দুটা মঙ্গোলীয়ান কবিতা (কবি – জি মেন্ডউয়া অনুবাদ – নীলিম অনুৰাগ)

দুটা মঙ্গোলীয়ান কবিতা : কবি – জি মেন্ডউয়া

নীলিম অনুৰাগ

১.নিজৰ সন্ধানত

যেন শূন্যবিশ্বব্রহ্মাণ্ডৰ বাহিৰত বিচৰণ
যেন পৃথিৱীৰ পৃষ্ঠ দেশতপুনৰ্জাগৰণ
প্রত্যেকৰ মাজত মই যেন লুকাই আছো
প্রতিক্ষেত্রতেই মোৰ যেন পৰিবৰ্তন ঘটিছে
আৰু সকলোতেই ।

প্রতিটো ক্ষণত-প্রতিটোমুহূর্তত মই নিজকে বিচাৰো
ঘাঁহৰ শৰীৰত, আঙুলীৰ কষ্টত
আৰু পৰিষ্কাৰ আকাশৰ ৰভাৰ তলত ।

মই বন্য স্টেপ১, প্রচন্ড ধুমুহাৰ বেগত দৌৰো
ঘূৰাৰ পিছত শুভ্রমেঘলোকত ভৰি দুখন কোঁচাইবহোঁ;
মই যেন চন্দ্ৰ হীন অন্ধকাৰ ৰাতিৰ নিসংগ এজন
মই যেন বিভ্রান্ত এমুঠি পাতৰ কণ্ঠস্বৰ
মই নিজকে বিচাৰো পৰ্বতৰ নীল কুঁৱলীত
মই পৃথিবীৰ শেষ বৃদ্ধজনৰ স’তে স্বর্গাৰোহণ কৰিব বিচাৰো –
যিয়ে মোক মহাকাব্যিক গল্প শুনাব পাৰে।

মই গছবোৰৰ শিপাৰ ভিতৰেৰে –
সূর্যালোকতপ্ৰবেশ কৰো আৰু শৰতৰ আকাশত
নীড়মুখীপখীসকলৰ বাবে শোকাৰ্তহওঁ
মই বহোঁ
আৰু হাজাৰ বছৰীয়া শিলাময় মানুহ এজনৰ স’তে আলিংগন কৰো
মই ফটফটীয়া নদীৰ পানীত ডুব দিওঁ
আৰু কঠিন শিলৰ স’তে ক্ষয়প্রাপ্ত হওঁ ।

আমি দুয়ো নিস্তেজ জোনাকৰ দৰে
যেন মই যমজ কোনো নাৰীৰ উষ্ণ অশ্রুবিন্দু
এয়া যেন অনন্ত সময়ৰ সাৰাংশ, যেতিয়া ই প্ৰবাহিতহয়
মই যেন তাৰ ঈশ্বৰ, তাক আদৰণি জনাওঁ
মেঘৰ স’তে মই মোৰ বিষণ্ণতাক
অনাগত শীতত লুকুৱাই ৰাখোঁ
আৰু পর্বতবোৰৰ স’তে নিজৰ বাসগৃহত মইও হেৰাই যাওঁ ।
নদীৰ দৰে মই প্ৰতি বছৰ প্ৰবাহিত হওঁ
আৰু ভেঁটফুলৰ শিপাৰে মই অভ্যন্তৰত সোমাওঁ

পৃথিৱীৰ অগণনীয় স্থানত মোৰ অৱস্থান
মই চাৰিওফালে ঘুৰি ফুৰোঁ
আৰু নিজকে প্রকাশ কৰিবলৈ মই য’তে-ত’তে বিচৰণ কৰো
আৰু ক্ষয়প্রাপ্ত হওঁ
নক্ষত্রৰ এক ভিন্ন পৰ্যবেক্ষণত
মোৰ ৰূপান্তৰ ঘটে
আৰু পৃথিৱীৰ নানা মানুহৰ মাজত
মই তেতিয়া নিজকে বিচাৰো ।

২. মই যিমান অকলশৰীয়া

মোৰ এনে লাগে যেন পৃথিৱীৰ আহ্বানতেই মই স্বর্গচ্যুতহৈছোঁ
মোৰ বিশ্বাস, আকাশৰ উজ্জ্বল কালপুৰুষৰ পৰাই অগ্নিৰ সৃষ্টি,
আৰু নক্ষত্রৰ গল্প পৃথিৱীৰ স্বপ্নৰ পৰাই লোৱা
মই অকলশৰীয়া নিঃসংগ, মই কেৱল নিজৰ সত্তাৰ কথাই ভাবো ।

মই যিমান অকলশৰীয়া, সিমানেই মই নিজকে স্পষ্টকৈ দেখা পাওঁ ।
মই যিমান অকলশৰীয়া – সিমানেই মই আনৰ নিসংগতা অনুধাৱন কৰো ।
মই যিমান অকলশৰীয়া – সিমানেই মই কোনো অদৃশ্য সত্তাৰ স’তে মিলি যাওঁ
মই যিমান অকলশৰীয়া – সিমানেই মই শ্রবণাতীত সংগীত শুনোঁ
বস্তুৰএকাকিত্বৰ এই স্বাধীনতা মোৰ উপভোগ্য বিষয় ।

একমাত্র জাৰ২, যদিও অস্পষ্ট
কিন্ত সেয়া স্টেপত সমতলৰ ওপৰত শুকুলা হৈ দেখা দিছে;
একমাত্র বিহংগ – যদিও স্পষ্ট, দৃশ্যগোচৰ, তথাপিও মেঘ মুক্ত আকাশত পাক-ঘূৰণিখায়
একমাত্রঘোড়া– দিগন্তৰ পৰা মোৰ ফালেই গুচি আহে ।
আৰু এই স্বর্গীয় কবিতাবোৰেই মোৰ অভিজ্ঞতা ।

মই যিমান অকলশৰীয়া – সিমানেই মই ঘাঁহৰ গভীৰতাত প্রবেশ কৰো
মই যিমান অকলশৰীয়া – সিমানেই মই মোৰ পূৰ্বপুৰুষৰ সত্তাত মিহলি হৈ যাওঁ
মই যিমান অকলশৰীয়া – সিমানেই মই অনাসৃষ্টি জ্ঞানবোৰ আহৰণ কৰো,
মই যিমান অকলশৰীয়া – সিমানেই মই উজ্জ্বল শাম্ভালাৰ৩ ওচৰ গৈ পাওঁ
কাৰণ নিসংগতাৰ শক্তিৰ ভিতৰতেই মই উষ্ণতা বিচাৰি পাওঁ ।

প্রয়োজনীয়শব্দার্থ :
জাৰ (ger) : স্থানান্তৰ যোগ্য আবাস।
স্টেপ (steppe) : শুষ্ক, তৃণাবৃতপ্ৰান্তৰ।
শাম্ভালা (shambhala) : বৌদ্ধসকলৰ পৌৰাণিক সাম্ৰাজ্য।

[ কবি পৰিচিতি – জি মেন্ডউয়া(G Mend-Ooya) মঙ্গোলীয়াৰবর্তমানপ্রধানকবি কণ্ঠ । তেওঁ মূলত আৰু প্রধানত শিপা-সন্ধানী আৰু ঐতিহ্যাশ্রয়ী কবি। তেওঁৰ কবিতাত মঙ্গোলীয়াৰ ইতিহাস-ঐতিহ্য দৃঢ়ভাবেপ্ৰোথিত । ফলত তেওঁৰ কবিতাবোৰ পৃথিবীৰ অন্যান্য স্থানৰ কবিতাতকৈস্পষ্টত ভিন্ন । কবি বৌদ্ধধর্মত বিশ্বাসী। ফলত বৌদ্ধ ধর্ম-দর্শনে তেওঁৰ কবিতাবোৰক বহু ক্ষেত্রতেই আচ্ছন্ন কৰি ৰাখিছে।

উয়াৰ কবিতা ইংৰাজী, জাপানী, হাঙ্গেৰিয়ান, ৰুচ আৰু ফৰাচী ভাষালৈ অনূদিত হৈছে আৰু সাহিত্যৰ বাবে তেওঁ বিভিন্ন দেশী-বিদেশী পুৰস্কাৰেৰেও বিভূষিত হৈছে।
কবি জি মেন্ডউয়াৰ জন্ম হয় ১৯৫২ চনত মংগোলীয়াৰদৰিগংগা নামৰ ঠাই এখনত । তেওঁ ১৯৭০ চনত পেডাগজিককেল কলেজৰ পৰা স্নাতক আৰু ১৯৯৬ চনত ‘মঙ্গোলীয়ানইউনিভার্চিটি অব আর্টছএন্ড কালচাৰ’ৰ পৰা স্নাতকোত্তৰ ডিগ্রীঅর্জন কৰে । ‘ৱার্ল্ড একাডেমি অব আর্টছএন্ড কালচাৰ’ৰ পৰা তেওঁ সাহিত্যত ডক্টৰেট ডিগ্রী লাভ কৰে ২০০২ চনত । তেওঁ Arts and Culture at the Institute of International Studies, Mongolian Academy of Sciences-ৰ অধ্যাপক।
১৯৮০ চনত তেওঁৰ প্রথম কবিতা-সংকলন প্রকাশিতহয় – ‘Birds of Thought’ নামেৰে । এতিয়ালৈকে তেওঁৰ ১৪খন কাব্য, আলোচনা আৰু অন্যান্য গ্রন্থ প্রকাশ হৈছে। ‘Golden Hill’ শীর্ষক তেওঁৰ এখন কাব্য-ফ্রিকশনওপ্রকাশিতহয় ১৯৯৮ চনত । তেওঁ বর্তমানমংগোলীয়াৰ ৰাজধানী উলানবাতৰৰ বাসিন্দা । ]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments