দূবৰি (-মলয়া চৌধুৰী)

“বিয়া-চিয়া নোহোৱা নেকি দূবৰি?” তাইৰ সম্মুখৰ ছীটটোৰ পৰা উফৰি অহা বয়স্ক সহকৰ্মীৰ প্ৰশ্নটোত দূবৰিৰ বুকুখনত ধুপকৈ শব্দ হ’ল। মিচিকিয়া হাঁহিটো আৰু মৌনতাক তাই শ্ৰেষ্ঠ উত্তৰ বুলি বিশ্বাস কৰে। এতিয়াও তাই সেই উত্তৰেই দিলে। পুৱাৰ এই ৮ বজাৰ সময়খিনিত গাড়ীখন শিক্ষকৰ গাড়ী হৈ পৰে। বিদ্যালয় অভিমুখী শিক্ষকেৰে ভৰি থাকে ছীটবোৰ। সকলো চিনাকি। আন শিক্ষক সকলেও দূবৰিক জোকাবলৈ লাগি গ’ল- বিয়াখন খাওঁ দিয়া দূবৰি। “কিজানি দূবৰিয়ে দৰা থিক কৰিয়ে থৈছে; আমাক ক’ব খোজা নাই”- অৰ্পণা বাইদেউৰ বিজ্ঞ মতামত।
২৭ বছৰীয়া ছোৱালী এজনীৰ বাবে এই প্ৰশ্নৰ মুখামুখি হোৱাটো সাধাৰণ কথা। দেখাত কোনো খুঁত নাই, ব’নাছ হিচাপে এটা চৰকাৰী চাকৰিও আছে তাইৰ। গতিকে বিয়াৰ বজাৰত দূবৰিৰ চাহিদা থকাটো স্বাভাৱিক। শান্তভাৱে বৈ থকা নৈখনে তলিত কত আৱৰ্জনাই লৈ বয়, সেয়াতো নৈৰ সৌন্দৰ্য্যই নকয়। দূবৰিয়েও হাঁহি এমুখ লৈ সকলোৰে লগত স্ফূৰ্তি কৰিলে, আলোচনাত ভাগ ল’লে। কিন্তু তাইৰ ভিতৰখনত তেতিয়া এক শূণ্য শূণ্য অনূভৱ।
নিয়মানুৱৰ্তীতাত দূবৰিৰ নাম আছে। ৰ’দ-বৰষুণ কাটি কৰি সঠিক সময়ত বিদ্যালয়ত উপস্থিত হয় তাই। ছাত্ৰৰ মাজত তাইৰ জনপ্ৰিয়তাও আছে। মৰমেৰে কেনেকৈ ল’ৰা-ছোৱালীক শাসন কৰিব পাৰি, সেয়া জানে তাই। শ্ৰেণীত সুমুৱাৰ লগে লগে দূবৰিয়ে মোট সলাই দূবৰি বাইদেউ হৈ পৰে। কণ কণ ল’ৰা ছোৱালীখিনিৰ সতেজতা সৰলতা সততাই তাইৰ ভগা সপোনবোৰ ঢাকি পেলায়। গাড়ীত আহি থাকোঁতে অনুভৱ হোৱা শূণ্যতাখিনিও আঁতৰে।
স্কুল ছুটী হ’ল। পথৰ দুয়ো কাষে পাহাৰ। কলং-কপিলীৰ আলিংগন। ছবিৰ দৰে লগা ৰাস্তাটোৰে গাড়ীত আহি থাকোঁতে ভাগৰুৱা দূবৰিয়ে সদাযে ভাবে – ৰুছোৱো থিকেই কৈছিল- প্ৰকৃতিলৈ ঘূৰি যোৱা। তাই ঘৰ আহি পায়। আহল বহল ৰূমটোৱে তাইক গুঁজি দিলে একোঁচ ভাগৰ।
গা-পা ধুই ভাতকেইটা খাই অলপ শোৱাটো তাইৰ অভ্যাস। মাক- দেউতাকেও স্কুলৰ পৰা আহি এই সময়ত অলপ ভাগৰ মাৰে। “মন মোৰ উৰি গুচি যায়/ কিজানো পায়ো হেৰুৱাই….”। পাপনৰ কণ্ঠৰ তাইৰ প্ৰিয় গীতটি ম’বাইলত বাজি উঠে। বান্ধৱী এজনীৰ ফ’ন। “জীৱনটো ব’ৰ লাগিছে অ’। ক’ৰবালে গুচি যাবৰ মন গৈছে। ইম্মান টেনছন!” অংক বেয়া পোৱা ছোৱালীজনীয়ে অংক কৰিবলে কোৱা মাকক অংকবোৰ যে খুব টান; সেয়া বুজোৱাৰ নিচিনাকৈ পল্লৱীয়ে বুজালে দূবৰিক- জীৱনটো বিৰক্তিকৰ। দূবৰিয়ে হাঁহিলে- “তই কাঁইট নথকা গোলাপ ক’ৰবাত পাৱ যদি মোক দিবিচোন পল্লৱী। সিদিনা পুখুৰীত চৰি থকা হাঁহকেইটা দেখি তয়েই কৈছিলি- আস্ কি নিমজ গতি হাঁহকেইটাৰ! হাঁহকেইটাই যে পানীত অবিৰাম ঠেং চলাই আছে, সেয়া তই দেখা নাই।” পল্লৱীৰ অসন্তুষ্টি উৰি গ’ল মুহূৰ্ততে। তাই কৈ উঠিল – “তই আচৰিত দূবৰি! ইম্মান প্ৰাণশক্তি, ইম্মান ধনাত্মক চিন্তা ক’ত পাৱ তই? তই মোৰ সঞ্জীৱনী পাত্ৰ অ’।” দূবৰি হাঁহিত ফাটি পৰিল। – পল্লৱী, জীৱনৰ দাবীবোৰ মানি ল। কম্প্ৰমাইজ কৰিবলৈ শিক। দেখিবি চব টেনছন উৰি গৈছে। দূবৰিৰ হাঁহি ভৰা মুখলৈ চাই কথাই কথাই শ্বায়েৰী কোৱা স্মিতাই এদিন কৈ উঠিছিল – ইত্ না কিউ মুঁছকুৰাতে হৌ? ক্যা কই গম চুপাতে হ’? হাঁহিৰ আঁৰত লুকাই থকা দূবৰি জনীক এক পলকৰ বাবে স্মিতাই চিনি পাইছিল নেকি বাৰু!
পল্লৱীৰ বিৰক্তিকৰ জীৱনৰ বিষাদ গাঁথা শুনি থাকোতেই কেনেকৈ যে এঘণ্টা পাৰ হৈ গ’ল! ফ’নটো থৈ তাই দৈনিক কাকত দুখন মেলি ল’লে। কোঠাটোলৈ সন্ধিয়া সোমাই আহিল। মেঘ কাগজত নেদেখা ৰেখা টানি বলাকা ঘৰমুৱা হ’ল। খিৰিকিবোৰ জপাই ধূনা জলোৱাৰ পিচত দূবৰিৰ বিশেষ কোনো কাম নেথাকে। পাকঘৰত মাকক সহায় কৰিবলৈ দেউতাক থাকেই। তাতে এই সময়কণ মাক দেউতাকৰ আপোন সময়। দূবৰিয়ে সেয়ে দৰকাৰ পৰিলেও উঠি নেযায় পাকঘৰলৈ।
তাই কম্পিউটাৰটোৰ সমুখত বহি ল’লে। “তই নুবুজ কিয়? মৰিব খুজিছ নেকি? ম’বাইল-কম্পিউটাৰ-টিভিয়ে তোক শেষ কৰি পোলাইছে। ইমান জনা দেখুৱাৱ, আনক বুজাব জান, নিজে কি কৰিছ? তই আনৰ দৰে নহৱ, পাহৰি যাৱ কিয়?” দেউতাকৰ খঙৰ ফিৰিঙতিখিনি তাইৰ গাত পৰিলহি। কী ব’ৰ্ডত দুহাত থিৰ হৈ ৰ’ল। তাই নীৰৱে ৰ’ল।
কবলৈ মন গৈছিল তাইৰ –“বুজোঁ দেউতা, মই যে আনৰ দৰে নহয়। কি কৰোঁ মই? কি কৰাটো বিচাৰা তোমালোকে!”
ঠিকেই কৈছে দেউতাকে! আন দহজনী যুৱতীৰ দৰে নাৰী জীৱনৰ স্বভাৱজাত অনুভূতি আৰু আশা-আকাংক্ষা ৰখাটো উচিত নহয় তাই। তিনি বছৰ আগতেই তাই বিসৰ্জন দিছে সকলো সপোন। দীপাৱলীৰ সেই জকমকীয়া দিনটোত দূবৰিৰ পৰিয়ালে গম পাইছিল এক নিষ্ঠুৰ সত্য- দূবৰিৰ কেন্সাৰ হৈছে! ২৪ বছৰীয়া দূবৰিজনীক হেৰুৱাৰ ভয়ে মাকহঁতক বতাহে কলপাত লৰোৱাৰ দৰে লৰাই গৈছিল। ডাক্তৰৰ মুখত তাইৰ বেমাৰৰ সত্যতা নিজ কাণে শুনিও দূবৰিয়ে ভৰিৰ তলৰ মাটিখিনি হেৰুওৱা নাচিল। হাঁহি মাৰি ডাক্তৰক হেণ্ডশ্বেক কৰি কৈছিল তাই- “ধন্যবাদ চাৰ! আপুনি মোক সঁচা কথাটো কোৱাৰ বাবে।” দুখৰ বোজা কঢ়িয়াইও হাঁহি হাঁহি “অ’, মোৰ ভালেই” বুলি ক’ব পৰা ছোৱালী তাই। ২৪ টা বাৰ্ষিক গতি দেখা ছোৱালীজনীৰ জীৱনত এমুঠি হ’লেও সুখৰ নষ্টালজিয়া আছে। সেই এমুঠি নষ্টালজিয়া থকালৈকে কোন স’তে তাই নিজকে এন্ধাৰত বিলীন হ’বলৈ এৰি দিয়ে? নিদিলে।
ডাক্তৰৰ চেষ্টা, পৰিয়ালৰ শুশ্ৰূষাত ন মাহতে সুস্থ হৈ উঠিছিল দূবৰি। কেম’থেৰাপিৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নোহোৱাকৈ তাই কৰ্মঠ হৈ ৰৈছিল জিনীয় সূত্ৰে থিতাপি লোৱা সেই ভয়ংকৰ ৰোগত। ভগৱানে যেতিয়া পৰ্বতৰ ওখ চূড়াৰ পৰাৰ তললৈ গতা মাৰি পেলাই দিয়ে; তেতিয়া হয় তেৰাই পুনৰ ধৰে, নহয় উৰিবলৈ শিকায়। দূবৰিক চাগে উৰিবলৈ শিকালে! ডাক্তৰে দেউতাকৰ বাহুত হাত থৈ কৈ পেলাইচিল- আপুনি ভাগ্যৱান। এজনী সাহসী ছোৱালীৰ পিতৃ আপুনি। তিনিজনীয়া পৰিয়ালটোৰ ওপৰেৰে এজাক ধুমুহা পাৰ হৈ গ’ল। সেয়ে দেউতাকৰ এই উৎকণ্ঠিত ধম্‌কি। একমাত্ৰ সন্তানৰ অমংগলৰ আশংকাত পিতৃয়ে এয়াইটো কৰিব!
কথাবোৰ ভাবি থাকোতেই ৰাতিৰ আহাৰৰ সময় হৈছিল। মাকৰ মাতত দূবৰি উঠি গ’ল পাকঘৰলৈ। পীৰাখনত বহি তাই চুৰকৈ মাক দেউতাকলৈ চালে। দেউতাকৰ কপালৰ সিৰবোৰ বেছিকৈ ওলাই পৰিছে। সুন্দৰী মাকজনীক কম দিনৰ ভিতৰতে বয়সে বেছিকৈ আঁচুৰিছে। তাই জানে, বিবাহযোগ্যা জীয়ৰীৰ একাকী জীৱনক লৈ মাকহঁত শংকিত। কোন সুযোগ্য পাত্ৰ আগুৱাই আহিব কেন্সাৰে অলপ সময়ৰ বাবে হ’লেও চুই যোৱা দূবৰিক আঁকোৱালী ল’বলৈ? মৰমী সন্তানক অযোগ্যকতো দান কৰা নাযায়! মাকহঁতৰ মনৰ তৰংগবোৰৰ আহ-যাহ দূবৰিয়ে গম পায় । কেনেকৈ বুজাই তাই তেওঁলোকক! বিয়া নহ’লেনো কি হ’ব? কম পৰিমাণে ৬০ বছৰীয়া জীৱন মানুহৰ। এই ষাঠিটা বছৰে অকলে কটাব নোৱাৰিবনে তাই? পাৰিব। মাকহঁতক কথাৰ লাচতে বুজাব লাগিব। তাই ঠিক কৰিলে। ভাত এগৰাহ মুখলৈ নি থমথমীয়া পৰিৱেশটো কেনেকৈ তপতাব পাৰি ভাবিলে দূবৰিয়ে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক