দুৰ্গাপূজাত টকীগাড়ী -দেবেশ্বৰ কাকতি

দুৰ্গাপূজাত টকীগাড়ী
কাকতি দেবেশ্বৰ
“কাল-পৰচুৰ দুই দিনে আমৰাৰ বাগানটা গৰম হৈয়ে আছে৷ দুৰ্গা মাইয়েৰ পৰৱটা আমি চবগিলাই ধমাধম কৰে মানি৷ ১৫ দিনে তলপ আৰ এই বছৰেৰ ব’নাচ টা নিয়ে সৱ খুচ”৷
চাহ বাগানৰ লোকসকলৰ বাবে দুৰ্গাপূজা এক অনন্য হিয়া জুৰোৱা আৰু উখল-মাখল লগোৱা উৎসৱ৷ দৰমহাৰ উপৰিও বোনাচ পায় বাবে দুখীয়া চাহ শ্ৰমিকসকলৰ হাতত কিছু অধিক সম্পদ৷ চটমিনি-বৰমিনিহঁতৰ ৰংচঙীয়া শাৰী, হাতৰ ঠাৰিত নানাৰঙী চুৰীৰ জুনুকাসুৰীয়া অনুপ্ৰাস, নাকত নাকফুলি, কাণত কাণফুলি, ভৰিত নূপুৰ পিন্ধি জাক জাক গাভৰু দলবান্ধি “চুতীয়াবস্তিৰ’ মোহনবাবুহঁতে আয়োজন কৰা পূজাভাগত সকলোৱে নিৰ্মালি লয়৷ বুধুৱা- মঙ্গলুহঁতৰ কোনো-কোনোৱে কান্ধতে অথবা পঘাৰে বান্ধি টানি টানি নিয়া, বেবাই বেবাই যোৱা পঠা ছাগলী বা আনকোনোৱে তোমৰ সজাত ভৰাই নিয়া পাতিহাঁহ কেইটা দুৰ্গামাইৰ আগত উচৰ্গা কৰি বলি দিব৷ নিজৰ লগতে পৰিয়ালৰ সকলোৰে মঙ্গল কামনা কৰি দেৱীপূজাত আহুতি দিব৷ ডেকা বুঢ়া গাভৰুৰ মনত অপাৰ আনন্দ৷
কেইবাখনো চাহ বাগানৰ কেন্দ্ৰস্থল এই মোহনবাবুহঁতৰ দুৰ্গাপূজাভাগৰ আয়োজন ব্যাপক আৰু বহুলোকৰ সমাগম হয়৷ পৰম্পৰাগত পূজা হোৱাৰ বাবে এইভাগ পূজাৰ প্ৰতি সকলোৰে গভীৰ ভক্তি আছে৷
বহুলোকৰ উৎসৰ্গিত হাঁহ-ছাগলী বলি দিয়াৰ বাবে মহাষ্টমী পূজাৰ দিনা তেজৰ নদী৷ তাকে নকৰিলে বছৰটোলৈ অনেক অথন্তৰ হ’ব পাৰে! এয়া বহুতৰে বিশ্বাস৷
গধুলিলৈ কাষৰ বাগানবোৰত সেই উপলক্ষে ডাঙৰ পৰ্দাত মুকলিতে প্ৰদৰ্শন কৰোৱা চিনেমা৷ হিন্দী চিনেমা৷ তেওঁলোকৰ সৰল ভাষাত “টকী”৷ শিৱসাগৰ নগৰৰ পৰা “লক্ষ্মী টৰিং টকিজে” নীলা ৰঙৰ বিশেষ ধৰণে সাজি লোৱা সৰু ট্ৰাকৰ “ভান গাড়ীখন”৷ পাছত টানি নিয়া টেইলৰটোত জেনেৰেটৰ সৈতে “টকীগাড়ী”৷ দিনতে সেই বিশেষ চিনাকি টকীগাড়ীখন বাগানৰ ৰাস্তাত প্ৰৱেশ কৰা লগে লগে সৰু সৰু ল’ৰাবোৰে “টকীগাড়ী ৰে, টকীগাড়ী ৰে” বুলি কৰা চিঞৰ-বাখৰবোৰ, কেইটামান ল’ৰাই ধুলিৰ মাজেৰে লাহে লাহে যোৱা টকীগাড়ীখনৰ পাছে পাছে দৌৰা ছবি দুৰ্গাপূজাৰ আনন্দ প্ৰকাশৰ এক মনোৰম দৃশ্য৷
এইবাৰ ৮ চুট (শ্ব’) দেখাব৷ অৰ্থাৎ চাৰি নিশা ২ চুট কৈ৷ সকলোৰে মনত প্ৰৱল আশা আনন্দ৷ সন্ধিয়া হোৱাৰ আগৰে পৰা নিজৰ নিজৰ পৰিয়ালৰ বাবে চকী, বেঞ্চ, মুঢ়া, পীৰা, বস্তা আদি পাৰি ঠাই দখল পৰ্ব আৰম্ভ৷ আনফালে দুমুখীয়াকৈ লগাই দিয়া হৰ্ণত গ্ৰামফোন ৰেকৰ্ডৰ চেনাই মই যামগৈ, বুকু হম হম কৰে……… বা দোষ্টি চিনেমাৰ হৃদয় গলোৱা কৰুণ গীতৰ ৰজনজননি৷
আমাৰ বাইদেউহঁতো চিনেমা চাবলৈ সাজু৷ মাত্ৰ “মেঘনী বাইলৈ” অপেক্ষা৷
আহিল হুৰমূৰকৈ মেঘনী বাই৷ কলি কিন্তুু নিমজ গালে-মুখে পাউদাৰ ঘঁহা চিন বিদ্যমান৷ সৰুবোৰক ক’ব গুছ, তহঁতি গুছ৷ মজতে টোপনি ধৰিব! দিগদাৰ৷ তহঁতি যাব নালাগে৷
ঐ অমুকী, ঐ তমুকী, ঐ ভুচুকীহঁত কি কৰি আছ? দেৰিয়েই হ’ল৷ কাটিং (কাষ্টিং) দিলেই, ব’ল ব’ল ব’ল৷
পাছদিনা সকলো দেৰিকৈ উঠি আকৌ দ্বিতীয় দিনাৰ টকীচোৱাৰ পৰিকল্পনা৷ মেঘনী বাইৰ মুখত আগনিশা চোৱা টকীৰ মনত সজীৱ হৈ থকা গানৰ কলিৰ গুনগুননি৷ সকলোৱে মেঘনীবাইৰ মুখলৈ চাব, গানটো গাবলৈ যত্ন কৰিব৷ ভুল হয় নাইবা হিন্দীৰ উচ্চাৰণ শুদ্ধ নহয় ইত্যাদি৷
পূজা, টকীগাড়ী, চিনেমা আদিৰে কিদৰে যে চাৰিদিন পাৰ হৈ গ’ল গমেই নাপায়৷
পঞ্চম দিনা পুৱা ৬ বজাতে বাবুলাল চৰ্দাৰে গলি গলিয়ে চিঞৰি চিঞৰি যেতিয়া জাননী এইবুলি দিব- “৩, ৫, ৮ আৰ ১০ নম্বৰ বাগানে পাততোলা হবেক ৰে……ৰে……ৰে……”
মূৰত টুকুৰি লৈ লাইন লাইন চটমিনি বৰমিনিহঁতৰ পিঠিত বান্ধি লোৱা কেঁচুৱাৰে সৈতে প্ৰত্যাহিক জীৱন আৰম্ভ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক