দুৰ্দান্ত চিন্তা (দিগন্ত বৰা)

পূজাৰ বতৰত দেউতাৰ লগত কথোপকথন

:দেউতা, টকা দুহাজাৰ দিয়াচোন!
:কিয়?
:পূজাত লাগিব!
:এইবোৰ পূজা আমাৰ নহয়। পূজাত আননেচেচেৰী খৰচ কৰাত মই পক্ষপাতী নহয়।
:ভেলেনটাইন দে’টো আমাৰ নেকি দেউতা?
:সেইটোও নহয়।
:নহয় যদি ভেলেনটাইন দে’ত তুমি মাক কিয় শাড়ী গিফট দিয়া? আৰু ঘৰত ভাত থকা সত্বেও ৰাতিৰ ভাত সাজ বিলাসী হোটেলত খাই আননেচেচেৰী টকা খৰচ কৰা?
:সেইটো মোৰ ব্যক্তিগত কথা।
:মোৰো এইটো ব্যক্তিগত কথা।
:হেৰা, হেৰা, শুনিছানে?
পুতেৰক মোৰ আগৰ পৰা যাবলৈ কোৱা।
:আপুনিও মোৰ পাছৰ পৰা গুছি যাওক। মই তেতিয়া আপোনাৰ আগৰপৰা গুছি যাম।
:তই বেছি বাঢ়িছ!
:অকনো নাই বঢ়া। আজি দুবছৰে মই ৫ফুট ৬ ইঞ্চিতে ৰৈ আছো।
:হেৰা শুনিছানে? পুতেৰে মোৰ মূৰটো খাব এতিয়া!
:তেনেকুৱা কথা নক’ব দেউতা। আপোনাৰ মূৰটো চোবাবলৈ আপুনি কিবা মুৰিৰ লাড়ু নেকি? এনেকুৱা অধৰমৰ কথা নক’ব দেউতা!
:তোক তেজপুৰত অথবা ৰাঁচীত থৈ আহিম গৈ এইবাৰ!
:তেজপুৰ অথবা ৰাঁচীত ফ্লেট লৈছা নেকি দেউতা মোক যে তাত থৈ আহিব খুজিছা?
:জহন্নামে গলি তই। চিনাকি দিবলৈ লাজ লগা হৈছে তোক নিজৰ লৰা বুলি!
:নিজৰ লৰা বুলি চিনাকি দিবলৈ টান পাইছা যদি অবৈধ সন্তান বুলিয়েই চিনাকি দি দিবা দেউতা।
:হেৰা। পানী অলপ লৈ আহা। মোৰ মূৰটো বৰকৈ ঘুৰাইছে।

 

হোটেলত ভাত খাওঁতে মালিকৰ সতে কথোপকথন

:হেৰি আপুনি নাকটো কিয় খুচৰি আছে হে?
:মোৰ নাকহে খুচৰিছোঁ,আপোনাৰ নাক নাই খোচৰা নহয়।
:যাৰে নাক নোখোচৰক বাহিৰত গৈ খোচৰক।
:মোৰ হোটেল। মোৰ কথা। আপোনাৰ তাতে কি হল?
:আপোনাৰ হোটেল হ’লেও মই ইয়াত ভাত খাই আছো।
:মই আপোনাৰ ভাতৰ পাতত বহি নাক খোচৰা নাই।
:মই খেঁকেৰুলৈ ঘিণ কৰো।
:ভাত খোৱা মানুহ ভাত খাওক। লোকৰ নাকলৈ চাবৰ কি দৰকাৰ?
:ভাত খোৱাটো আপুনি টেকেলি ভঙা খেল বুলি ভাৱিছে নেকি যে কলৈও চাব নোৱাৰাকৈ মই চকুত কাপোৰ বান্ধি ল’ম?
:আপুনি কি গ্ৰাহকহে?আপুনি ভাত খাই থকাৰ বাবে মই কি সুৰ সুৰাই থকা সত্বেও নিজৰ নাক নখজুৱাম?
:নিজৰ নাকৰ খেঁকেৰু খুচৰি খোৱা আপুনি কি মালিকহে?
:চম্ভালি কথা ক’ব। মই নাকৰ ভিতৰত থকা অলাগতিয়াল নোমহে টানিছোঁ।
:আপোনাৰ নাকৰ ভিতৰৰ নোমেই উভালক নাইবা মানিমুনিয়েই উভালক মোৰ প্ৰয়োজন নাই। কিন্তু মই ভাত খোৱা সময়ত নহ’ব।
:আপুনিতো ভাত খাই শেষেই হল।
:শেষ হলেও ভাতখিনি পাগুলি থকা অৱস্থাত আপুনি নাক খোচৰা দেখি মোৰ ওকালি আহোঁ আহোঁ কৰিছে।
:আপোনাৰ ওকালি আহিলে মই কি কৰিম?
:একো কৰিব নালাগে। কিন্তু ভাতৰ বিল নাপায় আপুনি।
:নিদিয়ে যদি নালাগে। আপোনাৰ সতে কাজিয়া কৰি মই বাকী কাষ্টমাৰ খেদিব নোৱাৰোঁ।
(ফ্ৰি ভাত খোৱা ফর্মূলা)

মা দেউতাৰ কথোপকথন

:হেৰা,গোসাঁইৰ থাপনাত থকা ভঙা পইচা কেইটা কোনে নিলে?
:কোনে নো নিব? নিজেই চাগৈ থৈছে। এতিয়া আনক ধৰিছে!
:এ নহয় হে। সদায় এটকা এটকা দি সেৱা কৰোঁতে গোট খোৱা ভঙা পইচাবোৰ মাটিৰ মুটকীটোতে ভৰাই থৈছিলোঁ। এতিয়া মুটকীটোৱেই গায়ব।
:এন্দুৰে নিলে ছাগে!
:পাগল হলা নেকি? ডেৰ দুই কেজি ওজনৰ মুটকীটো এন্দুৰে নিব পাৰে নেকি?
:আৰু নো কিহে নিব?
:তোমাৰ পুতেৰেই নিলে ছাগে!
:আপুনি যেতিয়াই তেতিয়াই তাক দোষ দি নাথাকিব দেই। কৈ দিছোঁ।
:লাজ পালা? পুতেৰক সন্দেহ কৰাৰ বাবে লাজ পালা?
:পাম তো।
:পাবাই। যিটো পুতেৰে লেট্ৰিনত সোমাই গা পা নোধোৱাকৈ গোঁসাই ঘৰৰ ভাগৱত খন থকা ঠগাখনত অসমীয়া অভিধান এখন থৈ ভাগৱতখন চুৰ কৰি নি পাঁচশ টকাত বেলেগক বিক্ৰী কৰিব পাৰে সেইটো পুতেৰে ভঙা পইচা থোৱা মুটকীটো চুৰ কৰিব নোৱাৰিব?
:তেতিয়া তাৰ শনি লাগিছিল। এতিয়া সি সম্পূর্ণ চেঞ্জ হল।
:কথা নক’বা। তোমাৰ পুতেৰৰ গাত এতিয়াও শনি দেৱতাৰ আশ্ৰমখনেই আছে। :কি প্ৰমাণ আছে আপোনাৰ হাতত সি চূৰ কৰিছে বুলি?
:প্ৰমাণ লাগে যদি আহা। ভাল প্ৰমাণ এটা ৰাখি থৈছোঁ। আহা। বেগাই আহা।
(মা দপদপকৈ গোঁসাই ঘৰলৈ সোমাই গল।)
:এইযোৰ পুতেৰৰ চেন্দেল হয়নে? ভুলতে সি সেই যোৰকে এৰি গ’ল দেখিছা? খালে। খালে সি।

 

প্ৰেমৰ আচল টেকনিক্

টেকনিক নাজানিলে প্ৰেম কৰিবই নালাগে। চিচটেমেটিকেলি চলাই গলে বিয়া এবাৰ নহয় আৰৱৰ শ্বেখৰ দৰে ৫ বাৰ পাতিলেও আপুনি প্ৰেম কৰিব পাৰে। আজিকালি ম’বাইল ফোনবোৰ হোৱাৰ পৰা প্ৰেম একেবাৰে কেলকুলেটৰত হিচাব কৰিব পৰাৰ দৰে ইজি হৈ পৰিল। মোলৈকে নাচায় কিয়? শ্ৰীকৃষ্ণৰ দৰে কেবাজনীৰ লগত কুছ কুছ হোতা হে আছে। পত্নীয়ে থুৰে গম পায়! পত্নী থাকিলেও বিন্দাচ ফোন কৰে। মিছকল দি ভাকুটকুটাই থাকে। মেছেজ দি হিয়া ৰৌজাল বৌজাল কৰে। তথাপিতো এওঁ সন্দেহ নকৰে। কৰিবনো কিয়? এগৰাকীৰ নাম্বাৰটো ৰিলায়েন্সৰ কাষ্টমাৰ কেয়াৰ বুলি চেভ কৰি থৈছোঁ। আন গৰাকীৰ এগেইনচত ডিছ টি ভি কাষ্টমাৰ কেয়াৰ বুলি চেভ কৰিছোঁ। তৃতীয় গৰাকীৰ এগেইনচত এচ বি আই বুলি চেভ কৰি থৈছোঁ। তেওঁলোকে ফোন কৰিলেও তেওঁলোকৰ নাম নোলায়, ৰিলায়েন্স, ডিচ টিভি, নাইবা এচ বি আই বুলিহে নামটো ওলায়।
হাঁহিও উঠে বুজিছে। কালি ৰাতি ১ বজাত এওঁ মোক কলেঃ হেৰা ৰিলায়েন্সৰ পৰা বৰ ফোন কৰি আছে তোমালৈ। ধৰোনে?
মই খঙেৰে ক’লোঃ নধৰিবা। নধৰিবা। ফোন ৰিচিভ কৰিলেও সিহঁতে কিবা ভেলু এডেড চাৰভিচ এটা একটিভেট কৰি দি বেলেন্সৰ পৰা পইচা কাটি দিয়ে। তুমি কেতিয়াও নধৰিবা।
হি হি হি। এওঁ ফোনটো নধৰিলে বুজিছেনে।

কালি পুৱা দেউতাৰ সতে কথোপকথন

:হেই হেই! কি কৰিছ, কি কৰিছ?
:গোলাপ ফুল এপাহ ছিঙিছোঁ দেউতা।
:কেইজোপা ৰুইছিলি?
:এপাহহে ছিঙিছোঁ দেউতা!
:এপাহ ছিঙো বুলি এমুঠিয়েই ছিঙিলি দেখোন। কেলেই ছিঙিছ?
:আজি দেউতা ROSE DAY
:ROSE DAYত গোলাপবোৰ ছিঙি পেলাব লাগে নেকি?
:আজি গোলাপফুল উপহাৰ দিব লাগে দেউতা।
:কাক দিব লাগে?
:নিজৰ আপোনজনক দেউতা।
:থ। থ। আমাক তই গোলাপ ফুল নিদিলেও হব।
:আপোনাক নহয় দেউতা।
:আও। আমাতকৈও আপোন আছেনে কোনোবা?
:বন্ধুক দিব লাগে।
:বন্ধুক যদি দিবই লাগে তেতিয়া হ’লে আমাৰ ঘৰতে গোলাপৰ ডাল কেবাটাও পচাই থোৱা আছে। তাকে দে।
:সেইবোৰ নিদিয়ে নহয়। ফুলহে দিয়ে।
:তেন্তে এইটো কিহৰ ROSE DAY অ? ৰজ দে’ৰ বাবে গোলাপ বোৰ যদি মাতৃৰ গছৰ পৰা ছিঙিয়েই পেলোৱা হয় তেনেহ’লে ৰজ দে’টো গছজোপাৰ বাবে আশীৰ্বাদ হ’বনে অভিশাপ হব?
হেৰ তাতকৈ যদি সেইদিনা গোলাপ ফুলৰ পচোৱা পুলি অলপকে উপহাৰ দিলি হ’লে তেতিয়াও ভাল কাম এটা হ’ল হয়।
:তেনেকৈয়েতো চলি আছে দেউতা।
:তেনেকৈয়ে চলিছে যদি, ৰজ দে’ৰ দিনা গোলাপ ফুলবোৰ ছিঙি উপহাৰ দিয়াৰ দৰে চিলড্ৰেন দেৰ দিনাও নিজৰ নিজৰ চিলড্ৰেনবোৰ মাতৃৰ বুকু শুদা কৰি আনক উপহাৰ দিব লাগে। নিদিয়ে কিয়?
(কথাখিনি কৈ দেউতাই গোবৰ এচপৰা আনি গোলাপ জোপাৰ গুৰিত দি দিলে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক