দূৰদৰ্শন: এটি যন্ত্ৰ“ চালোঁ৷ ( নয়নমণি হালৈ )

সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া চিনেমা ’দূৰদৰ্শন: এটি যন্ত্ৰ’ চালোঁ৷ চিনেমাখন চায় থাকোতে মোৰ মনলৈ বাৰে-বাৰে দুখন চিনেমাৰ কথা মনলৈ আহিছিল৷ এখন সৌ সিদিনা মুক্তি পোৱা ’মাঝি: দ্য মাউণ্টেন মেন’ আৰু আনখন ২০০৬ ত মুক্তিপ্ৰাপ্ত ’মালামাল উইক্‌লি’৷ দুয়োখন চিনেমাৰে বিশেষত্ব হ’ল দুয়োখন চিনেমাতে দুখন ’গাৱ’ক উপস্থাপন কৰা হৈছে৷ ’মাঝি’ত দেশৰ স্বাধীনতাৰ অগা-পিছা সময়ছোৱাৰ বিহাৰৰ ৱজিৰগঞ্জ নামৰ সৰু নগৰখনৰ পৰাও বহু দূৰৰ, এখন থিয় পৰ্বত খোজকাঢ়ি পাৰ হৈ পোৱা এখন দুৰ্গম গাঁও ’গেহলৰ’ আৰু ’মালামাল’ত চহৰৰ আও-ভাও নপোৱা, আধুনিকতাৰ পৰা বহু নিলগৰ এখন গাঁও ’গুডগুডি’৷

ঠিক তেনেদৰে ’দূৰদৰ্শন’তো দেখুওৱা হৈছে এখন গাঁও ’শান্তিপুৰ’; যিখন গাঁও চহৰৰ পৰা বহু দূৰত, যিখন গাৱলৈ যাবলৈ এখন দলং নাই, নাৱেৰে নৈখন পাৰ হৈ যাব লাগে৷ সেইখন গাৱৰ মানুহে কেতিয়াও টি.ভি দেখা পোৱা নাই৷ সেইখন গাৱলৈ কৈলাসে টিভি এটা লৈ আহিছে প্ৰথমে বাছৰ ওপৰত, তাৰপিছত নাও আৰু তাৰপিছত থেলাগাড়ীত৷ কাহিনীটো ’ফ্লেছবেক’ত গতি কৰিছে আৰু কাহিনীৰ পটভূমি ১৯৮৫-১৯৯০ চনৰ সময়চোৱা৷ অথচ আচৰিত কথা গাৱখনৰ প্ৰায় মানুহৰে ঘৰ-দুৱাৰ পকী, বাহৰ বেৰাৰ ঠাইত প্ৰায়ে দেখা গৈছে পকী দেৱাল, মানুহবোৰৰ বেছি ভাগৰে পিন্ধনত লংপেণ্ট আৰু চাৰ্ত, পিৰন পিন্ধাও দেখা গৈছে বহুকেইজনক, তিৰোতাবোৰৰো প্লাগ কৰা চেলাউৰি, পাৰ্লাৰ নিৰ্মিত খোপা, টুলটুলীয়া ৰঙা গাল৷ (এনে তিৰোতা ৮৫-৯০ চনত মোৰ গাৱত হলে এগৰাকীও নাছিল৷ ) গাৱখনৰ একমাত্ৰ আৰক্ষী বিভাগৰ লোকজনক এবাৰ দেখা যায় এটা ব্যস্ত চ’কত৷ চ’কটোত দুখন উইংগাৰ (৮৫-৯০ চনত উইংগাৰ? ), ৰাস্তাৰ কাষত হৰেক ৰকমৰ নিউ মডেলৰ বাইক (বাইকৰ উৎপাত ইমান আছিলনে তেতিয়া? ) টপচেম চিমেণ্টৰ হৰ্ডিংছ (টপচেম? )…৷ এইবোৰ জানো চকুৰ পৰা সাৰি যায়!

চৰিত্ৰৰ বেশভূষা, ধুনীয়া পিৰনবোৰ, চুলি, গাৰ কাপোৰৰ ৰঙ, ডিজাইন, নামঘৰৰ মজিয়া, বেৰ এইবোৰে মুঠেও ৮৫ – ৯০ চনক প্ৰতিনিধিত্ব নকৰে৷

কিন্তুু কি আচৰিত কথা, দশৰথ মাঝিৰ গাও ’গেহলৰ’ অথবা মালামালৰ ’গুডগুডী’য়ে আমাক একমুহুৰ্তও ভাবিব দিয়া নাছিল যে আমি ২০১৫-১৬ চনত এখন চিনেমা চায় আছোঁ, য’ত আমি স্বাধীনতাৰ সময়ৰ এখন প্ৰত্যন্ত ভিতৰুৱা গাৱলৈ গুচি গৈছিলোঁ৷ এয়া সম্ভৱ হৈছিল পৰিচালকৰ সূক্ষ্ম সূক্ষ্ম কথাৰ প্ৰতি মনোযোগ, বিষয়টোৰ প্ৰতি গভীৰ অন্তৰ্দৃষ্টি আৰু নৈপুণ্যতাৰ দ্বাৰা; যিটো আমি ’দূৰদৰ্শন’ত দেখিবলৈ নাপালোঁ৷ ’মাঝি’ আৰু ’মালামাল’ দুয়োখন চিনেমাত দেখুওৱা গাঁও দুখনত কোনো চৰিত্ৰৰ গাতে এটা পৰিষ্কাৰ ’গেঞ্জী’ দেখা নাপালোঁ, চেলুনত কটা চুলি-দাঢ়ি দেখা নাপালোঁ৷ অথচ শান্তিপুৰৰ দৰে ভিতৰুৱা, দুখীয়া গাওখনৰ মানুহবোৰ ইমান চিকুন, ইমান ধুনীয়া! !

আৰু এটা সৰু কথা মনত পৰিছে৷ ’মাঝি’ৰ এটা দৃশ্যত দেখা যায় ৱজিৰগঞ্জৰ পৰা অহা বাছখন৷ দশৰথ মাঝিয়ে চহৰত পইছা ঘটি গাৱলৈ উভতিছে৷ বাছখনে পাণ জপাদি মানুহ আনিছে৷ ডেকা দশৰথ বাছৰ ওপৰত৷ চহৰীয়া বতাহ লাগি দশৰথৰ আও-ভাও, বেশভূষা অলপ সলনি হৈছে৷ হাতৰ তলুৱাত চাধা মলি কাষত বহি অহা সহযাত্ৰীজনে সুধিছে ’পৰদেশী হো ক্যা ভাইয়া’৷ এই যে সহযাত্ৰীজন, তেওঁৰ মুখত মাত্ৰ দুষাৰমান সংলাপ আৰু গোটেই চিনেমাখনত সেইটোৱে তেওৰ একমাত্ৰ ’চিন’৷ অথচ এনে লাগে এই যে যাত্ৰীজন তেওঁক যে কিমানবাৰ বাছত, ৰেলত, ভীৰৰ মাজত লগ পাইছোঁ৷ তেওঁ যেন আমাৰ নিচেই চিনাকি৷ এয়া মাত্ৰ পৰিচালকৰ চৰিত্ৰ নিৰ্বাচনৰ দক্ষতা৷ বাছখন দেখিও এনে লাগে তাহানিতে আমাৰ গাওবোৰৰ মাজেৰে যোৱা সেইখনো যেন আমাৰ অতি চিনাকি৷ ’দূৰদৰ্শন’তো তেনে এখন বাছ দেখুওৱা হৈছে, অথচ সেইখন আমাৰ অচিনাকি৷ কিয় এনে হয়!

’মালামাল’ত এটা লটাৰীৰ টিকটে ধীৰ-স্থিৰ, শান্ত গাৱখনলৈ যেন ধুমুহা নমাই আনিছে৷ ’দূৰদৰ্শন’ত সেই টিকটটোৰ ভূমিকা লৈছে এটা টিভিয়ে৷ অথচ উত্তৰ প্ৰদেশৰ সেই অজানা গাৱখনৰ চৰিত্ৰবোৰৰ সৈতে আমি একাত্ম অনুভৱ কৰিব পাৰো, কিন্তুু নোৱাৰো অসমীয়া ছবি ’দূৰদৰ্শন’ৰ অসমীয়া গাও ’শান্তিপুৰৰ সৈতে৷ কিয় এনে হয়?

বহুতে হয়তো ক’ব বলিউডৰ বহু কোটি টকা বাজেটৰ ছবিৰ সৈতে অসমীয়া ছবিৰ তুলনা নহয়৷ কিন্তুু সূক্ষ্ম সূক্ষ্ম কথা, চিন্তা বা এটা ভাল ’শ্বট’ৰ বাবে জানো কোটি টকাৰ প্ৰয়োজন?

অসমীয়া পৰিচালকৰ আৰু এটা দুৰ্বলতা হ’ল তেওঁলোকে অভিনেতাৰ পৰা ’অভিব্যক্তি’ আদায় কৰিব নোখোজে৷ ধৰি লোৱা হ’ল এজন মানুহৰ খঙ উঠিছে বা ছোৱালী এজনীক ভাল লাগিছে৷ সংলাপ কোৱাৰ কি দৰকাৰ, অভিব্যক্তিৰেই বুজাব পাৰি যে মানুহজনৰ সাংঘাতিক খঙ উঠিছে অথবা ছোৱালী এজনীক দেখি নায়কৰ বুকুত অজস্ৰ ঢৌ খেলি গৈছে৷ ’অভিব্যক্তি’ক কেমেৰাৰে বন্দী কৰাৰ কৌশলো অসমীয়া ছবিত খুব কম৷ কেৱল সংলাপ আৰু সংলাপ৷ কথা কৈয়ে যেন কাহিনী বুজাব খোজে, নকোৱাকৈ বুজাব পৰাতহে পৰিচালকৰ দক্ষতা ফুটি উঠে৷ বৰ্তমানৰ বলিউডৰ প্ৰায় সকলো সফল ছবিতেই ’অভিব্যক্তি’ৰ গুৰুত্ব দেখিবলৈ পোৱা যায়৷ ’দূৰদৰ্শন’তো বিকুল আৰু চেলিমাই প্ৰেম কৰিছে, ভীৰৰ মাজত চিঠিৰ আদান-প্ৰদান কৰিছে, অথচ ’অভিব্যক্তি’ বুলি কোনো বস্তুৱেই নাই৷ অথচ ’মাঝি’ৰ দশৰথ আৰু ফাগুনিয়াৰ প্ৰেমৰ দৃশ্যাংশই বুকু চুই গৈছে একমাত্ৰ ’অভিব্যক্তি’ৰ বাবেই (লগতে সংগীতৰ ভূমিকাও আছিল প্ৰচুৰ)৷

পুনশ্চ: দুবছৰ আগতে ’ৰবীন্দ্ৰ ভৱন’ত হিমাংশু প্ৰসাদ দাসৰ নাটক ’এখন গাৱত এটা টিভি আছিল’ চোৱাৰ দিনা এটা আচৰিত দৃশ্য দেখিছিলোঁ৷ দেখিছিলোঁ বহু মানুহে আসনৰ অভাৱত থিয় হৈ নাটক চাইছে, টিকট শেষ হৈ যোৱাৰ পিছত প্ৰযোজকে ফটোষ্টেট কৰি টিকট বিক্ৰী কৰিছে আৰু নাটকৰ প্ৰায় প্ৰতিটো দৃশ্যতে দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বজাইছে৷ এখন ’বিশুদ্ধ এমেছাৰ’ হিচাপে নাটকখন কিমান সফল মই নাজানো, কিন্তুু দৰ্শকক মনোৰঞ্জণ দিয়াত নাটকখন পূৰামাত্ৰাই সফল হৈছিল৷ নাটকখনে দৰ্শকক বিশ-পচিশ বছৰ পিছুৱাই নিবলৈ সক্ষম হৈছিল আৰু নিৰ্মল হাস্যৰস প্ৰদান কৰিছিল৷ এই নাটকখনৰে চিত্ৰৰূপ হৈছে ’দূৰদৰ্শন: এটি যন্ত্ৰ’৷ কিন্তুু চিনেমাখন নাটকৰ প্ৰভাৱৰ পৰা মুক্ত নহ’ল, যিটো জৰুৰি আছিল৷ প্ৰায় অসমীয়া চিনেমাৰ দৰে এইখন চিনেমাও দৰ্শকক কাহিনীৰ শেষত নীতিবচন দিয়া প্ৰবনতাৰ পৰা মুক্ত নহ’ল৷ জাতপাত সৃষ্টি কৰা বাবে বিতুলে ভগৱানক গালি পৰা, কৈলাসৰ নীতবচনে চিনেমাখনৰ সৌন্দৰ্য হানি কৰা যেনেই লাগিছে৷

ইমানৰ পিছতো মই কও সামগ্ৰীক ভাৱে আন বহু অসমীয়া চিনেমাতকৈ ’দূৰদৰ্শন’ ভাল হৈছে, কাৰন দূৰদৰ্শনে মানুহক হহুৱাব পাৰিছে৷ ’কমেডি’ৰ নামত কৰা বহুৱালী ছবিখনত বৰ কম৷ মই বিশ্বাস কৰো একমাত্ৰ কমেডি চিনেমাইহে অসমীয়া ছবিলৈ ভাল দিন কঢ়িয়াই আনিব পাৰে৷ ’দূৰদৰ্শন’ৰ একমাত্ৰ এই দিশটোৱেহে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে৷ আফচোচ এটাই, পৰিচালকে অলপ ভালকৈ ’পেপাৰৱৰ্ক’ আৰু অলপ কষ্ট কৰিলে ’গুডগুডী’ৰ নিচিনা গাও এখন আমিও পালোহেঁতেন, কেইটামান দশক আগতে এৰি থৈ অহা গাঁওখন দেখি আমিও নষ্টালজিক হৈ উঠিব পাৰিলোহেঁতেন৷

(চলচ্চিত্ৰ সমালোচক নহয়, এজন সাধাৰণ দৰ্শকৰ অভিমত বুলিহে যেন পঢ়ুৱৈয়ে লেখাটো গ্ৰহণ কৰে৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments