দুটি কবিতা (কৌস্তুভমণি শইকীয়া দত্ত)

দুটি কবিতা

কৌস্তুভমণি শইকীয়া দত্ত

এক) প্ৰকৃতিৰ সংলাপ

সৰাৰ আগত
পৰিপক্কতাৰে সুমিষ্ট হৈ পৰিছিল
নিজে ৰোৱা গছৰ ফল।
হেঁপাহৰ একামোৰ তৃপ্তিৰে খাই
তেওঁ শুই পৰিল..
শৰীৰে মনে বৈ গ’ল অমৃত স্বাদ।
পৰিপক্কতাৰ স্বাদ..
এতিয়া অমৃত শয়ন।
এদিন…
জীৱনৰ স্পৰ্শই তেওঁক সপোন দেখুৱাইছিল।
বুকুত ঘৰ বান্ধিছিল আকাংক্ষাই।
ঘৰৰ চৌপাশ সেউজীয়া কৰিবই কৰিব…
ফল, ফুল, শইচ, ঘাঁহ…।
হাতৰ মুঠিত বীজ আৰু
চহ্ কৰা মাটিৰ উৰ্বৰ বুকুৰ বিহ্বলতা!!
অংকুৰণ…
লহ্ পহ্ কৈ বাঢ়ি অহা সেউজত
মন সেউজ..
পৃথিৱী সেউজ..
সেউজ হৃদয়ৰ স্বপ্ন।
সেউজ বুকুত
ফুল ফুলে..
পখিলা উৰে..
ৰঙীন! বৰ ৰঙীন!!
পৰাগ-সংযোগ..
কণমানি বীজ বুকুত বান্ধি
ফল ধৰে..
বাঢ়ি আহে..
বৰণ সলায়..
ক্ৰমে মিঠা হয়..
তেওঁ চাই ৰয়.. মাথোঁ চাই ৰয়
তৃপ্তিৰ অমৃত ফল।
আৰু,
হেঁপাহৰ একামোৰ খাই
জীৱন মন্থনৰ ক্লান্তিত
তেওঁ শুই পৰে….
প্ৰকৃতিৰ নিগূঢ় সংলাপ আঁওৰাই
তেওঁ শুই পৰে।

দুই) দিল্লীৰ মধুকৰ মেহৰা

দিল্লীৰ মধুকৰ মেহৰা,
উজনিলৈ আহি কি এৰি গ’লা
ডিব্ৰু-চৈখোৱাৰ লঠঙা গছত
দেখি আহিলো তোমাৰ মন..
ঈগল হৈ পৰি আছে আকাশলৈ চায়।
তোমাৰ ৰোমান্টিক সুহুৰিটো শুনি
দপদপাই দৌৰি গ’ল এজাক বনৰীয়া ঘোঁৰা..
হয়তো তোমাৰ ধমনীতো উঠিল একেই উদ্দাম ঢৌ।
সেয়েতো দিশহাৰা হ’লা..
মেঘ যেন চুলি,
তৰা যেন চকু,
কল-পটুৱাৰ বুকু যেন বৰণ চায়।
তিনিচুকীয়া চহৰত কি এৰি গ’লা
মধুকৰ মেহৰা?
ৰোমান্টিক সুহুৰিটো ওঁঠতলৈ
ৰাজধানী এক্সপ্ৰেছত তুমি
ঘৰৰ ল’ৰা ঘৰলৈ যোৱাঁগৈ।
অৰুণাচলৰ শীতল বতাহজাক
তোমাৰ পাচে পাচে নাযায় ..
তুমি বিচাৰিলেই লগত নাযায় এজাক সেউজীয়া..
উজনিৰ সেউজ অৰণ্য এৰি।
বুকুত বাহ ল’লেও বৰফে
নাযায় এচমকা শুভ্ৰ বৰফ
তোমাৰ পাচে পাচে।
বাটত ভোকত খাবলৈ লৈ গৈছা নেকি
টোপোলা-ভাত আৰু পোৰা পিটিকা মাছ ?
নাখাবা… শৰীৰত মিলি যাব তাৰ সুবাস।
উভতি নাচাবা মধুকৰ,
বুকুখন ৰিমঝিমাই বিষাব..
গুঁইজানৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ দৰে
বুৰিব তোমাৰ ৰোমান্টিক মন।
ওঁঠত যে লৈ গৈছা মিঠা সুহুৰি
আৰু বুকুত পিছল সেউজীয়া শেলুৱৈ..
মন পিছলিব চাবা মধুকৰ..
সাৱধানে যোৱাঁগৈ ।
ছাটি-ফুটি লগোৱা হৃদয়ৰ গ্ৰীষ্ম
শীতল হোৱা নাই এতিয়াও..
মধুকৰ মেহৰা!!
ৰাজধানী এক্সপ্ৰেছৰ বাতানুকুল ডবাত।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক