“দুধেৰ পিঠা” (-জাহিদুল ইছলাম)

অসমৰ চৰ-চাপৰিৰ মিঞা সমাজত প্ৰচলিত পিঠা-পনাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু
উল্লেখযোগ্য পিঠা হ’ল “দুধেৰ পিঠা “। এই পিঠাক গাখীৰ পিঠা বুলিও কোৱা হয়
। আতব চাউলৰ গুড়ি অলপ নিমখ আৰু পানীৰে ভালদৰে পনীয়াকৈ গুলি লৈ কাইঠা
খোলা( শুকান খোলা )ত চামুচেৰে নিয়মানুসৰি ঢালি দিব লাগে । ভালদৰে জুই
জ্বলাই পিঠাখন ওলট-পালট নকৰাকৈ ভাজিব লাগে । এই পিঠাক চিতি পিঠা, চিতৈ
পিঠা, খোৰা পিঠা আদি নামেৰেও জনা যায় ।গোলা চাউলৰ গুড়িখিনি ঢালি দিয়াৰ পাছত এখন
ঢাকনিৰে ঢাকি দিলে পিঠা ভালদৰে ফুলি উঠে ।dudher

পিঠা ভজা হোৱাৰ পিছত পিঠাখন নমাই, আগতে ডাঙৰ পাত্ৰত চেনি বা গুৰেৰে গৰম কৰি থোৱা গাখীৰত তিয়াই থ’ব লাগে । চিতি পিঠাবোৰ গাখীৰ বা দুধত সিজোৱা বাবে
এই পিঠাক দুধেৰ পিঠা বুলি কোৱা হয় । চিতি পিঠাবোৰ ভালদৰে সিজোৱাৰ পিছত
গাখীৰৰ সৈতে খাব লাগে । জাৰৰ দিনত এই পিঠা ঘৰে ঘৰে তৈয়াৰ কৰা হয় । অন্যান্য
অঞ্চলত এই পিঠাৰ আকৃতি সৰু হয় যদিও অসমৰ চৰ চাপৰি অঞ্চলত ইয়াৰ আকৃতি
ডাঙৰ হয় । আলহীৰ লগতে জোঁৱাইসকলক এই গাখীৰ পিঠাৰে আপ্যায়ন কৰা হয় ।০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments