দুয়োজনা গুৰু আৰু অলপ ভাদমহীয়া চিন্তা (-টুৱাৰাম দত্ত)

দুয়োজনা গুৰু আৰু অলপ ভাদমহীয়া চিন্তা

 

টুৱাৰাম দত্ত

 

শঙ্কৰ-মাধৱ দুয়োজনা গুৰুৰ যিবিলাক কথাই মোৰ মনত শৈশৱৰ পৰাই গভীৰভাৱে ৰেখাপাত কৰি আজিও আলোড়িত কৰি তোলে তাৰ ভিতৰত পুথি-পাজি লিখাৰ গভীৰ পৰিশ্ৰমলব্ধ প্রয়াস অন্যতম। আজিৰ পৰা ছশ বছৰ আগতে আখৰ লিখা কথাটো আজিৰ দৰে ইমান সহজ-সৰল নাছিল। এতিয়াৰ দৰে লিখিবলৈ ইচ্ছা গলেই কাগজ-কলম থাউকতে পোৱাৰ ব্যৱস্থা নাছিল। কাগজৰ সলনি সেই সময়ত সাঁচিপাতৰ ব্যৱহাৰ হৈছিল। আৰু লিখাৰ উপযোগী সাঁচিপাতৰ প্ৰস্তুতকৰণ আছিল এক দীৰ্ঘ-সময় ব্যাপ্ত কঠিন প্রক্রিয়া। তদুপৰি লিখিবলৈ চিয়াহীৰ প্রস্তুতকৰণো কম কষ্টসাধ্য নাছিল। কিন্তু এনে সময় খৰচী, কঠিন, কষ্টসাধ্য প্রক্রিয়াকো অতিক্রমী তেওঁলোকে নিৰন্তৰ লিখি গৈছিল। আজি আমি লিখিবলৈ কম-আয়াসতে যিদৰে কাগজ-কলম পাইছোঁ বা কম্পিউটাৰ মাধ্যম পাইছোঁ, আমাৰ বাবে সেই সময়ৰ লিখক সকলৰ কিতাপ লিখাৰ পৰিশ্ৰম সপোনৰো অগোচৰ,অকল্পনীয়! কেৱল লিখা-মেলা কৰাই নহয়, কঠোৰ পৰিশ্ৰমৰ অন্তত এখন কিতাপ লিখি উলিয়াই সংৰক্ষণ কৰি ৰখাটোও আছিল অন্য এক পৰিশ্ৰমী, ব্যয়সাধ্য কাৰবাৰ। ইমানবোৰ কষ্ট, বাধা-বিঘিনি,পৰিশ্ৰমৰ পিছতো গুৰু দুজনাই ভালেমান গ্ৰন্থ, নাট, বৰগীত আদিৰ মেট-মৰা সম্ভাৰেৰে যিদৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গ’ল সেয়া ভাবিলে আমাৰ দৰে অল্পমতি মানুহ আজিও বিস্ময়ত হতবাক হৈ পৰোঁ।

দ্বিতীয়তে, জ্ঞান অন্বেষণৰ প্রতি তীব্র ধাউতি। আজি তথ্য-প্রযুক্তিৰ অভূতপূৰ্ব উন্নয়নৰ দিনত যিকোনো তথ্য আহৰণ কৰাটো আমাৰ বাবে সহজ-সাধ্য। ইণ্টাৰনেটৰ গুগল ক্লিক কৰিয়েই চেকেণ্ডৰ ভিতৰতে যিকোনো তথ্য বিচাৰি উলিয়াব পাৰোঁ। কিন্তু সেই সময়ত নজনা কথা এটা জনাটো সিমান সহজসাধ্য নাছিল। গুৰু দুজনাই জীৱন কালত যিদৰে ভাৰতৰ ইমুৰ-সিমুৰ ভ্রমি, নানা তীৰ্থ দৰ্শন কৰি জ্ঞানী-সাধুজনৰ লগত ভাৱ-বিনিময় কৰি নিজৰ জ্ঞান অন্বেষণৰ ক্ষুধা নিবাৰণৰ চেষ্টা কৰিছিল সি আজিৰ প্রজন্মৰ বাবে বিস্ময়কৰ, অকল্পনীয়। এবাৰ কল্পনা কৰকচোন, আজিৰ পৰা ছশ বছৰ পূৰ্বে যাতায়াত বা পৰিবহনৰ সুবিধাৰ কথা। কেনেকুৱা এক ইচ্ছাশক্তি, অদম্য সাহস, অদম্য মানসিকতা থাকিলে এজন পুৰুষে দুবাৰকৈ বাৰ-বছৰীয়া তীৰ্থ ভ্রমণ কৰিবলৈ সমৰ্থ হ’ব পাৰে। যাত্রা পথত কিমান কষ্ট, অনিশ্চয়তা, বেমাৰ-আজাৰৰ বিপদ, কিমান বাধা-বিঘিনি অতিক্রম কৰিবলগীয়া হব পাৰে। সেই বাবেই তেওঁলোক মহাপুৰুষ।

অনিশ্চয়তা আছিল দুয়োজনা গুৰুৰ অভিন্ন সংগী। নিজৰ জীৱন কালত একে ঠাইতে স্থায়ীভাৱে বসতি কৰিবলৈ পোৱাটো কেতিয়াও সুষম অথবা মসৃণ নাছিল। ৰজাৰ ভয়, বিধৰ্মী প্রজাৰ ভয়, এক কণ্টকাকীৰ্ণ পথ অতিক্রম কৰি নিৰাপদ ভূমিত প্ৰতিষ্ঠিত হোৱাটো আছিল যেন অলীক সপোন। তথাপিও হাৰ মনা নাছিল। আৰু এনে অভূতপূৰ্ব মানসিক শক্তিৰ তীব্রতা দেখিয়েই তাত ঐশ্বৰিকত্ব আৰোপ কৰিছিল তেৰা সকলৰ সহজ-সৰল শিষ্য বৰ্গই।

আমি ব্যক্তিগতভাবে এটা কথা উপলব্ধি কৰো যে আজিৰ প্রজন্মই গুৰু দুজনাৰ এই বিলাক দিশৰ ওপৰত গভীৰ অধ্যয়ন তথা গৱেষণা অব্যাহত ৰাখিব লাগে। তেৰাসৱৰ জীৱন কালৰ ঘটনাৰাজি সেই সময়ৰ পটভূমিত নিৰ্মোহ বিশ্লেষণ হব লাগে। এতিয়া প্রতিটো কথাতে অযথা ঐশ্বৰিকত্বৰ প্রলেপ সানি কিছুমান কথাৰ বিচাৰ অপ্রাসঙ্গিক যেন লাগে। যেনে মহাপুৰুষ শংকৰদেৱৰ জন্মৰ সময়ত দেৱ-দেৱী মূৰ্তি বাগৰি পৰাৰ ঘটনাটো, অথবা শৈশৱত দুহাতেৰে ষাড় গৰু বগৰাই পেলোৱা ঘটনাটো। এই ধৰণৰ কাহিনীবিলাক এই কাৰণেই অপ্রাসঙ্গিক যেন বোধ হয়, যে তেৰাসৱৰ জীৱন কালত ইয়াতকৈও বহুত বেছি গুৰুত্বপূৰ্ণ অজস্র ঘটনা জানিবলগীয়া আছে, বিচাৰ কৰিবলগীয়া আছে। মহাপুৰুষ শংকৰদেৱৰ জন্মৰ সময়ত দেৱ-দেৱী মূৰ্তি বাগৰি পৰাৰ ঘটনাৰ পুনঃ পুনঃ উল্লেখেৰে এক বিশেষ সম্প্রদায় বা পন্থীক (যি সকল মহান অসমীয়া জাতিৰে অংগ) লক্ষ্য কৰি তেওঁলোকক জনমানসত হেয় প্রতিপন্ন কৰা যেন হে ভাৱ হয়। আজিৰ প্রজন্ম এনে ক্ষেত্রত সাৱধান হলে ভাল হয়।

আমাৰ বোধেৰে গুৰু দুজনাৰ সমাজ সংস্কাৰ আৰু সাহিত্য কৃতি এই দুয়ো দিশ আজিৰ প্রজন্মৰ অধ্যয়নৰ বাবে প্ৰয়োজনীয়। ধৰ্মীয় দিশটোৰ অধ্যয়ন সংযমী আৰু সাৱধানী হোৱাৰ লগতে অযথা ঐশ্বৰিকত্বৰ প্রলেপ সনা আখ্যান-উপাখ্যানবিলাক বৰ্জন কৰি চলাই বাস্তৱ সন্মত হব। ইয়াৰ অন্যথাই দুয়োজনা গুৰুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ চিৰযুগমীয়া সপোনে বাস্তৱ ৰূপ পৰিগ্ৰহ কৰাটো সহজসাধ্য নহ’ব।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments