দুটি কবিতা: মাখনলাল দাস

দুটি কবিতা

মাখনলাল দাস

আশে পাশে কোনো নাই….

আশে পাশে কোনো নাই
তথাপি বতাহত কাৰোবাৰ সুবাস
আমোলমোলাই তুলিছে ভিতৰলৈকে
জগাই তুলিছে উল্লাস৷
গছবোৰৰ পাতত কঁপিছে
খাৰুৰ জুণজুণনি
কপালৰ ফোঁটটোৰ দৰে জিলিকিছে
আকাশৰ প্ৰখৰ বেলি ৷
জানুৱাৰীৰ এই উমাল ৰ’দ
কাৰোবাৰ নিকটতাৰ দৰেই
লাগিছে সুখদ৷
সুদুৰৰ দেৱালৰ সিপাৰে
কোনোবা আছে,
আৰু ইয়াত আছে
নদীত জোবোৰা মাৰি উঠি অহা
বতাহৰ সিক্ততা লৈ
নিকটতাৰ ক্ষণবোৰৰ অনুভৱ৷
লগত কোনো নথকাতো
আহি আছে
প্ৰতিজাক বতাহৰ সতে
এক চিনাকী সুবাস৷

(Assamese translation of my respected friend Ashok Lav’s hindi poem कोई नहीं है आसपास)
**********************************************************

শব্দৰ ৰঙেৰে

তাই
নিজৰ লেখনিবোৰ
পঢ়িবলৈ লোৱাৰ আগতেই
কোনোবাই সকলো শব্দ চুৰ কৰি নি
তাৰ তলত লিখি দিয়ে
নিজৰ নাম

স্বাধীনতা আৰু ক্ষুধা
তাইৰ প্ৰয়োজনৰ শব্দ
মানুহৰ প্ৰয়োজনত
দেখা যায় অন্তৰ্ভুক্ত

চকুলো পি পি
ডাঙৰ হৈ পৰিছে তাইৰ দুচকু
নিজৰেই চকুৰ
নিমখ খাইছে তাই
এতিয়া কিদৰে নিমাতে থাকে
নিজৰেই চকুৰ বিৰুদ্ধে

(বিলাসপুৰৰ বিখ্যাত কবি সতীশ জয়চৱালৰ शब्दों के रंगों से কবিতাৰ অনুবাদ৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক