দুটি কবিতা (নিবেদিতা হাজৰিকা)

দুটি কবিতা

নিবেদিতা হাজৰিকা

 

১) অনুভৱ শৰতৰ

আহিনৰ আকাশত লুকাভাকু খেলিলে
এজাক শুকুলা মেঘে
চোতালৰ দূবৰিত নিয়ৰৰ কানে কানে
শেৱালিয়েও দিলে শৰৎ অহাৰ আগলি বতৰা,
জোনাকেৰে নোৱাই ধুৱাই
আলফুলে আদৰি আনিলে আহিনেও
আকৌ এবাৰ হেঁপাহৰ শৰতক।
দুখবোৰ একাশৰীয়া কৰি থৈ
আকাশখনে পিন্ধি লৈছে অপৰূপ পোছাক
আৰম্ভ হ’ল আকৌ এবাৰ
আহিনৰ চোতালত শৰতৰ মেলা
কিন্ত্ত, আজিৰ শৰতে বিলাব পাৰে জানো
মন খুলি শান্তিৰ সুবাস?
ল’ব পাৰে জানো প্ৰাণ ভৰি শৰতৰ মাদকতা
সন্ত্ৰাসে গৰকা অসমে?
পাৰিবনে যাচিব মহিষমৰ্দিনী দুৰ্গতিনাশিনীৰ চৰণত
নিৰ্ভয়েৰে একাজলী ভক্তিৰ অঞ্জলি!
উগুল-থুগুল ষষ্টীৰ সন্ধিয়াতো যেন বিৰাজে
দশমীৰ উৰুঙা বিষণ্ণতা!
মনত লাগি থাকে এক অজান আশংকা
বাৰে বাৰেচোন বুকুৰ ভিতৰত
আতংকিত শব্দবোৰৰ ধৰফৰণি!!
তথাপিও অপেক্ষা কৰোঁ শৰতৰ ৰাতিলৈ
মোৰ বুকুৰ জেৰেঙাত ঠিয় হৈ
শব্দবোৰেও বাট চাই থাকে
জোনাকক চুই চাব’লে
শেৱালিৰ তেজ হালধীয়া ঠাৰিত
লিৰিকি চাবলে আশাৰ স্পন্দন!
শৰতৰ নিৰ্যাসেৰে জীপাল কৰোঁ মোৰ
অনুভৱৰ পথাৰ
জোনাকৰ বৰষুণত তিতি পঢ়িব’লে ৰৈ থাকো
শৰত নিশাৰ আকাশ-বতাহ মুখৰিত
নিস্তব্ধতাৰ ভাষা !!

২) চটিয়না ফুলিছে

ক’ৰবাত চতিয়না ফুলিছে
গোন্ধটোৱে বৰকৈ আমনি কৰিছে
ওৰে নিশা জোনাকত তিতি নিয়ৰৰ চুপতি
ঠিক তেনেকৈ…!
যেনেকৈ তুমি……!!
কঁহুৱাৰ চঞ্চলতা, জোনাকৰ উন্মাদনা
নিশাৰ শেষত সৰা শেৱালিৰ বেদনা
কোনে বাৰু বুজিব তোমাতকৈ ভালদৰে!
নিসংগ হ’লেহে বুজিব পাৰি
সৰা পাতৰ যাতনা,
উমান ল’ব পাৰি ভৰা নদীৰ গভীৰতা
ক’ৰবাত চতিয়নাবোৰ আকৌ ফুলিছে
চতিয়নাৰ গোন্ধ আৰু এজাক কুঁৱলিৰ মাজত তুমি,
জোনাকত তিতিবুৰি ৰৈ আঁছাহি
নিসংগতাৰ দুৱাৰ খুলি!
প্ৰাপ্তিৰ আতিশয্যত জুৰুলি-জুপুৰি
মোৰও নিসংগ চুবুৰী!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক