৰ বটল দুটা ল’লোঁ৷ সন্ধিয়া হৈ আহিছিল৷ হাইদৰাবাদখন ৰঙা-নীলা লাইটেৰে ভৰি পৰিছিল৷ দুয়োটাই অটো এখনত উঠি ল’লোঁ৷ শাৰী শাৰী গাড়ীবোৰৰ ফাকে ফাকে তীব্ৰ বেগত আমাৰ অটোখন আগবাঢ়িছিল৷ লেপটপটো হাতত থকা কাৰণেই নে কি এতিয়া ভীৰ, ধোঁৱা, গাড়ীৰ হ’ৰ্ণ সকলো ভাল লগা হৈ আহিছিল৷ হুছেইন সাগৰৰ কাষেৰে পাৰ হৈ যাওঁতে এচাটি ঠাণ্ডা বতাহ গাত লাগিছিলহি৷ আব্দুলে মাজতে ক’লে, “আমাৰ গুৱাহাটীখনো কেতিয়াবা এনেকুৱা হ’ব নে? ”

আমি ভাল্কীমুখী বাছ থকা ঠাইখিনিত থিয় হৈ থকা বাছ এখনত উঠিলোঁ৷ দৌৰা- দৌৰিতে বাছখন ক’লৈ যাব নুসুধিলোৱে৷ বহুত ভাগৰ লাগিছিল দুয়োৰে৷ লেপটপ দুটা দুয়োৰে মাজত লৈছিলোঁ৷ মাজে মাজে কথা পাতি আছিলোঁ দুয়ো৷ আমি হঠাৎ লগ পাই যোৱা আচৰিত মানুহজনৰ কথাও পাতিলোঁ৷ আমাক যে বহুত কমত লেপটপ দুটা লৈ দিলে মানুহজনে৷ কিন্তু মানুহজনে আমাক ইমান সহায় কৰিলে কিয়? মানুহজনে ঠগা নাইতো? দুই নম্বৰী মাল কিনি দি পঠোৱা নাই তো? আব্দুলো অলপ চিন্তাত পৰিল৷ যদি এনেকুৱা হয় কি হ’ব? এইবোৰ কথা পাতি থাকোঁতে কেতিয়া দুয়োকে টোপনিয়ে হেঁচা মাৰি ধৰিছিল গমেই নাপালোঁ৷

বাছ কণ্ডাক্টৰ এজনে হেঁচুকি দিয়াতহে সাৰ পালোঁ৷ ৰাতি এঘাৰ মান বাজিছে৷ বাছখন নিৰ্জন আস্থান এটাত ৰখি আছে৷ প্ৰথমতে আমি ভাল্কী পোৱা বুলি ভাবিছিলোঁ যদিও আমি বিদাৰহে পাইছোঁ৷ ভাল্কীলৈ এতিয়াও এঘণ্টামানৰ বাট৷ আমি কণ্ডাক্টৰজনক সুধি গম পালোঁ এইখন ভাল্কী নহয় বিদাৰ অহাহে বাছ৷ আমাক নমাই দি বাছখন গ’লগৈ৷ টোপনিৰ আল-জালতে কি হৈ আছে গমেই পোৱা নাছিলোঁ৷ গোটেইখন আন্ধাৰ৷ ভালকৈ চোৱাতহে গম পালো বাছ আস্থানটোত আমাৰ বাহিৰে আৰু কোনো নাই৷ দুয়োটাই বিৰাট ভয় খালোঁ, তাতে লগত আছে দুটা নতুন লেপটপ৷ দুয়োটাই চকী এখনত বহিলো৷ লেপটপ দুটা কোনেও নেদেখাকৈ অলপ আন্ধাৰৰ ফালে থৈ দিলোঁ৷ মই আব্দুলক বহিবলৈ দি অলপ ইফালে-সিফালে চালোঁ৷ সদাব্যস্ত বিদাৰ চহৰখন ভয়ানক ভাৱে জনপ্ৰাণীহীন হৈ আছিল৷ বাছ আস্থানৰ অফিচৰ ভিতৰত দুৱাৰ এখন খোলা দেখি সোমাই গ’লোঁ৷ মানুহ এজনত টেবুলতে শুই আছিল৷ ভাল্কীৰ বাছ কেতিয়া পাম বুলি হিন্দীতে সুধিলোঁ, মানুহজনে কানাড়াত উত্তৰ দিলে৷ একো বুজি নাপালোঁ৷ মানুহজনে চকু নেমেলিলে৷ মই আকৌ ঘূৰি আহি আব্দুলৰ লগতে বহিলোঁ৷ এঘণ্টামানসময় একো কথা নোকোৱাকৈয়ে বহি থাকিলোঁ৷ মাজতে ভোক লগাত ক’ল্ড ড্ৰিংক্স আৰু কেকখিনি খাই শেষ কৰিলোঁ৷ ৰাতি ১ মান বজাত ক’ৰবাৰ পৰা এখন বাছ আহিল৷ মহাৰাষ্ট্ৰৰ বাছ উদগীৰ যোৱা৷ সেইখনতে উঠি ল’লোঁ৷ ২-৩০ মান বজাত হোষ্টেল আহি পালোঁ৷ তেতিয়ালৈ সকলো শুইছিল৷ জাহ্নুৱে আমাৰ লেপটপ চাবলৈ ৰাতি ১২ মান বজালৈ সকলো ৰৈ আছিল বুলি কৈছিল৷ ৰাতি আৰু লেপটপ অন নকৰিলোঁ৷

ৰাতিপুৱা মোৰ ৰূমত লেপটপ চাবলৈ কেইবাটাও আহি ৰৈ আছে৷ ইফালে ৰাতিপুৱাই আব্দুলে ডাঙৰ ডাঙৰকৈ বিহু লগাই থৈছিল৷ জাহ্নুৱে লেপটপ চাৰ্জিঙত লগাই থৈছিল৷ মই শুই উঠাৰ লগে লগে লেপটপটো অন কৰিলোঁ, জাহ্নুৱে পেন ড্ৰাইভত কেইটামান গান দিলে আৰু ক’লে এইটো বজা প্ৰথমতে৷ মই পেনড্ৰাইভটো এবাৰ স্কেন কৰি ল’লোঁ আৰু তাত থকা জুবিনৰ এলবামবোৰৰ মাজৰ পৰা “অ’ মোৰ আপোনাৰ দেশ”টো বজাই লেপটপৰ শুভাৰম্ভ কৰিলোঁ৷

পাছদিনা ৰাতিপুৱা ক্লাছ আৰম্ভ হোৱাৰ আগতে আব্দুল আৰু মই প্ৰিণ্টাৰৰ কাৰ্টিজ দুটা দিবলৈ ডিপাৰ্টমেণ্টলৈ গ’লোঁ৷ আমি দুয়ো তেতিয়াও প্ৰথম বৰ্ষৰ ছাত্ৰ আছিলো কাৰণে ডিপাৰ্টমেণ্টলৈ বৰকৈ অহা- যোৱা কৰা নহৈছিল৷ গতিকে মানুহবোৰো কমকৈ চিনি পাইছিলোঁ৷ মই HODৰ কেবিনটো ক’ত বুলি সোধোতে এজনে দেখুৱাই দিলে৷ কাৰ্টিজ দুটা লৈ দুয়ো দুৱাৰমুখত থিয় হ’লোঁ৷ “May I come in Sir? ” HOD sirয়ে কম্পিউটাৰত কিবা কাম কৰি আছিল, “Yes, Come in”. দুয়ো আচৰিত হৈ গ’লোঁ৷ সিদিনাখন আমাক লেপটপ কিনি দিয়া মানুহজন আন কোনো নাছিল৷ আমাৰ ডিপাৰ্টমেণ্টৰ হেড চন্দ্ৰশেখৰ মুলকাৰে ছাৰ আছিল৷ ছাৰে আমাক কিবা-কিবি সুধিছিল৷ কিন্তু আমি দুয়ো ইমানে আচৰিত হ’লোঁ, ছাৰৰ মুখৰ আগত কি ক’লোঁ, কি শুনিলোঁ একোৱে মনত নাথাকিল৷ দুয়ো দৌৰি আহি নিজৰ ক্লাছত বহিলোঁ৷ বহুসময় দুয়ো শিলপৰা কপৌৰ দৰে হৈ থাকিলোঁ৷ কিন্তু এই লেপটপ কিনিবলৈ যোৱা অভিজ্ঞতাটো জীৱনৰ এক বিচিত্ৰ অভিজ্ঞতা হৈ থাকি যাব৷

বিঃদ্ৰঃ লেপটপটো দুই নম্বৰী নাছিল৷ বৰঞ্চ বহুত ভাল হে আছিল৷ লেপটপটো কিনাৰ দহ বছৰৰ পাছতো এতিয়াও নতুনৰ দৰেই পাৰ্ফমেঞ্চ দি আছে৷ এই লেখাটোও মই এই HP dv6704 লেপটপটোতে লিখি আছোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক