দুৱাৰখন খোলা আছিল -উজ্জ্বল দিপ্লু গগৈ

 

-ভয় নকৰিবি; ভগৱান আছে তোৰ লগত।

-উমম নাই কৰা।

-সাহস ৰাখিবি, আমি লগৰ চব আছোঁ তোৰ বাবে প্ৰাৰ্থনা কৰি।

-উমম ৰাখিছোঁ।

-আমি একেদৰেই আকৌ ফূৰ্তি কৰিম, আকৌ উৎপাত কৰিম, আকৌ হোষ্টেলৰ চাদত চিঞৰিম।

-উমম কৰিম।

ফোনটো কাটি দিয়া হৈছিল আনটো দিশৰপৰা।

নীৰৱতা মাথোঁ নীৰৱতা।

হাজাৰ হাজাৰ মাইল ব্যৱধানত থকা দুজন বন্ধুৰ বাৰ্তালাপ আছিল সেইয়া। হয়তোবা আছিল সেইয়া তেওঁলোকৰ অন্তিম বাৰ্তালাপ নতুবা আছিল অনাগত ভৱিষ্যৎ জী থাকিবলৈ কিছু মন্ত্ৰপূত প্ৰাৰ্থনা।

অস্ত্ৰোপচাৰ কক্ষলৈ সোমাবলৈ এজন হুইল চেয়াৰত বহি আছিল আৰু আনজনে কোনোবা এটা ব্যস্ত ফুটপাথৰ ৰেলিঙত আঁউজি লৈ চেষ্টা কৰি আছিল যাতে গ’ল্ডফ্লেককেইটাৰ কুণ্ডলীবিলাক শূন্য হৈ নাযায়।

প্ৰথমটো ছেকেণ্ড…দ্বিতীয়টো…তৃতীয়টো…

সময়বোৰ পাৰ হৈ গৈ থাকিল, ছেকেণ্ডবোৰ ক্ৰমাৎ মিনিট হ’ল আৰু মিনিটবোৰ ঘণ্টালৈ পৰিৱৰ্তিত হ’ল। চিন্ময়ে টানি থকা চিগাৰেটৰ কুণ্ডলীবিলাক ওলোটাকৈ ঘূৰিবলৈ লৈছিল- এম্বুলেঞ্চ, মেডিকেল ৰিপৰ্ট, ডাক্তৰ, ৯৯% লেচ্ চাঞ্চেচ, নতুন দিল্লীলৈ ফ্লাইটৰ টিকেট……অন্তিমবাৰ(! ) চকুৰ চাৱনি……এটা এটা ক্ষণ যেন একো একোটা যুগ। সময়বিলাক যেন ভৰসা কৰিব নোৱাৰাকৈ নিষ্ঠুৰ হৈ উঠিছিল। বুকুৰ ধপধপনিবোৰ স্বয়ংক্ৰিয়ভাৱে বাঢ়ি গৈছিল। ব্যস্ত ৰাজপথৰ গাড়ী-মানুহৰ হৈ-হাল্লাৰ মাজত অসহায় হৈ ৰৈ আছিল চিন্ময়। বন্ধুৰ ঘৰৰ মানুহে কৈছিল ফোনত “অপাৰেচন দীঘলীয়া হ’ব, পাঁচ ঘণ্টামানৰ প্ৰায়।”

আকৌ এবাৰ জিকাৰ খাই উঠিল সি। ইতিমধ্যে দেখোন চাৰিঘণ্টামান হ’লেই।  কেনেকৈনো বিশ্বাস কৰিব পাৰি জীৱনটো? চিন্ময়ে পেকেটৰ অন্তিমটো চিগাৰেট জ্বলাই লৈ তাকেই ভাবিলে। অস্ত্ৰোপচাৰ কক্ষলৈ নিয়াৰ আগত ডাক্তৰেও দেখোন মাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰি থাকিবলৈহে কৈ গৈছিল। এই যেন জীৱন আছে আৰু ইয়াতেই দেখোন শেষ; কেইমুহূৰ্তমানৰ আগত কথা পতা ল’ৰাজনৰ মাতটো আকৌ এবাৰ শুনিবলৈ পোৱা যাব নাই সেইয়াও অনিশ্চয়তাত।

শেষৰকণ ধোঁৱা উৰুৱাৰ পাছতেই চিন্ময়ৰ চকুত পৰিল সন্মুখত মচজিদ এটা; ভগৱানৰ ঘৰ সেইয়া। ক’ৰবাত শুনিছিল সি, বেয়া বস্তু খাই ভগৱানৰ ঘৰত সোমাবলৈ নাপায়। প্ৰথমে সি সৰু পানীৰ বটল এটা কিনি মুখখন ধুলে আৰু তাৰপাছত প্ৰায় স্বয়ংক্ৰিয়ভাৱে মচজিদৰ ভিতৰলৈ সোমাই গ’ল। মন্দিৰৰ বাহিৰে আন কোনো ধৰ্মস্থলীত সি সোমাই পোৱা নাছিল। প্ৰাৰ্থনা কৰাৰ নিয়মৰ বিষয়ে তাৰ জ্ঞান শূন্য আছিল। ভিতৰলৈ সোমাই কৰযোৰে সেৱা কৰি চিন্ময়ে কেইবাটাও মুহূৰ্ত ভগৱানৰ ওচৰত বন্ধুৰ জীৱনটো ভিক্ষা কৰি ৰ’ল।

পকেটৰ ম’বাইলটোৱে হঠাৎ ভাইব্ৰেচন কৰি উঠিছিল। লগৰটোৰ ঘৰৰ মানুহৰ ফোন আছিল। চেকেণ্ডৰ বাবে অজান আশংকাত তাৰ মনটো কঁপি উঠিল। ফোনটো ৰিচিভ কৰি তাৰ মুখৰপৰা চেপাঁ মাত এটা ওলাল। কেইটামান শব্দ ভাঁহি আহিল- “অপাৰেচন ভালদৰে হৈ গ’ল, এতিয়া চিন্তাৰ কাৰণ নাই।” উফফফ। স্বস্তিৰ নিশ্বাস এটি নিজেই বাগৰি আহিল আৰু দুয়োচকুৰে বৈ আহিল দুটোপাল চকুলো।

পুনৰবাৰ সেৱা এটা কৰি চিন্ময় মচজিদটোৰ বাহিৰলৈ ওলাই আহিল। দুৱাৰখন তাৰ বাবে খোলা আছিল; আৰু আনটো মূৰত বন্ধুৰ অস্ত্ৰোপচাৰ কক্ষৰ দুৱাৰখনে জীৱনৰ দুৱাৰখন পুনৰবাৰৰ বাবে খুলি দিছিল।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক