দুৰ্গা পূজা, শেৱালি আৰু কিছু অনুভৱ (দেৱ প্ৰতীম)

“ঐ মাইনা দা, এইবাৰ পূজাত কি কিনিবি? মই গাড়ী কিনিম। এইবাৰ চাবি দিয়া নহয়, ৰিম’টত চলা গাড়ী কিনিম। নতুনকৈ আহিছে যে। যোৱাবাৰ দেউতাই নিদিলে। এইবাৰ কিনিমেই।”
“নাই, মই এইবাৰ গাড়ী নিকিনো। এইবাৰ মই গুলি ওলোৱা পিষ্টল কিনিম। গম পাইছ নহয় কোনটো কৈছো। এয়াৰগান, বান্দৰবোৰক মাৰিম আৰু কাউৰী খেদিম। তই পোৱালী হৈ আছ, গাড়ী চলা। হেঃ হেঃ, মোৰ লগৰ গোটেইকেইটাই ল’ব এয়াৰগান। তাৰপাছত আমি পুলিচ পুলিচ খেলিম। খুব ফুৰ্তি লাগিব।”

এইয়া আন একো নহয়, সৰুকালত মোৰ আৰু ভাইটিৰ মাজত কোনোবা এটা দুৰ্গা পূজাৰ আগত হোৱা কথোপকথন।

আগতে দুৰ্গা পূজা বুলি ক’লেই আনন্দতে মনটোৱে নাচি বাগি থাকিছিল। পূজা কেতিয়া আহিব, কেতিয়া আহিব কেলেণ্ডাৰ খন চাই চাই দিন হিচাপ কৰি থাকো। পূজাত এইবাৰ কি কি কিনা হ’ব ভাইটিৰ লগত গুণাগঁথা কৰি থাকো। বেলেগ কিছুমানৰ নতুন নতুন কাপোৰ কিনাৰ চখ আছিল, কিন্তু আমাৰ কেইটামানৰ আকৌ চখ আছিল পিষ্টল কিনাৰ আৰু তাৰপাছত চোৰ-পুলিচ খেলা। এয়াৰগানৰ (পুতলা পিষ্টল হে আকৌ) গুলিৰে কোনে কিমান কাউৰী খেদিব পাৰে, সেইয়া আছিল এক প্ৰতিযোগিতা।

শৰতৰ আগমণৰ লগে লগে ঘৰৰ শেৱালি জোপাইয়ো নিজৰ সুগন্ধি বিয়পাবলৈ সাজু হয়। শেৱালিৰ সুগন্ধই ৰাতিপুৱাৰ পৰিবেশটো সুন্দৰ কৰি তোলে। সুগন্ধেৰে আমোলমোলাই থকা শেৱালি জোপাৰ তলত মাৰ লগত শেৱালি ফুল বোটলাও আছিল এক চখ।

সময় সলনি হয়, মানুহো সলনি হয়। সময়ৰ সোঁতে বহুতো সালসলনি ঘটাই। সময়ৰ সোঁতত উটি-ভাঁহি আজি মই ক’ৰবাত। আজি শেৱালিও নাই, পূজা “এই আহিব এই আহিব” বুলি মনত সেই আনন্দও নাই; আছে মাথো কিছু স্মৃতি।

কিন্তু হঠাতে কেতিয়াবা ক’ৰবাত শেৱালিৰ সুগন্ধ নাকত লাগিলে ঘৰৰ সেই শেৱালি জোপালৈ মনত পৰে। লগতে মনটোও উৰা মাৰি গুচি যায় ল’ৰালিৰ সেই সোণোৱালী দিনবোৰলৈ। মনত পৰে দুৰ্গা পূজাৰ গুলীৰ শব্দবিলাকলৈ, সাধাৰণ পিষ্টল এটা পাই আপোনপাহৰা হোৱা দিনবিলাক আকৌ ঘুৰাই আনিব মন যায়। ভাইটিৰ লগত অকৌ পূজাৰ আগে আগে হোৱা আলোচনা বিলাক কৰিবলৈ মন যায়। প্ৰতিযোগিতাৰে ভৰা এই পৃথিৱীখনৰ পৰা অলপ আঁতৰি আহি সুগন্ধেৰে ভৰা শেৱালিজোপাৰ তলত খন্তেক বিৰতি ল’বলৈ মন যায়।

এইয়া দুৰ্গা পূজাৰ আগমণৰ লগত জড়িত মোৰ কিছু নিজা অনুভৱ। সৰু সৰু ল’ৰা ছোৱালীবিলাকে কিজানি দুৰ্গা পূজাত পুতলা পিষ্টলেৰে গুলী ফুটাব, বেলুন তথা পুতলা বিলাকৰ সৈতে উমলিব। আপোনালোকৰ বহুতেই হয়তো সৰুকালত খেলা বস্তু কিনিছিল, সকলোৱে কিজানি পূজাৰ দিনকেইটালৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকিছিল। সকলোৰে কিজানি বেলেগ বেলেগ চখ আছিল। এতিয়াই হয়তো বহুতে কেলেণ্ডাৰখন চাইছে দুৰ্গা পূজালৈ আৰু কিমান দিন আছে বুলি…।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments