দুটি কবিতা (শাংকৱ চাংমাই)

শাংকৱ চাংমাই
 
১) আকৌ যাবৰ পৰত… 

বেগটো গাড়ীত তুলি তাইলৈ চালোঁ
চলচলীয়া চকুৰে তাইৰ গাল জিলিকিছে
আকৌ কেতিয়া আহিবা- তাই সুধিলে
ছয়মাহৰ পিছত- চকুপানীখিনি মচি দিলোঁ
আঙুলি কেইটা লিৰিকি তাই ক’লে-
ইমান দিন মোৰ আঙুলিতে নাটে
জীয়াই থাকিম নে ইমান দিন ?
তাইৰ হাতখন জোৰে খামুচি ধৰিলোঁ
এটোপাল চকুলো ওলাই আহিব খুজিলে
নাকান্দোঁ-
কান্দিলে তাই যাবলৈ নিদিব
লাগিলে উচুপিম ওৰেটো বাট
চিঠি লিখিম নহয়-
সকলো খবৰ জনাই থাকিম
ধুনুক খুব মৰম কৰিবা
এতিয়া যাওঁ-
গাড়ীখন চলিল
বতাহবোৰ লাহেকৈ সোমাই আহিল
হাতত লাগি থকা তাইৰ উমখিনি
গালে মূখে ভালদৰে সানি ল’লোঁ
লগৰ চিপাহীখিনিয়ে মোলৈ চাই হাঁহিছে
মিছাকৈ ভেকাহি এটা মাৰি ক’লোঁ-
তুম লোগ নেহীঁ চমঝোগে…!
 
২) ঋতু আহে ঋতু যায়…
১/
ক’ চোন কুলি
মাত দিবলৈ সময় নাই বুলি
কত মানুহৰ বুকু কঁপাই
কত মানুহৰ হিয়া নিচুকাই
ক’লৈ তই আঁতৰি গ’লি?
২/
বাৰিষাৰ বলিয়া বান
আন সকলোকে ঢাঁহি-মুহি আন
দেখুৱাই দে তোৰ বাহুৰ শকতি
খহাই নে মোৰ বাৰীৰ মাটি
কাকূতি মিনতিলৈ নিদিবি কাণ
৩/
শৰত আহক শেৱালি সৰক
মনবোৰ উলাহত নাচক
লোকে গাই যাওক দেৱীৰ ভজন
দুখ বোৰ হওক হৰণ-ভগন
দিনবোৰ হওক সুখৰ কাৰক
৪/
চেঁচা পৰিলে ৰাতিবোৰ
চেঁচা পৰিব হাতৰ জোঁৰ
আনিম ডাঙৰীৰ ভাৰ কান্ধত লৈ
সানি জলপানত ম’হৰ খাঁটি দৈ
তাই কাণত ক’বহি- তুমি মাথোঁ মোৰ
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments