দূৰত্ব —- (বি জে ৰঞ্জন)

নিতুমণিৰ মনটো কেনে লাগিল ঠিক ধৰিব নোৱাৰিলে। তাই মাজে মাজে ভাবিলে -কিনো উল্টা-পাল্টা কথাবোৰ চিন্তা কৰি আছোঁ, সকলোতো আৰু সমান নহয় !মাকেতো সুবিধা পালেই তাইৰ আগত কয়-“বিয়া দি উলিয়াই দিয়া ছোৱালীৰ ভাগ্য কব নোৱাৰি, কাৰ কি হয়, সকলোৰে ভাগ্য সমান নহয়, হাতৰ আঙুলিবোৰ জানো সমান ?”
কথাটো হওঁতে হয়। কিন্তু লোকেতো বেলেগকৈ কয় -দুই বছৰে ডাঙৰ বায়েক গিতুমণিত কৈ নিতুমণি বোলে সকলো পিনেৰে আগবঢ়া ! দেখাই-পাতিয়ে বোলা যায়, বা পঢ়া-শুনাই, কথা-বতৰাৰে বোলা যায়, মুঠতে সকলো ফালেৰে। সেই গিতুমণি পৰিল কাষৰ চহৰখনৰ এজন ধনী ব্যৱসায়ীৰ ঘৰত। আৰু নিতুমণি, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী সসন্মানে লৈয়ো এজনী আহুকলীয়া গৃহিণী হৈ থাকিল ; সংসাৰৰ হৰেক ৰকমৰ ভেজাল মাৰি মাৰি ওৰ নোপোৱা গৃহিণী হৈ পৰিল তাই। গিৰিয়েক স্থানীয় স্কুল এখনৰ এজন সাধাৰণ শিক্ষক। একেখন ঠাইৰে এটা সাধাৰণ পৰিয়ালৰ মানুহ। গিৰিয়েক পুলিন অৱশ্যে শিক্ষাগত দিশত ইৰ্ষণীয় ভাবে সফল ; হ’লেও বৰ্তমান সময়ৰ সামাজিক প্ৰতিপত্তিৰ দিশত টকা অবিহনে মানুহ এজন কেৱল মাৰ্কছিট আৰু ডিগ্ৰীৰে প্ৰভাৱ শূন্য ! অন্ততঃ নিতুৰ আজিকালি তেনেকুৱাই ভাৱ হয়।
বিতৃষ্ণা লাগে নিতুমণিৰ, অতিপাত বিতৃষ্ণা লাগে; বিশেষ কৈ যেতিয়া দুদিনলৈ মাকহঁতৰ ঘৰলৈ অহা বায়েক গিতুমণিৰ মুখত তাইৰ শহুৰেকৰ ঘৰৰ বিভিন্ন চাহাবী ঢং, এৰিষ্ট’ক্ৰেচিৰ কথাবোৰ শুনি থাকিবলগীয়া হয়। গিতুমণিয়ে একো নাভাবি কথাবোৰ ভলভলাই সৰলভাৱে কৈ যায়। হয়তো কথাবোৰে নিতুমণিৰ মনত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে কেতিয়াও ভুলতেও এবাৰলৈও নাভাৱে, ভবাহেঁতেন নকলে হয় কিজানি ! যি হ’লেও নিতুৱে বায়েকক তাইৰ মনৰ গোপন কোণত হোৱা প্ৰতিক্ৰিয়াৰ কোনো উমান দিয়া নাই, বৰঞ্চ পুলিনৰ লগত তাই সুখী আৰু অভাৱহীন, তেনেকুৱা এটা ভাৱেই তাই দেখুৱাবলৈ চায়। প্ৰকৃত কথাটোনো কয় কেনেকৈ তাই ! নিতুমণিয়ে নিজে ভাল পাই বিয়া হোৱা, তাইৰো আত্ম-সন্মান বুলি কথা এটা আছে !!
গিতুমণি মাকহঁতৰ ঘৰলৈ এসপ্তাহ থকাকৈ অহাৰ কথা। তাকেই নিতুমণিয়ে ভাৱি আছিল বহু সময়।
এই এসপ্তাহ গিতুহঁতে ক’ত, কিমান, কি কি কিনিলে, সোনৰ কি অলংকাৰ গঢ়িলে, ক’ত কিমান চেভিংচ কৰালে, চহৰৰ কোনডোখৰ ঠাইত আকৌ নতুনকৈ মাটি কিনিলে ইত্যাদি ধৰণৰ কথাবোৰ ঊল গুঠি গুঠি আওঁৰাই থাকিব। ঊল গুঠিব যদি দহ ঘৰ, কথা বলকিব এশ এটা। আৰু বায়েক গিতুৱে প্ৰতিটো কথাৰ অন্তত ঘুৰোৱা ঊলৰ শলাৰ জোঙা মূৰটোৱে একেলগে তাইৰ মনটোকো খুচি গৈ থাকিব।
গিতুমণি ঘৰত থকা সময়চোৱাত নিতুমণি সেইকেইদিন মাকহঁতৰ ঘৰলৈ নিতৌ এপাক আহিয়ে থাকিব লাগে। কেনেবাকৈ এদিন নাহিলেই গিতুয়ে তাইলৈ ফোন লগায় – “নিতু, তই এনেয়ে ইয়ালৈ আহিয়ে থাক, মই ইয়াত থকা কেইদিন তোৰ ব্যস্ততা বাঢ়ে  নে , বুজি নাপাওঁ, মই আহিলে তই মোক সময় দিবলৈ কিয় টান পাৱ”- ইত্যাদি ঢেৰ কথা।
এৰা, বুজিবলৈ নিতুমণিয়েও টান পায়, বায়েক গিতু মাকহঁতৰ ঘৰলৈ আহিলে কিয় তাই তালৈ যাবলৈ টান পায়। গিতুয়ে ভাল ঘৰ পাইছে, মনে মিলা মানুহ পাইছে, ভনীয়েক হিচাবে তাই সুখীহে হ’ব লাগিছিল। কিন্তু কথাবোৰ যে ইমান সহজ নে ? বায়েকৰ লগত কথা পাতিবলৈ ল’লেই তাইৰ মনৰ গোপন পৰ্দাত তুলনাবোৰে সংগোপনে আহি কিবা ধৰণৰ খেল খেলিবলৈ লয় দেখোন ! কি যেন এটা ভাৱ হয় মনত;  ঠিক যেন হিংসা বা ইৰ্ষা নহয়, বা প্ৰায় তেনেকুৱা অনুভুতিৰে এটা লাজ-লগা, আনক কব-নোৱাৰা বস্তু……..তাই ঠিক বুজি নাপায়। সেয়ে বায়েকৰ এই ধৰণৰ কথাৰ পৰা তাই দূৰত থাকিব বিচাৰে। কিন্তু এই আঁকৰী বায়েকজনীৰ পৰা আৰু উপায় নাই। তাই যদি নোযোৱাকে থাকে, বায়েকে হয়তো নিজেই আহি তাহাঁতৰ ঘৰ উঠেহি। আহিয়ে তাতো কথাৰ বজাৰখন মেলি লয়, কথাৰ মাজতেই গিতুমণিহঁতৰ শেহতীয়া মডেলৰ বিলাসী গাড়ীখনৰ কথা আহি পৰে, দিল্লীত ল’বলৈ ওলোৱা ফ্লেটটোৰ কথাও ওলায়, দহ হাজাৰ টকীয়া নতুন শাড়ীখনৰ কথাও যে বাদ নপৰে ! কি কৰিব নিতুৱে, এনেকুৱা কথাবোৰ এৰা দিবলৈ খুজিও যে তাই ৰক্ষা নাপায়। গিৰিয়েক পুলিনে কিন্তু সহজ ভাবেই বায়েক গিতুৰ সৈতে কথা পাতে। বায়েকৰ অনুপস্থিতিত পিছত এই বিষয়ে পুলিনে একো কথা নুলিয়াই। নিতুমণিৰ দিগদাৰী লাগে তাই তাইৰ মনত পাক খোৱা এই কথাবোৰ পুলিনৰ আগত কৈয়ো পাতলাব নোৱাৰে মনটো- কিবা এটা লাজ, আত্ম-গ্লানিয়ে তাইৰ কণ্ঠ ৰুদ্ধ কৰি ৰাখে।
আজি সুকুমাৰ আহিব। গিতুমণিৰ গিৰিয়েক সুকুমাৰ শহুৰেকৰ ঘৰলৈ ৰাতি থকাকৈ আহিব। এনেয়ে সুকুমাৰ মাজে-সময়ে আহে যদিও শহুৰেকৰ ঘৰত ৰাতি নাথাকে, ৰাতি হ’লেও নিজৰ গাড়ীলৈ নিজ ঘৰলৈ উভতি যায়। তেওঁলোকৰ ঘৰলৈ তাৰপৰা যাবলৈ মাত্ৰ এঘন্টাহে লাগে, গতিকে তেওঁ ৰাতি শহুৰেকৰ ঘৰত থাকিয়ে পোৱা নাই। সুধিলে বেলেগত ৰাতি থাকিবলৈ কিবা টান পাই বুলি তেওঁ কয়।
আজি সুকুমাৰ ৰাতি থকাকৈ থাকিব, কথাটো ডাঙৰ কথা যেন হৈ পৰিল। ডাঙৰ জোৱাই ৰাতি থকাকৈ আহিব বুলি এটা উৎসৱ মুখৰ পৰিৱেশৰ সূচনা হৈ পৰিল। মাকে নিতুমণি-পুলিনকো ৰাতি থকাকৈ ঘৰলৈ মাতিলে, ঘৰৰ আটাইকেইটা লগে-ভাগে এসাঁজ খাব, কথা পাতিব, ফুৰ্তি কৰিব। ককায়েক জিতুৱে ইতিমধ্যে ৰাতিলৈ চিতল মাছ আৰু মূৰ্গীৰ ব্যৱস্থা কৰিলেই।
ৰন্ধাৰ যা-যোগাৰ চলি আছে। মিঠাই-চাহ আদি চলি আছে, আটাইকেইটাই পাকঘৰতে বহি মেল পকাইছে।সুকুমাৰে অবিবাহিতা খুলশালী মিতুক জোকাইছে – “তোমালোকৰ বিয়াৰ পিছত হানিমুনলৈ গ’লে দিল্লীত আমাৰ ফ্লেটটোতে যিমান দিন থাকা পাৰিবা, বিচনা-কাপোৰ আদি চব মজুত আছে, কোনো দিগদাৰি নাই, কোনো ডিষ্টাৰ্ব কৰোঁতা নাই।” – সৰু ভনিয়েক মিতুৰ বিয়াৰ কথা আগবাঢ়িছে। প্ৰায় ঠিকেই হৈছে বিয়াখন।মিতুৱে ভিনিয়েকক কৈছে- “নাই নহ’ব ভিনিদেউ, ফ্লেটত থাকিবলৈ দিলে অকল নহ’ব, মালয়েচি্যালৈ অহা-যোৱা কৰা টিকটকেইটাও গিফ্ট দিব লাগিব।”
ককায়েক জিতুৱে ধেমালী কৰিছে- “চাওঁকচোন, মিতুক চবে কিবা-কিবি দিবই, মই ভাবি আছোঁ- কিনো দিওঁ তাইক। শুনিছোঁচ, ভাবী-জোৱায়ে বোলে কুকুৰ খুউব ভাল পায়, দেশী-বিলাইতি একপালমান কুকুৰ আছে বোলে, মিতুক মই এডাল কুকুৰ বন্ধা চেইনকে দিম বুলি ভাবিছোঁ।”
মাকে কৈছে-“কুকুৰ বন্ধা চেইন দিয়’ যদি দিবি, কিন্তু সোণেৰে বন্ধাই দিবি বোপাই।”মাকৰ কথাত সবে হাঁহিছে।
গিতুই কৈছে-“চাচোন মা এইদাল, নতুনকৈ আনিলো। এওঁ নিদিয়ে, কোনোমতে জোৰকৈহে গঢ়াই  আনিলো।”সুকুমাৰৰ ডিঙিৰ সোণৰ চেইনদাল বেছ শকতকৈ গঢ়াইছে !  নিতুমণিয়ে চাই ভাবিলে-ডিঙিত পিন্ধা চেইন নে এইদাল কিবা পঘা পকাই আনিলে বায়েকে।
হাঁহি ফুৰ্টি কৰি কথা-বতৰা চলি থাকিল। এটা সময়ত ককায়েক জিতু আৰু সুকুমাৰ তাৰ পৰা নোহোৱা হ’ল। ৰাতি ভাত খাবৰ হ’ল। জিতু আৰু সুকুমাৰ নাই। দেউতাকে অকলে খাই বিচনা ল’লে গৈ। মাক, নিতুমণি, গিতুমণি আৰু মিতুৱে আহি শোৱা কোঠাত কথা চোবাবলৈ ধৰিলে। পুলিনে অকলে আন এটা কোঠাত টিভি চাই বহি থাকিল।মাকে এটা সময়ত পুলিনক ভাত খাবলৈ মাতিলে, জিতু আৰু সুকুমাৰ নথকা বাবে তেওঁ অকলে খাবলৈ  বিচৰা নাছিল যদিও মাকে জোৰকৈ ধৰাত পুলিন খাবলৈ বহিল।
সময় গৈ গৈ নিশা বাৰ বাজিবৰ হ’ল। ভাত-আঞ্জা আদি চব সেৰেকা হ’ল।মাকে ঘড়ী চাই বিৰক্ত হৈ ক’লে-“ক’তনো গ’ল এইকেইটা ! ”
নিতুৱে ক’লে-“আমাৰ এওঁ কিন্তু এইবোৰত ভাল দেই, সময়ৰ কাম সময়ত, বেলেগ একো বদ-অভ্যাসো নাই।”
গিতুমণিৰ ৰঙা পৰা মুখখনিলৈ চাই নিতুমণিয়ে ভাবিলে বহুতদিনৰ মূৰত বায়েকৰ আগত তাইৰ বুকুখন পাতল কৰিব পৰা কথা এষাৰি ক’লে নেকি তাই বাৰু…। তেনেতে বাহিৰত সুকুমাৰ আৰু জিতুৰ মাত শুনা গ’ল। গিতুমণিয়ে বাহিৰ ওলাই আহি গম পালে দুয়োজনে ফুৰ্টি-পানী খাই আহিছে।
গিতুৱে ক’লে-“কি মানুহ হে, নিজেওঁ ৰাতিলৈ নাখায়, আনকো খাবলৈ নিদিয়ে।”
সুকুমাৰে গেঙেৰী মাৰি দিলে – “কি মানুহ মই, তুমি নাজানা নেকি?”
গিতুৱে ক’লে – “এদিন সেইবোৰ নাখালে নহয় নে, মাহঁত চবে গম পালে, ইচ্, লাজেই লাগে।”
সুকুমাৰে ক’লে-“তুমিটো জানাই ৰাতি মোৰ নাখালে নচলে। সেই কাৰণেই মই থকাকৈ নাহোৱেই তোমালোকৰ ঘৰত। তুমিহে জোৰকৈ মাতি আনিলা।”
গিতুৱে ক’লে-“ছিঃ, কি যে মদপী হ’লা নহয়।”
লাহে লাহে কথা-বতৰা উত্তপ্ত হৈ পৰিল। মাকহঁতে ভিতৰৰ কোঠাৰ পৰা শুনি থাকিল যদিও লাজতে ওলাই আহি মাত মাতি পৰিৱেশটো চম্ভালিবলৈ টান পালে। তেনে সময়ত নিতুমণি ওলাই আহি ক’লে- “বাদ দেচোন গিতুবা, একো নহয় ভিনিদেউ, আহক এতিয়া, ভাত বাঢ়ি দিওঁ, খাওকহি।”
ভিনিয়েক গৰম হৈ আছিল, ক’লে – “ভাত? মুঠেই নাখাওঁ, যিবোৰ শুনালে মোৰ পেট ভৰি গ’ল।”-বুলি তেওঁ সোঁ-সোঁৱাই তেওঁক দিয়া কোঠালৈ গৈ বিচনাত পৰিল গৈ।
ৰাতি কাৰো ভালকৈ ভাত খোৱা নহ’ল।গিতুমণি পাকঘৰলৈ নগ’লেই, চিধাই বিচনা ল’লে।
ৰাতি একেখন বিচনাত শোৱা গিতুমণিৰ চেপি ধৰা কান্দোনৰ শব্দ নিতুমণিয়ে শুনিলে। তাইৰ বায়েকলৈ দুখ লাগিল;  কিবা এটা আবেগত তাই বায়েকক সাৱটি ধৰিলে। তাইৰ এনে লাগিল মাকে প্ৰায়েই তাইৰ আগত কোৱা কথাষাৰি যেন ‘ৰিমিক্স’ হৈ ভাহি আহি কাণত নতুনকৈ বাজিবলৈ ধৰিছে – ‘বিয়া দি উলিয়াই দিয়া ছোৱালীৰ ভাগ্য ক’ব নোৱাৰি, কাৰ কি হয়, সকলোৰে ভাগ্য সমান নহয়….’।বায়েকৰ দুখত সমভাগী হৈ তাইৰো কান্দোন ওলালো; তাই অনুভৱ কৰিলে বায়েকৰ বিয়াৰ তিনি বছৰ পিছত এই প্ৰথমবাৰৰ বাবে যেন তাই বায়েকক সঁচাকৈয়ে ‘মিছ’ কৰিবলৈ ওলাইছে !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক