দূৰদৃষ্টি (ৰূনাব কাঁ)

দূৰদৃষ্টি


ৰূনাব কাঁ

পেছাগত কাৰণত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ৷ ব্যক্তিগতভাবে মই অন্তঃমুখি হোৱাৰ ফলত বহুসময়ত আগন্তুকৰ সৈতে মুখামুখি হ’লে অস্বস্তি পাইছিলোঁ যদিও এতিয়া চেষ্টা কৰি কৰি সেই অস্বস্তিবোধ কিছুপৰিমানে হ’লেও নিয়ন্ত্রণেৰে ব্যক্তিৰ নাড়ী-নক্ষত্র অনুসন্ধান কৰিব পৰা হৈছোঁ৷ কিন্তু দুখটো হ’ল বহুসময়ত নিজৰ চিন্তা ধাৰণাক সমানে আলচ কৰিব পৰা ব্যক্তিৰ অভাব অনুভব কৰোঁ৷ এক ভয়ানক নিঃসঙ্গতাই গ্রাস কৰা মুহূৰ্তত শব্দৰ ইটাৰে প্রাচীৰ তৈয়াৰ কৰাৰ বৃথা চেষ্টা কৰোঁ৷ ফলত সৃষ্টি হয় অখাদ্য৷ এজন বিশিষ্ট ব্যক্তিয়ে তেওঁৰ সন্তানক উপদেশ দিয়া – “সময় অবাবত খৰছ নকৰিবি৷ সময় পালে কিবাকিবি লিখিবি, লিখিবিলৈ একো বিষয় নাপালে প্রেমপত্রকে লিখ” কথাখিনিকে সাৰোগত কৰোঁ৷ অখাদ্য হ’লেওঁ হওক বুলি ভাবি লিখিম বুলি কম্পিউটাৰৰ সন্মুখত বহি কি-বৰ্ডত আঙুলি বুলাই এটি যাত্রাৰ চমু অভিজ্ঞতা লিখিবলৈ ললোঁ ৷

আজি কেইমাহমানৰ আগৰ কথা৷ যোৰহাটৰ পৰা গোলাঘাটলৈ বুলি যাত্রী কঢ়িওৱা বাহন উইংগাৰ এখনত বহিলোঁ৷ সময় তেতিয়া বিয়লি তিনি বাজিছে৷ এজন দুজনকৈ মানুহ গোট খাওতে প্রায় আধা ঘন্টা সময় লাগিল৷ চালকৰ পিচপিনৰ চাৰিজনীয়া চিটত পাঁচজন যাত্রীক বহোৱাই যাত্রা আৰম্ভ হ’ল৷ মোৰ কাষত বগা টুপি আৰু ঠুঁতৰিত দাৰি থকা মানুহজনৰ ধৰ্মটো যিদৰে জল-জল পট-পটকৈ গম পাব পাৰি, ঠিক সেইদৰে সোঁহাতৰ ঠাৰিত ৰঙা-হালধীয়া ৰছি বন্ধা আৰু আঙুলিৰ কেইবাটাও আঙুঠিয়ে মোৰ ধৰ্মটো লুকুৱাই ৰাখিব পৰা নাই, তথাপি এই সংকীৰ্ণ দৃষ্টিৰ উৰ্দ্ধত আমি দুয়ো অসমীয়া৷ মোৰ এই সহযাত্রীজনে মোক লক্ষ্য কৰিয়েই কথা আৰম্ভ কৰিলে৷ মই ভালেই পালো৷ চাৰিচকীয়া বাহনৰ ব্যৱসায়ৰ পৰা, তেওঁৰ লৰাৰ ব্যৱসায়, ল’ৰাৰ সদ্যজাত ছোৱালী মানে তেওঁৰ নাতিনী জন্মা কাহিনী আৰু শেষত তেওঁৰ ছোৱালী জন্মা কাহিনী ইটোৰ লগত সিটো সুন্দৰকৈ জোৰা লগাই কৈ গ’ল৷ প্রায় পছিশ বছৰীয়া উপন্যাসৰ এটা তেনেই চুটি সাৰাংশ৷ মাজতে “অ”, “হয়” জাতীয় দুটামান শব্দ প্রক্ষেপৰ বাদে মই মাথো এক নিৰৱ শ্ৰোতা হৈয়ে ৰ’লোঁ৷ তেওঁৰ ছোৱালীজনী জন্ম হওতে সকলোৱে কিছু দুঃখ কৰিছিল যদিও ছোৱালীজনী জন্মাৰ কিছুদিন পাছত ঘৰত অনুষ্ঠিত এক ইছলামৰ উৎসৱ(“বাহিৰ উলিওৱা” নেকি? ঘৰলৈ অহা মানুহক মিঠাই খোৱাই)ত মানুহজনে সংকল্প লৈ বিশজোপা চেগুন গছ ৰোপণ কৰে৷ ইয়াৰে ষোল্ল জোপা বাছি যায়৷ কন্যাৰ বিবাহৰ সময়ত এই গছৰ পৰাই তাইৰ লগত দিয়া আচ-বাব তৈয়াৰ কৰাৰ ওপৰিও বিয়াৰ খৰছৰ এটা অংশও লাভ কৰে৷ তেওঁ সেই গছ কেইজোপাৰ ঠাইত নতুনকৈ ত্রিশজোপা গছপুলি পুনৰ ৰোপণ কৰিছে৷ তেওঁ নিজৰ আদৰ্শ তেওঁৰ সন্তানক গ্রহণ কৰিবলৈও উপদেশ দিছে৷ তেওঁৰ অভিজ্ঞতাৰ কাহিনী শেষ হোৱাৰ লগে লগেই আমি গন্তব্যস্থান পালোঁ, তেওঁৰ হয়তো আৰু কিবা ক’বলৈ থাকি গ’ল, তথাপি যিমানখিনি ক’লে তাৰপৰা তেওঁৰ দূৰদৰ্শিতাক চ্যেলুট নজনাই নোৱাৰিলোঁ৷ দূৰদৰ্শিতাৰে আমাৰ একোটা জলন্ত সমস্যাক আগতীয়া পৰিকল্পনাৰে সমাধান কৰিব পাৰি৷

এই কাহিনীটোৰ লগত খাপ খোৱাকৈ কি লিখিম ভাবি কিছুপৰ অপেক্ষা কৰিলোঁ৷ মোৰ লগৰ সকলোবোৰেই কামিজটো পিন্ধাৰ পিছত পেন্টটো কি বৰণৰ পিন্ধিব, জোতাজোৰ আৰু মোজাযোৰৰ বৰণে মেটচ্ কৰিছেনে নাই বিচাৰ কৰে৷ মই এইক্ষেত্রত সম্পূৰ্ণ উদাসীন মানে জধলা বুলিলেও বেছি নহ’ব৷ লিখাৰ ক্ষেত্রতো সেই একেই৷ ক’ত কেনেকৈ মছলা মিলাই অখাদ্যক খাদ্য কৰিব পাৰি সেই বিষয়ত অজ্ঞ৷ মই বহু সময়ত বাস্তৱ সত্য আৰু পৌৰাণিক কাহিনী সানি-পিটিকি এক কৰি পাঠকক বিৰক্ত কৰোঁ বুলি শঙ্কাও হয়, তথাপি মনত সুত পৰিবলৈ ৰামায়ণৰ কাহিনী এটা লিখনিটোৰ তাগিদাত উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ৷

মহাসতী সীতাদেৱী বাল্মীকি প্রণিত ‘ৰামায়ণ’ কবিতা পুথিখনৰ এক অতুলনীয় চৰিত্র৷ ৰজা জনকে এক যজ্ঞৰ অংশৰূপে ভূমি চহাওতে নাঙলৰ সীৰলুত উদ্ধাৰ হোৱা সীতাদেৱীৰ যিটো উপদেশে মোৰ মন চুই গৈছে, সেই ঘটনাটোৰে মই আজি এই লিখনিটো শেষ কৰিব বিচাৰিছোঁ৷ সাগৰ পাৰ হৈ হনুমন্তই অশোকবনত বন্দিনী সীতাদেৱীক প্রভূ ৰামচন্দ্রৰ তৰফৰ পৰা শুভইচ্ছা জনালে, লগতে লংকাৰাজৰ কৱলৰ পৰা মুক্ত কৰি তেওঁৰ লগতে প্রভূৰ ওচৰলৈ আকাশমাৰ্গেৰে উৰাই লৈ যোৱাৰ প্রস্তাৱ আগবঢ়োৱাত সীতামাতৃয়ে একে আষাৰতে নাকচ কৰিলে৷ পৰস্ত্রীহৰণকাৰী ৰাৱনক উচিত শিক্ষা দি লংকাৰ পৰা ৰঘূনন্দনে উদ্ধাৰ কৰিলেহে মহাসতী উভতিব৷ মাতাৰ লগত বাৰ্তালাপত ব্যস্ত পবনপুত্রক ৰাবনৰ অসুৰ চিপাহীয়ে ধৰি বান্ধি লংকাৰাজৰ সমুখত হাজিৰ কৰিলত ৰাৱনে আসুৰিক বিবেচনাৰে হনুমন্তৰ নেগুৰত জুই লগাবলৈ আদেশ দিলে৷ লংকাৰাজৰ ৰাজ-আজ্ঞাই স্বৰ্ণলংকাৰ কাল হ’ল, সোনৰ লংকা হনুমন্তৰ নেগুৰৰ জুইকুৰাই ছাই কৰিলে৷ ইয়াৰ পাছত সমুদ্রত তিয়াইও অগ্নি নিৰ্বাপনত অক্ষম হনুমান সীতামাতাৰ কাষলৈ আহি নেগুৰৰ জুই নুমুওৱাৰ কৌশল বিচাৰিলে৷ মাতৃয়ে এষাৰেই কথা ক’লে,-“নিজৰ নেগুৰৰ জুই নিজেই নুমুওৱা” ৷ ৰামায়ণ ৰচিত হোৱাৰ বহু হাজাৰ বছৰ উকলি গ’ল যদিও এই মহাকাব্যৰ যিসমূহ উক্তিয়ে আধুনিক যুগৰ মানুহকো জীয়াই থকাৰ যুক্তি দিয়ে এইবোৰৰ অন্যতম হ’ল এই উক্তি৷ কিন্তু এইগৰাকী মহিয়ষী নাৰীয়েই সোণৰ হৰিণৰূপী মাৰিছক চিনিব নোৱাৰি, বাৰে বাৰে সতৰ্ক কৰি থকা ৰামচন্দ্রক বিমোৰত পেলাই হৰিণা চিকাৰৰ বাবে নিয়োজিত কৰি ৰাৱনৰ কুচক্রান্ত ফলপ্রসূ হোৱাত সহায়ক হ’ল৷ সীতামাতাৰ দূৰদৰ্শিতাৰ অভাৱে ৰামায়ণক এক সুকীয়া মাত্রা দিলে৷
প্রকৃততে ভৱিষ্যতৰ বিষয়ে আগতীয়াকৈ ক’ব পৰা যন্ত্র বোধহয় কেতিয়াও নোলাব, কিন্তু মানুহৰ ষষ্ঠচেতনাই ভৱিষ্যত কি হ’ব পাৰে তাক অনুমান কৰিব পাৰে৷ সৎ পৰিকল্পনাৰে ভৱিষ্যতৰ সপোনক বাস্তৱায়িত কৰি মুখামুখি হ’ব পৰা জনেই ভৱিষ্যদ্রষ্টা, যি সভ্য সমাজৰ উন্নতিৰ অন্যতম ৰথী৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments