দুটি অনুবাদ কবিতা (মূল:ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ:মাখনলাল দাস)

দুটি অনুবাদ কবিতা

মাখনলাল দাস

“মৃত্যু”

হে মোৰ জীৱনৰ অন্তিম পূৰ্ণতা
মৰণ, হে মৰণ, মোৰ কাণে কাণে আহি কৈ যা৷
দিনে প্ৰতিদিনে অপেক্ষা মই কৰিছো তোমাৰ,
তোমাৰ বাবে বৰণ কৰিছো সুখ-দুখ এই জীৱনৰ৷

আজি মই যি, যিসকলো মোৰ, মোৰ আশা আৰু মোৰ প্ৰেম
মাথো তোমালৈ বৈ আছে এটি গুপ্ত স্ৰোত হৈ৷

তোমাৰ এক শেষ চাৱনিত
মোৰ এই প্ৰাণ তোমাৰেই হৈ যাব৷

ফুলৰ থোপাৰ মালা গাঁঠি
দৰাৰ বাবে বৰমালা সাজু হৈ আছে৷

বিয়াৰ পাছত কন্যাৰ গৃহত্যাগ হ’ব
আৰু তাইৰ প্ৰভুৰ সতে মিলিত হ’ব

নিশাৰ নিৰ্জনতাত৷
(ৰবীন্দ্ৰনাথ ঠাকুৰৰ “মৃত্যু” কবিতাৰ অনুবাদ)

———————————————–

 

“ক্লান্তি”

ক্লান্তি মোৰ ক্ষমা কৰা প্ৰভু
পথত যদিহে মই পিছ পৰোঁ৷
এই যি হিয়া মোৰ কঁপে দুৰু-দুৰু
মোৰ এই বেদনা ক্ষমা কৰা প্ৰভু৷

এই দীনতা মোৰ ক্ষমিবা প্ৰভু
যদিহে কেতিয়াবা পিচ মুখ কৰোঁ৷

দিনৰ প্ৰখৰ ৰ’দৰ তাপত, শুকাই লেৰেলা ফুলৰ মালা
পূজাৰ অৰ্ঘ্যৰ সেই ম্লানতা, নিজ গুণে প্ৰভু তুমি ক্ষমা কৰা৷

(ৰবীন্দ্ৰনাথ ঠাকুৰৰ “ক্লান্তি”ৰ অনুবাদ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক