দুটা সমানুপাতিক অণুগল্প – পুলকেশ বৰ্মন

               (১)মা

    মাৰ হাতৰ পাৰৰ মাংসৰ আঞ্জাৰে যিমান খালেও ভোক নপলায়। মাতৃৰ ওচৰতনো এনে কি অক্ষয় ভাণ্ডাৰ থাকে যে একেই মৰমত, একেই আৱেগত সুধিব পাৰে একেই প্ৰশ্ন,”আৰু অলপ দিম নেকি?”
খাই-বৈ উঠি পাকঘৰত সোমাই কিবা কাৰণত কেৰাহীত চকু পৰিল।
:কেৰাহীত দেখোন মাংস নায়েই, তুমি কি খাবা?
:দুই টুকুৰা আছে নহয়। তাতে আকৌ মোৰ পেটটোও জ্বলা-পোৰা কৰি আছে। তহঁতে বেয়া পাবি কাৰণেহে ৰাখিছোঁ।

চিনাকি উত্তৰটোৰ আঁৰত এটা সাঁথৰ আছিল।

               (২)দেউতা

জেঠমহীয়া ৰ’দত ফুটবল খেলি খেলি সন্ধিয়া ঘৰ সোমাওতে গাটো জ্বৰ জ্বৰ লাগিছিল।

: আৰু ঘূৰি ফুৰিবি ৰ’দে-বতাহে…। এতিয়া থাক পৰি।

দেউতাৰ কঠোৰ বাক্যবানে অন্তৰত কষ্ট দিছিল। ৰাতিপুৱা আঠ বজাত শুই উঠি দেখো দেউতা উঠাই নাই।

: আজি অফিচলৈ নাযায় বোলে। তোৰ জ্বৰ বাঢ়ে বুলি ৰাতি নুশুলেই। তয়ো টোপনিতে কিবা ভোৰভোৰাই আছিলি নহয়। অলপ দেৰিকৈ ডক্টৰৰ ওচৰলৈ যাম। গৰম পানীৰে গাটো ধুই ল’….।
মাৰ সহজ কথাখিনিৰ মাজত সোমাই থকা দেউতাৰ খতি হোৱা টোপনিটোৱে মিঠা এটা বিষ হৈ বুকুত আজিও খোঁচে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক