দুৱাৰডলিত ব’হাগ… (আব্দুছ ছাজিদ)

দুৱাৰডলিত ব’হাগ…

ঋতুৰাজ বসন্তৰ আগমনৰ সময় এয়া৷ শীতৰ শুষ্কতাই লঠঙা কৰি থৈ যোৱা গছ-লতিকাত ন-কুঁহিপাত মেলাৰ বতৰ৷ ডালে ডালে চৰাই-চিৰিকটিৰ বিৰামহীন কূজন৷ ফুলে ফুলে ভ্ৰমৰৰ গুঞ্জন৷ যেন ব’হাগৰ আগমনি গীতহে! প্ৰকৃতিৰ এনে আশাব্যঞ্জক, প্ৰাণসঞ্চাৰকাৰী ৰূপ-লাবণ্যই প্ৰকৃতিৰ সন্তান মানুহৰো দেহ-মন চঞ্চল কৰি তোলে৷ লুইতপৰীয়া মানুহখিনিও তাৰ ব্যতিক্ৰম নহয়৷ চ’তৰ শেষত অহা নৱ-ব’হাগৰ বা লাগি উতলা হোৱা এই মানুহখিনিয়ে কঁকালত টঙালি বান্ধি প্ৰস্তুত হয় উজনি-নামনি, পৰ্বত-ভৈয়াম, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱ আৰু সংস্কৃতিৰ পৰিচায়ক বিহুটিক আদৰিবলৈ৷

উৎসৱৰ অনাবিল আনন্দই মতলীয়া কৰি তোলে সৰু-বৰ, ধনী-নিৰ্ধনী সকলোটিকে৷ ব’হাগেই আনি দিয়ে চিত্তলৈ সজীৱতা, হিয়ালৈ উদাৰতা আৰু মনলৈ দৃঢ়তা৷ সেইবাবেই ব’হাগৰ সৈতে আমাৰ সম্বন্ধ ইমান নিবিড়৷

পাখি লগা ঘোঁৰাত উঠি সময়ে তাৰ চলমান গতি অব্যাহত ৰাখে৷ শিক্ষা, ধৰ্ম, ৰাজনৈতিক শক্তি, নাগৰিকীকৰণ, উদ্যোগীকৰণৰ প্ৰভাৱ পৰে লোক-সংস্কৃতিৰ ওপৰত৷ শত শত শতিকাৰ পটভূমিত গঢ় লৈ উঠা কৃষিভিত্তিক উৎসৱ বিহুটিও প্ৰভাৱিত হয় চহৰমুখী সভ্যতাৰ গড্ডলিকা প্ৰৱাহৰ দ্বাৰা৷ ব’হাগৰ উদাৰতা ক্রমাৎ মোলান পৰি আহে৷ হাহাকাৰ ৰূপত দেখা দিয়ে সময়হীনতাই৷ গঢ় লৈ উঠে সমস্যা, বৈৰিতা আৰু সংঘাত৷ সৃজনীশীলতাৰ ঠাই লয় ধ্বংসকামিতাই৷ খাদ্য পদাৰ্থৰ দাম হয় গগনচুম্বী, সহজলভ্য হৈ পৰে আগ্নেয়াস্ত্ৰ, বাৰুদ, ড্ৰাগছ৷ মানুহে মানুহৰ শোণিতেৰে ফাঁকু খেলে৷ কেউফালে বিৰাজ কৰে নিৰাপত্তাহীনতা, অস্থিৰতা, আতংক আৰু ঘৃণা৷

তথাপিও ব’হাগ নহাকৈ নাথাকে৷ আশাৰ বাণী বুকুত লৈ প্ৰতিবাৰেই ব’হাগ আহে৷ এইবাৰো আহিছে৷ কোমল কুঁহিপাতৰ ফাঁকেৰে ব’হাগ আহিবই৷ ই চিৰন্তন সত্য৷ লগে লগে ব’হাগৰ সৈতে সম্পৃক্ত অসমীয়াৰ বাপতি-সাহোন বিহুটিও৷

বসন্তৰ পৰশ পাই আমে মলিয়াইছে৷ মৌ-মাখিবোৰে আপোনমনে গুনগুনাই ফুৰিছে৷ তেনেস্থলত জীৱশ্ৰেষ্ঠ হৈ মানুহে মনবোৰ সুমেৰু-কুমেৰুহেন কৰি ৰাখিলে কিবা লাভ হ’ব জানো? আহক তেন্তে, প্ৰথম ব’হাগতে ঢোলত চাপৰ মাৰি সৱে মিলি সংকল্প লওঁ সমাজখন নকৈ গঢ়াৰ, জাতিটোক সুস্থ-সবল কৰাৰ৷

ব’হাগেই দিয়ক সঞ্জীৱনী সুধা৷ বিহুৱে যোগাওক প্ৰেৰণা৷ বসন্তই মলিনতা দূৰ কৰক৷ নতুন বছৰটি হওক কৰ্মোদ্যমেৰে পৰিপূৰ্ণ আনন্দেৰে ভৰা৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments